ৰাজনীতি

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ টিনপাত সলনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ঐতিহ্যমণ্ডত বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰৰ চালিৰ টিনপাত সলনি কামৰ  শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নলবাৰী অনুষ্ঠিত হোৱা কেবিনেট শেষ কৰি কালি বিয়লি ৫- ৩০ বজাত মুখ্যমন্ত্ৰী শৰ্মাই উপস্থিত হয় বৰপেটা সত্ৰত ৷ মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ বাসগৃহৰ মঠৰ চোতালত আঠু লৈ সেৱা জনোৱাৰ পাছত সত্ৰৰ চৌদিশে এবাৰ পৰিভ্ৰমণ কৰে ৷ তাৰ পাছত সত্ৰৰ টুপৰ চোতালৰ পৰা এখন নতুন টিনপাত ওপৰলৈ তুলি দি কীৰ্তন ঘৰটোৰ টিনপাত সলনি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ উল্লেখ্য যে বৃন্দাৱনী বস্ত্ৰৰ জোখত নিৰ্মিত  ১২০ হাত দীঘল আৰু ৬০ হাত বহল সত্ৰৰ মূল কীৰ্তন ঘৰটোৰ টিনপাত সলনিৰ কৰাৰ বাবে চৰকাৰৰ পৰা ১  কৌটি টকাৰ…
Read More
লোকসভাৰ অস্থায়ী অধ্যক্ষৰূপে শপত ভৰ্তুহৰি মাহতাবৰ

লোকসভাৰ অস্থায়ী অধ্যক্ষৰূপে শপত ভৰ্তুহৰি মাহতাবৰ

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে সোমবাৰে পুৱা ভৰ্তুহৰি মাহতাবক লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰোৱায়। অস্থায়ী অধ্যক্ষ পদৰ বাবে মাহতাবৰ নামটো বহু বিতৰ্কত আছিল। মাহতাবে ২৪ জুনৰ পৰা আৰম্ভ হোৱা ১৮ তম লোকসভাৰ প্ৰথম অধিৱেশনত নৱ নিৰ্বাচিত সাংসদসকলক শপত দিয়ায়। ইয়াৰ লগতে লোকসভাৰ অধ্যক্ষও নিৰ্বাচিত কৰিব। কংগ্ৰেছকে ধৰি আন কেইবাটাও বিৰোধী দলে মাহতাবৰ নাম অস্থায়ী অধ্যক্ষ পদৰ বাবে উত্থাপিত হোৱাত আপত্তি জনাইছিল। বিজেপিয়ে মাহতাবৰ সন্দৰ্ভত কৈছিল যে তেওঁ বৰ্তমানৰ সংসদত একেৰাহে সাতবাৰ জয় লাভ কৰা প্ৰথম জন সাংসদ। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সুৰেশক আঠবাৰ সাংসদ বুলি বৰ্ণনা কৰে আৰু অভিযোগ কৰে যে বিজেপিয়ে নিয়ম উলংঘা কৰিছে। তেওঁ লগতে সুধিছিল যে…
Read More
২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন

লোকসভাই ২৬ জুনত তেঁওলোকৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰিব। সদনৰ সদস্যসকলে দুপৰীয়া ১২ বজাত প্ৰাৰ্থীৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে জাননী দিব পাৰে। লোকসভা সচিবালয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। ১৮ তম লোকসভাত ২৪ জুনত প্ৰথম বৈঠক অনুষ্ঠিত হ'ব আৰু অধিৱেশন৩ জুলাইত সমাপ্ত হ'ব।লোকসভাৰ দ্বাৰা জাৰি কৰা এক বুলেটিনত কোৱা হৈছে যে অধ্যক্ষ নিৰ্বাচনৰ বাবে নিৰ্ধাৰিত তাৰিখৰ আগৰ এদিনত দুপৰীয়া ১২ বজাত, যিকোনো সদস্যই অধ্যক্ষ পদৰ বাবে আন যিকোনো সদস্যৰ সমৰ্থনত প্ৰস্তাৱৰ বাবে মহাসচিবক লিখিতভাৱে জাননী দিব পাৰে। খবৰ অনুসৰি বৰ্তমানৰ ক্ষেত্ৰত, অধ্যক্ষ নিৰ্বাচনৰ বাবে প্ৰস্তাৱৰ জাননী ২৫ জুন, মঙলবাৰে দুপৰীয়া ১২ বজাত প্ৰদান কৰা হ'ব পাৰে। অধিৱেশনৰ প্ৰথম দুটা দিন নৱ নিৰ্বাচিত সদস্যসকলৰ…
Read More
২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

২৪ জুনৰ পৰা অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনৰ পৰা আৰম্ভ হ'ব। এই কথা বুধবাৰে প্ৰকাশ কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ কয় যে অধিৱেশনৰ আৰম্ভণিতে নৱনিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ'ব। অধিৱেশনৰ প্ৰথম তিনিদিনত নৱ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু সদনৰ অধ্যক্ষ নিৰ্বাচিত হ'ব।অধিৱেশনখন ৩ জুলাইত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে ২৭ জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ কাম-কাজৰ ৰূপৰেখা প্ৰস্তুত কৰিব। ৰিজিজুৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়- নৱ নিৰ্বাচিত সদস্যসকলৰ শপত, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আৰু এই সন্দৰ্ভত আলোচনাৰ বাবে ২৪ জুন ২০২৪ ৰ পৰা ৩ জুলাই ২০২৪…
Read More
চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।অমিত শ্বাহ আৰু জে পি নাড্ডা মঙলবাৰে সন্ধিয়া অনুষ্ঠানটোত উপস্থিত থাকিবলৈ হায়দৰাবাদত উপস্থিত হৈছিল। অন্ধ্ৰ প্ৰদেশৰ মনোনীত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰে ১১ জুনত টিডিপি ৰ মুৰব্বীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। চন্দ্ৰবাবু নাইডুৱে পুৱা ১১:২৭ বজাত শপত গ্ৰহণ কৰে। বিজয়ৱাড়াৰ উপকণ্ঠত কেচাৰাপল্লীৰ গন্নাভাৰাম বিমানবন্দৰৰ বিপৰীতে মেধা আইটি পাৰ্কৰ ওচৰত শপত গ্ৰহণ অনুষ্ঠান…
Read More
৩৬২ টা সমষ্টিত ৫,৫৪,৫৯৮ টা ভোট খাৰিজ নিৰ্বাচন আয়োগৰ

৩৬২ টা সমষ্টিত ৫,৫৪,৫৯৮ টা ভোট খাৰিজ নিৰ্বাচন আয়োগৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা হোৱাৰ পিছত ভাৰতৰ নিৰ্বাচন আয়োগে ৩৬২ টা সমষ্টিত ই ভি এমৰ দ্বাৰা দিয়া ৫,৫৪,৫৯৮ টা ভোট নাকচ কৰে। ইয়াৰ উপৰিও, ইচিআইয়ে ১৭৬ টা সমষ্টিত ভোটদান কৰা ইভিএমৰ সংখ্যাতকৈ ৩৫,০৯৩ অধিক ভোট পঞ্জীভুক্ত কৰিছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে দুটা সমষ্টিত পৰীক্ষা কৰিছিল। ভোটদানৰ শতাংশ বা ই ভি এমৰ দ্বাৰা ভোটদানৰ সম্পূৰ্ণ সংখ্যা আৰু ফলাফলৰ দিনা প্ৰতিটো সমষ্টিত গণনা কৰা ই ভি এম ভোটৰ সংখ্যা মিলান হৈছে নে নাই সেয়া সমষ্টি দুটাত পৰীক্ষা কৰিছিল। কিয়নো ৫৪২ টা লোকসভা সমষ্টিৰ ৫৩৮ টাত বিসংগতি পাইছিল। ইয়াৰ অৰ্থ হৈছে যে এই সমষ্টিসমূহত ই ভি এমৰ…
Read More
বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল, মৰিচাছৰ শীৰ্ষ নেতা উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত

বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল, মৰিচাছৰ শীৰ্ষ নেতা উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত

নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব। ৰাষ্ট্ৰপতি দ্ৰৌপাডি মুৰ্মুৱে শুকুৰবাৰে মোদীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছিল। মুৰ্মুৱে মোদীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছিল। লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৯৩ খন আসন লাভ কৰিছিল, আনহাতে বিজেপিয়ে অকলে ২৪০ খন আসন লাভ কৰিছিল। বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল, মৰিচাছ আৰু চেচেলছৰ শীৰ্ষ নেতাসকলে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, শপত গ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনী, নেচনেল চিকিউৰিটি গাৰ্ড (এনএছজি) কমাণ্ডো, ড্ৰোন আৰু 'স্নাইপাৰ'ৰ পাঁচটা কোম্পানী মোতায়েন কৰা…
Read More
৮ জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ল’ব শপত

৮ জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ল’ব শপত

ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ সকলো মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীক শুক্ৰবাৰে (৭ জুন) এক গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দিল্লীলৈ আমন্ত্ৰণ জনাইছে। লোকসভা নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰিবলৈ ৭ জুনত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব, য'ত বহুতো গুৰুত্বপূৰ্ণ দলৰ বিষয়া আৰু নেতাও উপস্থিত থাকিব। শুকুৰবাৰে বিজেপি সংসদীয় দলৰ এখন বৈঠক হ'ব পাৰে, য'ত বিজেপিৰ সকলো সাংসদে যুটীয়াভাৱে নৰেন্দ্ৰ মোদীক দলৰ সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিব। সকলো মুখ্যমন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ উপ মুখ্যমন্ত্ৰীসকলেও বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। ইয়াৰ পিছত, শুকুৰবাৰে এন ডি এ মিত্ৰজোঁটৰ সকলো সাংসদৰ এখন বৈঠকো অনুষ্ঠিত হ'ব পাৰে, য'ত নৰেন্দ্ৰ মোদীক এন ডি…
Read More
নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বাংলাদেশ, শ্ৰীলংকা, ভূটানৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বাংলাদেশ, শ্ৰীলংকা, ভূটানৰ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব। এনে পৰিস্থিতিত, বিজেপি শপত গ্ৰহণ অনুষ্ঠানটো বিশাল কৰাত ব্যস্ত হৈ পৰিছে। অনুষ্ঠানটোত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, চলচ্চিত্ৰ ব্যক্তিত্ব, উদ্যোগপতি, চুবুৰীয়া দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু বিশ্বৰ বিশিষ্ট নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী/ৰাষ্ট্ৰপতিসকলক নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া শাখাই কয় যে নৰেন্দ্ৰ মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল 'প্ৰচণ্ড', ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথকো অনুষ্ঠানলৈ আমন্ত্ৰণ…
Read More
ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

ওড়িশাত মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে: নবীন পাটনায়ক

ওড়িশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত শাসনত থকা বিজু জনতা দল (বিজেডি) এ শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। য'ত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ইফালে, বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কে পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰদান কৰে। তেওঁ কয় যে এইটো আমাৰ প্ৰচেষ্টাৰ ফলাফল যে এতিয়া ৰাজ্যখনৰ মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰ সীমাৰ তলত আছে। বিজেডিৰ মুৰব্বী নবীন পাটনায়কে বুধবাৰে নৱ নিৰ্বাচিত বিধায়কসকলৰ সৈতে এখন বৈঠক কৰে, য'ত তেওঁ ৰাজ্যখনৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত পৰাজয় সন্দৰ্ভত নীৰৱতা ভংগ কৰে। তেওঁ কয় যে যেতিয়া মই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিলো ৰাজ্যখনৰ ৭০ শতাংশ লোক দৰিদ্ৰসীমাৰ তলত আছিল। এতিয়া মাত্ৰ ১০ শতাংশ লোক দৰিদ্ৰসীমাৰ তলত…
Read More