ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

‘আপোনাৰ চকীখন ধৰি ৰাখক, নহ’লে….’- গাঁওপ্ৰধানক কিয় এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

‘আপোনাৰ চকীখন ধৰি ৰাখক, নহ’লে….’- গাঁওপ্ৰধানক কিয় এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকাশ ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। কথা-বতৰাৰ মাজতে এটা আমোদজনক ঘটনা ঘটিল। এখন গাঁৱৰ গাঁওপ্ৰধান বলবীৰ কৌৰ নিজৰ চকীখনৰ কাষত থিয় হৈ আছিল। ঠিক সেই মুহূৰ্ততে এগৰাকী মহিলা হিতাধিকাৰীয়ে তেওঁৰ ঠাইত বহিবলৈ চেষ্টা কৰিলে। তেতিয়া পি এম মোডীৰ চকু এই কথাত পৰিল আৰু তেওঁ হাঁহি হাঁহি ক'লে, "আপুনি চকীখন ধৰি ৰাখক, নহ'লে ইয়াৰ বাবে বহু নতুন প্ৰতিদ্বন্দ্বী আহি আছে।" এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে তেওঁৰ ১০ বছৰীয়া কাম দেখাৰ পিছত তেওঁৰ চৰকাৰৰ প্ৰতি মানুহৰ আস্থা বহু পৰিমাণে বাঢ়িছে। পুৰণি চৰকাৰসমূহক সমালোচনা কৰি তেওঁ কয় যে আগৰ চৰকাৰসমূহে…
Read More
তামিলনাডুত আবতৰীয়া প্ৰবল বৰষুণ! বন্ধ বিদ্যালয়-মহাবিদ্যালয়..

তামিলনাডুত আবতৰীয়া প্ৰবল বৰষুণ! বন্ধ বিদ্যালয়-মহাবিদ্যালয়..

তামিলনাডুৰ ৰাজধানী চেন্নাইকে ধৰি ৰাজ্যখনৰ বহু জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি ৰাজ্যৰ বহু ঠাইত বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আইএমডিৰ সতৰ্কবাণীৰ পিছতে সজাগ হৈ পৰিছে চৰকাৰ। চৰকাৰে চেন্নাই, চেংগালপট্টু, ৰাণীপেট আৰু কাঞ্চিপুৰম জিলাৰ বিদ্যালয় আৰু তিৰুভাল্লুৰ বিদ্যালয়-মহাবিদ্যালয়ত দিনটোৰ বন্ধ ঘোষণা কৰিছে। ২৯ নৱেম্বৰ বুধবাৰে তামিলনাডুৰ বহু জিলাত ধাৰাসাৰ বৰষুণ হৈছিল। যাৰ বাবে বহু ঠাই পানীৰে ভৰি পৰিছিল। এনে বহু ছবি ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে, য’ত দেখা গৈছে যে ৰাস্তাবোৰ আঁঠুলৈকে পানীৰে ভৰি আছে। অহা-যোৱাত বহুত সমস্যাৰ সন্মুখীন হৈছে মানুহৰ। অবিৰত বৰষুণৰ বাবে বহু ঠাইত যান-জঁটৰ সৃষ্টি হয়। কেইবা ঘণ্টা পলমকৈ চলি…
Read More
অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য! পুনৰ বিপদত পৰিব পাৰে ৰাহুল গান্ধী…

২০১৮ চনৰ ৰাহুল গান্ধীৰ বিবৃতি সন্দৰ্ভত বিজেপি দলৰ প্ৰাক্তন বিষয়া তথা পেছাত অধিবক্তা বিজয় মিশ্ৰই তেওঁৰ এজাহাৰত গোচৰ ৰুজু কৰিছে। অভিযোগ উত্থাপন হৈছে যে ৰাহুল গান্ধীয়ে ২০১৮ চনত বেংগালুৰুত গৃহমন্ত্ৰী অমিত শ্বাহক “হত্যাকাৰী” বুলি অভিহিত কৰিছিল, যাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অভিযোগত দাবী কৰা হৈছে যে ৰাহুল গান্ধীৰ বিৰুদ্ধে নূন্যতম দুবছৰৰ শাস্তি থাকিব লাগে। ইয়াৰ পূৰ্বেও চুৰাট আদালতে একেধৰণৰ গোচৰত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আৰু তাৰ পিছত তেওঁৰ লোকসভাৰ সদস্যপদ বাতিল কৰা হৈছিল। মোডী উপাধিৰ সৈতে জড়িত এক গোচৰত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এই শাস্তি প্ৰদান কৰা হয়। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত তৰোৱালখন…
Read More
লাউডস্পীকাৰৰ আজান বন্ধ কৰিবলৈ আবেদন খাৰিজ কৰি ন্যায়ালয়ৰ প্ৰশ্ন- পুৱা আৰতি কৰিলে শব্দ প্ৰদূষণ হয় নে নহয়?

লাউডস্পীকাৰৰ আজান বন্ধ কৰিবলৈ আবেদন খাৰিজ কৰি ন্যায়ালয়ৰ প্ৰশ্ন- পুৱা আৰতি কৰিলে শব্দ প্ৰদূষণ হয় নে নহয়?

পুৱা লাউডস্পীকাৰৰ জৰিয়তে শুনা আজানে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। গতিকে মাইকত আজান বজোৱা বন্ধ কৰক। এনে দাবী লৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল এজন ব্যক্তি। তেওঁৰ আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ে পাল পাতি সুধিলে, যেতিয়া মন্দিৰত পুৱা ঢোল বজাই আৰতি কৰা হয়, সেই শব্দও বিয়পি নাযায়নে? মঙলবাৰে জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুনীতা আগৰৱাল আৰু ন্যায়াধীশ অনিৰুদ্ধ পি মাইৰ বিভাগীয় বিচাৰপীঠে কয় যে মানুহৰ কণ্ঠস্বৰ আজান কেনেকৈ এনে প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে সেয়া সঁচাকৈয়ে বুজিব নোৱাৰা। ন্যায়াধীশৰ ভাষাত "আমি বুজি নাপাওঁ যে ৰাতিপুৱাৰ ভাগত লাউডস্পীকাৰৰ জৰিয়তে শুনালে মানুহৰ মাত আজান কেনেকৈ শব্দ প্ৰদূষণৰ ডেচিবেলত উপনীত হ'ব পাৰে? যিয়ে জনস্বাস্থ্যৰ…
Read More
১৭ দিন সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকে অৱশেষত পালে নতুন জীৱন! কিমান সহজ আছিল এই উদ্ধাৰ অভিযান…

১৭ দিন সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকে অৱশেষত পালে নতুন জীৱন! কিমান সহজ আছিল এই উদ্ধাৰ অভিযান…

যদি কোনো কোঠাৰ গেটখন বাহিৰৰ পৰা বন্ধ হৈ পৰে, তেন্তে ১০ মিনিট ভিতৰত আবদ্ধ হৈ থকা ব্যক্তিজনৰ অৱস্থা কি হ’ব, সেয়া কেৱল বন্দী হৈ পৰা লোকজনেহে অনুভৱ কৰিব পাৰে। কিন্তু সেই ১০ মিনিট যদি ১৭ দিনলৈ পৰিণত হয় তেন্তে কি হ’ব? কল্পনা কৰক উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মানসিক অৱস্থা কি হ’লহেঁতেন? অৱশ্যে তেওঁলোকক মনোৰঞ্জনৰ বাবে বেট বল দিয়া হৈছিল, চিনেমা চাবলৈ মোবাইল ফোন দিয়া হৈছিল, কিন্তু এই সকলোবোৰ তেওঁলোকৰ ধৈৰ্য্য বজাই ৰাখিবলৈ যথেষ্ট নেকি? উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল ধৈৰ্য্য বজাই ৰখা, ১৭ দিন অবিৰতভাৱে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেওঁলোক। সুৰংগৰ…
Read More
মহাকাশত পুনৰ ইতিহাস ৰচিব ভাৰতে! ইছৰ’লৈ বৃহৎ অফাৰ NASAৰ

মহাকাশত পুনৰ ইতিহাস ৰচিব ভাৰতে! ইছৰ’লৈ বৃহৎ অফাৰ NASAৰ

২০২৪ বৰ্ষটো ভাৰতৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। মহাকাশৰ ক্ষেত্ৰত ভাৰতে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিব পাৰে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ইছৰ’ক এক বৃহৎ অফাৰ প্ৰদান কৰিছে। ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ সাজু বুলি প্ৰকাশ কৰিছে নাছাই। মঙলবাৰে এই কথা কয় আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ প্ৰশাসক বিল নেলচনে। নেলচনে কয় যে আমেৰিকা আৰু ভাৰতে অহা বছৰৰ শেষৰ ফালে এজন ভাৰতীয় মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাত কাম কৰি আছে। মহাকাশচাৰীক নাছাই নিৰ্বাচন নকৰে বুলি নেলচনে কয়। ইয়াৰ বাছনি কেৱল ইছৰ’ই কৰিব। ভাৰত ভ্ৰমণলৈ অহা নেলচনে মঙলবাৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। এই…
Read More
বিমানৰ ভিতৰতে পতি-পত্নীৰ দুৰ্বাদল কাজিয়া! দিল্লীত জৰুৰী অৱতৰণ

বিমানৰ ভিতৰতে পতি-পত্নীৰ দুৰ্বাদল কাজিয়া! দিল্লীত জৰুৰী অৱতৰণ

মিউনিখৰ পৰা অহা লুফথানছাৰ বিমানৰ ভিতৰতে স্বামী-স্ত্ৰীৰ মাজত সূত্ৰপাত কাজিয়াৰ। দুয়োৰে মাজত কাজিয়া ইমানেই বৃদ্ধি পায় যে হতাহতি পৰ্যন্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনৰ ভিতৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ পিছত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই)ত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। লুফথানছাৰ বিমান নম্বৰ LH772 মিউনিখৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ গৈ আছিল। নিউজ এজেন্সী এ এন আইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ পিছত বিমানখন দিল্লী অভিমুখে ডাইভাৰ্ট কৰা হয়। দিল্লী বিমানবন্দৰৰ সূত্ৰ অনুসৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে এই খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে বিমানবন্দৰত উপস্থিত হৈ বিমানৰ গেট খোলাৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰে। কোৱা হৈছে যে…
Read More
তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাৰ ভোটাৰক বিজ্ঞাপনৰ জৰিয়তে প্ৰভাৱিত কৰাৰ চেষ্টা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ! নিৰ্বাচন আয়োগৰ দাৰস্থ বিজেপি

তেলেংগানাত কংগ্ৰেছে ঢাক-ঢোল বজাইছে কৰ্ণাটকৰ চৰকাৰৰ। যাৰ একমাত্ৰ লক্ষ্য হৈছে তেলেংগানাৰ ভোটাৰক প্ৰভাৱিত কৰা। ফলত কংগ্ৰেছ শাসিত চৰকাৰে আচৰণ বিধি ভংগ কৰিছে। এই অভিযোগ লৈ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপি। ইয়াৰ পিছতে নিৰ্বাচন আয়োগে জাননী জাৰি কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। যোৱা শনিবাৰে কৰ্ণাটক চৰকাৰে তেলেংগানাৰ বিভিন্ন বাতৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন জাৰি কৰিছিল। মুখ্যমন্ত্রী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্রী ডি কে শিৱকুমাৰকে ধৰি অন্যান্য মন্ত্রীসকলৰ ছবি থকা বিজ্ঞাপনসমূহ তেলেগু ভাষাত ছপা কৰা হৈছিল৷ তেতিয়াৰ পৰাই এনেধৰণৰ বিভিন্ন বিজ্ঞাপন য়েনাডু, অন্ধ্ৰজ্যোতি, ভেলেগু, ডেক্কান ক্ৰনিকল, দ্য হিন্দু, ইংৰাজী কাকত যেনে টাইমছ অৱ ইণ্ডিয়া আদি কাকতৰ পৃষ্ঠাত তেলেগু ভাষাত একেৰাহে তিনিদিন ছপা…
Read More
লজ্জাজনক! নিজ কন্যাকে ধৰ্ষণ কৰিবলৈ প্ৰেমিকক সহায় পাষাণ মাতৃৰ, ৪০ বছৰৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

লজ্জাজনক! নিজ কন্যাকে ধৰ্ষণ কৰিবলৈ প্ৰেমিকক সহায় পাষাণ মাতৃৰ, ৪০ বছৰৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

পৃথিৱীৰ আটাইতকৈ ভাল লগা শব্দ যদি আছে, তেন্তে সেয়া হৈছে 'আই’। সন্তানৰ বাবে মাতৃৰ মমতা আন কাৰোৰে সৈতে নিশ্চয় তুলনা কৰিব নোৱাৰি। কিন্তু এইখন পৃথিৱীত এনে মাতৃও আছে, যিয়ে নিজৰ লজ্জাজনক কাণ্ডৰে চৰ্চা লাভ কৰিও আহিছে। তেনে এগৰাকী পাষাণ মাতৃকে শেহতীয়াকৈ ৪০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি বিহিলে কেৰালাৰ এখন আদালতে। নিজৰ কণমানি দুই সন্তানক দিনৰ পিছত দিন ধৰি শাৰীৰিক নিৰ্যাতন চলোৱাত প্ৰেমিকক সহায় কৰি অহা এই নিৰ্লজ্জ মাতৃক POCSO গোচৰত ২০ হাজাৰ টকা জৰিমনাও বিহা হয়। বাতৰি অনুসৰি, ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰৰ ভিতৰত দুগৰাকী কণমানি ছোৱালীয়ে এই নৰকীয় অত্যাচাৰ অবিৰতভাৱে সহ্য কৰিবলগীয়া হৈছিল। নিৰ্যাতিতা কণমানি দুগৰাকীৰ এজনীৰ…
Read More
উত্তৰকাশীৰ সুৰংগত ৪১ শ্ৰমিকৰ আজি ১৭ দিন! ৰেট হোল মাইনিঙৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা…

উত্তৰকাশীৰ সুৰংগত ৪১ শ্ৰমিকৰ আজি ১৭ দিন! ৰেট হোল মাইনিঙৰ জৰিয়তে উদ্ধাৰৰ চেষ্টা…

আজি ১৭ দিন পাৰ হৈছে উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ। শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে পাঁচটা পদ্ধতিৰে অভিযান অব্যাহত ৰখা হৈছে। বিগত দুসপ্তাহৰো অধিক সময় ধৰি একেৰাহে আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে যদিও এতিয়াও সূৰ্যৰ কিৰণৰ পৰা বঞ্চিত হৈ আছে এই শ্ৰমিকসকল। উদ্ধাৰ অভিযানত ৰেট হোল মাইনিঙৰ জৰিয়তেও চলোৱা হৈছে উদ্ধাৰৰ প্ৰচেষ্টা। অগাৰ মেচিন বিকল হোৱাৰ পিছত ৰেট হোল মাইনিঙৰ জৰিয়তে অনুভূমিক ড্ৰিলিং কৰা হৈছে। এই কামৰ বাবে ৰেট হোল মাইনিং বিশেষজ্ঞ নিয়োগ কৰা হৈছে। এই পদ্ধতিৰে হাতেৰে খনন কাৰ্য চলাইছে শ্ৰমিকসকলে। জানিব পৰা মতে, এতিয়ালৈকে প্ৰায় ৪ মিটাৰ খনন সম্ভৱ হৈছে। ৰেট…
Read More