উত্তৰ-পূৱ

কোৰিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু

কোৰিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে বৃহস্পতিবাৰে ইয়াত কোৰিয়া অ'পেন ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। তেওঁ জাপানৰ আয়া ওহোৰীৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰে কিন্তু লক্ষ্য সেন আৰু মালবিকা বানচোদে তেওঁলোকৰ নিজ নিজ দ্বিতীয় ৰাউণ্ডৰ মেচত পৰাজিত হোৱাৰ পিছত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ যায়। বিশ্বৰ সাত নম্বৰ সিন্ধুৱে একপক্ষীয় মুখামুখি খেলত বিশ্বৰ ২৬ নম্বৰ ওহোৰীক ২১-১৫ ২১-১০ ত পৰাস্ত কৰে। সিন্ধুৱে এতিয়ালৈকে ওহোৰীৰ বিৰুদ্ধে ১২ খন খেলত জয়লাভ কৰিছে। তৃতীয় শ্ৰেণীৰ সিন্ধুয়ে পৰৱৰ্তী ৰাউণ্ডত থাইলেণ্ডৰ বুচানান অংবামৰুংফানৰ মুখামুখি হ'ব, যাক তেওঁ যোৱা মাহত ছুইছ অ'পেনৰ ফাইনেলত পৰাজিত কৰিছিল। এই ছিজনত চিয়াইদ মোডী ইণ্টাৰনেচনেল আৰু ছুইছ অ'পেনৰ…
Read More
কোৰিয়া অ’পেনৰ পৰা বাহিৰ লক্ষ্য সেন-মালবিকা বানচোডে

কোৰিয়া অ’পেনৰ পৰা বাহিৰ লক্ষ্য সেন-মালবিকা বানচোডে

বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্য সেনে বৃহস্পতিবাৰে ইয়াত অনুষ্ঠিত কোৰিয়া অ'পেন ছুপাৰ ৫০০ বেডমিণ্টন টুৰ্ণামেণ্টৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত তেওঁতকৈ নিম্ন স্থানৰ শ্বেছাৰ হীৰেন ৰুস্তাভিটোৰ বিৰুদ্ধে পোনপটীয়া খেলত পৰাজয়ৰ সন্মুখীন হয়। বিশ্বৰ নৱম স্থানৰ ভাৰতীয় তাৰকাজনক বিশ্বৰ ২৪ নম্বৰ স্থানৰ ইণ্ডোনেছিয়াৰ তাৰকাৰ হাতত ৩৩ মিনিটৰ খেলখনত ২০-২২ ৯-২১ ব্যৱৱধাৰাত পৰাজিত হয়। উদীয়মান খেলুৱৈসকলৰ মাজৰ এগৰাকী মালবিকা বানচোডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হয়। মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত থাইলেণ্ডৰ পৰ্ণপাৱী চোচুওঙৰ বিৰুদ্ধে তেওঁ ৩৯ মিনিটত ৮-২১ ১৪-২১ ব্যৱৱধাৰাত পৰাজিত হয়। সুমিত ৰেড্ডী আৰু অশ্বিনী পোনাপ্পাৰ মিক্সড ডাবলছ যুটিটোও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। চীনৰ পঞ্চম যুটি অউ চুয়ান য়ি আৰু হুয়াং…
Read More
আইচিচিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটাৰ মনোনীত  বাবৰ আজম-ক্ৰেগ ব্ৰেথৱেট- পেট কামিন্সক

আইচিচিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটাৰ মনোনীত বাবৰ আজম-ক্ৰেগ ব্ৰেথৱেট- পেট কামিন্সক

পাকিস্তানৰ অধিনায়ক বাবৰ আজম, ৱেষ্ট ইণ্ডিজৰ ক্ৰেগ ব্ৰেথৱেট আৰু অষ্ট্ৰেলিয়াৰ পেট কামিন্সক মাৰ্চত তেওঁলোকৰ সুন্দৰ ব্যক্তিগত প্ৰদৰ্শনৰ পিছত আইচিচিৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বাবে মনোনীত কৰা হৈছে। মহিলা শ্ৰেণীত শেহতীয়াকৈ সমাপ্ত হোৱা বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰা ইংলেণ্ডৰ বলাৰ ছফি একলেষ্টোন, অষ্ট্ৰেলিয়াৰ ৰান-মেচিন ৰাচেল হেইনছ আৰু দক্ষিণ আফ্ৰিকাৰ লৰা ভলৱাৰ্ডে এই বঁটা লাভৰ দৌৰত আছে। বিজয়ীসকলৰ নাম অহা সপ্তাহত ঘোষণা কৰা হ'ব। উল্লেখ্য যে বাবৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া শৃংখলাত তেওঁৰ সুন্দৰ প্ৰদৰ্শনেৰে প্ৰভাৱিত কৰিছিল। তেওঁ এই মাহত টেষ্টত ৩৯০ ৰান সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত আছিল দ্বিতীয় টেষ্টত ১৯৬ ৰানৰ অভিলেখ। এই ইনিংছৰ সৈতে, পাকিস্তানে মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ মাৰ্চত অষ্ট্ৰেলিয়াৰ…
Read More
ছিনিয়ৰ মহিলা টি-২০ ট্ৰফীৰ বাবে বাধ্যতামূলক কোৱাৰেন্টাইনৰ ৰেহাই খেলুৱৈক ঘোষণা কৰিলে বিচিচিআয়ে

ছিনিয়ৰ মহিলা টি-২০ ট্ৰফীৰ বাবে বাধ্যতামূলক কোৱাৰেন্টাইনৰ ৰেহাই খেলুৱৈক ঘোষণা কৰিলে বিচিচিআয়ে

 ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) খেলুৱৈসকলক ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া মহিলা ছিনিয়ৰ টি-২০ ট্ৰফীৰ বাবে বাধ্যতামূলক কোৱাৰেন্টাইনৰ পৰা ৰেহাই দিছে কিন্তু তেওঁলোকে ছয়টা স্থানত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ সময়ত বায়-ববলত থাকিব লাগিব। যোৱা দুবছৰত এইটো প্ৰথম বাৰৰ বাবে হ'ব যে খেলুৱৈসকলে বিচিচিআইৰ জ্যেষ্ঠ প্ৰতিযোগিতাত বাধ্যতামূলক কোৱাৰেন্টাইনত থাকিব নালাগিব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰঞ্জী ট্ৰফীৰ আগতে খেলুৱৈসকলে পাঁচ দিন কোৱাৰেন্টাইনত থাকিব লগা হৈছিল। দ্বিতীয় পৰ্যায়টো আই পি এলৰ পিছত অনুষ্ঠিত হ'ব। কোৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা হ্ৰাস হোৱাৰ পিছত, বিচিচিআইয়ে বিচ্ছিন্নতাৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ সিদ্ধান্ত লৈছে। খেলুৱৈসকলে অৱশ্যে বায়-ববলত থাকিব লাগিব আৰু ক'ভিড-১৯-ৰ বাবে নিয়মীয়া স্ক্ৰীণিং কৰিব লাগিব। নিউজিলেণ্ডত অনুষ্ঠিত মহিলা বিশ্বকাপত ভাৰতীয়…
Read More
ফেডাৰেচন কাপ এথলেটিকচত অসমৰ অম্লান-হিমাৰ স্বৰ্ণ জয়

ফেডাৰেচন কাপ এথলেটিকচত অসমৰ অম্লান-হিমাৰ স্বৰ্ণ জয়

ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা অব্যাহত।কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে। প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হবলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে অম্লানে এই প্ৰদৰ্শনেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।উল্লেখ্য যে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকচ্…
Read More
২০ গৰাকী প্ৰতিষ্ঠিত মহিলাই প্ৰদান কৰিলে এই বঁটা

২০ গৰাকী প্ৰতিষ্ঠিত মহিলাই প্ৰদান কৰিলে এই বঁটা

প্ৰথম খবৰে নাৰী সকলক প্ৰতিভা বিকাশ কৰিব পৰাকৈ প্ৰতিটো মূহুৰ্ততে উপযুক্ত মৰ্যাদা, পৰিৱেশ দি আহিছে। অসমৰ ১০০ গৰাকী মহিলাক উৎসাহিত কৰাৰ লক্ষ্যৰে দেওবাৰে দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত প্ৰেৰণা এৱাৰ্ড ২০২২ অনুষ্ঠিত কৰা হয়। ডি ৱাই ৩৬৫ৰ পৰিচালন সঞ্চালক দিপান্বিতা জয়ছোৱালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত এক ব্যতিক্ৰমী পৰম্পৰাগত ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত প্ৰথম খবৰৰ মেনেজিং এডিটৰ কমল কুমাৰে সকলোকে সন্মোহিত কৰি কয় যে,  সূক্ষ্ম, বিভেদহীন সমাজ গঢ়াৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰ সমাজত পুৰুষতকৈ নাৰীৰ দায়িত্ব বেছি, সেয়ে আমাৰ এক প্ৰয়াস প্ৰেৰণা এৱাৰ্ড ২০২২। প্ৰথম খবৰৰ মুখ্য উপদেষ্টা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ…
Read More
গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত তিনিখন গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত তিনিখন গ্ৰন্থ উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত ডঃ সংগীতা ৰাজখোৱাৰ তিনি খনকৈ গ্ৰন্থ  ক্ৰমে  "হাজং লোক সাহিত্যৰ-ৰূপ ৰেখা"  হাজং লোক পৰিৱেশ্য কলা" আৰু হাজং সাধুকথাৰ  সংকলন  "জোনাকীৰ পোহৰ " আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। শিক্ষা বীদ ডঃ জগদীশ পাটগিৰি সঞ্চালনাত অনুষ্ঠিত   আজিৰ গ্ৰন্থ উন্মোচনী সভাত  উন্মোচক হিচাপে উপস্থিত থাকে ক্ৰমে  বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক  ,খ্যাতিনামা  চিকিৎসক ডাঃ হিতেশ  বৰুৱা, আৰু ভাষাবিদ ডঃ খগেশ সেন ডেকা। একেটা  অনুষ্ঠানতে বিশিষ্ট অতিথি  হিচাপে উপস্থিত থাকি সভাখন অধিক গাম্ভীৰ্যময় কৰি তোলে  ক্ৰমে  ৰতন কুমাৰ  ৰায় হাজং আৰু কানুৰাম হাজঙে।  ইপিনে নিজৰ উন্মোচনী ভাষণত ভাষাবিদ ডঃ খগেশ সেন ডেকাই  ভাষাৰ গভীৰতা  আৰু…
Read More
দুমাহ টেনিছৰ পৰা আঁতৰি থাকিব ডানিল মেদভেদেভ

দুমাহ টেনিছৰ পৰা আঁতৰি থাকিব ডানিল মেদভেদেভ

 হাৰ্নিয়া অস্ত্ৰোপচাৰৰ বাবে ইউএছ অ'পেন চেম্পিয়ন ডানিল মেদভেদেভ একৰ পৰা দুই মাহৰ বাবে টেনিছৰ পৰা বাহিৰ থাকিব বুলি প্ৰকাশ কৰিছে। বিশ্বৰ দ্বিতীয় নম্বৰ মেদভেদেভে শনিবাৰে টুইটাৰৰ জৰিয়তে এই কথা উল্লেখ কৰিছে। উল্লেখ্য যে তেওঁ শেহতীয়া মাহবোৰত হাৰ্নিয়াৰ সৈতে যুঁজি আছে। তেওঁ উল্লেখ কৰিছে যে মই মোৰ দলৰ সৈতে এই সমস্যাৰ মোকাবিলা কৰিবলৈ এটা সৰু অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ বাবে মই পৰৱৰ্তী এক বা দুই মাহৰ বাবে টেনিছৰ পৰা বাহিৰত থাকিব পাৰোঁ আৰু সোনকালেই ক'ৰ্টলৈ উভতি যাবলৈ কঠোৰ পৰিশ্ৰম কৰিম। এই অস্ত্ৰোপচাৰৰ ফলত, দানিল মেদভেদেভ ফ্ৰেন্স অ'পেনৰ পৰা বাহিৰ হ'ব বুলি আশা কৰা হৈছে, যি হৈছে ২২ মে'ৰ পৰা আৰম্ভ…
Read More
মিয়ামি অ’পেনৰ চেম্পিয়ন ইগা চুয়াটেক

মিয়ামি অ’পেনৰ চেম্পিয়ন ইগা চুয়াটেক

ইগা চুয়াটেকে ২০২২ বৰ্ষত নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখি মিয়ামি অ'পেনৰ ফাইনেলত নাওমি ওচাকাক ৬-৪, ৬-০ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ শ্ৰেণীৰ খিতাপ অৰ্জন কৰে আৰু ইয়াৰ জৰিয়তে তেওঁৰ বিজয় অভিযানক ১৭ খন মেচলৈ আগুৱাই লৈ যায়। সোমবাৰে মুকলি হ'বলগীয়া মহিলা ৰেংকিংৰ শীৰ্ষত থকা এছ বাৰ্টিৰ স্থান ল'ব চুয়াটেকে। অষ্ট্ৰেলিয়ান অ'পেন চেম্পিয়ন বাৰ্টিয়ে যোৱা মাহত অৱসৰ গ্ৰহণ কৰিছিল। পোলেণ্ডৰ চুয়াটেকে প্ৰথম ছেটত ওচাকাৰ চাৰ্ভ ভাঙি ৩-২ ৰ অগ্ৰগতি লাভ কৰে আৰু ৫২ মিনিটত ছেটটো নিজৰ দখল কৰে। ওচাকাই প্ৰথম ছেটত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে কিন্তু দ্বিতীয় ছেটটো সম্পূৰ্ণ বেলেগ আছিল য'ত চুয়াটেকে আধিপত্য বিস্তাৰ কৰিছিল। তেওঁ একেৰাহে নৱমখন খেল পোনপটীয়া ছেটত জিকে।…
Read More
সপ্তম বাৰলৈ মহিলা এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন অষ্ট্ৰেলিয়া

সপ্তম বাৰলৈ মহিলা এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন অষ্ট্ৰেলিয়া

 সুন্দৰ ফৰ্মত থকা এলিছা হিলিৰ শতকে অষ্ট্ৰেলিয়াক নাট চাইভাৰৰ শতক স্বত্বেও দেওবাৰে ইয়াত অনুষ্ঠিত ফাইনেলত চিৰ প্ৰতিদ্বন্দী ইংলেণ্ডক ৭১ ৰানত পৰাস্ত কৰি অভিলেখ সপ্তমবাৰৰ বাবে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰাত সহায় কৰে। হিলিয়ে ব্যক্তিগত মুঠ ৪১ ৰানত লাভ কৰা জীৱনদানৰ সুবিধা লৈ ২৬ টা চাৰিৰ সহায়ত ১৩৮ টা বলত ১৭০ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰথম উইকেটৰ বাবে তেওঁৰ প্ৰাৰম্ভিক সহযোগী ৰাচেল হেইনছৰ (৯৩ বলত ৬৮ ৰান) আৰু দ্বিতীয় উইকেটৰ বাবে বেথ মুনিৰ (৪৭ টা বলত ৬২ ৰাণ) সৈতে ১৫৬ ৰানৰ অংশীদাৰী ত্বৰান্বিত কৰি অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়ত পাঁচ উইকেটত ৩৫৬ ৰান সংগ্ৰহ কৰাত সহায় কৰে।…
Read More