ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

আপ সাংসদ সঞ্জয় সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ আপ নেতা-কৰ্মীৰ…

আপ সাংসদ সঞ্জয় সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ আপ নেতা-কৰ্মীৰ…

বুধবাৰে আম আদমী পাৰ্টিৰ কৰ্মীসকলে আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত সঞ্জয় সিংক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ কাৰ্যালয়ৰ সমীপত মুম্বাই আৰু মধ্য দিল্লীত এই প্ৰতিবাদ সাব্যস্ত কৰে আপে। আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু শ্লোগান উত্থাপন কৰা প্ৰতিবাদকাৰীকো মুম্বাই আৰক্ষীয়ে আটক কৰি ৰাখিছে। ডিডিইউ মাৰ্গত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত একত্ৰিত হৈ দলটোৰ কেইবাজনো কৰ্মীয়ে কেন্দ্ৰৰ বিৰুদ্ধে শ্লোগান দি সিঙক মুক্তিৰ দাবী জনায়। সংসদত আদানী গোটৰ সৈতে জড়িত বিষয় উত্থাপন কৰাৰ বাবেই সিঙক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। ২০২১-২২ বৰ্ষৰ দিল্লী আবকাৰী নীতি গোচৰৰ দুৰ্নীতিৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল সিঙক। বৃহস্পতিবাৰে আপে…
Read More
নিযুক্তিৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণৰ ঘোষণা মধ্যপ্ৰদেশ চৰকাৰৰ…

নিযুক্তিৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণৰ ঘোষণা মধ্যপ্ৰদেশ চৰকাৰৰ…

ৰাজ্যৰ মহিলাৰ নিযুক্তিৰ ক্ষেত্ৰত ৩৫ শতাংশ সংৰক্ষণ প্ৰদানৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে মধ্যপ্ৰদেশ অসামৰিক সেৱা (মহিলা নিযুক্তিৰ বাবে বিশেষ ব্যৱস্থা) নিয়মাৱলী, ১৯৯৭ সংশোধন কৰি দিব মহিলাৰ বাবে ৩৫% সংৰক্ষণ। অধিসূচনাৰ প্ৰতিলিপি অনুসৰি, “যিকোনো সেৱাৰ নিয়মত যিকোনো কথা থাকিলেও ৰাজ্যৰ অধীনত (বন বিভাগৰ বাহিৰে) সেৱাত থকা সকলো পদৰ ৩৫ শতাংশই প্ৰত্যক্ষ নিযুক্তি আৰু উক্ত সংৰক্ষণৰ পৰ্যায়ত মহিলাৰ সপক্ষে সংৰক্ষিত হ’ব লাগিব।” ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰক্ষী আৰু অন্যান্য চৰকাৰী চাকৰিত মহিলাক ৩৫ শতাংশ সংৰক্ষণ আৰু শিক্ষক পদত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰিছিল। এলডাৰমেন আৰু অন্যান্য পদকে ধৰি স্থানীয় সংস্থাসমূহৰ…
Read More
মাতৃক বিদেশী জাতৰ কুকুৰ পোৱালি উপহাৰ দি বিতৰ্কত ৰাহুল গান্ধী! কোনে তুলিলে অবৈধভাৱে ক্ৰয়ৰ অভিযোগ?

মাতৃক বিদেশী জাতৰ কুকুৰ পোৱালি উপহাৰ দি বিতৰ্কত ৰাহুল গান্ধী! কোনে তুলিলে অবৈধভাৱে ক্ৰয়ৰ অভিযোগ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ মাতৃ ছোনিয়া গান্ধীক প্ৰদান কৰে ‘নুৰী’ নামৰ জেক ৰাছেল টেৰিয়াৰৰ কুকুৰ পোৱালি। ৰাহুল গান্ধীয়ে এই বিষয়ে জনাই কুকুৰ পোৱালিটো পৰিয়ালৰ “নতুন সদস্য” হিচাপে চিনাকি কৰাই দিছিল। কিন্তু ৰাহুল গান্ধীয়ে পোহনীয়া জন্তুবোৰ মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া আৰু নিউজ পৰ্টেলত ভাইৰেল হোৱাৰ কিছু ঘণ্টাৰ পাছত পিপল ফৰ এনিমেলছৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গোৱাৰ এজন অবৈধ প্ৰজননকাৰীৰ পৰা পোৱালিবোৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰে। এন জি অ’টোৱে নিজৰ পোষ্টটোত কয় যে, “২০১৮ চনৰ পৰা কুকুৰ ক্ৰয়-বিক্ৰয় কৰাটো অবৈধ। শেহতীয়াকৈ ৰাহুল গান্ধীয়ে গোৱাৰ এজন অবৈধ প্ৰজননকাৰীৰ ওচৰলৈ গৈ দুটা বিদেশী জাতৰ কুকুৰ…
Read More
মুখ্যমন্ত্ৰী ভাগৰি পৰিছে, জিৰণি লোৱাৰ প্ৰয়োজনঃ ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটক উদ্দেশ্যি আহ্বান প্ৰধানমন্ত্ৰীৰ…

মুখ্যমন্ত্ৰী ভাগৰি পৰিছে, জিৰণি লোৱাৰ প্ৰয়োজনঃ ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটক উদ্দেশ্যি আহ্বান প্ৰধানমন্ত্ৰীৰ…

বৃহস্পতিবাৰে (৫ অক্টোবৰ) ৰাজস্থান ভ্ৰমণৰ সময়ত এখন সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ৰাজস্থানৰ ভূমি গৌৰৱৰ ভূমি। ৰাজস্থানে গৌৰৱময় ইতিহাসক প্ৰতিনিধিত্ব কৰে। সেয়ে ভাৰত চৰকাৰে ৰাজস্থানৰ উন্নয়নৰ বাবে কাম কৰি আছে।’’ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোটাই দেশক বহু অভিযন্তা আৰু ডাক্তৰ দিছে। আজি বহু আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ৰাজস্থানৰ বিকাশ হ’লেহে ভাৰতৰ বিকাশ হ’ব। সেয়ে আমি বিচাৰো যে চৰকাৰে ৰাজস্থানৰ উন্নয়ন দ্ৰুতগতিত কৰক। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি মাৰোৱাৰৰ পবিত্ৰ ভূমি যোধপুৰত বহু বৃহৎ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আজি আমি সকলোৱে বিগত ৯ বছৰত ৰাজস্থানৰ উন্নয়নৰ বাবে যি নিৰন্তৰ প্ৰচেষ্টা চলাইছো…
Read More
NDAৰ সৈতে সম্পৰ্ক চিন্ন ঘটিল আন এটা দলৰ! এইবাৰ সমৰ্থন প্ৰত্যাহাৰ পৱন কল্যাণৰ জনসেনা দলৰ…

NDAৰ সৈতে সম্পৰ্ক চিন্ন ঘটিল আন এটা দলৰ! এইবাৰ সমৰ্থন প্ৰত্যাহাৰ পৱন কল্যাণৰ জনসেনা দলৰ…

অভিনেতা তথা ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা দলৰ সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ পৰা। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে পৱন কল্যাণে। তেওঁ চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, পৱন কল্যানে অলপতে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিছিল। নাইডুৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেতিয়াৰ পৰাই বিশ্বাস কৰা হৈছিল যে তেওঁ হয়তো বিজেপিৰ পৰা পৃথক হ’ব। পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে হাত মিলাইছিল। তেতিয়া দুয়োটা দলে সিদ্ধান্ত লৈছিল যে তেওঁলোকে যৌথভাৱে স্থানীয় নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা আৰু…
Read More
লেণ্ড ফ’ৰ জব গোচৰত আৰজেডিৰ মুৰব্বী লালু যাদৱ, পত্নী আৰু পুত্ৰক জামিন প্ৰদান দিল্লী আদালতৰ

লেণ্ড ফ’ৰ জব গোচৰত আৰজেডিৰ মুৰব্বী লালু যাদৱ, পত্নী আৰু পুত্ৰক জামিন প্ৰদান দিল্লী আদালতৰ

দিল্লীৰ ৰাউছ এভিনিউ আদালতে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আদিক জামিন মঞ্জুৰ কৰে। ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অভিযুক্তক সকাহ প্ৰদান কৰি আদালতে বিষয়টো ১৬ অক্টোবৰত পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰে। ইফালে আদালতে চিবিআইক এই বিষয়ত সকলো অভিযুক্তক চাৰ্জশ্বীটৰ কপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে পত্নী ৰাবৰি দেৱী আৰু বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে আৰজেডিৰ মুৰব্বীগৰাকীয়ে দিল্লীৰ ৰাউছ এভিনিউ আদালতত উপস্থিত হয়। বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতৰ চমনত হাজিৰ হয় লালু যাদৱ, তেজস্বী যাদৱ আৰু ৰাবৰি দেৱী। যোৱা ২২ ছেপ্টেম্বৰত দিল্লীৰ আদালতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী…
Read More
মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰন্ধন গেছৰ উজ্বলা আঁচনিৰ হিতাধিকাৰীৰ ৰাজসাহায্য ৩০০ টকালৈ বৃদ্ধি

মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰন্ধন গেছৰ উজ্বলা আঁচনিৰ হিতাধিকাৰীৰ ৰাজসাহায্য ৩০০ টকালৈ বৃদ্ধি

মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্য ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি। ৰাখী বন্ধন উপলক্ষে কেবিনেটে এল পি জিৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। আজি উজ্জ্বলাৰ হিতাধিকাৰীৰ বাবে ধনৰাশি ২০০ টকাৰ পৰা ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে এতিয়া ৬০০ টকাত গেছ চিলিণ্ডাৰ লাভ কৰিব।
Read More
এতিয়া বিষপান কৰিছে সাধাৰণ জনতাই, EDয়ে বিজেপিৰ সোঁহাতস্বৰূপ হৈ কাম কৰেঃ মেহবুবা মুফতী

এতিয়া বিষপান কৰিছে সাধাৰণ জনতাই, EDয়ে বিজেপিৰ সোঁহাতস্বৰূপ হৈ কাম কৰেঃ মেহবুবা মুফতী

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতীয়ে বুধবাৰে (৪ অক্টোবৰ) পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে। ইডি ভাৰতীয় জনতা পাৰ্টিৰ সোঁহাত হৈ পৰিছে আৰু বিৰোধী নেতাৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ কৰে বুলিও তেওঁ কয়। মুফতীয়ে অভিযোগ কৰে যে বিজেপিৰ বিৰোধী মিত্ৰজোঁট I.N.D.I.Aলৈ ভয় খাইছে। আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ গোচৰত তেওঁ এই মন্তব্য কৰে মুফতীয়ে। মেহবুবা মুফতীয়ে বুধবাৰে জম্মুস্থিত পিডিপিৰ কাৰ্যালয়ত উপস্থিত হৈ কৰ্মীসকলক সাক্ষাৎ কৰে। তাত সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখন প্ৰতিটো ফ্ৰণ্টতে ব্যৰ্থ হৈছে। তেওঁ কয়, ‘যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত আৰু মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰাত বিজেপি ব্যৰ্থ হৈছে। বিষ সেৱনৰ পথত…
Read More
বন্ধুৰ জন্মদিনত দামী উপহাৰ দিবলৈ চুৰি কৰিলে বাইক, গ্ৰেপ্তাৰ নাবালক চোৰ

বন্ধুৰ জন্মদিনত দামী উপহাৰ দিবলৈ চুৰি কৰিলে বাইক, গ্ৰেপ্তাৰ নাবালক চোৰ

বন্ধুৰ জন্মদিনত দামী উপহাৰ দিবলৈ গৈ বাইক চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এজন কিশোৰ চোৰ। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, অভিযুক্তই নিজৰ বন্ধুক ব্যয়বহুল উপহাৰেৰে আপ্লুত কৰিব বিচাৰিছিল যদিও তেওঁৰ হাতত পৰ্যাপ্ত ধন নাছিল। দ্ৰুত ধন ঘটাৰ বাবে কিবা এটা চুৰি কৰাৰ সিদ্ধান্ত লৈ তেওঁ ১ অক্টোবৰত এঘৰৰ বাহিৰত ৰখাই থোৱা অনাটেণ্ডেড মটৰ চাইকেলখন দেখা পায়। তেওঁ ডুপ্লিকেট চাবি এটা ব্যৱহাৰ কৰি তলাটো খুলি অতি চতুৰতাৰে বাইকখন চুৰি কৰি গ্ৰাহকৰ সন্ধান আৰম্ভ কৰে। মটৰ চাইকেলৰ গৰাকী ৰাম সহৰে বিশ্বকৰ্মাই নিজৰ বাইকখন চুৰি হোৱা বুলি জানিব পাৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি ল’ৰাজনে চুৰি কৰি থকা অৱস্থাত উদ্ধাৰ কৰে।…
Read More
নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

সুপৰিত ৱেব নিউজ পৰ্টেল নিউজ ক্লিকে চীন সমৰ্থক অপপ্ৰচাৰৰ বাবে ধন লাভ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক সন্ত্ৰাসবাদ বিৰোধী আইন ইউএপিএৰ অধীনত দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি বুধবাৰে (৪ অক্টোবৰ) বিষয়াসকলে জনায়। মঙলবাৰে আৰক্ষীয়ে ৩০ টাতকৈও অধিক স্থানত অভিযান চলোৱাৰ লগতে গোচৰৰ সৈতে জড়িত কেইবাজনো সাংবাদিকক জেৰা কৰাৰ লগতে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, দুয়োকে আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁলোকক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। মঙলবাৰে দিল্লীত নিউজক্লিকৰ কাৰ্যালয় ছীল কৰে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে বিষয়াসকলে কয় যে ৪৬ জন “সন্দেহজনক”ক সোধা-পোছা কৰা হৈছিল…
Read More