28
Oct
পুনৰ হত্যাৰ ভাবুকি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ। আৰক্ষীৰ তথ্য অনুসৰি ই-মেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰি আম্বানীৰ পৰা দাবী কৰা হৈছিল ২০ কোটি টকা। আৰক্ষীৰ তথ্য অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল। ই-মেইলত লিখা আছিল, “২০ কোটি টকা নিদিলে হত্যা কৰা হ’ব। আমাৰ হাতত দেশৰ ভিতৰতে শ্ৰেষ্ঠ শ্বুটাৰ আছে।" ঘটনাৰ পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকে জানিব পাৰিছে যে যোৱা ২৭ অক্টোবৰত ছাদাব খান নামৰ এজন ব্যক্তিৰ পৰা এই ভাবুকি আহিছিল। এই ভাবুকিৰ আঁৰত কোনো ডাঙৰ গেং আছে নে নাই সেই বিষয়েও তদন্ত…