18
Nov
দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ মেগা ফাইনেল। সমগ্ৰ ক্ৰিকেট অনুগামী ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুঁজখন চাবলৈ অধীৰ হৈ পৰিছে। এনে পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে যদি সঁচাকৈয়ে টিম ইণ্ডিয়াই বিশ্বকাপত জয়লাভ কৰে, তেন্তে কেৱল অধিনায়ক ৰোহিত শৰ্মায়েই নহয়, বিশ্ব জয় কৰাৰ পিছত আন এজনেও ভাষণ প্ৰদান কৰিব। তেওঁৰ ইংগিতৰ পৰা স্পষ্ট যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰিয়েই এই কথা কয়। অৱশ্যে এই পোষ্টটো মহুৱা মৈত্ৰাই নিজে লিখা নাই। তেওঁ এটা টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তাত লিখা আছে, ‘ভাৰতৰ ক’ৰবাত এজন মানুহে বিশ্বকাপ জয় কৰাৰ পাছত নিজৰ ভাষণৰ অনুশীলন কৰি আছে৷ তেওঁৰ নাম ৰোহিত শৰ্মা নহয়।' মোডীক…
