16
Dec
আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে লৈ যোৱাৰ সময়তে বাইকত অহা দুষ্কৃতিকাৰীৰ গুলীবৰ্ষণত মৃত্যু ঘটিল এজন দুৰ্ধৰ্ষ গেংষ্টাৰৰ। উত্তৰপ্ৰদেশৰ আতিক হত্যা কাণ্ডৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হ’ল এইবাৰ পাটনাত। শুকুৰবাৰে পাটনাৰ ভৰডুপুৰৰ এখন আদালত চৌহদত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে হত্যাকে ধৰি কেইবাটাও গোচৰৰ অভিযুক্ত অভিষেক কুমাৰ ওৰফে ছোটে চৰকাৰক বিহাৰৰ এখন কাৰাগাৰৰ পৰা পাটনা আদালতলৈ লৈ যোৱা হৈছিল। গেংষ্টাৰৰ সৈতে আদালত চৌহদত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে হঠাৎ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে। আৰক্ষীৰ সন্মুখতে দুস্কৃতিকাৰীৰ বন্দুকৰ গুলীত ঢলি পৰে ছোটে চৰকাৰ। এই ঘটনাত থিতাতে মৃত্যু হয় ছোটে চৰকাৰৰ। আৰক্ষীয়ে ইতিমধ্যে দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাস্থলীৰ পৰা…
