ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

তেলেংগানাৰ BRS নেতা কেচিআৰলৈ জাননী নিৰ্বাচন আয়োগক, আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে টি ৰামা ৰাওলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ। তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে কেটিআৰে আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগে ২৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত কেটিআৰক এই জাননীৰ উত্তৰ দিবলৈ কয়। টি-ৱৰ্কছ (চৰকাৰী প্ৰতিষ্ঠান)ত নিযুক্তি সন্দৰ্ভত কৰা ঘোষণাৰ ওপৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে। মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী প্ৰচাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ বিৰুদ্ধেও তেওঁক সকীয়াই দিয়া হৈছে। নিৰ্বাচন আয়োগে জাননীত প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা ৰনদীপ সিং সুৰজেৱালাই ২০ নৱেম্বৰত হায়দৰাবাদৰ টি ৱৰ্কছৰ কাৰ্যালয়লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াত তেওঁ বৃহৎ সংখ্যক কৰ্মৰত…
Read More
শাৰী পিন্ধি পোষ্ট কৰিছিল ভিডিঅ’! সামাজিক মাধ্যমৰ ঠাট্টা-বিদ্ৰুপ সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

শাৰী পিন্ধি পোষ্ট কৰিছিল ভিডিঅ’! সামাজিক মাধ্যমৰ ঠাট্টা-বিদ্ৰুপ সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

সামাজিক মাধ্যমত শাৰী পিন্ধি সাজি কাজি এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছতে নেটিজেনৰ কটুক্তি, বিদ্ৰুপ সহ্য কৰিব নোৱাৰি অৱশেষত চৰম পথ বাছি ল’লে এটি ১৬ বছৰীয়া কিশোৰে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে ১৬ বছৰীয়া কিশোৰীজন দশম শ্ৰেণীৰ ছাত্ৰ। ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ হিচাপেও পৰিচিত আছিল কিশোৰজন। ছ’চিয়েল মিডিয়া প্ৰফাইলত শাৰী পিন্ধি কেইবাখনো ছবি আৰু ভিডিঅ’ আছে। দুৰ্গা পূজাৰ সময়তো ৰঙা-বগা শাৰী পিন্ধি এখন ছবি পোষ্ট কৰিছিল। লগতে নিয়মিতভাৱে লিপষ্টিক আৰু নেল পলিচ লগাইছিল। কিন্তু ছোৱালীৰ দৰে এনেদৰে সাজি কাজি ভিডিঅ’ আৰু ফটো পোষ্ট কৰাৰ বাবেই একাংশ নেটিজেনে প্ৰতিনিয়ত কটুক্তি আৰু বিদ্ৰুপ কৰিছিল কিশোৰজনক। ইয়াৰ পিছতে শেহতীয়াকৈ ঘৰত চিপ…
Read More
ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! হিন্দু মহিলাক ধৰ্মান্তৰকৰণ কৰি গ্ৰেপ্তাৰ মৌলবী

ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! হিন্দু মহিলাক ধৰ্মান্তৰকৰণ কৰি গ্ৰেপ্তাৰ মৌলবী

ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! মৌলৱীয়ে এনে কথাৰ প্ৰচাৰ কৰিয়েই হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰি অহা অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ বাসিন্দা এই ব্যক্তিজনক নিজ অঞ্চলত ভূত-প্ৰেত খেদা ওজা বুলি জনা যায়। শেহতীয়াকৈ এগৰাকী মহিলাই অদ্ভুত আচৰণ কৰিছিল। মাজে মাজে হঁহা-কন্দা কৰা মহিলাগৰাকীক ভূতে লম্ভা বুলি বিশ্বাস কৰি মৌলবীজনৰ ওচৰ পায় পৰিয়ালৰ লোক। অভিযোগ অনুসৰি মৌলবীয়ে ভূত-প্ৰেত খেদাৰ নামত মহিলাগৰাকীৰ ধৰ্ম সলনি কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত মৌলবীৰৰ নাম ছৰফৰাজ। অক্ষয় শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। স্থানীয় থানাত দাখিল কৰা এজাহাৰত অক্ষয়ে কয় যে…
Read More
দিল্লীস্থিত আফগান দূতাবাস বন্ধ কৰাৰ ঘোষণা, কিয় এই সিদ্ধান্ত তালিবানৰ?

দিল্লীস্থিত আফগান দূতাবাস বন্ধ কৰাৰ ঘোষণা, কিয় এই সিদ্ধান্ত তালিবানৰ?

ভাৰতৰ ৰাজধানী দিল্লীত থকা দূতাবাস বন্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আফগানিস্তানে। নতুন দিল্লীত থকা কূটনৈতিক অভিযান বন্ধ হোৱাৰ সন্দৰ্ভত আফগানিস্তান চৰকাৰে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে ২০২৩ চনৰ ২৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা ভাৰত চৰকাৰৰ অবিৰত প্ৰত্যাহ্বানৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰি আফগানিস্তান চৰকাৰে কয় যে আমি আয়োজক চৰকাৰৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন লাভ কৰা নাই, সেয়েহে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো। বিবৃতিটোত আৰু কোৱা হৈছে যে কৰ্মচাৰী আৰু সম্পদৰ নাটনি হৈছে। আফগান দূতাবাসে নিজৰ বিবৃতিত আৰু কয় যে বহুতে ইয়াক আভ্যন্তৰীণ সংঘাত হিচাপে দেখুৱাবলৈ চেষ্টা কৰাটোও সঁচা। আফগান দূতাবাসে…
Read More
তেলেংগানাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী ৰণডংকা, কোনে, ক’ত, কেতিয়া সম্বোধন কৰিব জনসভা…

তেলেংগানাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী ৰণডংকা, কোনে, ক’ত, কেতিয়া সম্বোধন কৰিব জনসভা…

আজি তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমাৱেশ ঘটিছে ৰাজনৈতিক নেতাৰ। ৰাজস্থানত কাইলৈ ​​ভোটদান, সেয়েহে তাত প্ৰচাৰৰ কোলাহল বন্ধ হৈ গৈছে। এতিয়া সকলো ৰাজনৈতিক দলৰ সকলো গুৰুত্ব কেৱল তেলেংগানাৰ ওপৰত, য’ত ৩০ নৱেম্বৰত ১১৯খন বিধানসভাৰ আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। আজিৰে পৰা বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে নিজ নিজ শক্তি পৰীক্ষা কৰিবলৈ নামি পৰিছে তেলেংগানাত। এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক গোটেই সপ্তাহটো প্ৰচাৰ চলোৱা দেখা যাব, আনহাতে আনফালে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বও প্ৰচাৰ চলোৱা দেখা যাব। শনিবাৰৰ পৰা সোমবাৰলৈ কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী। এই সময়ছোৱাত তেওঁ তেলেংগানাতো প্ৰচাৰ চলাব। প্ৰধানমন্ত্ৰীয়ে শনিবাৰে বিয়লি ২.১৫ বজাত…
Read More
শুকুৰবাৰে পুৱা পুনৰ আৰম্ভ উত্তৰকাশীৰ আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান, কেতিয়া ৪১ শ্ৰমিকৰ সম্ভৱ হ’ব উদ্ধাৰ?

শুকুৰবাৰে পুৱা পুনৰ আৰম্ভ উত্তৰকাশীৰ আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান, কেতিয়া ৪১ শ্ৰমিকৰ সম্ভৱ হ’ব উদ্ধাৰ?

উত্তৰ কাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলে এতিয়াও দেখা নাই সূৰ্য্যৰ পোহৰ। বৃহস্পতিবাৰে নিশা কিছু সময়ৰ বাবে উদ্ধাৰ কাম বন্ধ কৰি দিয়া হয়। মাটি খন্দা মেচিন হঠাৎ বিকল হৈ পৰাৰ বাবেই বন্ধ হৈ পৰে উদ্ধাৰ অভিযান। লগতে মেচিনটো ৰখা ফ্ল’ৰখনো খহিবলৈ আৰম্ভ কৰে। অৱশ্যে শুকুৰবাৰে পুৱা পুনৰ উদ্ধাৰৰ কাম আৰম্ভ হয়। কিন্তু কেতিয়া শ্ৰমিকক উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই। উদ্ধাৰকাৰীৰ মতে, খৰখেদাকৈ কৰা প্ৰচেষ্টাই বিপদ বৃদ্ধিহে কৰিব পাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেয়েবৃহস্পতিবাৰে নিশা উদ্ধাৰকাৰীয়ে দুটা কাম কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে। যি মজিয়াত মেছিন ৰখা হ’ব সেই মজিয়াখন মেৰামতি কৰা হৈছে। ইয়াৰ উপৰিও…
Read More
কোনো ৰাজ্যপালে আৱদ্ধ কৰি ৰাখিব নোৱাৰে কোনো বিধেয়ক! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

কোনো ৰাজ্যপালে আৱদ্ধ কৰি ৰাখিব নোৱাৰে কোনো বিধেয়ক! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ কোনো বিধেয়ক আৱদ্ধ কৰি ৰাখিব নোৱাৰে। যদিহে বিধেয়কখন অনুমোদন কৰা নহয়, তেন্তে পুনৰ বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। কিন্তু আৱদ্ধ কৰিব নোৱাৰে। এক শুনানিৰ জৰিয়তে এইদৰে স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ সংমণ্ডল বিচাৰপীঠে প্ৰদান কৰে ৰায়দান। পঞ্জাৱ চৰকাৰে দিয়া গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এই ৰায় দিয়া হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হয় ৰায়দানৰ প্ৰতিলিপি। পঞ্জাৱৰ ৰাজ্যপালক সমালোচনা কৰি আদালতে কয় যে ৰাজ্যপালৰ বিধেয়কখনৰ সৈতে মতানৈক্য থাকিব পাৰে, কিন্তু তেওঁ মতানৈক্য প্ৰকাশ কৰি বা সন্মতি আৰোপ কৰি বিধেয়কখন আৱদ্ধ কৰিব নোৱাৰে। লগে লগে বিধেয়কখন ঘূৰাই…
Read More
প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেট (আই চি চি বিশ্বকাপ ২০২৩)ৰ ফাইনেলত ভাৰতীয় দলৰ পৰাজয়ৰ ঘাঁ সমগ্ৰ দেশৰ বাবে সতেজ। কেৱল ২২ গজৰ ক্ষেত্ৰতে নহয়, এই বিষয়টোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছে। আৰু ৰাষ্ট্ৰীয় ৰাজনীতি বাকযুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অষ্ট্ৰেলিয়াৰ হাতত টিম ইণ্ডিয়াৰ পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে নৰেন্দ্ৰ মোডীক ‘পনৌতি’ বুলি অভিহিত কৰাৰ পিছতে সূচনা হয় বিতৰ্কৰ। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে তেওঁক প্ৰেৰণ কৰে জাননী। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত তেওঁক প্ৰেৰণ কৰা হৈছে জাননী। শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে। ১৯ তাৰিখে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচত ৰোহিত আৰু বিৰাটক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই…
Read More
উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান। বৃহস্পতিবাৰে কেৰালাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ অন্যতম পথ প্ৰদৰ্শক আছিল ফাতিমা বিভি। সংখ্যালঘু মহিলাক আদালতলৈ অনাৰ ক্ষেত্ৰতো পৰ্দাৰ আঁৰত ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁ। কেৰালাৰ পৰা আইন বিষয়ত স্নাতক হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। এৰ্নাকুলামৰ আইন মহাবিদ্যালয়ৰ পৰা আইন উত্তীৰ্ণ হোৱাৰ পিছত ফাতিমাই ৫০ বছৰ বয়সত ন্যায়পালিকাৰ কেৰিয়াৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও পিছলৈ আইন দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰিছিল। কেৰালাৰ দণ্ডাধীশ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা আছিল…
Read More
লজ্জাজনক! খোদ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ১৪২ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, গ্ৰেপ্তাৰ

লজ্জাজনক! খোদ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ১৪২ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, গ্ৰেপ্তাৰ

হাৰিয়ানাৰ এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ। বিদ্যালয়ৰ ১৪২ গৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ খোদ অধ্যক্ষৰ বিৰুদ্ধে। প্ৰথম অৱস্থাত ৬০ গৰাকী ছাত্ৰীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল যদিও পিছত সেই সংখ্যা ১৪২ লৈ বৃদ্ধি পায়। অভিযুক্তৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে চৰকাৰী বিদ্যালয়খনৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ‘যৌন নিৰ্যাতন সমিতি’ৰ তদন্ত অনুসৰি ৫৫ বছৰীয়া অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি আহিছিল শিক্ষাৰ্থীয়ে। শেষত হাৰিয়ানা মহিলা আয়োগৰ উদ্যোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। ১৪ ছেপ্টেম্বৰত হাৰিয়ানা মহিলা আয়োগৰ মুৰব্বী ৰেণু ভাটিয়াই ১৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক যৌন…
Read More