অসম

শোকাবহ! কেন্দুকোণাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ভাতৃ-ভগ্নীৰ…

শোকাবহ! কেন্দুকোণাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ভাতৃ-ভগ্নীৰ…

কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই ভাই-ভনীৰ মৃত্যু হয়। খবৰ অনুসৰি কেন্দুকোনাস্থিত ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত তীব্ৰবেগী বাহনে খুন্দা মাৰে এজন ভাতৃ আৰু ভগ্নীসহ চাৰিজন লোকক। স্থানীয় ৰাইজে দাবী কৰা মতে গাড়ীখনৰ চালকজন মদ্যপান কৰি নলবাৰীলৈ গৈ থকা অৱস্থাত পথত ব্যক্তিসকলক খুন্দা মাৰে। দুৰ্ঘটনাটোত গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাস (৮)ৰ প্ৰাণ। ইফালে আহত চুমি দাস আৰু আইনুল হকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা ব্যক্তিজনক নৰেন নাৰ্জাৰী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এগৰাকী অৱসৰী চিকিৎসক।
Read More
শান্তি আলোচনাৰ স্বাৰ্থত মূল সুঁতিলৈ উভতিল KLOৰ মুৰব্বী জীৱন সিংহ…

শান্তি আলোচনাৰ স্বাৰ্থত মূল সুঁতিলৈ উভতিল KLOৰ মুৰব্বী জীৱন সিংহ…

শান্তি আলোচনাৰ স্বাৰ্থত অৱশেষত মূল সুঁতিলৈ উভতি আহিল কমতাপুৰ মুক্তি সংগঠনৰ মুৰব্বী টিমিৰ দাস ওৰফে জীৱন সিংহ। বাতৰি অনুসৰি, ১৩ জানুৱাৰী, শুকুৰবাৰে নাগালেণ্ডৰ মন জিলাৰ লংৱাত গাঁৱত কেএলঅ’ৰ আন কেডাৰৰ সৈতে আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ কৰে জীৱন সিংহই। বৰ্তমান নিষিদ্ধ সংগঠনৰ মুৰব্বীজনক আছাম ৰাইফলছৰ জিম্মাত শান্তি আলোচনাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। বাতৰি অনুসৰি, ম্যানমাৰৰ চাগাইং প্ৰদেশৰ উত্তৰ-পশ্চিম অংশৰ এটা শিৱিৰত আশ্ৰয় লৈ আছিল কেএলঅ’ৰ মুৰব্বী জীৱন সিংহই। শুকুৰবাৰে বিয়লি তেওঁ মন জিলাৰ মাজেৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত ভাৰত-ম্যানমাৰ সীমান্তত পহৰা দিয়া আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পণ কৰে। একে সময়তে জীৱন সিংহৰ সৈতে সংগঠনটোৰ আন ৯…
Read More
গুৱাহাটীত ‘শান্তিৰ কনচাৰ্ট’ৰে দৰ্শকক মুগ্ধ কৰিবলৈ সাজু এ.আৰ ৰহমান, জানক সৱিশেষ…

গুৱাহাটীত ‘শান্তিৰ কনচাৰ্ট’ৰে দৰ্শকক মুগ্ধ কৰিবলৈ সাজু এ.আৰ ৰহমান, জানক সৱিশেষ…

গুৱাহাটীঃ একাডেমী বঁটা বিজয়ী তথা ভাৰতীয় সংগীতৰ মহাৰজাখ্যাত এ আৰ ৰহমানে গুৱাহাটীত “শান্তিৰ কনচাৰ্ট” নামৰ এটা মেগা ইভেণ্টত দৰ্শকক মুহিত কৰিবলৈ সাজু হৈছে। ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই কনচাৰ্টটো সৰুসজাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’ব। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে উপস্থাপন কৰা এই লাইভ কনচাৰ্টটো ইষ্টাৰ্ণ ইণ্ডিয়াৰ বছৰৰ আটাইতকৈ ডাঙৰ সংগীতৰ এক্সট্ৰাভাগান্জা হিচাপে প্ৰচাৰ কৰিছে। এই অনুষ্ঠানত ৩৫ হাজাৰৰো অধিক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৰহমানে ২০০৮ চনত শ্ৰেষ্ঠ মৌলিক গীত (জয় হো) আৰু শ্ৰেষ্ঠ মৌলিক স্কোৰ (স্লামডগ মিলিয়নাৰ)ৰ বাবে দুটা অকাডেমী বঁটা লাভ কৰিছিল যদিও তেতিয়ালৈকে তেওঁ ইতিমধ্যে নিজৰ গৃহ দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ মাজতো ছুপাৰষ্টাৰ হৈ পৰিছিল।…
Read More
গুৱাহাটী ৰে’ল ষ্টেছনত প্ৰায় ৪২ কেজি গাঞ্জা জব্দ…

গুৱাহাটী ৰে’ল ষ্টেছনত প্ৰায় ৪২ কেজি গাঞ্জা জব্দ…

শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত এখন ৰে’লৰ পৰা উদ্ধাৰ হয় বিপুল পৰিমাণৰ গাঞ্জা। নিয়মীয়াকৈ তালাচীৰ সময়ত গুৱাহাটী ৰে’ল আৰক্ষীয়ে বিয়লি তাম্বাৰম বিশেষ ৰে’লৰ পৰা ৪২.৩২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। তথ্য অনুসৰি চিটৰ তলত উদ্ধাৰ হোৱা দুটা ৰকচেক বেগৰ ভিতৰত গাঞ্জাখিনি ভৰাই থোৱা আছিল। এই জব্দ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই গাঞ্জাৰ আনুমানিক মূল্য কেইবালাখ টকা বুলি কোৱা হৈছে। অধিক তদন্ত অব্যাহত আছে।
Read More
সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্তই অসমত সমস্যাৰ সৃষ্টি কৰিবঃ বিৰোধিতাৰে মন্তব্য অখিল গগৈৰ…

সমষ্টিৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্তই অসমত সমস্যাৰ সৃষ্টি কৰিবঃ বিৰোধিতাৰে মন্তব্য অখিল গগৈৰ…

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰি এই সিদ্ধান্তই সমস্যাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে। আজি শিৱসাগৰত সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কয় যে উজনি অসমৰ তিনিটা সমষ্টি- শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় কৰ্তনৰ সম্ভাৱনা আছে। তেওঁ আৰু উজনি অসমৰ সমষ্টিসমূহ কৰ্তন কৰি চৰকাৰে খিলঞ্জীয়াক কেনেকৈ সুৰক্ষিত কৰিব সেই প্ৰশ্ন উত্থাপন কৰি লগতে কয় যে সমষ্টিসমূহ কৰ্তনৰ লগে লগে কোনো খিলঞ্জীয়া সুৰক্ষিত নহ’ব। আমগুৰি সমষ্টি কৰ্তনৰ সিদ্ধান্তও মানি লোৱা নহ’ব বুলিও তেওঁ কয়। শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় জিলাৰ সমষ্টিসমূহ কৰ্তনৰ বাবে চৰকাৰে পদক্ষেপ ল’ব লাগে বুলি গগৈয়ে দাবী জনায়। লগতে শাসকীয় দলক সৰ্বদলীয় বৈঠকৰ ব্যৱস্থা…
Read More
অভিযুক্তৰ পৰা ৫ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্টবল নিৰন ধৰ পাৱ…

অভিযুক্তৰ পৰা ৫ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্টবল নিৰন ধৰ পাৱ…

বছৰৰ আৰম্ভণিতে পুনৰ হাত দাঙিলে আন এজন দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে। এইবাৰ ধনৰ বিনিয়মত অভিযুক্তক সকাহ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কনিষ্টবল। দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ধেমাজি জিলাৰ বৰদলনি আৰক্ষী থানাৰ কনিষ্টবলজনক। ধৃত কনিষ্টবলজনৰ নাম নিৰন ধৰ পাৱে। টুইটযোগে এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ কথাৰে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’ উন্মোচন ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ কথাৰে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’ উন্মোচন ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ প্ৰথম বৰ্ষৰ ঘটনাৰ বিৱৰণীৰে এখন গ্ৰন্থ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী নং ১’ মুকলি কৰে। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ ব্যক্তিগত জীৱনক লাইমলাইটলৈ আনি গ্রন্থখনত মুখ্যমন্ত্রী হিচাপে তেওঁ হাতত লোৱা দৈনন্দিন কাম-কাজৰ বিৱৰণী সন্নিবিষ্ট কৰা হৈছে৷ ১৯৫০ চনৰ বিপৰ্যয়জনক ভূমিকম্প, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ বা অসম আন্দোলনৰ দৰে কোনো পৰিস্থিতিৰ সন্মুখীন হ’ব নোৱাৰা সৌভাগ্যৱান মুখ্যমন্ত্ৰী বুলি অভিহিত কৰি তেওঁ কয় যে ফলস্বৰূপে তেওঁ উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিব পাৰিব। তেওঁৰ ডায়েৰীখনত মূলতঃ যোৱা ১১ মাহত ৰাজ্যখনে দেখা বৃদ্ধিৰ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ…
Read More
ডিব্ৰুগড়ৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ, ৩ অভিযুক্তক আটক…

ডিব্ৰুগড়ৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ, ৩ অভিযুক্তক আটক…

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ আৰক্ষীৰ। বঙাইগাঁও জিলাৰ চৰ অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৭ বছৰীয়া কিশোৰীগৰাকীক। উল্লেখ্য যে, যোৱা ১ জানুৱাৰীত দুলীয়াজান থানাত আগৰৱালা উপাধিৰ কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পিতৃ-মাতৃয়ে। ৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত টিউচনৰ বাবে কিশোৰীগৰাকী যোৱাৰ পিছতে সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে কিশোৰীগৰাকীক বৰপেটাৰ জাহিদুল আলী নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ কৰিছিল। লক্ষণীয়ভাৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাবালিকাগৰাকীৰ অপহৰণৰ তদন্ত কৰিবলৈ ডিব্রুগড় আৰক্ষীক নির্দেশ দিছিল৷ ইফালে কিশোৰীগৰাকীক আজি উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ মোমায়েকসহ ৩ জনক আটক কৰিছে। অৱশ্যে মূল অভিযুক্তৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।
Read More
ৰাজ্যত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্পূৰ্ণ হৈছে ৬৫,৪৬৯টা ঘৰঃ অশোক সিংঘাল

ৰাজ্যত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্পূৰ্ণ হৈছে ৬৫,৪৬৯টা ঘৰঃ অশোক সিংঘাল

অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত আবণ্টিত ১.৫১ লাখ ঘৰৰ ভিতৰত ৰাজ্যত এই পৰ্যন্ত ৬৫,৪৬৯টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। সংবাদমেলত সিংঘালে কয়, ‘আমি মুঠ ৬৫,৪৬৯টা ঘৰ সম্পূৰ্ণ কৰিছো আৰু ইয়াৰে ৩২,০০৩টা ঘৰ বিগত এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। আৰু প্ৰায় ৩২ হাজাৰ ঘৰ সম্পূৰ্ণ হোৱাৰ বিভিন্ন পৰ্যায়ত আছে।” তেওঁ আৰু কয় যে হিন্দুস্তান কাগজ কৰ্পৰ বন্ধ হৈ যোৱা নগাঁও কাগজ কলৰ পৰা অধিগ্ৰহণ কৰা ভূমিত চৰকাৰে নগাঁও জিলাৰ জাগীৰোডত এখন চেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ মনস্থ কৰিছে। তেওঁ কয়, ‘এইখন হ’ব বিশ্বমানৰ অমৃত-গুৱাহাটী সংহত নগৰ, যিখন ১০০০ একৰ মাটিত বিস্তৃত হ’ব। আমি…
Read More
অসম চৰকাৰক অৰ্পণ গোৱালপৰীয়া লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ঐতিহাসিক হাৱা মহল…

অসম চৰকাৰক অৰ্পণ গোৱালপৰীয়া লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ঐতিহাসিক হাৱা মহল…

গোৱালপৰীয়া লোক কিংবদন্তি পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ সদস্যই ঐতিহাসিক মাটিয়াবাগ হাৱা মহল পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে অসম ৰাজ্যিক সাংস্কৃতিক বিভাগক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। এই হাৱা মহলটো আছিল লোক শিল্পীগৰাকীৰ বৈবাহিক ঘৰ আৰু ধুবুৰীৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ আইকন। ঐতিহাসিক হাৱা মহলৰ উপৰিও দেৱদাসৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গৌৰীপুৰ জমিন্দৰী বাগিচাৰ ইতিহাসৰ সৈতে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু খ্যাতি ৰক্ষাৰ বাবে সংগ্ৰহালয় স্থাপনৰ বাবে মাটিয়াবাগত মাটিও গতাই দিয়ে। ২৪টা কোঠা থকা হাৱা মহলৰ সমান্তৰালকৈ ঐতিহাসিক গৌৰীপুৰ বাগিচাখনৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে আৰু চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ঐতিহাসিক সামগ্ৰী, তৈলচিত্ৰ, প্ৰাচীন অস্ত্ৰ-শস্ত্ৰ, বিৰল ছবিকে ধৰি অন্যান্য ঐতিহাসিক সামগ্ৰীও চৰকাৰে…
Read More