উত্তৰ-পূৱ

মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

মণিপুৰত IED বিস্ফোৰণত শ্বহীদ অসম ৰাইফলছৰ জোৱান

বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা শক্তিশালী ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত এজন অসম ৰাইফলছৰ জোৱান শ্বহীদ হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়ানৰ জোৱানসকলে পাহাৰীয়া অঞ্চলটোত তহল দি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত জোৱান জনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে, বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখ্য যে, বুধবাৰৰ ঘটনাটো মণিপুৰত…
Read More
প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ দেহাৱসান

প্ৰখ্যাত শিল্পী নীল নংকিনৰিহৰ দেহাৱসান

শ্বিলং চেম্বাৰ কয়ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত গীতিকাৰ তথা পিয়ানো বাদক নীল নংকিনৰিহৰ বুধবাৰে দেহাৱসান ঘটে। শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাইৰ ৰিলায়েন্স চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ-পূবৰ সৰ্বপৰিচিত শিল্পীগৰাকীয়ে। উল্লেখ্য যে, বিগত ৩ টা মাহ ধৰি কয়ৰৰ কামত মুম্বাইত ব্যস্ত আছিল নীল নংকিনৰিহ আৰু তেওঁৰ সতীৰ্থসকল। কিন্তু মুম্বাইত থকা অৱস্থাতে কিছু শাৰীৰিক অসুস্থতাৰ বাবে মঙ্গলবাৰে তেওঁক চিকিৎসালযত ভর্তি কৰোৱা হয় আৰু এক অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।
Read More
বনভোজস্থলীত দ্বীপেন বৰুৱাৰ গীতত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ নৃত্য

বনভোজস্থলীত দ্বীপেন বৰুৱাৰ গীতত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ নৃত্য

বনভোজস্থলীত অসমীয়া সংগীতৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ গীতত নৃত্য কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে। অৰুণাচলৰ এক মনোমোহা স্থানত দ্বীপেন বৰুৱাৰ কালজয়ী গীত "এইখনি গাঁও আপোন আপোন"ৰ তালে তালে নাচি মতলীয়া হল ৰিজিজু। চুবুৰীয়াৰ সৈতে বনভোজ খাবলৈ গৈ তেওঁ এই নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্যৰ ভিডিঅ' তেওঁ নিজেৰ ফেচবুক একাউন্টৰ জৰিয়তে শ্বেয়াৰ কৰ অসমীয়াত গীতৰ কেপচনো লিখে।
Read More