07
Jan
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উদ্যোগপতিসকলক তেঁওলোকৰ উদ্যোগখণ্ডত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিযুক্তি নিদিবলৈ আহ্বান জনায়। টাটা, আদানি গ্ৰুপ আৰু মহিন্দ্ৰাকে ধৰি কেইবাটাও কৰ্পোৰেট হাউচক সাক্ষাৎ কৰাৰ পিছত তেওঁ মুম্বাইত এখন সংবাদমেলৰ জৰিয়তে এই আহ্বান জনায়। তেওঁ কয় যে এনে প্ৰব্ৰজনকাৰীক নিযুক্তি নিদি বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনৰ সমস্যা চিৰদিনৰ বাবে নাইকীয়া কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে ভাৰতীয় ব্যৱসায়ীসকলে বাংলাদেশৰ পৰা সস্তীয়া শ্ৰমিক আনিবলৈ মধ্যস্থতাকাৰী নিয়োগ কৰি আছে। তেওঁ লগতে কয় যে এটা অনুসন্ধানত পোহৰলৈ আহিছে যে চুবুৰীয়া দেশত বস্ত্ৰ গোট বন্ধ হোৱাৰ পিছত বাংলাদেশী শ্ৰমিকসকল ভাৰতলৈ আহি আছে। ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 'এডভাণ্টেজ আছাম ২.০' বিনিয়োগ সন্মিলনে কেন্দ্ৰীয় চৰকাৰ…