ৰাজনীতি

৭০বছৰ ঊৰ্ধৰ সকলো বৃদ্ধই লাভ কৰিব আয়ুষ্মান ভাৰতৰ সুবিধা

৭০বছৰ ঊৰ্ধৰ সকলো বৃদ্ধই লাভ কৰিব আয়ুষ্মান ভাৰতৰ সুবিধা

মোদী চৰকাৰে ৭০ বছৰৰ ওপৰৰ সকলো বৃদ্ধক 'আয়ুষ্মান ভাৰত' আঁচনিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়-৭০ বছৰৰ অধিক বয়সৰ প্ৰতিজন বৃদ্ধ, তেওঁলোক দৰিদ্ৰ, মধ্যবিত্ত, উচ্চ মধ্যবিত্ত হওঁক, পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। উল্লেখ্য যে চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকে আয়ুষ্মান প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৫ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিবলৈ যোগ্য। ব্যক্তিগত স্বাস্থ্য বীমা থকা জ্যেষ্ঠ নাগৰিকসকলেও সুবিধা লাভ কৰিব। অৱশ্যে, অন্যান্য ৰাজহুৱা স্বাস্থ্য বীমাৰ অধীনত থকা জ্যেষ্ঠ নাগৰিকসকলে আয়ুষ্মান ভাৰত আঁচনি আৰু সেই আঁচনি বাছনি কৰিব লাগিব। সকলো যোগ্য…
Read More
পাৰমাণৱিক শক্তি, তেলসহ ৫ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ ভাৰত -আবু ধাবিৰ

পাৰমাণৱিক শক্তি, তেলসহ ৫ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ ভাৰত -আবু ধাবিৰ

ভাৰত ভ্ৰমণলৈ অহা আবু ধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ এই সময়ছোৱাত দুয়োগৰাকী নেতাই পাৰমাণৱিক শক্তি, তেল আৰু ফুড পাৰ্কক লৈ চুক্তি স্বাক্ষৰ কৰে।এইটো প্ৰথমবাৰৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে ইউএইৰ শাসনাধিষ্ঠিত গৃহৰ এটা নতুন প্ৰজন্মৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। ক্ৰাউন প্ৰিন্সে আজি মুম্বাই ভ্ৰমণ কৰে। য'ত তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ বৈঠকত যোগদান কৰে। গুজৰাট চৰকাৰ আৰু আবু ধাবিৰ কোম্পানীৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত ভাৰতত বহুতো ফুড পাৰ্ক নিৰ্মাণ কৰা হ'ব। একে সময়তে, বাৰাকাহত ইউ.এ.ই.-ৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ পৰিচালনা আৰু তত্বাৱধান সন্দৰ্ভত ভাৰতৰ সৈতে এক চুক্তিও স্বাক্ষৰিত…
Read More
অসম বিধানসভাত গৃহীত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক বিধেয়ক

অসম বিধানসভাত গৃহীত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক বিধেয়ক

১২৬ জনীয়া অসম বিধানসভাই বৃহস্পতিবাৰে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বাবে এখন বিধেয়ক গৃহীত কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে সদনত উত্থাপন কৰা মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক, ২০২৪-ৰ অসম বাধ্যতামূলক পঞ্জীয়ন বিধেয়কে ব্ৰিটিছ যুগৰ অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫-ৰ স্থান ল'ব।বিধেয়কখন ঐতিহাসিক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে মুছলমানসকলৰ মাজত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ উপৰিও কাজী ব্যৱস্থা আঁতৰ কৰাৰ লক্ষ্য ৰাখিছে। তেওঁ কয় -আমি মুছলমান ব্যক্তিগত আইনক স্পৰ্শ কৰা নাই বা ইছলামিক বিবাহৰ ৰীতি-নীতিত হস্তক্ষেপ কৰা নাই। এই আইনে পঞ্জীয়নৰ বাবে কাজিসকলৰ পৰিৱৰ্তে উপ-পঞ্জীয়কক ক্ষমতা…
Read More
ৰাজ্যসভাৰ উপ-নিৰ্বাচনত ১১ জন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত ১১ জন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপ-নিৰ্বাচনত এঘাৰজন সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। আনহাতে এখন আসনত ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। মঙলবাৰে প্ৰাক্তন মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা, জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভি, কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জৰ্জ কুৰিয়েন ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। মনোনয়ন দাখিলৰ সময়সীমাৰ পিছত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা আন প্ৰাৰ্থীসকল হ'ল কিৰণ চৌধুৰী (হাৰিয়ানা), মমতা মোহন্ত (ওড়িশা) আৰু মনন কুমাৰ মিশ্ৰ (বিহাৰ)। নখন ৰাজ্যৰ ১২ খন খালী ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, সৰ্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ইয়াৰে কেইখনমান আসন খালী হৈছিল। সোমবাৰে, চাৰিজন প্ৰাৰ্থীৰ ফলাফল ঘোষণা কৰা হৈছিল…
Read More
ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ

ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ

ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিত আয়কৰ ভৱনৰ সমুখত আজি কংগ্ৰেছ কৰ্মীসকলে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ইডিক ব্যৱহাৰ কৰি আহিছে আৰু সমগ্ৰ দেশতে বিৰোধী পক্ষৰ ওপৰত ইডিৰ হেঁচা চলি আছে। ইডিক এনে সংবিধান বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকি নিৰপেক্ষভাৱে সংবিধান প্ৰদত্ত অধিকাৰ অনুযায়ী কাম কৰি যাবলৈকো প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছে সকীয়াই দিছে বুলিও সভাপতি বৰাই…
Read More
বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

সৰভোগ সমষ্টিৰ বগৰিগুৰী পঞ্চায়তত কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে  বৰপেটা  জিলা কংগ্ৰেছৰ সভাপতি ৰাজিব হকৰ  বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে কোনো নেতাৰ পদ সলনি নহব বুলি নিৰ্দেশনা দিছিল ভুপেন বৰাই৷ তাৰ পিছতো পূৰ্বৰ সভাপতিৰ লগতে দলীয় কোনো সদস্যৰ লগত আলোচনা নকৰাকৈ নিজেই বগুৰিগুৰি পাথাৰ মণ্ডল সভাপতি নিয়োগ কৰা বুলি অভিযোগ আনিছে স্বয়ং দলীয় কৰ্মীসকলে৷ পূৰ্বৰ মণ্ডল সভাপতি আব্দুল লতিফ আহমেদে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ পিছতো কোনো কাৰণ নোহোৱাকৈয়ে নেকিবুল ইছলামক মণ্ডল সভাপতি হিচাপে নিয়োগ দিয়া বুলি অভিযোগ আনিছে দলীয় সমৰ্থক সকলে। যাৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম বিষয়ববীয়াৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে কংগ্ৰেছ সমৰ্থক সকলে  ।
Read More
মেঘালয়ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ক গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ক গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে চুবুৰীয়া মেঘালয়ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চৌহদত পাহাৰ ভাঙি নতুন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে "বান জিহাদ"ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে আৰু দাবী কৰে যে ইয়াৰ ফলত গুৱাহাটীত বৃহৎ পৰিমাণৰ পানী জমা হৈছে। তেওঁ ইউএছটিএম ফালে আঙুলিয়াই, যিখন মাহবুবুল হকৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ তেওঁ উপাচাৰ্যও। ইউএছটিএম বিষয়াসকলৰ পৰা কোনো তাৎক্ষণিক সঁহাৰি নাই। এখন সংবাদমেল সম্বোধন কৰি শৰ্মাই দাবী কৰে যে বিশ্ববিদ্যালয়খনে চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিবলৈ নতুন অট্টালিকা নিৰ্মাণৰ বাবে তেঁওলোকৰ চৌহদৰ সকলো পাহাৰ কাটি পেলাইছে আৰু এইটো গুৱাহাটীত পানী জমা হোৱাৰ অন্যতম কাৰণ। তেওঁ কয় -মই ভাবো ইউএছটিএমৰ গৰাকীয়ে 'ফ্লাড জিহাদ' আৰম্ভ কৰিছে। কোনো…
Read More
পাঠশালাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

পাঠশালাত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। বিশ্ববিদ্যালয় খনৰ প্ৰায় ৮০৫ গৰাকী-ছাত্ৰী এই আঁচনিৰ জৰিয়তে আজি উপকৃত হ'ব বুলি ভাষন প্ৰসংগত কয় মন্ত্ৰী দাসে ৷ উক্ত সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকা, পঞ্জীয়ক  সুভাষ চন্দ্ৰ দাস আৰু বজালী জিলা আয়ুক্ত মৃদূল দাস, অতিৰিক্ত আয়ুক্ত  প্ৰাঞ্জল কোঁৱৰৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ ইপিনে অসমৰ সৰ্বশ্ৰেষ্ঠ, সৰ্বোপকাৰি ছাত্ৰীসকলৰ কল্যাণৰ বাবে প্ৰৱৰ্তন কৰা নিযুত মইনা আঁচনিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক হৃদয়ৰ পৰা ধন্যবাদ জনায় মন্ত্ৰী দাসে ৷ তেওঁ কয় যে, এই ধন্যবাদ মই মন্ত্ৰী হোৱাৰ কাৰণে জনোৱা নাই৷…
Read More
ই-মেগাজিন সাৰদা উন্মোচন

ই-মেগাজিন সাৰদা উন্মোচন

বৰপেটা  জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন "সাৰদা" উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে।  শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ সমল‌‌ ব্যক্তি চন্দন কুমাৰ দাসে সম্পাদনা কৰা ই-আলোচনীখন উন্মোচন কৰে ডায়েট বৰপেটাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নাছিৰুদ্দিনে। ভাষণ প্ৰসংগত তেওঁ সম্পাদক চন্দন কুমাৰ দাস আৰু সম্পাদনা সমিতিৰ সদস্য সদস্যাসকলৰ ওপৰিও শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকাৰ ভূয়সী প্ৰশংসা কৰে। বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰা, সমগ্ৰ শিক্ষা বৰপেটাৰ প্ৰাক্তন জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আচঁনি বিষয়া সীতাংগ…
Read More
বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা জিলাৰ অন্তৰ্গত প্রতিটো বুথত দলৰ স্থিতি আৰু দলৰ বিভিন্ন দিশ সন্দৰ্ভত এখন পৰ্যালোচনা সভা বিজেপি বৰপেটা জিলা কার্য্যালয়ত অনুষ্ঠিত হয়। উক্ত পর্যালোচনা সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে বিজেপিৰ  অসম প্রদেশৰ উপ-সভাপতি তথা বৰপেটা জিলা বিজেপি ৰ প্রভাৰী  জয়ন্ত কুমাৰ দাস আৰু বিজেপি অসম প্রদেশৰ  সম্পাদক জগদীশ দত্তই। ইয়াৰ উপৰি ক্ৰমে  সৰভোগ-ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ,বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক  হেমন্ত কুমাৰ দেউৰী, সাধাৰণ সম্পাদিকা নিপা মণি কলিতা,ৰাজ্যিক বিজেপিৰ প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্রজ কুমাৰ দাস, বৰপেটা জিলা বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী জয়া দাস,দলৰ জ্যেষ্ঠ কাৰ্য্যকতা মহেন দাস  আদিকে কৰি দলৰ সকলো স্তৰৰ কাৰ্য্যকতাসকলে উপস্থিত থাকি সভাখন…
Read More