24
Apr
কোকৰাঝাৰ জিলাত সোমবাৰে আৰক্ষীৰ গুলীত নিহত হয় কমতাপুৰ লিবাৰেচন ফ্ৰণ্টৰ দুজন কেডাৰ। সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত, য’ত কে এল অ’ৰ কেডাৰৰ এটা দলে শিবিৰ পাতি আত্মগোপন কৰি আছিল। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ সময়ত কেডাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখি সংঘর্ষ হয়। এনকাউণ্টাৰত নিহত হোৱা কেডাৰকেইজনৰ নাম অভিজিত ডেকা আৰু নিপন ৰায়। ইফালে নিৰাপত্তা বাহিনীয়ে স্থানৰ পৰা কে এল অ’ৰ এজন কেডাৰক আটক কৰাৰ বিপৰীতে আন কিছুমানে স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
