উত্তৰ-পূৱ

অৰুণাচলৰ পৰা অপহৰণ  লগত জড়িত ৩ কৰ্মচাৰীক

অৰুণাচলৰ পৰা অপহৰণ লগত জড়িত ৩ কৰ্মচাৰীক

উগ্ৰপন্থীৰ দ্বাৰা অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। জিলাখনৰ পুমাওৰ পৰা ১০ জন এন এছ চি এন (কে-ৱাই) উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ লগত জড়িত থকা ৩ শ্ৰমিকক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত ৩ জন শ্ৰমিকৰ ভিতৰত আছে এজন অৰুণাচলৰ এজন অসমৰ আৰু এজন বিহাৰৰ শ্ৰমিক। খবৰ মতে, উগ্ৰপন্থীসকলে শ্ৰমিকসকলৰ পৰা তেওঁলোকৰ শিবিৰৰ কাষৰ পৰা মোবাইল ফোন আৰু বাহনৰ চাবি কাঢ়ি লৈছিল।যাৰবাবে কৰ্মীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইফালে নিৰাপত্তা বাহিনীয়ে অপহৃত লোকসকলক বিচাৰি উলিয়াবলৈ এটা বৃহৎ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Read More
এতিয়াৰে পৰা  বন্ধ  থাকিৱ  ৰাজ্যৰ  সকলো  মাদ্ৰাছা

এতিয়াৰে পৰা বন্ধ থাকিৱ ৰাজ্যৰ সকলো মাদ্ৰাছা

যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন। এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্য়ক্তিয়ে লেখ আবেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্য়ায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
Read More
ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত  দেৱী সৰস্বতী পূজা আয়োজন

ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত দেৱী সৰস্বতী পূজা আয়োজন

বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ। লগতে গুৱাহাটী মহানগৰীতো ভিন্ন স্থানত আয়োজন হৈছে সৰস্বতীপূজাৰ। কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ উল্লাহ কিছু হ্ৰাস পাইছে যদিও স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।
Read More
অসমত ১২ ডিগ্ৰী ছেলচিয়াছলৈ নামিল তাপমাত্ৰা

অসমত ১২ ডিগ্ৰী ছেলচিয়াছলৈ নামিল তাপমাত্ৰা

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসীক। বিগত ২–৩ দিন ধৰি ৰাজ্যত  কিনকিনিয়া বৰষুণ। গুৱাহাটীত শুকুৰবাৰে ন্যূনতম তাপমাত্ৰা নামিল ১২ ডিগ্ৰী ছেলচিয়াছলৈ, সৰ্বোচ্চ তাপমাত্ৰা ১৮ ডিগ্ৰী ছেলচিয়াছ। অসমৰ  কিমান ডিগ্ৰীলৈ নামিল পাৰাস্তম্ভ : তেজপুৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ যোৰহাটত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ শিলচৰত উষ্ণতা- ন্যূনতম ১৬ ডিগ্ৰী ছেলছিয়াছ ধুবুৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নগাঁৱত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নলবাৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ কোকৰাঝাৰত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ শিৱসাগৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ গুৱাহাটীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ
Read More
হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

এজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিজৰ প্ৰেমিকাক হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও কেয়াৰ টেকাৰৰ হাতত ধৰা পৰে। তাৰ পিছত কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে মানুহক হতবাক কৰি তুলিছে। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই সাধাৰণতে নিজৰ নতুন নতুন কৌশল আৰু অনুসন্ধানৰ বাবে জনাজাত। কিন্তু এজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিজৰ প্ৰেমিকাক অভিনৱ কৌশলেৰে হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও কেয়াৰ টেকাৰৰ হাতত ধৰা পৰে। তাৰ পিছত কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে মানুহক হতবাক কৰি তুলিছে।এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা আন এজন ছাত্ৰৰ মতে, ইঞ্জিনিয়াৰিং ছাত্ৰজনে এটা ডাঙৰ ট্ৰলী ছ্যুটকেছ…
Read More
গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

“আমাক আমাৰ প্ৰাপ্য দিয়ক। আমি অধিক সেৱা আগবঢ়াবলৈ সাজু, আমাৰ ঠিকাভিত্তিক চাকৰি নিয়মীয়া কৰক ”বিগত এটা দশকৰো অধিক কাল  নিৰবিছিন্ন আৰু গুৰুত্বপূৰ্ণ চৰকাৰী সেৱা আগবঢ়াই অহা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ সংঘবদ্ধ দাবী।   সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলেও এই নাৰ্য প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনত ব্ৰতী হৈ আহিছে। মহকুমাটোৰ অৰ্ধ শতাধিক ঠিকাভিত্তিক গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে  মঙ্গলবাৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত তিনি দিন ধৰি অব্যাহত ৰখা জীৱন জীৱিকাৰ অধিকাৰ বিচৰা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ ফলত দুয়োটা উন্নয়নখণ্ডৰ স্বাভাৱিক কাম কাজত ব্যাপক বাধাগ্ৰস্ততা আহি পৰিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন…
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More
পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

পশ্চিম বংগ জলপাইগুৰি জিলাত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। আনহাতে দুৰ্ঘটনাত আহত আন ৩৬ জন বৰ্তমান চিকিৎসাধীন হৈ আছে। আহত সকলৰ একাধিক জনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (এনএফআৰ) আলিপুৰদুৱাৰ বিভাগৰ অন্তৰ্গত দোমোহনীৰ ওচৰত অসম অভিমুখী ৰে'লখনৰ ১২ টা ডবা লাইনচ্যুত হৈ বাগৰি পৰে। কেন্দ্ৰীয় মন্ত্ৰী জন বৰলাই জানিবলৈ দিয়া মতে, উদ্ধাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰিছে। আহত সকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, যাত্ৰীসকলক এখন বিশেষ ৰেলযোগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পূৰ্বে, জলপাইগুৰিৰ জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুয়ে…
Read More
ৰাজকুমাৰ ৰাওক ৰিনিউবাইৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি

ৰাজকুমাৰ ৰাওক ৰিনিউবাইৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি

ৰিনিউবাইয়ে ইয়াৰ ব্ৰেণ্ড প্ৰস্তাৱ "স্মাৰ্ট টেক, ৰাইট এডভাইচ"ৰ সৈতে ইয়াৰ প্ৰথম ৩৬০ ডিগ্ৰী বিজ্ঞাপন প্ৰচাৰ আৰম্ভ কৰিছে। কোম্পানীটোৱে ভাৰতৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা ৰাজকুমাৰ ৰাওক ইয়াৰ প্ৰথম ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বাছনি কৰিছে। বিজ্ঞাপন প্ৰচাৰটোৱে ইয়াৰ ডিজিটেল নেতৃত্বৰ বীমা পিঅ’এছপি (পইণ্ট অফ চেল পাৰ্ছন) উপদেষ্টা নেটৱৰ্কৰ জৰিয়তে গ্ৰাহকৰ বীমাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। "স্মাৰ্ট টেক, ৰাইট এডভাইচ" থিমযুক্ত অভিযানে ৰিনিউবাইৰ আটাইতকৈ নিৰ্ভৰযোগ্য ইনচুৰটেক প্লেটফৰ্ম হোৱাৰ মূল মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য'ত গ্ৰাহকসকলে ডিজিটেলভাৱে সক্ষম পিঅ’এছপি বীমা উপদেষ্টাৰ ৰিনিউবাইৰ শক্তিশালী দেশব্যাপী নেটৱৰ্কৰ সমৰ্থনত দেশৰ যিকোনো প্ৰান্তৰ পৰা ডিজিটেলভাৱে বীমা আঁচনি প্ৰাপ্ত কৰিব পাৰে। প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত বক্তব্য…
Read More
কাৰ্টুনিষ্ট প্ৰদীপ নাথ ক প্ৰদান  কৰা হব ফটো সাংবাদিক তৰনী কান্ত বৰ্মন বঁটা -২০২২

কাৰ্টুনিষ্ট প্ৰদীপ নাথ ক প্ৰদান কৰা হব ফটো সাংবাদিক তৰনী কান্ত বৰ্মন বঁটা -২০২২

ৰাজ্যিক মৰ্য্যদা লাভ কৰা অসমৰ প্ৰথম গৰাকী ফটো সাংবাদিক তৰনী কান্ত বৰ্মন। সনামধন্য ফটো সাংবাদিক গৰাকীৰ ১৭ জানুৱাৰীৰ জম্ম বাৰ্ষিকীত দিশপুৰৰ লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ফটো জাৰ্ণেলিষ্ট তৰনী কান্ত বৰ্মন মেমৰিয়েল ট্ৰাষ্টে শিল্পী গৰিকীৰ নামত বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে। এইবাৰৰ "তৰনী কান্ত বৰ্মন বঁটা -২০২২" সম্মানৰ বাবে নিৰ্বাচিত হৈছে দ্যা আছাম ট্ৰিবিউন কাকতৰ বিশিষ্ট চিত্ৰশিল্পী- কাৰ্টুনিষ্ট প্ৰদীপ নাথ। ৰাজ্যৰ সকলো শ্ৰেনীৰ জনসাধাৰনৰ মাজত বিশেষ ভাৱে জনপ্ৰিয় ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ ২০২০ চনৰ ২২ ফেব্ৰুৱাৰীত পৰোলোক প্ৰাপ্তি ঘটে। দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূতত ফটো সাংবাদিকতা কৰা তৰনী কান্ত বৰ্মনে ফৰেনচিক বিজ্ঞানাগাৰৰ পৰা ফটোগ্ৰাফীত সহকাৰী বৈজ্ঞানিক হিচাপে অৱসৰ লৈছিল।…
Read More