উত্তৰ-পূৱ

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচ আৰু প্ৰস্তাৱিত কৰ্মচাৰী স্বাস্থ্য নিশ্চিতি আঁচনিৰ স্থিতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। এই বৈঠকতে সকলো চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বিল দাখিলৰ বাবে পৰ্টেল আধাৰিত জমা প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। এটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন এজনীয়া ব’ৰ্ড গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব’ৰ্ডে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱা ৰোগীৰ মাচুল পৰিমাণ মুকলি তথা প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা প’ৰ্টেল তৈয়াৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কোৱা…
Read More
বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পুনৰ কেইবাটাও এপ, ৱেবছাইট সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিছে। খালিস্তানি সংগঠন শিখ ফৰ জাষ্টিছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই এপ, ৱেবছাইট, সামাজিক মাধ্যমৰ একাউণ্টসমূহ বন্ধ কৰি দিছে। ৰাজনীতি পাঞ্জাৱ টিভি’ৰ সকলো একাউণ্ট যোৱা ১৮ফেব্ৰুৱাৰীত বন্ধ কৰা হৈছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কৈছে যে, এই এপ, ৱেবছাইট আৰু সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে পঞ্জাৱ নিৰ্বাচনৰ সময়ছোৱাত ৰাইজক অনলাইম মাধ্যমত প্ৰভাৱিত কৰি আহিছিল ।
Read More
এন টি এছ ই পৰ্যায় সফলতা

এন টি এছ ই পৰ্যায় সফলতা

এন চি ই আৰ টিয়ে ঘোষণা কৰা এন টি এছ ই(NTSE) পৰ্যায়-২ৰ ফলাফলত এলেন, গুৱাহাটীয়ে অভূতপূৰ্ব সফলতা লাভ কৰে। ক্লাছৰোম ক’ৰ্ছৰ শিক্ষাৰ্থী তপস্যা শইকীয়া, ফ্ৰিচিয়া সজিব কুমাৰ ব্ৰহ্মা, অনন্যা ডেকা , আকাংক্ষা বৰগোহাঁই,ৰশিক দাস আৰু নীহাৰ ৰঞ্জন কঞ্চ কৰ্মশালা পাঠ্যক্ৰমৰ(workshop course)পৰা উত্তীর্ণ হৈছে।
Read More
নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

 নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ক্তৃতা অনুষ্ঠানৰ লগতে নতুনকৈ প্ৰতিষ্ঠা কৰা জনগোষ্ঠীয় ভাষা-শিক্ষণ প্ৰশিক্ষণাগাৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱীয়ে আঁত ধৰা এই সভাত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ অধ্যাপক দীপক কুমাৰ বৰাই। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ড০ বৰকটকীয়ে মাতৃভাষা দিৱসৰ তাৎপর্য ব্যক্ত কৰি মাতৃভাষা বিকাশৰ বাবে গ্ৰন্থ প্ৰণয়নকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথা ব্যক্ত কৰে। নগাঁও কলেজৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়া। শইকীয়াই বক্তব্যত মাতৃভাষাৰ গভীৰ সংকটৰ কথা উল্লেখ কৰি বিশ্বত প্ৰায় বৃহৎ সংখ্যক…
Read More
ৰাস্তা পাৰ হ’ব লওতেই তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

ৰাস্তা পাৰ হ’ব লওতেই তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

দেওবাৰে সন্ধিয়া কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হ’ব লওতেই দ্ৰুতবেগী অচিনাক্ত বাহনৰ খুন্দাত এজন পথচাৰী থিতাতে নিহত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন খনে পলায়ন কৰে । কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধন বিশ্বাসৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ পৰা উদ্ধাৰ কৰে।‌ বাহন খনৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।
Read More
দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

ঢকুৱাখনা  পৌৰ সভা নিৰ্বাচনৰ ১০ টা ৱাৰ্ডৰ বাবে  মুঠ ২৪ গৰাকী  প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰৰ দুগৰাকীয়ে দেওবাৰে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে । ঢকুৱাখনা মহকুমা প্ৰশাসনে নিৰ্দ্ধাৰণ প্ৰাৰ্থী সকলৰ  মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সেই অনুসৰি ঢকুৱাখনা  পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী  অকণ গগৈ আৰু ৯  নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী  জোনটি দত্তই দেওবাৰে  নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে ।
Read More
উত্তৰ গুৱাহাটীৱাসীৰ বাবে সুখবৰ

উত্তৰ গুৱাহাটীৱাসীৰ বাবে সুখবৰ

শনিবাৰৰ পৰা আৰম্ভ হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা। জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ। ইয়াৰ বাবে এটা মোবাইল এপও প্ৰস্তুত কৰি উলিওৱা হৈছে যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব। মাদ্ৰাছ আই আই টিৰ বিজ্ঞানী ড০ কে ৰাজুৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ এপটো। প্ৰায় ২ বছৰ ধৰি কাম কৰাৰ পিছত সফালতা লাভ কৰে জল পৰিবহন বিভাগে।
Read More
বিহুৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে নতুন নিৰ্দেশনা

বিহুৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে নতুন নিৰ্দেশনা

উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা। বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ থাকিব লাগিব বিশেষ যোগ্যতা। তেওঁ স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত। বিহুৰ থিয়ৰী আৰু ব্যৱহাৰিক দিশত জ্ঞান থাকিব লাগিব। যিকোনো চৰকাৰী বা প্ৰাদেশিককৰণ উচ্চ/উচ্চতৰ মাধ্যমিক, বিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষক হ’ব লাগিব।
Read More
মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল

ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ২০২০ চনত তৰা এক মানহানি গোচৰক কেন্দ্ৰ কৰি শনিবাৰে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় । হাজিৰ হ’ব লগা হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰি তুলিছে ৷ প্ৰমোদ বড়োৱে মহিলাৰীকে ধৰি আন ১১ জনৰ বিৰুদ্ধে তৰা ষড়যন্ত্ৰ আৰু মানহানি গোচৰ( নং চি আৰ গোচৰ নং ৩৪/২০২০) মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৫০০ ধাৰাত এক গোচৰ ৰজু হৈছিল। উক্ত গোচৰৰ আধাৰতে আজি কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাগ্ৰামা মহিলাৰীয়ে অধিবক্তা আব্দুল আলী মণ্ডল আৰু প্ৰসেনজিৎ দত্তক লগত লৈ আদালতত হাজিৰ হয় ।
Read More
পানী ‘বটলিং’ কাৰখানাৰ বিৰুদ্ধে কামৰূপত প্ৰশাসনৰ অভিযান

পানী ‘বটলিং’ কাৰখানাৰ বিৰুদ্ধে কামৰূপত প্ৰশাসনৰ অভিযান

কামৰূপ জিলাত অবৈধ অৰু অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানাসমূহ সমুলঞ্চে উৎখাত কৰাৰ লক্ষ্যেৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই গঠন কৰি দিয়া টাস্ক ফ’ৰ্চে জিলাখনৰ বিভন্ন প্ৰান্তত জোৰদাৰ অভিযান আৰম্ভ কৰিছে। কেতবোৰ ৰাজহুৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে জিলা প্ৰশাসনে চক্ৰ বিষয়া, দণ্ডাধীশ, আৰক্ষী খাদ্য সুৰক্ষা বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰ দ্বাৰা গঠন কৰা ‘টাস্ক ফৰ্চে’ ইতিমধ্যে জিলাখনৰ কেবাটাও অনুমতিবিহীন, অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে।
Read More