অসম

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত কয়দী…

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন হত্যাৰ গোচৰত দোষী সাব্যস্ত কয়দী…

এক চাঞ্চল্যকৰ ঘটনাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীক এমাহৰ পেৰ’ল দিয়াৰ পাছত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি বকোৰ এখন থানাত ৰুজু হোৱা হত্যাকাণ্ডৰ গোচৰৰ বাবে প্ৰায় ১২ বছৰ ধৰি কাৰাবন্দী হৈ থকা মনদীপ ৰাভা নামৰ কয়দীজনক অস্থায়ীভাৱে মুকলি কৰি দিয়াৰ অনুমতি প্ৰদান কৰা হৈছিল। অৱশ্যে পেৰ’লৰ সময়সীমা উকলি যোৱাৰ পাছতো তেওঁ ঘূৰি অহা নাই৷ ঘূৰি অহাৰ সময়সীমা পূৰণ নকৰাৰ বাবে কৰ্তৃপক্ষই সন্দেহ কৰিছে যে তেওঁ হয়তো পলায়নৰ চেষ্টা কৰিছে। ইফালে, আৰক্ষীয়ে এতিয়া পলায়ন কৰা দোষীজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
Read More
এয়াই ভাগ্য! এশ টকাত টিকট কিনি ৭৬ লাখ টকীয়া ৰেঞ্জ ৰভাৰৰ গৰাকী হ’ল ট্ৰেক্টৰ চালক ইনজামুল

এয়াই ভাগ্য! এশ টকাত টিকট কিনি ৭৬ লাখ টকীয়া ৰেঞ্জ ৰভাৰৰ গৰাকী হ’ল ট্ৰেক্টৰ চালক ইনজামুল

এশ টকাত টিকট ক্ৰয় কৰি ৰেঞ্জ ৰভাৰৰ দৰে গাড়ীৰ গৰাকী হ’ল এজন সাধাৰণ ট্ৰেক্টৰ চালক। বৰপেটা জিলাৰ হাউলীৰ ঐতিহাসিক ৰাস মহোৎসৱ উপলক্ষ্যে প্ৰতি বছৰে আয়োজিত সুপ্ৰসিদ্ধ লটাৰী খেলত প্ৰথম পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হয় যুৱকজনে। বৰপেটাৰ কালজাৰৰ নিৱাসী ইনজামুল হক নামৰ সাধাৰণ ট্ৰেক্টৰ চালকজনে হাউলী ৰাসৰ লটাৰীৰ দুটা টিকট ক্ৰয় কৰিছিল। ইফালে দেওবাৰে এই ভাগ্য পৰীক্ষাৰ খেলৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা ৰেঞ্জ ৰভাৰ গাড়ীখন লাভ কৰে ইনজামুলে। পুৰস্কাৰ লাভৰ পিছত আনন্দ ব্যক্ত কৰি ইনজামুলে কয়, ''মই হাউলীৰ ৰাসৰ লটাৰীৰ দুটা টিকট ক্ৰয় কৰিবলৈ ৫ ঘণ্টা সময় অপেক্ষা কৰিছিলো। ভৱা নাছিলো যে মই পুৰস্কাৰ…
Read More
অবৈধ চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত কাছাৰত নিলম্বন অসম আৰক্ষীৰ ৫ জোৱান

অবৈধ চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত কাছাৰত নিলম্বন অসম আৰক্ষীৰ ৫ জোৱান

কাছাৰ জিলাত চুপাৰী সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগত নিলম্বিত হ’ল পাঁচজন অসম আৰক্ষী জোৱান। খবৰ অনুসৰি কাছাৰ আৰক্ষী অধীক্ষক নুমল মহত্তই জিলাখনৰ মাজেৰে চোৰাংকৈ চুপাৰী সৰবৰাহৰ বাবে অনুমতি দিয়াৰ অভিযোগত পাঁচজন কনিষ্টবলক নিলম্বন কৰে। জিলা আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, নিলম্বিত আৰক্ষীকেইজন অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ গুমৰা আৰক্ষী তদন্ত কেন্দ্ৰৰ অন্তৰ্গত ডিগোৰখাল চেক-পোষ্টত নিযুক্ত আছিল। জানিব পৰা মতে, এই পাঁচজন আৰক্ষীৰ সহায়ত শিৱনগৰৰ টোলগেট পাৰ হ’বলৈ দিয়া হৈছিল এখন চুপাৰী সৰবৰাহকাৰী ট্ৰাক। ইফালে শনিবাৰে চুপাৰী সৰবৰাহৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহে ৫ আৰক্ষী জোৱানৰ কুকীৰ্তি।
Read More
আকৌ ঘোচ কাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল

আকৌ ঘোচ কাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল

ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী। এইবাৰ বঙাইগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এজন চৰকাৰী বিষয়া। ধৃত চৰকাৰী বিষয়াজনৰ নাম লাট মণ্ডল সুধীৰ পাল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মাটি সংক্ৰান্তিয় বিষয়ত অভিযোগকাৰীৰ পৰা ধন দাবী কৰিছিল লাট মণ্ডলজনে। সেই ধন লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে।
Read More
ৰাজ্যত মিজো চোৰাং চিকাৰীৰ দপদপনি! হাইলাকান্দিত অস্ত্ৰ-শস্ত্ৰসহ আটক ৬ জন

ৰাজ্যত মিজো চোৰাং চিকাৰীৰ দপদপনি! হাইলাকান্দিত অস্ত্ৰ-শস্ত্ৰসহ আটক ৬ জন

ৰাজ্যত অবাধ দপদপনি চোৰাং চিকাৰীৰ। হাইলাকান্দিত আটক মিজোৰামৰ পৰা আহি অসমত বাহৰ পাতি থকা ৬ জন চোৰাং চিকাৰী। হাইলাকান্দি বন বিভাগৰ এটা দলে অভিযান চলাই জিলাখনৰ পাগলাঝোৰৰ পৰা আটক কৰে চোৰাং চিকাৰী কেইটাক। বন বিভাগে চোৰাং চিকাৰী কেইটাৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ শস্ত্ৰও। খবৰ অনুসৰি অসমৰ পৰা বহিঃ ৰাজ্যলৈ বান্দৰ সৰবৰাহ কৰি আহিছিল চোৰাং চিকাৰী কেইটাই। ধৃত ব্যক্তিকেইজনৰ পৰা তিনিটা বন্দুক, এখন বাহন আৰু ৬টা মৃত বান্দৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, চোৰাং চিকাৰী কেইটা মিজোৰামৰ কোলাছিবৰ নিৱাসী।
Read More
যোৰাবাটত ৭০টা গৰু সৰবৰাহৰ সময়তে উদ্ধাৰ

যোৰাবাটত ৭০টা গৰু সৰবৰাহৰ সময়তে উদ্ধাৰ

অসম আৰক্ষীয়ে যোৱা ৯ ডিচেম্বৰত যোৰাবাটৰ মেঘালয়লৈ ৭০টা জীয়া গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰা দুখন ট্ৰাক জব্দ কৰে। বশিষ্ঠ থানাৰ যোৰাবাট আউটপোষ্টৰ পৰা পূৱ গুৱাহাটী আৰক্ষীৰ এটা দলে AS01 FC 4531 আৰু NL01 AB 3849 নম্বৰৰ পঞ্জীয়ন নম্বৰৰ দুখন ট্ৰাক জব্দ কৰে। জব্দ কৰাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে আন্তঃৰাজ্যিক গৰু সৰবৰাহৰ প্ৰচেষ্টা বিফল কৰি যোৱা ৭ নৱেম্বৰত যোৰাবাটত কমেও ৩২টা গৰু উদ্ধাৰ কৰিছিল। জব্দ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় দুজন ব্যক্তিক।
Read More
অনিয়মেৰে চাকৰি লাভ! ৩ ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰী SITৰ

অনিয়মেৰে চাকৰি লাভ! ৩ ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰী SITৰ

তিনি ৰাজপত্ৰিত বিষয়ালৈ SITৰ জাননী। কৰিমগঞ্জৰ ADC মিনাৰ্ভা দেৱী, APS দীপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ কুমাৰ জৈনলৈ জাননী। সোমবাৰে SITত হাজিৰৰ নিৰ্দেশ তিনিওকে। গুৱাহাটীৰ নিৰ্বাচন বিভাগত কৰ্মৰত ধীৰাজ কুমাৰ জৈন আৰু হাইলাকান্দিৰ 21 APBnৰ কৰ্মৰত দীপাংকৰ দত্ত লহকৰ। বক্ৰপথেৰে APSCত চাকৰি লোৱাৰ অভিযোগ আটাইকেইগৰাকীৰ বিৰুদ্ধে। ইফালে, ২০১৪ চনত APSCত বাচনি হৈছিল মিনাৰ্ভা দেৱী আৰাৱামা। নন্দ বাবু সিঙৰ কন্যা মিনাৰ্ভা দেৱী। ৰাকেশ পালৰ কাৰ্যকালত APSCৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং। ২০১৩ৰ মাৰ্চৰ পৰা ২০১৫ চনৰ জুলাই মাহলৈ আছিল প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু। ২০২২ৰ আগষ্ট মাহত বিপ্লৱ শৰ্মা আয়োগে জেৰা কৰিছিল নন্দবাবু সিঙক। নন্দবাবু সিঙৰ বিৰুদ্ধে APSCত ৪৯ হাজাৰ পৰীক্ষা…
Read More
গৌৰীপুৰত STFৰ অভিযানত ১.৮ কেজি হেৰ’ইন জব্দ, দুজনক আটক

গৌৰীপুৰত STFৰ অভিযানত ১.৮ কেজি হেৰ’ইন জব্দ, দুজনক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে সোমবাৰে কামৰূপ জিলাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ১.৮ কেজি নিষিদ্ধ হেৰ’ইন। গোপন খবৰৰ ভিত্তিত অভিযান চলাই অভিযানকাৰী দলটোৱে এ এছ ২৫ ই চি ৪৪৬৪ নম্বৰৰ এখন টাটা ডি আই বাহনৰ পৰা জব্দ কৰে হেৰ’ইনখিনি। প্ৰাথমিক খবৰ অনুসৰি শৰাইঘাটত আৰক্ষীয়ে জব্দ কৰে বাহনখন। কিন্তু চেকপইণ্টত ৰৈ থকা আৰক্ষীৰ তথ্য পোৱাৰ পিছত বেপাৰীসকলে বাহনখন লৈ চাংসাৰীৰ ফালে পলায়ন কৰে। পলায়ন কৰা বেপাৰীসকলক কৰায়ত্ত কৰিবলৈ এছটিএফৰ দলটোৱে ২ জাঁই গুলীচালনা কৰে আৰু তাৰ পিছত গাড়ীখন ৰখাই দিয়া হয়। ইয়াৰ পিছতে গাড়ীখনত তালাচী চলোৱাৰ পিছত বেপাৰীয়ে ইংগিত দিয়াৰ দৰে গাড়ীখনৰ এটা লুকাই থকা…
Read More
তিনিচুকীয়াত সেনা শিৱিৰৰ সন্মুখত গ্ৰেণেড আক্ৰমণ, ধৃত ২ আক্ৰমণকাৰী যুৱক

তিনিচুকীয়াত সেনা শিৱিৰৰ সন্মুখত গ্ৰেণেড আক্ৰমণ, ধৃত ২ আক্ৰমণকাৰী যুৱক

এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সেনা শিবিৰৰ সন্মুখত সংঘটিত হয় গ্ৰেনেড আক্ৰমণ। বৃহস্পতিবাৰে পুৱা মটৰবাইকত অহা দুজন যুৱকে তিনিচুকীয়াত সেনা শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। সেনাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক। আৰক্ষীক গতাই দিয়া হৈছে। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱক দুজনে শিবিৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰে। শিবিৰৰ ভিতৰত গ্ৰেনেড দলিয়াই দিবলৈ চেষ্টা কৰে। কিন্তু লক্ষ্য হেৰুৱাই প্ৰৱেশদ্বাৰৰ সন্মুখত বিস্ফোৰণ ঘটে। এই ঘটনাত কোনো লোক আহত হোৱা নাই। এজন সেনা বিষয়াই কয় যে আক্ৰমণকাৰীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও শিবিৰৰ প্ৰৱেশদ্বাৰত পহৰা দি থকা জোৱানে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি গণ্য কৰে। প্ৰসংগক্ৰমে বিজেপি চৰকাৰৰ…
Read More
কৰিমগঞ্জত আৰক্ষীৰ অভিযানত ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এজনক আটক

কৰিমগঞ্জত আৰক্ষীৰ অভিযানত ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ, এজনক আটক

শুকুৰবাৰে কৰিমগঞ্জৰ সৰগোলা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অটোৰিক্সা এলেকাত অভিযান চলাই আৰক্ষীয়ে ৫০ লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। সূত্ৰ অনুসৰি আৰক্ষীৰ এটা দলে এ এছ ১০ চি ২৯৪০ নম্বৰ এখন অটোৰিক্সাত তালাচী চলাই ৪৮টা পেকেটত লুকাই ৰখা বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিয়াজ উদ্দিন নামৰ অটোৰিক্সা চালকজনৰ পৰা উদ্ধাৰ কৰা হৈছে ১০৬০ কিলোগ্ৰাম ওজনৰ প্ৰায় ৯৬০০ য়াবা টেবলেট। কৰিমগঞ্জ সদৰ আৰক্ষীয়ে জেৰাৰ বাবে আটক কৰে নিয়াজ উদ্দিনক।
Read More