স্বাস্থ্য

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে কোভিডৰ আতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৬২৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনা মহামাৰীত। ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৫৪ লৈ বৃদ্ধি পাইছে। সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কেৰালাৰ পৰা এজন নতুনকৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পিছত কোভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৫.৩৩ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি। স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ। মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ২২০.৬৭…
Read More
নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

নৱবৰ্ষৰ পূৰ্বে পুনৰ কোভিডৰ আতংক! এদিনতে আক্ৰান্ত ৭ শতাধিক লোক, মৃত্যু ৪ জনৰ

বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে পুনৰ এবাৰ দেশত আতংকৰ সৃষ্টি কৰিছে কোৰোনাই। মাৰাত্মক ভাইৰাছ JN.1 ৰ এটা নতুন উপ-ভেৰিয়েণ্টে শংকিত কৰিছে সকলোকে। শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে যোৱা ২৪ ঘন্টাত দেশত ৭০০ৰো অধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি এদিনতে ৭৫২ জন লোক কোভিডত আক্ৰান্ত হৈছে। চলিত বৰ্ষৰ ২১ মে’ৰ পিছত দৈনিক এই সংক্ৰমণ সৰ্বাধিক। শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি এদিনতে আক্ৰান্তৰ সংখ্যা আছিল ৬৪০ জন। কোৱা বাহুল্য যে যোৱা ২৪ ঘণ্টাত এই সংখ্যা বৃদ্ধি পাইছে। আৰু ইয়াৰ বাবেই সক্ৰিয় ৰোগীৰ সংখ্যা ৩৪২০ লৈ বৃদ্ধি পালে। এই ভাইৰাছৰ ফলত এদিনতে চাৰিজন লোকক প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ১৭খন ৰাজ্যই…
Read More
দেশত পুনৰ কোৰোনা আতংক! ৰাজ্য সমূহলৈ পৰামৰ্শ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

দেশত পুনৰ কোৰোনা আতংক! ৰাজ্য সমূহলৈ পৰামৰ্শ জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেইবাখনো ৰাজ্যত শেহতীয়াকৈ পুনৰ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অহৰহ সতৰ্কতা বৰ্তাই ৰাখিবলৈ পৰামৰ্শ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ লিখা এখন পত্ৰত স্বাস্থ্য সচিব সুধনশ পণ্টে কোভিড পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পণ্টে কয়, “কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সামঞ্জস্যপূৰ্ণ আৰু সহযোগিতামূলক কাৰ্য্যৰ বাবে আমি বহনক্ষম কম হাৰত ট্ৰেজেক্টৰী বজাই ৰাখিবলৈ সক্ষম হৈছো।” স্বাস্থ্য সচিবগৰাকীয়ে সংহত স্বাস্থ্য তথ্য মঞ্চ (আইএইচআইপি) পৰ্টেলকে ধৰি সকলো স্বাস্থ্য সুবিধাত নিয়মীয়াকৈ জিলাভিত্তিক ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী) ৰোগীৰ নিৰীক্ষণ আৰু প্ৰতিবেদন নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক…
Read More
চীনৰ নিমোনিয়াৰ আশংকা ভাৰততো! কেইবাখনো ৰাজ্যই জাৰি কৰিছে সতৰ্কবাণী

চীনৰ নিমোনিয়াৰ আশংকা ভাৰততো! কেইবাখনো ৰাজ্যই জাৰি কৰিছে সতৰ্কবাণী

চীনৰ অজ্ঞাত নিউমোনিয়া ভাৰততো বিয়পিব পাৰে। এইবাৰ দেশৰ কেইবাখনো ৰাজ্যই এনে আশংকাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ শিশুসকল এই হাওঁফাওঁৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হয়। ইতিমধ্যে বেইজিংকে ধৰি উত্তৰ চীনৰ কেইবাখনো প্ৰদেশত এই সংক্ৰমণ বিয়পি পৰিছে। গতিকে কেন্দ্ৰই দেশৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰক সাজু হ’বলৈ কয়। এইবাৰ সতৰ্কবাণী জাৰি কৰিছে ৰাজস্থান, কৰ্ণাটক, গুজৰাট, উত্তৰাখণ্ড, হাৰিয়ানা আৰু তামিলনাডু চৰকাৰেও। গতিকে পুনৰ ঘূৰি আহিছে কৰ’নাৰ স্মৃতি? ৰাইজৰ মাজত এনে প্ৰশ্ন উত্থাপন হৈছে। অচিনাকি নিউমোনিয়া চীনত ক’ৰোনাৰ দৰে মহামাৰীৰ ৰূপ ল’বলৈ গৈ আছে। শীতকালৰ আৰম্ভণিতে ইনফ্লুৱেঞ্জা, নিউমোনিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ বাঢ়িছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱ চীনত দেখা দিয়াৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিভিন্ন…
Read More
ভাৱমূৰ্তি ৰক্ষাৰ বাবেই কাঠফুলাৰ দৰে যধে মধে এইমছ নিৰ্মাণ কৰিছে চৰকাৰেঃ সমালোচনা বিৰোধীৰ

ভাৱমূৰ্তি ৰক্ষাৰ বাবেই কাঠফুলাৰ দৰে যধে মধে এইমছ নিৰ্মাণ কৰিছে চৰকাৰেঃ সমালোচনা বিৰোধীৰ

দেশৰ প্ৰায় প্ৰতিখন এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স) এতিয়া চিকিৎসকৰ অভাৱত ভুগিছে। দিল্লী, পশ্চিবংগকে ধৰি দেশৰ ২০টা প্ৰান্তত এইমছ কাৰ্যকৰী হৈ আছে। কাশ্মীৰৰ আৱন্তীপোৰা, হাৰিয়ানাৰ ৰেৱাৰী আৰু বিহাৰৰ দ্বাৰভঙাত এইমছৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ উপৰিও বাংগালুৰু আৰু মণিপুৰত এইমছ (AIIMS) স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। যদিও দেশবাসীক সুলভ গুণগত চিকিৎসা সেৱা প্ৰদানৰ বাবে এটাৰ পিছত এটাকৈ এইমছ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, প্ৰকৃত পৰিস্থিতিয়ে দেখুৱাইছে যে প্ৰায় প্ৰতিটো এইমছতে চিকিৎসক আৰু অধ্যাপকৰ অভাৱ। স্বাস্থ্য মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, এইমছৰ ২০খনত বৰ্তমান ৪৫,৭৭৪টা চিকিৎসকৰ পদ আছে। ইয়াৰে ১৪,১৩০টা পদ খালী। মুঠ চিকিৎসকৰ সংখ্যাক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি।…
Read More
পুনৰ ভয়াবহ ৰূপ কোভিড-১৯ৰ! ২৪ ঘণ্টাত আক্ৰান্ত ৫,৮৮০ জন…

পুনৰ ভয়াবহ ৰূপ কোভিড-১৯ৰ! ২৪ ঘণ্টাত আক্ৰান্ত ৫,৮৮০ জন…

সমগ্ৰ দেশত পুনৰ এবাৰ ভয়াবহ ভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। সোমবাৰে ভাৰতত যোৱা ২৪ ঘন্টাত ৫,৮৮০ জনলোকৰ দেহত ক’ভিড-১৯ ধৰা পৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধিসূচনাত নতুন ৰোগীৰ সংখ্যাই দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৫,১৯৯ লৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। সেই সময়ছোৱাত কৰা ৮৫,০৭৬টা পৰীক্ষাৰ ভিতৰত নতুনকৈ কোভিড-১৯ ধৰা পৰে। ভাৰতত কৰা ক্ৰমবৰ্ধমান কোভিড পৰীক্ষা ৯২.২৮ কোটিলৈ বৃদ্ধি পাইছে। তদুপৰি সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশ। দৈনিক পজিটিভিটিৰ হাৰ ৬.৯১ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ৩.৬৭ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে, দেশত বিগত ২৪ ঘণ্টাত ৩,৪৮১ জন আৰোগ্যৰ তথ্য পোৱা গৈছে, যাৰ ফলত মহামাৰী আৰম্ভ হোৱাৰ পৰা দেশত আৰোগ্য হোৱা…
Read More
গৰমত ঘামচিৰ পৰা পৰিত্ৰাণৰ ঘৰুৱা দিহা

গৰমত ঘামচিৰ পৰা পৰিত্ৰাণৰ ঘৰুৱা দিহা

গ্ৰীষ্মকালত দেহৰ ছাল খনে গৰম সহিব নোৱাৰাৰ ফলত ছালত ওলোৱা গুটি সদৃশ অৰ্থাৎ ঘামচিবোৰে কেতিয়াবা খজুৱতি আৰু জ্বলা পোৰা কৰে। যদিহে আপুনি এই ঘামচিৰ সমস্যাত ভুগিছে তেনেহলে পৰিত্ৰাণৰ বাবে ব্যৱহাৰ কৰক আমাৰ এই ঘৰুৱা দিহা।গৰমৰ দিনত গা আৰু মুৰত তেল ঘহা পৰিহাৰ কৰক। ফলত ঘামচি কমকৈ হব আৰু গৰমো কম লাগিব।আপোনাৰ ফ্ৰীজত উপলব্ধ বৰফৰ টুকুৰা লৈ ঘামচি হোৱা ঠাইবোৰত প্ৰতিদিনে এবাৰ হ’লেও ঘহক এসপ্তাহৰ ভিতৰত কমিব ঘামচি।এলোভেৰা পাতৰ ৰস উলিয়াই লওক নাইবা কিনিবলৈ পোৱা এলিও ভেৰা জেল ঘামচি হোৱা ঠাইত পাতলকৈ সদায় গা ধোৱাৰ পিছত লগাওক কেইদিনমানৰ ভিতৰতে আতৰিব ঘামচি। পৰিষ্কাৰকৈ গা ধুই গোটেই শৰীৰত আপোনাৰ ঘৰত থকা যিকোনো ডাষ্টিং…
Read More
কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে-ঘৰে গৈ বিভিন্নজনক তেওঁলােকৰ ইচ্ছাৰ বিপৰীতে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰধান কৰিছে। ইতিমধ্যে এনে বহু ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াৰ লগতে অসম চৰকাৰৰ তথা দেশৰ অন্য কেবাখনাে ৰাজ্যৰ চৰকাৰেও ক’ভিড-১৯ৰ ভেকচিন নােলােৱা লােকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা ঘােষণা কৰিছে। অসম চৰকাৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেনে লােকৰ ওপৰত জৰিমনা বিহাৰ কথাও ঘােষণা কৰিছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাই চৰকাৰৰ এনে ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে কোভিড প্ৰতিষেধক লােৱাটাে বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ…
Read More
কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। তাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তি। মঙলবাৰে ভাৰতৰ নাইটিংগল খ্যাত কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছতে বুধবাৰে এইবাৰ কোৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বৰ্ষীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ বৰ্তমান স্বগৃহত কোৱাৰেণ্টাইন হৈ আছে। খবৰ অনুসৰি, কোভিডৰ সামান্য লক্ষণ ধৰা পৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কোভিড টেষ্ট কৰা হৈছিল। ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড পজিটিভ ধৰা পৰাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা আন আন লোকসকলকো কোভিড পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।
Read More
একেৰাহে দ্বিতীয় দিনৰ বাবে দেশত নিম্নগামী কোভিড সংক্ৰমণ

একেৰাহে দ্বিতীয় দিনৰ বাবে দেশত নিম্নগামী কোভিড সংক্ৰমণ

কোৰোনা মহামাৰীক লৈ একেৰাহে দ্বিতীয় দিনৰ বাবে সকাহ পোৱা গৈছে। বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ১৮-,৮৭০ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৩৭৮ জন কোভিড ৰোগীৰ মৃত্যু ঘটে। আনহাতে, এই সময়ছোৱাত ২৮,১৭৮ জন লোক আৰোগ্য হৈছে। বৰ্তমান ভাৰতত 2,৮২,৫২০ জন সক্ৰিয় কোৰোনা ৰোগী আছে। যোৱা তিনিদিনৰ পৰিসংখ্যা অনুসৰি ভাৰতত মঙলবাৰে ১৮,৭৯৫ জন লোক কোৰোনাত আক্ৰান্ত হৈছিল আৰু ১৭৯ জনৰ মৃত্যু ঘটিছিল। ইয়াৰ পূৰ্বে সোমবাৰে আক্ৰান্তৰ সংখ্যা আছিল ২৬,০৪১ জন আৰু ২৭৬ জনৰ কোভিডৰ ফলত মৃত্যু ঘটিছিল। ভাৰতত ক্ৰমাগতভাৱে হ্ৰাস পোৱা কোভিড সংক্ৰমণে উৎসৱৰ বতৰত দেশবাসীক কিছু সকাহ দিছে।
Read More