উত্তৰ-পূৱ

নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ দৰং প্ৰশাসন

নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ দৰং প্ৰশাসন

ৰাজ্যৰ মুঠ ৮০খন পৌৰ এলেকাৰ লগতে দৰং জিলাতো তিনিটা পৌৰ এলেকাৰ বাবে দেওবাৰে অৰ্থাৎ ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দৰং জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । মঙলদৈ আৰু খাৰুপেটীয়াই বহু বছৰৰ আগেয়ে পৌৰ এলেকাৰ স্বীকৃতি পোৱাৰ লগতে কেইবাটাও নিৰ্বাচন প্ৰত্যক্ষ কৰিছে যদিও ইয়াৰ বিপৰীতে নতুনকৈ পৌৰ এলেকাৰ মৰ্যাদা পোৱা ছিপাঝাৰ পৌৰসভাৰ বাবে প্ৰথম বাৰলৈ নিৰ্বাচন অনুস্থিত হ’ব । মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ভোটদানৰ বাবে ক্ৰমে ২১ আৰু ১৩ টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । এইবাৰৰ মঙলদৈ পৌৰ সভাৰ ১০ টা…
Read More
দিছপুৰ আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিছপুৰ আৰক্ষীক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গৰুখুঁটিৰ ঘটনাক ‘প্ৰতিশোধ’ বুলি কৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইয়াৰ পাছতে ড০ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশ। ইয়াৰ পূৰ্বে সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই গোচৰ দিছপুৰ থানাই পঞ্জীয়ন কৰা নাছিল৷ ইয়াৰ পিছতে সাংসদ খালেক ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শনিবাৰে মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱাৰ আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰে৷ বিবাদী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছতে আদালতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিছপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷ যোৱা মাহত মুখ্যমন্ত্ৰী শৰ্মাক আদালতে অন্য এটা গোচৰৰ বাবে জৰিমণা বিহিছিল।
Read More
ছেলফী লওঁতে হ’ল অকাল মৃত্যু

ছেলফী লওঁতে হ’ল অকাল মৃত্যু

কিশোৰজনে ৰেলৱে ষ্টেচনৰ ওচৰত ছেলফী লোৱাৰ সময়ত ট্ৰেইনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যু হয়।এই ঘটনা উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ। আৰজনোৱা মতে মৃত কিশোৰ জনৰ নাম চাহিল (১৬)আৰু তেওঁ একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল।আৰক্ষীয়ে কয় যে মঙলবাৰে চাহিলে বন্ধুৰ সৈতে ষ্টেচনৰ ওচৰত ফুৰিবলৈ গৈছিল। প্ৰথম অৱস্থাত চাহিল গুৰুতৰভাৱে আহত হয় আৰু গাঁৱৰ একাংশলোকে তেওঁক হস্পাতাললৈ লৈ যায়। তেওঁৰ অৱস্থা ইমানেই বেয়া আছিল যে আৰক্ষীয়ে অন্য হস্পাতাললৈ প্ৰেৰণ কৰে আৰু তাতে তেওঁৰ মৃত্যু হয়।
Read More
মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিব বিটিআৰে

মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিব বিটিআৰে

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তৱত ৰূপ দিবলৈ ওলাইছে বিটিআৰ পাৰিষদে। “ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ” মুখ্যমন্ত্ৰীৰ এই ধ্বনিক বাস্তৱত ৰূপ দিব বিটিআৰে। বি টি আৰৰ প্ৰতিখন জিলাতে বৈজ্ঞানিক পদ্ধতিৰে কম ভুমিত কম খৰছত মৎস্য পালন কৰি আৰ্থিকভাৱে যথেষ্ট লাভবান হ’ব পাৰে বুলি কয় তেওঁ। কৃষি বিভাগৰ উন্নয়ণৰ ক্ষেত্ৰত কাৰ্যবাহী সদস্য গৰাকীয়ে কৃষকক অধিক লাভৰ বাবেই ভাৰতৰ সকলোতকৈ ডাঙৰ কাম ধান বিক্ৰী ক্ৰয় কেন্দ্ৰ মুকলি কৰি লাভাম্বিত কৰা বুলি দাবী কৰে। ৰাজ্য চৰকাৰ আৰু বি টি আৰৰ যৌথ প্ৰচেষ্টাত সমগ্ৰ ৰাজ্যতে কৃষি -মীন আদি সকলো ক্ষেত্ৰতে উন্নয়নৰ ধুমুহা বলিছে বুলি কয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷
Read More
ইউক্ৰেইন-ৰাছিয়াৰ মাজত হ’ব শান্তিৰ আলোচনা

ইউক্ৰেইন-ৰাছিয়াৰ মাজত হ’ব শান্তিৰ আলোচনা

সাত দিন পৰ্যন্ত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ চলি থকাৰ মাজতেই দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব দেশ দুখনৰ মাজত।খবৰ অনুসৰি বুধবাৰে দ্বিতীয় পৰ্যায়ৰ আলোচনৰা বাবে সন্মত হৈছে ৰাছিয়া। সোমবাৰে দেশ দুখনৰ মাজত হৈছিল আলোচনা। পূৰ্বৰ আলোচনাত অৱশ্যে কোনো ধৰণৰ সমাধান নোলাল। যুদ্ধৰ মাজতেই বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ ভিতৰত আছিল দক্ষিণ-পূব বন্দৰ চহৰ মাৰিয়পোলৰ গুলীবৰ্ষণ, আৰু দক্ষিণৰ খেৰচন চহৰ দখল কৰাৰ ৰাছিয়াৰ সামৰিক দাবী।
Read More
ইউৰোপীয় ইউনিয়নত সাহসী বক্তব্য ৰাষ্ট্ৰপতি জেলেনস্কিৰ

ইউৰোপীয় ইউনিয়নত সাহসী বক্তব্য ৰাষ্ট্ৰপতি জেলেনস্কিৰ

আমাক কোনেও ভাঙিব নোৱাৰে, আমি শক্তিশালী, আমি ইউক্ৰেনীয়।’ ৰাছিয়াই এফালৰপ পৰা ইউক্ৰেইন ধ্বংস কৰি যোৱাৰ মাজতে ইউৰোপীয় ইউনিয়নক সম্বোধন কৰি এই মনন্তব্য কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। তেওঁৰ এই মন্তব্যৰ লগে লগে ইউৰোপীয় ইউনিয়নৰ সদস্য সকলে হাত চাপৰি বজাই প্ৰশংসা কৰে। সপ্তাহত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা সামৰিক আক্ৰমণৰ পিছতে ৰাছিয়াৰ এই সামৰিক অভিযান বৃহৎ সংঘৰ্ষত পৰিণত হৈছে আৰু ইয়াৰ ফলত হতাহতৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ মতে ইউক্ৰেইনত সংঘৰ্ষই এতিয়ালৈকে দেশখনৰ সীমাৰে ৫,০০,০০০ তকৈও অধিক লোক দাঁতি কাষৰীয়া ৰাষ্ট্ৰলৈ পলাই গৈছে।
Read More
শিৱ পূজাত  ওলাই যোৱাৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত

শিৱ পূজাত ওলাই যোৱাৰ পিছতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত

গোগামুখ তাজিক গাঁৱত দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। দীপক ডেকা নামৰ লোকজনৰ এটা বাসগৃহ জুইত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। আৰক্ষীৰ সূত্ৰে জনোৱা মতে চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। শিৱৰাত্ৰি পূজা অৰ্চনা কৰিবলৈ গৈছিল দীপক ডেকা নামৰ লোকজনৰ পৰিয়ালটো। তেনে সময়তে জ্বলি উঠিল বাসগৃহটো। জুইৰ লেলিহান শিখাৰ পৰা পৰিয়ালটোৱে এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। পৰিয়ালটোৰ একমাত্ৰ কন্যাৰ মেট্ৰিকৰ এডমিড কাৰ্ডখনৰ লগতে সকলো কিতাপ-পত্ৰ এই জুইত জাহ যায়।দীপক ডেকাৰ কন্যা গৰাকীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি চলাই আছিল।
Read More
ৰাজ্যত বন্ধ কৰিব ৰে’ল বিভাগৰ ৭খন বিদ্যালয়

ৰাজ্যত বন্ধ কৰিব ৰে’ল বিভাগৰ ৭খন বিদ্যালয়

ৰেল বিভাগৰ মাটি বহিৰাগত বণিকক চমজাই দিয়াৰ পাছত এইবাৰ ৰাজ্যত থকা ৰেল বিভাগৰ অধীনস্থ কেইবাখনো বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰেল কৰ্তৃপক্ষই। এই সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ হৈ সহকাৰী ব্যক্তিগত বিষয়া প্ৰতিভা সিনহাই সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীসকললৈ এক জাননী প্ৰেৰণ কৰিছে। এই বিদ্যালয়সমূহত ২০২২-২৩বৰ্ষৰ বাবে কোনো নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিবলৈ কোৱা হৈছে। ২০২১-২২ৰ শিক্ষাবৰ্ষ অন্ত পৰা লগে লগে সংশ্লিষ্ট বিদ্যালয়কেইখনত থকা ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰিতস কৰা হব বুলিও উল্লেখ আছে। এই স্কুলকেইখনত অধিকাংশতে অসমীয়া মাধ্যমত পাঠদান কৰা হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয় কেইখনত হঠাত বন্ধ…
Read More
১ লাখ অধিক লোক একেলগে ওলাল ৰাজপথলৈ

১ লাখ অধিক লোক একেলগে ওলাল ৰাজপথলৈ

ৰাছিয়াৰ বিৰুদ্ধে বাৰ্লিনৰ ৰাজপথত একত্ৰিত হ’ল ১ লাখতকৈও অধিক নাগৰিক। বাৰ্লিনৰ ৰাজপথৰ পৰা এই লক্ষাধিক লোকে একেমুখে দাবী কৰিলে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰিব লাগে। তেওঁলোকৰ দাবী ইতিহাসৰ পুনৰাবৃত্তি নহওক। দেওবাৰে বাৰ্লিনস্থিত ৰাছিয়াৰ দূতাবাসৰ সন্মুখত সাব্যস্ত কৰা এই প্ৰতিবাদৰ ফলত ৰেলৰ লগতে সকলো ধৰণৰ যানবাহনৰ চালচাল স্তব্ধ হৈ পৰে।
Read More
মানকাচাৰৰ ৪ জন গাওঁপ্ৰধানক গ্ৰেপ্তাৰ কৰা হল

মানকাচাৰৰ ৪ জন গাওঁপ্ৰধানক গ্ৰেপ্তাৰ কৰা হল

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে ৪ জনক। বিগত দুদিন ধৰি এই গাওঁ প্ৰধান কেইজনক চলোৱা হৈছিল জেৰা।১১ জন গাওঁ প্ৰধানক চলাই আছিল জেৰা।ধনৰ বিনিময়ত এই গাওঁ প্ৰধান কেইজনক দিয়া হৈছিল নিযুক্তি। ৫ ৰ পৰা ১১ লাখ টকাৰ বিনিময়ত গাওঁ প্ৰধানসকলক দিছিল নিযুক্তি ।
Read More