ব্যৱসায়

লণ্ডনৰ জিন মাষ্টাৰ্ছত স্বৰ্ণ পদকেৰে উজলিল চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিন

লণ্ডনৰ জিন মাষ্টাৰ্ছত স্বৰ্ণ পদকেৰে উজলিল চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিন

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত জন্মগ্ৰহণ কৰা চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনে জুলাই মাহত লণ্ডনত অনুষ্ঠিত জিন মাষ্টাৰ্ছ প্ৰতিযোগিতাত সন্মানীয় স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। স্পিৰিটছ উদ্যোগৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান জিন মাষ্টাৰ্ছে বিভিন্ন মূল্য আৰু ষ্টাইল অনুসৰি জিনসমূহ বিশেষভাৱে মূল্যায়ন কৰে। স্বৰ্ণ জয়ে সামগ্ৰীৰ ব্যতিক্ৰমী মানদণ্ড আৰু কাৰুশিল্পক স্বীকৃতি দিয়ে, যাৰ লগে লগে চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনক বিশ্ব বজাৰৰ অভিজাত সকলৰ মাজত স্থান প্ৰদান কৰিলে। এই সাফল্যৰ পিছতে চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট জিনক বিশ্বৰ প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড দ্য বটানিষ্ট আইলে ড্ৰাই জিন, টেংকুৱেৰে লণ্ডন ড্ৰাই জিন আৰু কি ন’ বাই কিয়’ট’ ড্ৰাই জিনৰ একে শাৰীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চেৰাপুঞ্জী ইষ্টাৰ্ন ক্ৰাফ্ট…
Read More
এনএছডিচি আৰু ব্ৰিটানিয়াই ২৫ লাখ মহিলাক শক্তিশালী কৰিবলৈ মহিলা উদ্যোগকাৰ্যসূচী আৰম্ভ কৰিছে

এনএছডিচি আৰু ব্ৰিটানিয়াই ২৫ লাখ মহিলাক শক্তিশালী কৰিবলৈ মহিলা উদ্যোগকাৰ্যসূচী আৰম্ভ কৰিছে

ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ সহযোগত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ সমগ্ৰ ভাৰতৰ ২৫ লাখ মহিলাক সবলীকৰণৰ বাবে মহিলা উদ্যমিতা কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপে স্কিল ইণ্ডিয়া ডিজিটেল হাব(এছআইডিএইচ)ত বিনামূলীয়া স্ব-শিক্ষণ উদ্যমিতা পাঠ্যক্ৰম প্ৰদান কৰিছে, যি একাধিক ভাষাত উপলব্ধ, পাঠ্যক্ৰমৰ অন্তত এনএছডিচি, ব্ৰিটানিয়া আৰু এনআইইএছবিইউডিৰ প্ৰমাণপত্ৰ লাভ কৰিব প্ৰশিক্ষাৰ্থীসকলে। এই স্ব-শিক্ষণ উদ্যমিতা পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকলে নিজৰ ব্যৱসায় আৰম্ভ আৰু বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ দক্ষতা লাভ কৰিব। এই পদক্ষেপৰ চূড়ান্ত খণ্ড(ফিনালে)ত শীৰ্ষ ৫০ গৰাকী প্ৰতিযোগীয়ে নিজৰ ধাৰণা বিচাৰকৰ সমুখত উপস্থাপন কৰিব, এইসকলৰ মাজৰ পৰা ব্ৰিটানিয়াই ১০গৰাকী বিজয়ীক ১০ লাখ টকা অনুদান হিচাপে প্ৰদান কৰিব। ইয়াৰ উপৰিও এনএছডিচিয়ে ১০,০০০ প্ৰতিযোগীক ইনকিউবেচন সমৰ্থনো আগবঢ়াব, যিয়ে ব্যৱসায়িক মডেল নিৰ্বাচন, কৰ্মশালা…
Read More
টাটা টি প্ৰিমিয়ামে স্থানীয় গৌৰৱ উদযাপন কৰি নতুন আঞ্চলিক অভিযান ঘোষণা কৰিছে

টাটা টি প্ৰিমিয়ামে স্থানীয় গৌৰৱ উদযাপন কৰি নতুন আঞ্চলিক অভিযান ঘোষণা কৰিছে

উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাক কেন্দ্ৰীভূত কৰি নতুন অভিযানৰ জৰিয়তে টাটা টি প্ৰিমিয়ামে সফল হাইপাৰলোকেল কৌশল অব্যাহত ৰাখি নিৰ্দিষ্ট ৰাজ্য বিশেষে পৃথক বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে। মুলেন লিণ্টাছে প্ৰস্তুত কৰা এই বিজ্ঞাপনসমূহত অনন্য স্থানীয় মূল্যবোধ আৰু সাংস্কৃতিক সত্যক উদযাপন কৰি আঞ্চলিক দৰ্শকৰ মাজত অনুৰণন ঘটাব পৰাকৈ প্ৰস্তুত কৰা হৈছে। পঞ্জাৱৰ বিজ্ঞাপনটোৱে ৰাজ্যখনৰ উদাৰতাক প্ৰৌজ্বল কৰি তুলিছে, শিশুসকলে নিজৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ লাঞ্চ বক্সসমূহক সামূহিক পাকঘৰ হিচাপে ব্যৱহাৰ কৰি নিৰ্মাণ শ্ৰমিকসকলক সহায় কৰা দৃশ্য তুলি ধৰা হৈছে, যি ব্ৰেণ্ডৰ বাৰ্তা "বড়ে দিল ৱালি পঞ্জাব কে লিয়ে ৱড়ি ডানেই ৱালি চাই"ৰ সৈতে সংগতি ৰাখে। উত্তৰ প্ৰদেশত ছবিখনত এজন স্থানীয় শক্তিশালী ব্যক্তিয়ে বীৰত্বৰে…
Read More
বলিষ্ঠ নতুন ডিজাইন আৰু অত্যাধুনিক সুবিধাৰে ২,০৯,৯০০ টকাত বজাৰ দখলৰ বাবে সাজু য়েজডি এডভেঞ্চাৰ

বলিষ্ঠ নতুন ডিজাইন আৰু অত্যাধুনিক সুবিধাৰে ২,০৯,৯০০ টকাত বজাৰ দখলৰ বাবে সাজু য়েজডি এডভেঞ্চাৰ

দুঃসাহসিক মটৰ চাইকেল ছেগমেণ্টত বজৰ দখলৰ লক্ষ্যৰে ২,০৯,৯০০ টকা (এক্স শ্ব’ৰুম দিল্লী) প্ৰতিযোগিতামূলক মূল্যত অভিযান্ত্ৰিক দক্ষতা আৰু চমকেৰে ন ৰূপত সাজি উলিওৱা নতুন য়েজদি এডভেঞ্চাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে জাৱা য়েজদি মটৰ চাইকেলে। য়েজডি এডভেঞ্চাৰত নতুন আলফা২, ৩৩৪চিচি লিকুইড-কুল ইঞ্জিন প্ৰদান কৰা হৈছে, যিয়ে মসৃণ প্ৰদৰ্শনৰ বাবে ২৯.৬পিএছ আৰু ২৯.৯এনএম প্ৰদান কৰিছে। এই ইঞ্জিনে নতুন কেন্দ্ৰীয় এক্সজেষ্ট ৰুটিঙৰ সৈতে উন্নত থাৰ্মেল(তাপ) ব্যৱস্থাপনা আৰু বৰ্ধিত ৰাইডিং অভিজ্ঞতা নিশ্চিত কৰা হৈছে। এই বাইকখনে একত্ৰিত মূল কেজ(পিঞ্জৰা) আৰু নতুন ডেকেল পেনেলৰ সৈতে নতুন ডিজাইন সগৌৰৱে প্ৰদান কৰিছে। ৰাইডাৰসকলে চাৰিটা আকৰ্ষণীয় ৰঙৰ পৰা পচন্দ অনুসৰি নিৰ্বাচন কৰিব পাৰে: গ্লেচিয়াৰ হোৱাইট ডিটি, মেগনাইট মেৰুন…
Read More
মিজোৰামৰ লালনুন্টলুয়াংগীৰ আইজলৰ পৰা পেৰিছলৈ প্ৰেৰণাদায়ক যাত্ৰা

মিজোৰামৰ লালনুন্টলুয়াংগীৰ আইজলৰ পৰা পেৰিছলৈ প্ৰেৰণাদায়ক যাত্ৰা

অনুপ্ৰাণিত কৰা ব্যক্তিগত সংঘৰ্ষৰ দিনবোৰৰ পৰা কৰ্পৰেট জগতত সফলতালৈ লালনুণ্টলুৱাংগীৰ প্ৰেৰণাদায়ক যাত্ৰাই সুযোগ আৰু বহনক্ষমতাৰ পৰিৱৰ্তনশীল শক্তিৰ উদাহৰণ দাঙি ধৰিছে। গাৰ্হস্থ্য হিংসাৰ বলি হৈ ঘৰুৱা নিৰ্যাতন সহ্য কৰি সৰু পুত্ৰৰ সৈতে স্থানচ্যুত হোৱাৰ পিছত লালনুণ্টলুৱাংগীয়ে ২০০৬ত এটা আগশাৰীৰ সামগ্ৰিক সৌন্দৰ্য প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষ বিক্ৰীৰ সুযোগৰ জৰিয়তে বিচাৰি পাইছিল জীৱনৰ টাৰ্নিং পইণ্ট। লালনুণ্টলুৱাংগীৰ নিষ্ঠা আৰু কৌশলগত মনোনিৱেশৰ ফলত ২০০৮ৰ ভিতৰত মাত্ৰা দুবছৰতে পৰিচালকৰ আসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল, এই সফলতাই লালনুণ্টলুৱাংগীৰ জীৱনক দিলে নতুন শিখৰ, এক নতুন পৰিচয় আৰু অনুপ্ৰেৰণাৰ অন্য এক নাম। লালনুণ্টলুৱাংগীৰ কৃতিত্বসমূহৰ অন্যতম পেৰিছলৈ উল্লেখযোগ্য ভ্ৰমণ আৰু নিজৰ পুত্ৰৰ শিক্ষা নিশ্চিত কৰা, যিয়ে লালনুণ্টলুৱাংগীৰ পুত্ৰৰ এমবিবিএছ ডিগ্ৰীৰ শিখৰত…
Read More
এন ই এ আইডি -ৰ সৈতে ইণ্ডাছ টাৱাৰৰ অংশীদাৰ সকলে ছাত্ৰীসকলৰ বাবে সু-সজ্জিত আৰু স্বাস্থ্যকৰ ৱাছৰুম সুবিধা উদ্বোধন কৰে

এন ই এ আইডি -ৰ সৈতে ইণ্ডাছ টাৱাৰৰ অংশীদাৰ সকলে ছাত্ৰীসকলৰ বাবে সু-সজ্জিত আৰু স্বাস্থ্যকৰ ৱাছৰুম সুবিধা উদ্বোধন কৰে

নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একশ্যন অন ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট (এন ই এআইডি)ৰ সহযোগত বিশ্বৰ অন্যতম বৃহৎ দূৰসংযোগ আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে সাতখন জিলাৰ ১২চৰকাৰী বিদ্যালয়ত ছাত্ৰীৰ বাবে সুসজ্জ্বিত আৰু পৰিষ্কাৰ ৱাশ্বৰূম (শৌচাগাৰ) মুকলি কৰিছে৷ কামৰূপ (মহানগৰ), নগাঁও, মৰিগাঁও, বাকছা, তামুলপুৰ, ধুবুৰী আৰু বঙাইগাঁৱত এই সুবিধা আৰম্ভ কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ সমগ্ৰ শিক্ষা অসম(এছএছএ)ৰ মিছন সঞ্চালক ড°ওম প্ৰকাশ, দিছপুৰ সমষ্টিৰ বিধায়ক শ্ৰী অতুল বৰা ও কামৰূপ মহানগৰ জিলাৰ সোণাপুৰস্থিত নৰতাপ মধ্য ইংৰাজী স্কুলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানত জিলা প্ৰশাসন, শিক্ষা বিভাগৰ বিষয়ববীয়া, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ আগশাৰীৰলোকেও অংশগ্ৰহণ কৰে৷…
Read More
ফ্লিপকাৰ্ট পে’য়ে এতিয়া সকলো পৰিশোধ আৰু ফিনটেক অফাৰ একত্ৰিত কৰে

ফ্লিপকাৰ্ট পে’য়ে এতিয়া সকলো পৰিশোধ আৰু ফিনটেক অফাৰ একত্ৰিত কৰে

ফ্লিপকাৰ্টে 'ফ্লিপকাৰ্ট পে' মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে সকলো ধৰণৰ পৰিশোধ আৰু বিত্তীয় সেৱাক একক, ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠত একত্ৰিত কৰি প্ৰস্তুত কৰা শেহতীয়া একত্ৰিত প্লেটফৰ্ম। ফেষ্টিভ ছিজনৰ ঠিক আগে আগে মুকলি কৰা ফ্লিপকাৰ্ট পে'ৰ উদ্দেশ্য হৈছে ফ্লিপকাৰ্ট ইউপিআই, বিল পেমেণ্ট, বিবিধ ৰিচাৰ্জ, ফ্লিপকাৰ্ট পে লেটাৰ, ফ্লিপকাৰ্ট এক্সিছ বেংকৰ সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড, বীমা, গিফ্ট কাৰ্ড আৰু ইএমআইকে ধৰি এক বিস্তৃত সেৱা আগবঢ়াই বজাৰ কৰাৰ অভিজ্ঞতা বৃদ্ধি কৰা আৰু নতুন মাদকতা প্ৰদান কৰা। ২০১৩ত গিফ্ট কাৰ্ডৰ সৈতে ফিনটেক সেৱা আৰম্ভ কৰাৰ পিছৰে পৰা ফ্লিপকাৰ্টে ক্ৰমান্বয়ে নিজৰ বিত্তীয় অফাৰসমূহৰ সম্প্ৰসাৰণ কৰিছে, এতিয়া ফ্লিপকাৰ্টে সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৪ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীক সেৱা…
Read More
ফিলাটেক্স ফেশ্বন লিমিটেডৰ খনন সহযোগী প্ৰতিষ্ঠানে লাভ কৰিছে ৩৫ মিলিয়ন ডলাৰৰ ৰপ্তানি অৰ্ডাৰ

ফিলাটেক্স ফেশ্বন লিমিটেডৰ খনন সহযোগী প্ৰতিষ্ঠানে লাভ কৰিছে ৩৫ মিলিয়ন ডলাৰৰ ৰপ্তানি অৰ্ডাৰ

ফিলাটেক্স ফেশ্বন লিমিটেডৰ খনন শাখা ফিলাটেক্স মাইনছ এণ্ড মিনাৰেলছ প্ৰাইভেট লিমিটেডে ব্লুমফ্ল’ৰা ভেঞ্চাৰ্ছ লিমিটেডৰ পৰা ৩৫ মিলিয়ন মাৰ্কিন ডলাৰ(২৯৩ কোটি টকা)ৰ লাভজনক ৰপ্তানি অৰ্ডাৰ লাভ কৰিছে। এই চুক্তিৰ অধীনত আফ্ৰিকাৰ চিকিৎসালয়সমূহৰ বাবে অহা ৭ বছৰৰ ভিতৰত ২,৯৭,৩৮৮ মেট্ৰিক টন বগা মাৰ্বল যোগান ধৰিবলৈ সন্মত হৈছে। শেহতীয়াভাৱে ফিলাটেক্সে সুনীল আগৰৱালক অতিৰিক্ত সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে, ২০২৪ চনৰ ২৬ জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা। প্ৰতিষ্ঠানটোৰ কৰ্তৃত্বশীল ব’ৰ্ডে ৫-ফৰ-১ ষ্টক বিভাজনকো অনুমোদন জনাইছে, যি ২০২৪ চনৰ ৯ আগষ্টক অভিলেখৰ দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ইজিএমত শ্বেয়াৰহোল্ডাৰৰ অনুমোদনৰ পিছত এতিয়া অনুমোদিত শ্বেয়াৰৰ পৰিমাণ ৮৫০ কোটি টকা হৈছেগৈ, যিটো ১…
Read More
ব্ৰেণ্ড এম্বেছাদৰ ৰণবীৰ সিঙৰ সৈতে দেশজুৰি সংসাৰৰ নতুন টিভিচি মুকলি

ব্ৰেণ্ড এম্বেছাদৰ ৰণবীৰ সিঙৰ সৈতে দেশজুৰি সংসাৰৰ নতুন টিভিচি মুকলি

গৃহ সজ্জাৰ সামগ্রী খণ্ডৰ দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ডি’ডেকোৰে দেশজুৰি খুচুৰা বিক্ৰীৰ নতুন ব্ৰেণ্ড সংসাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ ৫০খন মেট্ৰ' চহৰ আৰু নন-মেট্ৰ' চহৰৰ ৩৫০টা ষ্ট'ৰত উপলব্ধ সংসাৰে সচেতন জীৱন-যাপনৰ বাবে সমৰ্পিত আৰু মননশীলভাৱে প্ৰস্তুত কৰা গৃহসজ্জাৰ সামগ্ৰী আগবঢ়ায়। ইয়াৰ পূৰ্বে সংসাৰে এখন নতুন টিভিচি মুকলি কৰিছে, য’ত ব্ৰেণ্ড এম্বেছাদৰ আৰু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিঙে ‘লাইভ কনচিয়ালি’ টেগলাইনৰ সৈতে বিজ্ঞাপনত অভিনয় কৰিছে। এই বিজ্ঞাপনটোৱে সংসাৰৰ মননশীল জীৱন-যাপনৰ প্ৰতি থকা সমৰ্পণৰ সৈতে অনুৰণন ঘটাইছে। ইয়াত এনে ঘৰৰ চিত্ৰায়ণ কৰা হৈছে য’ত প্ৰতিটো পছন্দই পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱাত অৰিহণা যোগায়। সংসাৰৰ সৈতে অভিনেতা ৰণবীৰ সিঙৰ সহযোগিতাই পৰিৱেশ সজাগতাৰ সৈতে…
Read More
কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে সংশোধিত দক্ষতা ঋণ আঁচনি

কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে সংশোধিত দক্ষতা ঋণ আঁচনি

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে সংশোধিত মডেল স্কিল লোন আঁচনি। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এমএছডিই) আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জয়ন্ত চৌধুৰীয়ে মুকলি কৰা এই বৰ্ধিত আঁচনিখনে পূৰ্বৰ ১.৫ লাখ টকাৰ সীমাৰ তুলনাত যথেষ্ট বৃদ্ধিৰে ৭.৫ লাখ টকা পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰিব। এই ন ৰূপত মুকলি কৰা আঁচনিখনৰ লক্ষ্য হৈছে নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান (এনবিএফচি), ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (এমএফআই) আৰু ক্ষুদ্ৰ বিত্ত বেংকক যোগ্য ঋণদাতা হিচাপে অন্তৰ্ভুক্ত কৰি উচ্চ মানদণ্ডৰ দক্ষতা পাঠ্যক্ৰমসমূহক অধিক সুলভ কৰি তোলা। কেন্দ্ৰীয় চৰকাৰে এই ঋণৰ ৭৫% ডিফল্টৰ সমৰ্থন কৰিব, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে উন্নত প্ৰশিক্ষণ লোৱাত প্ৰায়ে বাধাৰ সৃষ্টি কৰা আৰ্থিক প্ৰতিবন্ধকতাসমূহ দূৰ কৰিব।…
Read More