03
Jun
ঘূৰ্ণীবতাহ ৰেমলে পশ্চিম বংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ভয়ংকৰ ধ্বংসৰ সৃষ্টি কৰে। মণিপুৰত পৰিস্থিতি আটাইতকৈ বেয়া। ৰাজ্যখনৰ বহু নৈৰ পানী বিপদসীমাৰ ওপৰৰে বৈ আছে। ইয়াৰ উপৰিও বহুতো অঞ্চল বানপানীৰ কবলত পৰিছে। উদ্ধাৰকাৰী দলে নিৰন্তৰ মানুহক সহায় কৰি আহিছে। মণিপুৰত এতিয়ালৈকে ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, আনহাতে ২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।ইম্ফল আৰু নামবুলৰ কেইবাখনো নদীৰ পানীৰ স্তৰ হ্ৰাস পাইছে কিন্তু অঞ্চলটোৰ পানীৰ স্তৰ হ্ৰাস হোৱা নাই, যাৰ ফলত হাজাৰ হাজাৰ লোক তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ পৰিছে। বান প্ৰবন অঞ্চলবোৰ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ ছ'চিয়েল মিডিয়াত…
