ৰাজনীতি

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ঘোষানাম, দিহানাম, থিয়নাম হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই কৰ্মশালা ৩০ জুলাই, ২০২৪লৈকে অনুষ্ঠিত হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীনা ভৌমিক। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাৰতীয় ইতিহাস সংকলনৰ ৰাষ্ট্ৰীয় সচিব হেমন্ত ধিং মজুমদাৰ, শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপ, লক্ষ্মী এডুকেশ্বন ফাউণ্ডেশ্যনৰ সঞ্চালক স্বপ্না দাসৰ লগতে কৰ্মশালাখনিৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক সত্ৰীয়া গুৰু হৰিপ্ৰসাদ শইকীয়া বৰবায়ন আৰু বৰগীত, ঘোষানাম, দিহানামৰ প্ৰশিক্ষক নলিনী মহন্ত উপস্থিত থাকে। প্ৰায় ৩ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা গ্ৰীষ্মকালীন বিনামূলীয়া এই কৰ্মশালাখনিৰ…
Read More
অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটখন মঙলবাৰে পুৱা সংসদ ভৱনত উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। নিৰ্মলা সীতাৰমণে কয় যে বিহাৰে পথ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ লাভ কৰিব, আনহাতে ২১ হাজাৰ কোটি টকাৰ এটা বিদ্যুৎ প্ৰকল্পও তেঁওলোকৰ বাবে ঘোষণা কৰা হৈছে। উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে সাধাৰণ নিৰ্বাচনত ১৬ খন আসন লাভ কৰিছিল। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডি(ইউ) ১২ খন আসন লাভ কৰিছিল। এই দুয়োটা দল এনডিএৰ অংশীদাৰ। এই দুটা দলৰ সমৰ্থনত নৰেন্দ্ৰ…
Read More
হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ স্বেচ্ছাসেৱক সকলক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, সমীক সেনগুপ্তা, ৰমেন বৰঠাকুৰ আৰু অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে। দলৰ নেতা সকলে আপৰ কৰ্মকৰ্তা সকলক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ'বলৈ আহ্বান জনায় ।সন্মিলনত হোজাই জিলাৰ…
Read More
আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ শীৰ্ষ নেতৃত্বই চলিত জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৰাজ্যৰ সকলো জিলাতে আপৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। সদস্য ভৰ্তি অভিযানৰ লগে লগে অনুষ্ঠিত কৰা হৈছে আপৰ কৰ্মকৰ্তা সন্মিলন। সেই অনুসৰি ২০ জুলাইত পশ্চিম কাৰ্বি আংলং আৰু দৰং জিলাত আপৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। দৰঙৰ মঙলদৈ সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব আপৰ জিলা সন্মিলন । মঙলদৈত অনুষ্ঠিত হ'বলগীয়া কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰিব দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী…
Read More
ছিপাঝাৰত আপত যোগদান শতাধিকৰ

ছিপাঝাৰত আপত যোগদান শতাধিকৰ

দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত  আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰ আৰু নীলমণি শইকীয়াৰ উপস্থিতিত দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ পৌৰোহিত্যত  অনুষ্ঠিত যোগদান সভাত ভিন্ন দল ত্যাগ কৰি অহা শতাধিক নেতা - কৰ্মীয়ে আপত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰা নেতা - কৰ্মী সকলক উদ্দেশ্যি উত্তৰ পূৰ্বাঞ্চলৰ আপৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনায় তেওঁ কয়,…
Read More
বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ঐতিহ্যমণ্ডত বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ চালিৰ টিনপাত সলনি কামৰ  শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নলবাৰী অনুষ্ঠিত হোৱা কেবিনেট শেষ কৰি কালি বিয়লি ৫- ৩০ বজাত মুখ্যমন্ত্ৰী শৰ্মাই উপস্থিত হয় বৰপেটা সত্ৰত ৷ মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ বাসগৃহৰ মঠৰ চোতালত আঠু লৈ সেৱা জনোৱাৰ পাছত সত্ৰৰ চৌদিশে এবাৰ পৰিভ্ৰমণ কৰে ৷ তাৰ পাছত সত্ৰৰ টুপৰ চোতালৰ পৰা এখন নতুন টিনপাত ওপৰলৈ তুলি দি কীৰ্তন ঘৰটোৰ টিনপাত সলনি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ উল্লেখ্য যে বৃন্দাৱনী বস্ত্ৰৰ জোখত নিৰ্মিত  ১২০ হাত দীঘল আৰু ৬০ হাত বহল সত্ৰৰ মূল কীৰ্তন ঘৰটোৰ টিনপাত সলনিৰ কৰাৰ বাবে চৰকাৰৰ পৰা ১  কৌটি টকাৰ…
Read More
লোকসভাৰ অস্থায়ী অধ্যক্ষৰূপে শপত ভৰ্তুহৰি মাহতাবৰ

লোকসভাৰ অস্থায়ী অধ্যক্ষৰূপে শপত ভৰ্তুহৰি মাহতাবৰ

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে সোমবাৰে পুৱা ভৰ্তুহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰোৱায়। অস্থায়ী অধ্যক্ষ পদৰ বাবে মাহতাবৰ নামটো বহু বিতৰ্কত আছিল। মাহতাবে ২৪ জুনৰ পৰা আৰম্ভ হোৱা ১৮ তম লোকসভাৰ প্ৰথম অধিৱেশনত নৱ নিৰ্বাচিত সাংসদসকলক শপত দিয়ায়। ইয়াৰ লগতে লোকসভাৰ অধ্যক্ষও নিৰ্বাচিত কৰিব। কংগ্ৰেছকে ধৰি আন কেইবাটাও বিৰোধী দলে মাহতাবৰ নাম অস্থায়ী অধ্যক্ষ পদৰ বাবে উত্থাপিত হোৱাত আপত্তি জনাইছিল। বিজেপিয়ে মাহতাবৰ সন্দৰ্ভত কৈছিল যে তেওঁ বৰ্তমানৰ সংসদত একেৰাহে সাতবাৰ জয় লাভ কৰা প্ৰথম জন সাংসদ। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সুৰেশক আঠবাৰ সাংসদ বুলি বৰ্ণনা কৰে আৰু অভিযোগ কৰে যে বিজেপিয়ে নিয়ম উলংঘা কৰিছে। তেওঁ লগতে সুধিছিল যে…
Read More
২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

লোকসভাই ২৬ জুনত তেঁওলোকৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰিব। সদনৰ সদস্যসকলে দুপৰীয়া ১২ বজাত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে জাননী দিব পাৰে। লোকসভা সচিবালয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। ১৮ তম লোকসভাত ২৪ জুনত প্ৰথম বৈঠক অনুষ্ঠিত হ'ব আৰু অধিৱেশন৩ জুলাইত সমাপ্ত হ'ব।লোকসভাৰ দ্বাৰা জাৰি কৰা এক বুলেটিনত কোৱা হৈছে যে অধ্যক্ষ নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত তাৰিখৰ আগৰ এদিনত দুপৰীয়া ১২ বজাত, যিকোনো সদস্যই অধ্যক্ষ পদৰ বাবে আন যিকোনো সদস্যৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে মহাসচিবক লিখিতভাৱে জাননী দিব পাৰে। খবৰ অনুসৰি বৰ্তমানৰ ক্ষেত্ৰত, অধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰস্তাৱৰ জাননী ২৫ জুন, মঙলবাৰে দুপৰীয়া ১২ বজাত প্ৰদান কৰা হ'ব পাৰে। অধিৱেশনৰ প্ৰথম দুটা দিন নৱ নিৰ্বাচিত সদস্যসকলৰ…
Read More
২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনৰ পৰা আৰম্ভ হ'ব। এই কথা বুধবাৰে প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ কয় যে অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ'ব। অধিৱেশনৰ প্ৰথম তিনিদিনত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু সদনৰ অধ্যক্ষ নিৰ্বাচিত হ'ব।অধিৱেশনখন ৩ জুলাইত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ কাম-কাজৰ ৰূপৰেখা প্ৰস্তুত কৰিব। ৰিজিজুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়- নৱ নিৰ্বাচিত সদস্যসকলৰ শপত, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে ২৪ জুন ২০২৪ ৰ পৰা ৩ জুলাই ২০২৪…
Read More
চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।অমিত শ্বাহ আৰু জে পি নাড্ডা মঙলবাৰে সন্ধিয়া অনুষ্ঠানটোত উপস্থিত থাকিবলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অন্ধ্ৰ প্ৰদেশৰ মনোনীত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰে ১১ জুনত টিডিপি ৰ মুৰব্বীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। চন্দ্ৰবাবু নাইডুৱে পুৱা ১১:২৭ বজাত শপত গ্ৰহণ কৰে। বিজয়ৱাড়াৰ উপকণ্ঠত কেচাৰাপল্লীৰ গন্নাভাৰাম বিমানবন্দৰৰ বিপৰীতে মেধা আইটি পাৰ্কৰ ওচৰত শপত গ্ৰহণ অনুষ্ঠান…
Read More