20
Aug
অসম বিজেপিৰ ভিতৰচ’ৰাত অসন্তুষ্টি আৰু ন-পুৰণি বিজেপি নেতাৰ মাজৰ শীতল সংঘাতৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। এক বিবৃতিত দেউৰীয়ে কয় যে বিজেপি কাৰোবাৰ ব্যক্তিগত সম্পত্তি নহয় বৰঞ্চ ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰা হৈছে। অসমত দলৰ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়োৱা ৰাজেন গোহাঁইৰ দৰে নেতাক সন্মান প্ৰদৰ্শন নকৰাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা ৰাজেন গোহাঁইৰ পদত্যাগৰ পিছত দলৰ ভিতৰৰ প্ৰবীণ নেতাসকলৰ প্ৰতি কৰা ব্যৱহাৰৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰে দেউৰীয়ে। চাৰিবাৰকৈ প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰতিবাদত বিজেপিৰ অভিজ্ঞ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোহাঁয়ে…
