06
May
সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ অৱসৰপ্ৰাপ্ত বিষয়া - জোৱান সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ যিসকলে পূৰ্বৰ বকেয়া বা এৰিয়াৰ ধন লাভৰ পৰা বঞ্চিত হোৱা , বেংক সংযোগ বা আন কিবা সৰু আনুষংগিক সমস্যাৰ বাবে পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে বাহিনীটোৰ উৰ্ধতম কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে পেঞ্চন জনিত সমস্যাৰ সমাধানৰ বাবে আজি আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত এক পেঞ্চন আদালতৰ আয়োজন কৰা হয় । আদালত উদ্ধোধন কৰে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ ডি আই জি আৰু প্ৰিন্সিপাল ষ্টাফ অফিচাৰ আৰ চি সিঙে । এই…
