উত্তৰ-পূৱ

এবছৰত ১০০৭ কোটি টকা উপাৰ্জন মেছিৰ

এবছৰত ১০০৭ কোটি টকা উপাৰ্জন মেছিৰ

ফুটবল তাৰকা লিয়োনেল মেছি আকৌ এবাৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ হৈ পৰিছে। ফৰ্বছ আলোচনীৰ মতে, মেছিয়ে যোৱা ১২ মাহত মুঠ ১৩০ নিযুত ডলাৰ (১০০৭ কোটি টকা) উপাৰ্জন কৰিছে। যোৱা বছৰ মেছিৰ উপাৰ্জন একে আছিল, কিন্তু তেওঁ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থানত আছিল। ২০২১ চনত, মিশ্ৰিত সমৰ কলা মল্লযোদ্ধা ক'নৰ মেকগ্ৰেগৰ সৰ্বাধিক উপাৰ্জন কৰা এথলীট আছিল। তেওঁ যোৱা বছৰ ১৮০ নিযুত ডলাৰ (১৩৯৪ কোটি টকা) উপাৰ্জন কৰিছিল। বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছ এই বছৰ উপাৰ্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। তেওঁ ১২১.২ নিযুত ডলাৰ (৯৩৯ কোটি টকা) উপাৰ্জন কৰিছে। বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছ যোৱা ১২ মাহত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী। তেওঁ মুঠ…
Read More
উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত অভিযান অন্ত ভাৰতৰ

উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত অভিযান অন্ত ভাৰতৰ

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ নেতৃত্বত ভাৰতীয় মহিলা বেডমিণ্টন দলটো বৃহস্পতিবাৰে ইয়াত অনুষ্ঠিত উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ হাতত ৩-০ৰ ব্যৱধানত পৰাজিত হোৱাৰ পিছত উবেৰ কাপৰ পৰা বাহিৰ হয়। বিশ্বৰ সাত নম্বৰ সিন্ধুৱে একেৰাহে দ্বিতীয় দিনৰ বাবে ফৰ্মত দেখা পোৱা নগৈছিল আৰু প্ৰথম একক খেলখনত বিশ্বৰ আঠ নম্বৰ ৰাটচানোক ইণ্টাননৰ হাতত ৫৯ মিনিটত ২১-১৮, ১৭-২১, ১২-২১ ব্যৱধানত পৰাজিত হৈছিল। এই পৰাজয়ৰ পিছত, ইণ্টাননৰ বিৰুদ্ধে সিন্ধুৰ অভিলেখ ৪-৭ ত পৰিণত হৈছে। শ্ৰুতি মিশ্ৰ আৰু চিমৰণ সিঙিৰ মহিলা দ্বৈত যুটিটোৱে জংকোলফান কিথিৰাকুল আৰু ৰবিন্দা প্ৰজংজাইৰ হাতত ১৬-২১, ১৩-২১ ব্যৱধানত পৰাস্ত হৈ ভাৰতক ২-০ ত পিছ পেলাই দিয়ে। এতিয়া দায়িত্ব আছিল…
Read More
ইংলেণ্ড টেষ্ট ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি ব্ৰেণ্ডন মেককুলাম

ইংলেণ্ড টেষ্ট ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি ব্ৰেণ্ডন মেককুলাম

নিউজিলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককুলামক বৃহস্পতিবাৰে ইংলেণ্ডৰ টেষ্ট ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। অলৰাউণ্ডাৰ বেন ষ্ট'কছক অধিনায়ক হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্তৰ পিছত এই নিযুক্তি দিয়া হৈছে। মেককুলাম (৪০ বছৰ) বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ দল কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক। তেওঁ ২০১৯ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল আৰু তেতিয়াৰে পৰা তেওঁ টেষ্ট দলক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব গ্ৰহণ কৰা নাছিল। টেষ্ট ক্ৰিকেটত নিউজিলেণ্ড দলৰ বৰ্ধিত আধিপত্যৰ আঁৰত মেককুলামে এক ডাঙৰ ভূমিকা পালন কৰিছে। দলটোৱে যোৱা বছৰ উদ্বোধনী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জিকিছিল। মেককুলামে আক্ৰমণাত্মক ক্ৰিকেট পছন্দ কৰে আৰু ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ পুৰুষ ক্ৰিকেটৰ সঞ্চালক ৰব কীয়ে কয়-মই বিশ্বাস কৰোঁ…
Read More
টোপাতলীত আয়ুষ্মাণ ভাৰত স্বাস্থ্য মেলা সম্পন্ন

টোপাতলীত আয়ুষ্মাণ ভাৰত স্বাস্থ্য মেলা সম্পন্ন

সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত টোপাতলীত কালি এখন স্বাস্থ্য মেলা অনুষ্ঠিত হৈ যায়৷ কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতি আৰু সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত স্বাস্থ্য মেলাখন আয়োজন কৰা হয়৷‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাখন মুকলি কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই৷  বিধায়ক বৰাই চৰকাৰে আগবঢ়োৱা স্বাস্থ্যসেৱা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক সেৱাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পৰিয়াল পৰিকল্পনাৰ সঠিক দিশৰ ওপৰতো তেঁও গুৰূত্ব আৰোপ কৰে। লগতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কৰাৰ ওপৰত গুৰূত্ব দিয়ে৷ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ যাওঁতে গোচৰৰ সন্মুখীন হোৱা লোকৰ আইনী যুঁজৰ…
Read More
বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ কৰাটো অত্যন্ত নিন্দনীয় : চি পি আই (এম)

বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদ কৰাটো অত্যন্ত নিন্দনীয় : চি পি আই (এম)

আজি গুৱাহাটী মহানগৰীৰ শিলসাঁকো অঞ্চলত জিলা প্ৰশাসন আৰু অসম আৰক্ষী তথা আৰক্ষী বেটেলিয়নৰ জোৱানে উচ্চেদ অভিযান চলোৱা কাৰ্য্যক অমানুষিক আৰু সংবিধান বিৰোধী বুলি অভিহিত কৰে  চি পি আই (এম) ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে যুদ্ধংদেহী মনোভাব লৈ  নিৰীহ লোকক বৰ্বৰভাৱে উচ্চেদ আৰু গৃহহীন কৰে৷ এই অভিযানত জেচিবি, এক্সকেভেটৰেৰে এফালৰ পৰা স্থানীয় বাসিন্দাসকলৰ ঘৰ-বাৰী, সম্পত্তি আদি সকলোবোৰ ভাঙি তহিলং কৰে৷ উল্লেখযোগ্য যে উচ্চেদিত লোকসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত বসবাস কৰি আছে ৷ এতিয়া বাৰিষাৰ, প্ৰাকৃতিক দুৰ্যোগৰ দৰে পৰিস্থিতিত এনেদৰে উচ্চেদ কৰি অঞ্চলটোৰ সাধাৰণ ৰাইজক অথাই সাগৰত পেলোৱা এই কাৰ্য অমানুষিক আৰু সংবিধানবিৰোধী৷ প্ৰশাসনে কোনো আইনী ব্যৱস্থা গ্ৰহণ তথা…
Read More
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বিৰত থাকিব বিৰাট কোহলী

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বিৰত থাকিব বিৰাট কোহলী

দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা বিৰাট কোহলীক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে বিশ্ৰাম দিয়া হ'ব। আশা কৰা হৈছে যে এই বিৰতিটোৱে ইংলেণ্ড ভ্ৰমণৰ আগতে কোহলীৰ ভাগৰ আঁতৰাই নিব। জানিব পৰা মতে চেতন শৰ্মা নেতৃত্বাধীন ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে ভাৰতৰ এক নম্বৰ বেটছমেনক খেলৰ পৰা কিছু সময়ৰ বাবে বিশ্ৰাম ল'বলৈ অনুমতি দিব, কিয়নো তেওঁ যোৱা দুমাহ ধৰি 'বায়-ববল'ত যথেষ্ট সময় অতিবাহিত কৰি আহিছে। কোহলীয়ে তেওঁৰ কেৰিয়াৰৰ এটা বেয়া পৰ্যায়ৰ মাজেৰে আগবাঢ়ি আছে, তেওঁ প্ৰায় তিনি বছৰত শতক অৰ্জন কৰা নাই। বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই পিটিআইক নাম প্ৰকাশ নকৰাৰ চৰ্তত কয়, 'দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে বিৰাট কোহলীক বিশ্ৰাম দিয়াৰ…
Read More
ওড়িশাৰ সুন্দৰগড়ত নিৰ্মান বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম

ওড়িশাৰ সুন্দৰগড়ত নিৰ্মান বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম

ভাৰতীয় হকীক দিলীপ তিৰ্কীৰ দৰে এজন কিংবদন্তি খেলুৱৈ আগবঢ়োৱা সুন্দৰগড় জিলাত দেশৰ আটাইতকৈ বৃহৎ হকী ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, যাৰ ক্ষমতা ২০,০০০ দৰ্শকৰ ক্ষমতা। ওড়িশাৰ জনজাতীয় এলেকাত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনৰ নাম সলনি কৰি বিৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম ৰখা হৈছে আৰু অক্টোবৰৰ ভিতৰত সাজু হ'ব। অহা বছৰৰ জানুৱাৰীত এফআইএইচ পুৰুষ হকী বিশ্বকাপৰ খেলসমূহ একেখন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত ১৫,০০০ দৰ্শকৰ ক্ষমতা আছে কিন্তু বিশ্বকাপৰ সময়ত বিৰচা মুণ্ডা ষ্টেডিয়ামত টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় দলক সমৰ্থন কৰিবলৈ ২০,০০০ দৰ্শক থাকিব। ৰাউৰকেলা চহৰৰ বাহিৰৰ এলেকাত ষ্টেডিয়ামৰ নিৰ্মাণ যোৱা বছৰ জুনত আৰম্ভ কৰা হৈছিল। এই ষ্টেডিয়াম নিৰ্মাণৰ ব্যয় হৈছে…
Read More
এফ আই এইচ বিশ্বকাপৰ শীৰ্ষ চাৰিত প্ৰৱেশ কৰাৰ লক্ষ্য ভাৰতৰ: গ’লকীপাৰ সবিতা

এফ আই এইচ বিশ্বকাপৰ শীৰ্ষ চাৰিত প্ৰৱেশ কৰাৰ লক্ষ্য ভাৰতৰ: গ’লকীপাৰ সবিতা

ভাৰতীয় মহিলা হকী দলৰ গ'লকীপাৰ সবিতাই বৃহস্পতিবাৰে কয় যে দলটোৱে এই বছৰৰ এফ আই এইচ বিশ্বকাপৰ শীৰ্ষ চাৰিখনত প্ৰৱেশ কৰাৰ লক্ষ্য ৰাখিছে। উল্লেখ্য যে বিশ্বকাপ জুলাইত অনুষ্ঠিত হ'ব আৰু নেডাৰলেণ্ড আৰু স্পেইনৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হ'ব। ২০১৮ চনত লণ্ডনত খেলা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে শেষবাৰৰ বাবে আয়াৰলেণ্ডৰ হাতত পেনাল্টি শ্বুটআউটত ৩-১ গ'লত পৰাজিত হৈছিল। কিন্তু সবিতাই কৈছে যে ভাৰত এইবাৰ পদক ৰাউণ্ডত উপনীত হ'বলৈ সাজু হৈছে। তেওঁ কয়-আমাৰ বেছিভাগ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতা আছে, তেওঁলোকৰ শীৰ্ষ দলৰ পৰা ডাঙৰ মেচত খেলিবলৈ আত্মবিশ্বাস আছে। এই দিশত লক্ষ্য ৰাখি আমি বিশ্বকাপৰ বাবে এটা শক্তিশালী দল গঢ়ি তোলাৰ সঠিক দিশত আগবাঢ়িছো। আমি…
Read More
এচ, ও, এচ শিশুগাওঁত মাতৃদিৱস উদযাপন

এচ, ও, এচ শিশুগাওঁত মাতৃদিৱস উদযাপন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  আজাৰাস্থিত এচ,ও,এচ শিশুগাঁওত  ৯ আৰু ১০ মে'ত দুদিনীয়া কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মাতৃদিৱস পালন কৰা হয়। এই উপলক্ষে  ৯ মে'ৰ সন্ধিয়া শিশুসকলে এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে আৰু এচ, ও, এচ শিশুগাওঁৰ মাতৃসকলৰ পাৰদৰ্শিতা অনুসৰি উপাধিৰে বিভূষিত কৰে।  ১০ মে'ৰ পূৱা   সংস্থাৰ প্ৰতিস্থাপক  ডা: হাৰমন মাইনৰৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণৰে  কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়।  অনুষ্ঠানত শিশু জ্যোতিস্মিতাই আদৰণী গীত পৰিবেশন কৰে আৰু সঞ্চালক  সুবোধ দাসে আন্তৰ্জাতিক  মাতৃদিৱসৰ তাৎপৰ্য বাখ্যাৰ লগতে এচ, ও, এচ ৰ মাতৃসকলৰ মহান কাৰ্যৰ শলাগ লয়।  অনুষ্ঠানত সংগঠনৰ সভাপতি  ৰাকেশ জিঞ্চিৰ লিখিত শুভেচ্ছা বাৰ্তা পাঠ কৰে বিশেষ কৰ্তব্যৰক্ষী বিষয়া  মালিকা চাদ্ধাই । আনহাতে  অনুস্থানত মূখ্য অতিথি হিচাপে ভাগ…
Read More
অসম – মেঘালয় সীমান্তৰ গড়ভঙা , মাটাং আৰু জালুকপাহামত গৰুৰ চবকা ৰোগৰ  প্ৰতিষেধক টীকাকৰণ শিবিৰ

অসম – মেঘালয় সীমান্তৰ গড়ভঙা , মাটাং আৰু জালুকপাহামত গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকাকৰণ শিবিৰ

পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ দুৰ্গম বুলি পৰিচিত গড়ভঙা , মাটাং আৰু জালুকপাহাম আদি গাঁওৰ গৰু , ছাগলী , গাহৰিকে  ধৰি পশুধনৰ গৰাকী সকলক কিছু হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে ৰাণী ৰাজ্যিক পশু চিকিৎসালয় আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ৰাণী আঞ্চলিক কমিটি । ইয়াৰ অংশহিচাপে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা  ৰাণী আঞ্চলিক কমিটিৰ উপদেষ্টা দীনেশ দাসৰ যৌথ তৎপৰতাত ১১ মে'ত সীমান্তৱৰ্তী তিনিওখন গাঁৱতে  গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকাকৰণ শিবিৰ অনুষ্ঠিত  হয় । শিবিৰত অঞ্চলটোৰ গাওঁবুঢ়া চাইলা ৰংপী , উদীয়মান যুৱক উদ্ৰেণ  ৰংপীয়ে নেতৃস্থানীয় লোকসকলে সহযোগিতা আগবঢ়ায় । তেনেদৰে…
Read More