কেইবাখনো ৰাজ্যত শেহতীয়াকৈ পুনৰ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে সোমবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অহৰহ সতৰ্কতা বৰ্তাই ৰাখিবলৈ পৰামৰ্শ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ লিখা এখন পত্ৰত স্বাস্থ্য সচিব সুধনশ পণ্টে কোভিড পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পণ্টে কয়, “কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সামঞ্জস্যপূৰ্ণ আৰু সহযোগিতামূলক কাৰ্য্যৰ বাবে আমি বহনক্ষম কম হাৰত ট্ৰেজেক্টৰী বজাই ৰাখিবলৈ সক্ষম হৈছো।”

স্বাস্থ্য সচিবগৰাকীয়ে সংহত স্বাস্থ্য তথ্য মঞ্চ (আইএইচআইপি) পৰ্টেলকে ধৰি সকলো স্বাস্থ্য সুবিধাত নিয়মীয়াকৈ জিলাভিত্তিক ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী) ৰোগীৰ নিৰীক্ষণ আৰু প্ৰতিবেদন নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়ে।

কেৰালাৰ কেইবাজনো লোক নতুন JN.1 ভেৰিয়েন্টত আক্ৰান্ত হোৱাৰ পিছত দেশত কোভিড-১৯ মহামাৰী পুনৰ উত্থান ঘটাৰ কথা প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) JN.1ক ‘ভেৰিয়েণ্ট অৱ ইন্টাৰেষ্ট’ বুলি অভিহিত কৰিছে, যিটো এতিয়ালৈকে আমেৰিকা, চীন, ছিংগাপুৰ আৰু ভাৰতত চিনাক্ত কৰা হৈছে।