30
Apr
এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে সমূহ শ্রমজীৱী জনসাধাৰণলৈ ঐতিহাসিক মে’ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত শ্ৰমিকৰ হকে প্রাণ আহুতি দিয়া মহান শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। এক বিজ্ঞপ্তিত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশিস বিশ্বাস আৰু যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শ্রমিক শ্রেণীৰ ওপৰত চলি থকা শোষণ-নিষ্পেষণৰ অৱসান ঘটাই এখন শোষণমুক্ত সমাজ ব্যবস্থা গঢ়ি তোলাই হৈছে মে দিৱস পালনৰ তাৎপর্য। বিগত সময়ছোৱাত কেইবা নিযুত কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। বৃহৎ বৃহৎ কোম্পানীবোৰৰ পৰা হাজাৰ হাজাৰ কৰ্মচাৰী ছাটাই হ'বলগীয়া হৈছে। কেন্দ্রীয় তথা ৰাজ্যিক চাকৰিয়ালে পাই থকা সা-সুবিধাসমূহ কৰ্তন কৰা হৈছে। পদ কর্তন কৰা হৈছে, নতুন…
