শিক্ষা

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ

শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে সময়তে দ্বিতীয় স্থান লাভ কৰিছে মিৰাণ্ডা হাউচ কলেজে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ) ২০২৫ত ভাৰতৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকা প্ৰকাশ কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজে শীৰ্ষ ১০ খনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।হান্স ৰাজ কলেজে তৃতীয়, কিৰোৰী মাল চতুৰ্থ আৰু ছেইণ্ট ষ্টিফেন্স পঞ্চম স্থানত আছে। দিল্লীৰ পিছতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে কলকাতাৰ ৰাম কৃষ্ণ মিছন বিবেকানন্দ শতবাৰ্তী মহাবিদ্যালয়। সপ্তম স্থানত আত্ম ৰাম সনাতন ধৰ্ম…
Read More
কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় বিদ্যালয়ত মুঠ ৭,৭৬৫টা শিক্ষক পদ আৰু নৱোদয় বিদ্যালয়ত ৪,৩২৩টা শিক্ষক পদ আজিলৈকে সমগ্ৰ দেশতে খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই খালী পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট নিযুক্তি বিধি অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।চৌধুৰীয়ে কয়-অস্থায়ী সময়ৰ বাবে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, যাতে নিৰৱচ্ছিন্ন শৈক্ষিক কাম-কাজ নিশ্চিত হয়। নেচনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ত…
Read More
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত মোগল যুগৰ ধৰ্মীয় অসহিষ্ণুতাৰ সময় বুলি কোৱা হৈছে। আকবৰক সহনশীলতা আৰু নিষ্ঠুৰতাৰ মিশ্ৰণ বুলি অভিহিত কৰা হৈছে। ঔৰংজেৱ সন্দৰ্ভতো গ্ৰন্থখনত সালসলনি কৰা হৈছে। ঔৰংজেবক মন্দিৰ আৰু গুৰুদ্বাৰৰ ধ্বংসকাৰী বুলি অভিহিত কৰা হৈছে। বৰ্তমান এনচিইআৰটিয়ে এই সন্দৰ্ভত কোনো উত্তৰ বা স্পষ্টীকৰণ দিয়া নাই। কিয় এই পৰিৱৰ্তন কৰা হৈছে সেই সন্দৰ্ভত কোনো তথ্য উপলব্ধ নহয়। উল্লেখ্য যে যোৱা বছৰো এনচিইআৰটিয়ে কিতাপসমূহত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল। ‘ৰাষ্ট্ৰীয় যুদ্ধ…
Read More
২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

২০২৫ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা চিবিএছইৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০২৫ বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব। চিবিএছই পৰীক্ষাবোৰ পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ'ব। এইটো প্ৰথমবাৰৰ বাবে যে শিক্ষাৰ্থীসকলে পৰীক্ষাৰ তাৰিখ ৮৬ দিন অৰ্থাৎ প্ৰায় তিনি মাহ আগতে ঘোষণা কৰিছে। পৰীক্ষাটো দশম শ্ৰেণীৰ ইংৰাজী পৰীক্ষাৰ সৈতে আৰম্ভ হ'ব। দ্বাদশ শ্ৰেণীৰ প্ৰথম পৰীক্ষাও একে তাৰিখে অনুষ্ঠিত হ'ব। উক্ত দিনটোত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক শিক্ষা পৰীক্ষাও অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) কয় যে তেওঁলোকে শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰাত এজন শিক্ষাৰ্থীৰ দুটা বিষয়ৰ বাবে পৰীক্ষাৰ তাৰিখত পৰ্যাপ্ত ব্যৱধান ৰাখিছে। চিবিএছইয়ে কৈছে যে…
Read More
আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

আমেৰিকাত অধ্যয়নৰত বিদেশী ছাত্ৰৰ শীৰ্ষত ভাৰত

ভাৰত যোৱা ১৫ বছৰত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ সৰ্ববৃহৎ প্ৰেৰণ কৰা দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। সোমবাৰে মুকলি কৰা ' অপেন ডৰছ ৰিপ'ৰ্ট-২০২৪' অনুসৰি, ৩.৩ লাখতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰি আছে। ২০২২-২৩ শিক্ষাবৰ্ষত আন্তৰ্জাতিক শিক্ষাৰ্থীসকলক আমেৰিকালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত চীন প্ৰথম আছিল, আনহাতে ভাৰত দ্বিতীয় স্থানত আছিল। কিন্তু এই প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা ২০২৩-২৪ শিক্ষাবৰ্ষত ৩,৩১,৬০২ জনৰ অভিলেখত উপনীত হৈছে। এই সংখ্যাটো ২০২২-২৩ শিক্ষাবৰ্ষতকৈ ২৩ শতাংশ অধিক, যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানসমূহত ২,৬৮,৯২৩ জন ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছিল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ ২৯ শতাংশ ভাৰতৰ। ২০০৮-০৯ বৰ্ষৰ…
Read More
আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ ১০ নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ।  কাৰ্যসূচী অনুসৰি পুৱা দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসৰ তত্বাৱধানত পৰিৱেশ নিকাৰণৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ আৰু ৰমণী নাথে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই । দিনৰ ১১ বজাত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয়…
Read More
২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

'ব্যতিক্রম মাছডোৰ ৰ'মেন কনক্লেভ গোটেই বিশ্বৰ বাবে এটা ভাল সংকেত দিছে। বহু বছৰ ধৰি অসম তথা ভাৰতৰ বহিৰতো নাৰী শক্তিক জাগৰণৰ বাবে ব্যতিক্রম মাছডোয়ে যি প্রচেষ্টা চলাই আছে তাৰ বাবে ব্যতিক্রম মাছডোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এই প্রচেষ্ট আগুৱাই লৈ যোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ। কাৰণ সৃষ্টিৰ আদিৰে পৰা অন্ত লৈকে নাৰীশক্তিৰ এক বিশেষ তাৎপর্য আছে। যেতিয়া নাৰীসকল সতর্ক হৈ উঠে তেতিয়া তেওঁলোকে বেয়াৰ মাজতো ভালৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে মহিলাসকলক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব লাগে' এই মন্তব্য প্রদান কৰি জগদগুৰু শংকৰাচাৰ্য মহাৰাজ এগছি বস্তি প্রজ্বলনেৰে ব্যতিক্ৰমৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।অসমৰ সামাজিক…
Read More
“শিক্ষা সপ্তাহ” উদযাপন

“শিক্ষা সপ্তাহ” উদযাপন

বৰপেটা শিক্ষা খণ্ডৰ পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰতো চলিত মাহৰ ৫ আগষ্ট তাৰিখৰ পৰা উলহ মালহেৰে "শিক্ষা সপ্তাহ" উদযাপন কৰা হয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ মাজত ঐক্য আৰু বৈচিত্ৰ্যৰ ভাৱ জগাই তোলাৰ বাবে আয়োজন কৰা হয় এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী।এই উপলক্ষে সকলো বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকল ১৪৪৭ নং পালহাজী কনৰাপাৰা প্ৰাথমিক বিদ্যালয়ত আহি‌ উপস্থিত হয় আৰু এক সাংস্কৃতিক শোভাযাত্ৰা কৰি ঐক্য আৰু বৈচিত্ৰ্যৰ মনোভাৱ সকলোৰে মাজত জাগ্ৰত কৰে। মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তৰু দাস আৰু বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলো এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী মতে ৫ আগষ্ট সোমবাৰে প্ৰতিখন বিদ্যালয়তে শিকন শিক্ষণ সজুঁলি…
Read More
দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল

দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল

দিল্লী বিশ্ববিদ্যালয়ে ২০২৪-২০২৫ শৈক্ষিক বৰ্ষত ভৰ্তি হোৱা বিদেশী শিক্ষাৰ্থীৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে মাচুল বৃদ্ধি কৰিছে। উপাচাৰ্য যোগেশ সিঙে জুনত আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া শৈক্ষিক অধিৱেশনৰ বাবে নতুন মাচুল বৃদ্ধিত অনুমোদন জনাইছিল। নতুন মাচুল বৃদ্ধি অনুসৰি, প্ৰথম বৰ্ষৰ B.Tech শিক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰমৰ মাচুল ৩.৭০ শতাংশ বৃদ্ধি কৰা হৈছে। শিক্ষাৰ্থীসকলে এতিয়া ২.১৬ লাখ টকাৰ পৰিৱৰ্তে মাচুল হিচাপে ২.২৪ লাখ টকা পৰিশোধ কৰিব লাগিব। প্ৰযুক্তি বিদ্যা অনুষদৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি, এই বৃদ্ধি কেৱল প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হৈছে। বিশ্ববিদ্যালয়খনে মাচুল গাঁথনিৰ কেইবাটাও উপাদান বৃদ্ধি কৰিছে, যাৰ ভিতৰত…
Read More
বেংককত সন্মানিত চৰাইদেউৰ ডাঃ মাধুৰ্য বৰগোহাঁই

বেংককত সন্মানিত চৰাইদেউৰ ডাঃ মাধুৰ্য বৰগোহাঁই

আমেৰিকাৰ এটি বেচৰকাৰী সংস্থা INTERNATIONAL CONGRESS OF ORAL Implantology (ICOI) দ্বাৰা ASEN CONGRESS, বেংককত সন্মানিত হয় চৰাইদেউৰ সুসন্তান ডাঃ মাধুৰ্য বৰগোহাঁই। ইয়াৰ ওপৰিও কেইদিনমান পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা বৃহত্তম দন্ত পাঠদানৰ Guinness book of world Record ত অংশগ্ৰহণ কৰি সফলতাৰে সম্পন্ন কৰি আন এক কৃতিত্ব অৰ্জন কৰে চিকিৎসকজনে । ডাঃ মাধুৰ্য বৰগোহাঁইক বৰ্তমান সোণাৰিৰ চাণক্য ডেন্টেল ক্লিনিকৰ মুখ্য দন্ত চিকিৎসা বিষয়া । তেওঁ জীৱন দন্ত স্বাস্থ্যক অগ্ৰগতি কৰাৰ বাবে গৱেষণা আৰু ক্লিনিকেল প্ৰেকটিচৰ জৰিয়তে উছৰ্গা কৰি ৰোগীৰ ফলাফলত উল্লেখযোগ্যভাৱে উন্নতি সাধন কৰিছে। তেওঁৰ চেষ্টাসমূহে তেওঁৰ বিপুল প্ৰশংসা আৰু অসংখ্য সন্মান লাভ কৰিছে । ড° মাধুৰ্য বৰগোহাঁই হৈছে জিলাখনৰ…
Read More