উত্তৰ-পূৱ

বাৰ্চিলোনা অ’পেনৰ ছেমি ফাইনেলত কাৰ্লোছ আলকাৰেজ

বাৰ্চিলোনা অ’পেনৰ ছেমি ফাইনেলত কাৰ্লোছ আলকাৰেজ

স্পেইনৰ কিশোৰ খেলুৱৈ কাৰ্লোছ আলকাৰেজে দৰ্শকৰ অপৰিসীম সমৰ্থনৰ মাজতে তিনি ছেটৰ এখন খেলত শীৰ্ষ স্থানপ্ৰাপ্ত ষ্টেফানোছ চিটচিপাছক পৰাস্ত কৰি বাৰ্চিলোনা অ'পেন টেনিছ টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৰাফেল নাদালৰ ক'ৰ্টত কোৱাৰ্টাৰ ফাইনেল খেলখনত আলকাৰেজে ৬-৪, ৫-৭, ৬-২ ত জয়লাভ কৰে। ১৮ বছৰীয়া যুৱকজনে তেওঁৰ তৃতীয় খিতাপ লাভৰ চেষ্টা চলাই আছে। তেওঁ ফেব্ৰুৱাৰীত ৰিঅ' ডি জেনেৰিঅ'ত আৰু এই মাহৰ আৰম্ভণিতে মিয়ামীত খিতাপ জিকিছিল। আলকাৰেজৰ হাতত পৰাস্ত হোৱাৰ আগতে, বৰষুণ প্ৰভাৱিত টুৰ্ণামেণ্টত চিটচিপাছে গ্ৰিগৰ ডিমিট্ৰভক ৬-১, ৬-৪ ত পৰাস্ত কৰিছিল, আনহাতে আলকাৰেজে স্থানীয় জোম মুনাৰক ৬-৩, ৬-৩ ত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত আলকাৰেজে অষ্ট্ৰেলিয়াৰ এলেক্স ডি মিনাউৰৰ মুখামুখি হ'ব, যিয়ে চতুৰ্থ শ্ৰেণীৰ…
Read More
ছাৰ্বিয়া অ’পেনৰ ছেমি ফাইনেলত আন্দ্ৰে ৰুবেলভ- ফাবিঅ ফগনিনি

ছাৰ্বিয়া অ’পেনৰ ছেমি ফাইনেলত আন্দ্ৰে ৰুবেলভ- ফাবিঅ ফগনিনি

আন্দ্ৰে ৰুবেলভ আৰু ফাবিঅ ফগনিনিয়ে পোনপটীয়া ছেটত জয় পঞ্জীয়ন কৰি ছাৰ্বিয়া অ'পেন টেনিছ টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে, য'ত তেওঁলোকে ছেমিত ইজনে আনজনৰ মুখামুখি হ'ব। ৰুবেলভে টাৰো ডেনিয়েলছক ৬-২, ৬-৩ ত পৰাস্ত কৰে, যি ২০২২ চনত তেওঁৰ ২১ তম জয়। এই বছৰ তেওঁতকৈ অধিক বিজয় কেৱল ষ্টেফানোছ চিটচিপাছে ৰেকৰ্ড কৰিছে (২৩ টা জয়)। ফগনিনিয়ে আৰম্ভণিতে অস্কাৰ অট্টৰ বিৰুদ্ধে যুঁজ দিছিল আৰু প্ৰথম ছেটৰ এটা সময়ত তেওঁ ২-৫ ত পিছ পৰি আছিল। ইয়াৰ পিছত, তেওঁ একেৰাহে সাতখন খেল জিকিছিল আৰু অৱশেষত মেচখন ৭-৫, ৬-৪ত জিকিছিল। শীৰ্ষ স্থানত থকা ন'ভাক জক'ভিচে দ্বিতীয় খন ছেমি ফাইনেলত কাৰেন খাচানভৰ সৈতে খেলিব।
Read More
দুজন মোবাইল চুৰি গ্ৰেপ্তাৰ

দুজন মোবাইল চুৰি গ্ৰেপ্তাৰ

আৰক্ষীয়ে নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ আৰু হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰী নেতৃত্বত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি ১৬টা চুৰি মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই সন্দৰ্ভত জিলা খনৰ বটদ্ৰৱা বৰিবজাৰৰ নাজিৰ হুছেইন আৰু জুৰীয়া ফাকলী পথাৰৰ মকচিদুল ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে ৷
Read More
GMC গুৱাহাটী মানুহে নিদিলে ভোট

GMC গুৱাহাটী মানুহে নিদিলে ভোট

জি এম চি নিৰ্বাচন প্ৰায় ৯বছৰৰ পাছত অনুষ্ঠিত হৈছিল। ভৱা হৈছিল গুৱাহাটীবাসীয়ে অতি উতকন্ঠাৰে এই নিৰ্বাচনত অৱৰ্তীণ হব। কিন্তু বাস্তৱত সেয়া নহল। গুৱাহাটীৰ প্ৰায় আধা মানুহেই ভোট দিবলৈ ওলাই নাহিল ঘৰৰ পৰা। ভোটগ্ৰহণৰ দিনটোত বতৰেও কোনো বিধি-পথালি দিয়া নাছিল। পুৱাৰে পৰা ৰদ-বৰষুণ একো নোহোৱাকৈ ফৰকাল হৈ থকা বতৰেও ভোটাৰ ৰাইজক ঘৰৰ পৰা ওলিয়াই আনিব নোৱাৰিলে। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩ লাখ ৯৬ হাজাৰ ৮৯১। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৩ লাখ ৯৯ হাজাৰ ৯১১টা। সেইদৰে তৃতীয় লিংগৰ মুঠ ভোটাৰৰ সংখ্যা ২৭টা।৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
Read More
কমনৱেলথ গেমছ-থমাছ- উবেৰ কাপৰ বাবে বেডমিণ্টন দল ঘোষণা ভাৰতৰ

কমনৱেলথ গেমছ-থমাছ- উবেৰ কাপৰ বাবে বেডমিণ্টন দল ঘোষণা ভাৰতৰ

ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যনে (বিএআই) বৃহস্পতিবাৰে আগন্তুক এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দলত ১৪ বছৰীয়া উদীয়মান খেলুৱৈ উন্নাতি হুডাক অন্তৰ্ভুক্ত কৰে, লগতে কমনৱেলথ গেমছ, থমাছ আৰু উবেৰ কাপৰ দৰে এই বছৰ অনুষ্ঠিত হ'বলগীয়া ডাঙৰ প্ৰতিযোগিতাৰ দলটো ঘোষণা কৰে। বি এ আই-য়ে ইয়াত ইন্দিৰা গান্ধী ষ্টেডিয়াম কমপ্লেক্সত ছয় দিনীয়া বাছনি পৰীক্ষণৰ পিছত দলটো ঘোষণা কৰে। উন্নাতি এছিয়ান গেমছ দলৰ আটাইতকৈ কনিষ্ঠ সদস্য। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে কমনৱেলথ আৰু এছিয়ান গেমছ দুয়োখন খেলতে ভাৰতীয় মহিলা দলৰ প্ৰত্যাহ্বানৰ নেতৃত্ব দিব, আনহাতে লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ছাইনা নেহৱালে আশা কৰা অনুসৰি কোনো দলত স্থান পোৱা নাই। বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী লক্ষ্য…
Read More
ফুটবল ক্লাব চেলচি ক্ৰয় কৰাৰ দৌৰত ছেৰেনা-লুই হেমিল্টন

ফুটবল ক্লাব চেলচি ক্ৰয় কৰাৰ দৌৰত ছেৰেনা-লুই হেমিল্টন

 কিংবদন্তী টেনিছ তাৰকা তথা ২৩ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু সাতবাৰৰ ফৰ্মুলা ৱান চেম্পিয়ন লুই হেমিল্টনেও বিখ্যাত ফুটবল ক্লাব চেলচি ক্ৰয় কৰাৰ দৌৰত যোগদান কৰিছে। আৰ্চেনেলৰ এজন প্ৰশংসক হেমিল্টনে লণ্ডনত তেওঁৰ প্ৰতিদ্বন্দী ক্লাবত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। চেলচিৰ বৰ্তমানৰ গৰাকী ৰাছিয়াৰ ৰোমান আব্ৰামোভিচৰ পৰা প্ৰিমিয়াৰ লীগ ক্লাবটো ক্ৰয় কৰিবলৈ তিনিজন নিবিদাকাৰী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। হেমিল্টন আৰু চেৰেনা এটা গোটৰ অংশ, যি চেলচিক ক্ৰয় কৰিবলৈ বিড কৰি আছে। বৰ্তমানৰ বিশ্ব আৰু ইউৰোপীয় চেম্পিয়ন চেলচিৰ মূল্য তিনি বিলিয়ন পাউণ্ড (প্ৰায় ৪ বিলিয়ন ডলাৰ) হ'ব পাৰে, যি বিশ্ব গেমছত এক নতুন অভিলেখ হ'ব।
Read More
ছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশু মালিক

ছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশু মালিক

অংশু মালিকে শুকুৰবাৰে ইয়াত এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত তেওঁৰ তিনিওটা যুজঁত শ্ৰেষ্ঠতাৰ ভিত্তিত বাউটত জয় লাভ কৰি ৫৭ কিলোগ্ৰাম শাখাৰ খিতাপ সংঘৰ্ষত প্ৰৱেশ কৰে। অৰ্থাৎ তেওঁ পদক নিশ্চিত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে, মনীষাই ৬২ কিলোগ্ৰাম ব্ৰঞ্জৰ পদকৰ বাবে ৰিংত প্ৰৱেশ কৰিব। হাৰিয়ানাৰ নিমানি গাঁৱৰ ২০ বছৰীয়া ডিফেণ্ডিং চেম্পিয়ন অংশুৱে এছিয়ান চেম্পিয়নশ্বিপত তৃতীয়টো পদক অৰ্জন কৰে আৰু ইয়াত প্ৰতিটো বাউটত আধিপত্য বিস্তাৰ কৰে। ২০২০ চনত ভাৰতত আৰু যোৱা বছৰ আলমাটিত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত অংশুৱে যোৱা বছৰ আলমাটিত ৫৭ কিলোগ্ৰাম খিতাপ জিকিছিল। যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা হোৱা অংশুৱে উজবেকিস্তানৰ শোখিদা আখমেদোভাৰ বিৰুদ্ধে জয়লাভ…
Read More
কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰে মুখামুখি বাংগালোৰৰ

কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰে মুখামুখি বাংগালোৰৰ

দুৰ্বল আৰম্ভণিৰ পিছত একেৰাহে চাৰিখন মেচ জিকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (আৰচিবি) সৈতে মুখামুখি হ'ব।  হায়দৰাবাদৰ উমৰানে এই ছিজনত তেওঁৰ ধুমুহা বলৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ গতিই শ্ৰেয়াছ আয়াৰৰ দৰে প্ৰতিষ্ঠিত বেটছমেনকো অসুবিধাত পেলাইছে। অভিজ্ঞ ভুৱনেশ্বৰ কুমাৰৰ সৈতে ২২ বছৰীয়া বলাৰজনে এটা যুটি তৈয়াৰ কৰে আৰু তেওঁলোক দুয়োজনে পঞ্জাৱ কিংছৰ বিৰুদ্ধে বিগত মেচখনত সাতটা উইকেট দখল কৰি পৰিৱৰ্তন আনিছিল। এই দুয়োজনৰ উপৰিও, ছানৰাইজাৰ্ছৰ দ্ৰুত বলিং বিভাগত য়ৰ্কাৰ টি নটৰাজন আৰু দক্ষিণ আফ্ৰিকাৰ মাৰ্কো য়ানচেনৰ দৰে কাৰ্যকৰী বলাৰ আছে। ইয়ানছেনে তেওঁৰ কোণ আৰু তাৰতম্যৰ দ্বাৰা বেটছমেনসকলক বাধা দিয়াত সফল হৈছে। এই বলাৰসকলৰ সন্মুখত প্ৰত্যাহ্বান হ'ব অভিজ্ঞ…
Read More
সমুজ্জল ভট্টাচাৰ্যৰ দাবী

সমুজ্জল ভট্টাচাৰ্যৰ দাবী

আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। দক্ষিণ শৰণীয়াত ভোটাধিকাৰ সাব্যস্ত কৰে আছু নেতা সমুজ্জল ভট্টাচাৰ্যই। ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কয় যে গুৱাহাটীবাসীয়ে বৰ্তমান পানীৰ সমস্যাত ভুগি আছে। এয়া সামাধান হোৱাটো বিচাৰো। গুৱাহাটীৰ প্ৰতিজন মানুহকে বিশুদ্ধ খোৱাপানী লাগে। ২৪ ঘন্টাই খোৱাপানীৰ দাবী কৰে ভট্টাচাৰ্যই।
Read More