31
Dec
যৌন নিৰ্যাতনৰ প্ৰতিবাদ কৰাৰ বাবেই এগৰাকী ১৮ বছৰীয়া দলিত যুৱতীক বিহা হ’ল নিৰ্মম শাস্তি। বছৰৰ বিদায় বেলাত পুনৰ এবাৰ এই লোমহৰ্ষক ঘটনা সংঘটিত হ’ল যোগী ৰাজ্য উত্তৰ প্ৰদেশত। নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই উতলা তেলৰ কেৰাহীত ভৰাই কঠোৰ শাস্তি বিহা হয় যুৱতীগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছে দলিত যুৱতীগৰাকী। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে যোগীৰাজৰ বাঘপাটত। যুৱতীগৰাকীৰ ভাতৃয়ে আৰক্ষীক অভিযোগ কৰে যে তেওঁৰ ভগ্নীয়ে ধনুদাৰ ছিলভাৰনগৰ গাঁৱৰ এটা তৈল মিলত কাম কৰিছিল। মিলৰ মালিক প্ৰমোদ, তেওঁৰ সংগী ৰাজু আৰু সন্দীপে যুৱতীগৰাকীক নিৰ্যাতন চলায়। প্ৰতিবাদ কৰাৰ সময়ত অভিযুক্তই জাতি উত্থাপন কৰি অশ্ৰাব্য ভাষাত গালি-গালাজ কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীক…
