জীৱন শৈলী

নতুন বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকলৈ দুঃসংবাদঃ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

নতুন বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকলৈ দুঃসংবাদঃ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে দেশৰ সাধাৰণ জনতাৰ বাবে আহিছে এক তীব্ৰ অৰ্থনৈতিক মোক্ষম। কেন্দ্ৰীয় চৰকাৰে পাইপ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত অভূতপূৰ্ব বৃদ্ধি ঘটাইছে। বিশেষকৈ যোৱা ২৮ মাহৰ ভিতৰত এয়া হৈছে গেছ চিলিণ্ডাৰৰ সৰ্বাধিক মূল্যবৃদ্ধি। ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত এনেদৰে একাদিক্ৰমে গেছৰ দাম বৃদ্ধি কৰা হৈছিল। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ তথ্য অনুসৰি, দেশৰ চাৰিখন মহানগৰৰ ভিতৰত তিনিখনত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১১ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৬৯১.৫০ টকাত উপনীত হৈছে, যিটো যোৱা জুন মাহৰ পাছত সৰ্বাধিক। একেদৰে কলকাতাত ১,৭৯৫ টকা আৰু মুম্বাইত ১,৬৪২.৫০ টকালৈ দাম বৃদ্ধি পাইছে।…
Read More
চিকিৎসাৰ মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ ৫৩ বিধ ঔষধ

চিকিৎসাৰ মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ ৫৩ বিধ ঔষধ

কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ') তেঁওলোকৰ শেহতীয়া প্ৰতিবেদনত এনে কিছুমান ঔষধৰ নাম প্ৰকাশ কৰিছে, যিবোৰ সাধাৰণতে চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে, এই ঔষধবোৰ মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ঔষধৰ তালিকাত ৫৩ বিধ ঔষধ আছে। ইয়াত এনে কিছুমান ঔষধ অন্তৰ্ভুক্ত আছে, যিবোৰ সাধাৰণতে সকলোৱে ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত আছে পেৰাচিটামল, কেলচিয়াম আৰু ভিটামিন ডি টেবলেট। চিডিএছচিঅ'য়ে মানদণ্ড পৰীক্ষাত বিফল হোৱা বুলি কোৱা ঔষধবোৰৰ ভিতৰত পেণ্টোচিড টেবলেট আছে। এই ঔষধটো এচিড ৰিফ্লাক্সৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ঔষধটো চান ফাৰ্মা কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হয়। ইয়াৰ বাহিৰেও, কেলচিয়াম আৰু ভিটামিন ডি টেবলেটেও মানদণ্ড পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম…
Read More
২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

২০২৪ চনৰ ৰোমেইন কনক্লেভত নাৰী শক্তিৰ এক বিশেষ তাৎপৰ্য্য দেখা গ’ল

'ব্যতিক্রম মাছডোৰ ৰ'মেন কনক্লেভ গোটেই বিশ্বৰ বাবে এটা ভাল সংকেত দিছে। বহু বছৰ ধৰি অসম তথা ভাৰতৰ বহিৰতো নাৰী শক্তিক জাগৰণৰ বাবে ব্যতিক্রম মাছডোয়ে যি প্রচেষ্টা চলাই আছে তাৰ বাবে ব্যতিক্রম মাছডোক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এই প্রচেষ্ট আগুৱাই লৈ যোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিলোঁ। কাৰণ সৃষ্টিৰ আদিৰে পৰা অন্ত লৈকে নাৰীশক্তিৰ এক বিশেষ তাৎপর্য আছে। যেতিয়া নাৰীসকল সতর্ক হৈ উঠে তেতিয়া তেওঁলোকে বেয়াৰ মাজতো ভালৰ সৃষ্টি কৰিব পাৰে। সেইবাবে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে মহিলাসকলক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব লাগে' এই মন্তব্য প্রদান কৰি জগদগুৰু শংকৰাচাৰ্য মহাৰাজ এগছি বস্তি প্রজ্বলনেৰে ব্যতিক্ৰমৰ অনুষ্ঠানৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।অসমৰ সামাজিক…
Read More
আমবাৰী এল পি স্কুলত চুৰি

আমবাৰী এল পি স্কুলত চুৰি

মোৰাঝাৰৰ আমবাৰীৰ পৰা সামগ্ৰীসহ এটা চোৰ আটক কৰিবলৈ সক্ষম হয় মোৰাঝাৰ আৰক্ষীয়ে৷ মোৰাঝাৰ টহলধাৰী আৰক্ষীৰ তালাচীত এটা কম্পিউটাৰসহ এটা চোৰ আটক কৰে আৰক্ষীৰ দলটিয়ে৷আটক কৰা চোৰটোৰ নাম নিয়াজুল হক৷ আজমল হকৰ পুত্ৰনিয়াজুলৰ ঘৰ আমবাৰীত৷ উল্লেখ্যে যে চোৰটোৰ সৈতে চুৰি সামগ্ৰীসহ এখন অট গাড়ীৰ পৰা ব’লেৰ গাড়ীত সামগ্ৰী ভৰ্তি কৰি থাকোতে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি অট গাড়ীখন জব্দ কৰে৷ অৱশ্যে বলেৰঅ বাহন খন ধৰিব পৰা নাই৷ উল্লেখ্য যে যোৱা ৩ জুলাইত নিশা যোগীজান শিক্ষা খণ্ডৰ আমবাৰী এল পি স্কুলৰ তলা ভাঙি অসম চৰকাৰে প্ৰদান কৰা প্ৰায় ডেৰ লক্ষ টকাৰ কম্পিউটাৰ আৰু আন আন সামগ্ৰী চুৰি হৈছিল৷ তাৰ পাছত বিদ্যালয়ৰ প্ৰধান…
Read More
পেৰিছ অলিম্পিকক লৈ প্ৰবল আত্মবিশ্বাসী লাভলিনা বৰগোহাঁই

পেৰিছ অলিম্পিকক লৈ প্ৰবল আত্মবিশ্বাসী লাভলিনা বৰগোহাঁই

পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক ২০২৪ৰ পূৰ্বে ভাৰতৰ তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে প্ৰবল আত্মবিশ্বাসত দেখা পোৱা গৈছে। তেওঁ অলিম্পিকত স্বৰ্ণ পদ জয় কৰিব পাৰিব বুলি আত্মবিশ্বাসৰে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ'ব লগা হৈছিল লাভলিনা বৰগোহাঁই। অৱশ্যে, এতিয়া তেওঁ কৈছে যে নিজক সকলো দিশত সংশোধন কৰা হৈছে। যাৰ বাবে সোণৰ পদক লাভ কৰাত যথেষ্ট আত্মবিশ্বাসী। উল্লেখ্য যে ২০২৪ চনৰ পেৰিছ অলিম্পিক ২৬ জুলাইত আৰম্ভ হ'ব। লাভলিনাই বৰ্তমান ৭৫ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত খেলি আছে, কিন্তু আগতে তেওঁ ৬৯ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত খেলিছিল। তেওঁ এটা ভিডিঅ'ত কৈছে যে মই মোৰ বেছিভাগ খেলত ব্ৰঞ্জ জিকিছিলো, মই তাৰ ওপৰত পদক জিকিব…
Read More
সাংবাদিক জয়ন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

সাংবাদিক জয়ন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

সাংবাদিক জয়ন্ত কুমাৰ দাসৰ অৱস্থা সম্প্ৰতি অতি সংকটজনক ৷ জটিল ৰোগত আক্ৰান্ত হৈ দাসে বৰপেটা জিলাৰ সৰুপেটাৰ পিতৃৰ বাসগৃহত অসহায় অৱস্থাত চটফটাই আছে ৷ আমাৰ অসম কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰা দাসে বৰ্তমান গণ অধিকাৰ কাকতৰ বৰপেটাৰোডস্থ প্ৰতিনিধি হিচাপে নিয়োজিত হৈ আছে ৷ দাসে তেওৰ জনপ্ৰিয় ফেচবুক পেজ বৰপেটা এক্সপ্ৰেছৰ জৰিয়তে জিলাখনৰ লগতে সমগ্ৰ অসমৰ বা-বাতৰি প্ৰকাশ কৰাৰ উপৰিও এন কে টিভিৰ জৰিয়তেও সংবাদসেৱা কৰিছে ৷ প্ৰায় এবছৰমান আগতে দাসৰ হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ গুৱাহাটীলৈ যাওতে হৃদৰোগত আক্ৰান্ত হৈ থকাৰ কথা ধৰা পৰে ৷ তেতিয়া ততাতৈয়াকৈ তেওঁৰ বাইপাছ চাৰ্জাৰী কৰি কেইমাহমান পাছত হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয় ৷ দুয়োটা অস্ত্ৰোপ্ৰচাৰ সফলতাৰে…
Read More
দেশত ১১১বিধ মচলাৰ উৎপাদন তৎক্ষণাৎ বন্ধৰ নিৰ্দেশ এফএছএছএআইৰ

দেশত ১১১বিধ মচলাৰ উৎপাদন তৎক্ষণাৎ বন্ধৰ নিৰ্দেশ এফএছএছএআইৰ

চলিত বৰ্ষৰ এপ্ৰিল মাহত ছিংগাপুৰ আৰু হংকঙে কেইবাটাও সামগ্ৰীত কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইডৰ উপস্থিতি ধাৰাৰ পেলোৱাৰ পিছত জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট লিমিটেড আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ বিক্ৰী নিষিদ্ধ কৰে। ইয়াৰ পিছতহে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফএছএছএআই) সুৰক্ষা পৰীক্ষা কৰিবলৈ বিভিন্ন চহৰত মচলাৰ নমুনা সংগ্ৰহ কৰা আৰম্ভ কৰিছিল আৰু শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁলোকে যোৱা মাহত ১১১ বিধ মচলা উৎপাদকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে আৰু তেওঁলোকক তৎক্ষণাৎ উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। অভিযান এতিয়াও চলি আছে আৰু অধিক বাতিল হোৱাৰ সম্ভাৱনা আছে কিয়নো এফএছএছএআইয়ে দেশজুৰি ৪,০০০ নমুনা পৰীক্ষা অব্যাহত ৰাখিছে। এই নমুনাবোৰৰ ভিতৰত আছে এভাৰেষ্ট, এম.ডি.এইচ., কেচ, আৰু…
Read More
কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ

কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ

 জি ই এফৰ  ক্ষুদ্ৰ অনুদানৰ সপ্তম কাৰ্যকৰী পৰ্যায় ৰূপায়ণৰ বাবে তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ বাবে অংশগ্ৰহণমূলক মেপিঙৰ ওপৰত কাজিৰঙাৰ কহৰাত দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় । তেৰি (দ্য এনাৰ্জি এণ্ড ৰিচ’ৰ্চ ইনষ্টিটিউট) আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এই কৰ্মশালাৰ আয়োজন কৰে। যোৱা  ২৭-২৮ জুন তাৰিখে অসমৰ কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপৰ চন্দ্ৰসিং ৰংপি মেম’ৰিয়েল হাইস্কুল, চন্দ্ৰসিং ৰংপিৰ কমিউনিটি ৰিচ’ৰ্চ চেণ্টাৰত এই কৰ্মশালাৰ আয়োজন কৰা হয়। জীৱিকা, স্বাস্থ্য আৰু পুষ্টিৰ পৰা আৰম্ভ কৰি বহনক্ষম কৃষিলৈকে বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সংস্থাৰ ১০ জনীয়া প্ৰতিনিধিৰ এক গোটে কৰ্মশালাত অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ লক্ষ্য আছিল আন্তঃশাখা সহযোগিতাৰ সুবিধা প্ৰদান কৰা আৰু বিভিন্ন…
Read More
গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগতকালি সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷
Read More
দিখৌ নৈৰ কালৰূপ ধাৰণ

দিখৌ নৈৰ কালৰূপ ধাৰণ

দিখৌৰ পানীয়ে ভাবুকি আনিছে শিৱসাগৰ জিলা নৈ পৰিয়া লোকলৈ | দিখৌ নৈৰ কালৰূপ ধাৰণ | বাতৰিৰ সম্প্ৰচাৰৰ পাছতেই মন্ত্ৰীৰ আগমন, শিৱসাগৰত হুৰাহুৰে সোমাইছে দিচাং আৰু দিখৌ নৈৰ বাঢ়নি পানী | শিৱসাগৰত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী বিমল বড়াৰ | মহকুমাটোৰ বানপীড়িত এলেকা কমল চাপৰি আৰু তেতেলিগুৰি অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ১০০০ হেল’জেন টেবলেট আৰু ১০০ ৰাসায়নিক পেকেট বিতৰণ কাৰ্যসূচী | লগতে নাজিৰা মহকুমা প্ৰশাসনে কমলচাপৰিত বান সাহাৰ্য বিতৰণ কৰে
Read More