অসম

জয়ন্ত মল্ল বৰুৱাক চিনি নাপায় অমিত শ্বাহে! গৃহমন্ত্ৰীক সাক্ষাতৰ পিছতে কলে ৰাজেন গোহাঁইয়ে

জয়ন্ত মল্ল বৰুৱাক চিনি নাপায় অমিত শ্বাহে! গৃহমন্ত্ৰীক সাক্ষাতৰ পিছতে কলে ৰাজেন গোহাঁইয়ে

ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ প্ৰতিবাদত অসমৰ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে শেহতীয়াকৈ কেবিনেট ৰেংক পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ২৬ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দল আৰু ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশ সম্পৰ্কে নিজৰ মত জনায়। অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত বৈঠকত ৰাজেন গোহাঁইয়ে তেওঁৰ উদ্বেগ আৰু পদত্যাগৰ আঁৰৰ কাৰণসমূহ ব্যক্ত কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ কথা উল্লেখ কৰাৰ সময়ত অমিত শ্বাহে উত্তৰ দিছিল, "জয়ন্ত মল্ল বৰুৱা কোন?" ইয়াৰ পৰা বুজা যায় যে তেওঁ ব্যক্তিজনৰ বিষয়ে অজ্ঞাত আছিল। কেন্দ্ৰীয় ৰে’ল বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী গোহাঁইয়ে শ্বাহৰ ওচৰত নিজৰ অভিযোগ দাখিল কৰি কেবিনেট ৰেংক পদৰ পৰা…
Read More
ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী, কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি

ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী, কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি

ৰাজ্যত প্ৰৱল বৰুষণৰ আগজাননী। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিন অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে। তদুপৰি আই এম ডিয়ে বৃহস্পতিবাৰৰ বাবে ধুবুৰী, কোকৰাঝাৰ, চিৰাংকে ধৰি অসমৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ইফালে ২৫ আগষ্টৰ পৰা ২৬ আগষ্টলৈ কাৰ্বি আংলং আৰু গোলাঘাটৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
Read More
বালি মহল চলোৱাৰ অনুমতি প্ৰদানৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ ৰেঞ্জ অফিচাৰ…

বালি মহল চলোৱাৰ অনুমতি প্ৰদানৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ ৰেঞ্জ অফিচাৰ…

ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী। বুধবাৰে ধুবুৰী জিলাত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় এজন চৰকাৰী বিষয়া। বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই ধুবুৰী বন সংমণ্ডলৰ সপতগ্ৰাম কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ঘোচখোৰ বিষয়াজনক। ধৃত বিষয়াজনৰ পৰিচয় বাবলু দে বুলি জানিব পৰা গৈছে। সপতগ্ৰাম কাৰ্যালয়ত এ এফ এছ, ৰেঞ্জ অফিচাৰ হিচাপে কৰ্তব্যৰত আছিল বাবলু দে। অভিযোগকাৰীক তেওঁৰ আইনী বালি মহল চলোৱাত অশান্তি নিদিয়াৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ লগে লগে দেক গ্ৰেপ্তাৰ কৰা হয় বুলি ভিজিলেন্স চেলে দাবী কৰে। অধিক তদন্ত অব্যাহত আছে।
Read More
সুৰাসক্ত চালকৰ ইখনৰ পিছত সিখন বাহনত খুন্দা! মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত ৪ জন

সুৰাসক্ত চালকৰ ইখনৰ পিছত সিখন বাহনত খুন্দা! মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত ৪ জন

বুধবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন ৪জন গুৰুতৰভাৱে আহত হয়। লালমাটি অঞ্চলৰ গেম ভিলেজৰ সমীপৰ পথত চাৰিচকীয়া বাহনে চাৰিজন লোকক খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত এজনৰ থিতাতে মৃত্যু হয়। নিহত লোকজনৰ নাম সুনীল কুমাৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে গাড়ীখন পলায়ন কৰা বুলি জানিব পৰা গৈছে। গেম ভিলেজৰ পৰা পলায়ন কৰাৰ পিছত পুনৰ দুখন দুচকীয়া বাহনৰ সৈতে খুন্দা মাৰে বাহনখনে। তাৰ পৰাও পলায়নৰ চেষ্টা চলাই এইবাৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে চালকজনে। যাৰ ফলত চালকজনো আহত হয়। খবৰ অনুসৰি অভিযুক্ত চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা…
Read More
২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ গোচৰৰ সকলো অভিযুক্তক উচ্চ ন্যায়ালয়ৰ দোষমুক্ত ঘোষণা

২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ গোচৰৰ সকলো অভিযুক্তক উচ্চ ন্যায়ালয়ৰ দোষমুক্ত ঘোষণা

২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ গোচৰত গৌহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনত ছয়জন লোকক দোষী সাব্যস্ত কৰা আৰু আন ৮জনক দোষমুক্ত কৰা নিম্ন ন্যায়ালয়ৰ ৰায় বাতিল কৰি সকলো অভিযুক্তক দোষমুক্ত কৰিছে। ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত হোৱা বিস্ফোৰণত ১৮টা শিশুৰ মৃত্যু আৰু ৪০ জন আহত হয়। নিম্ন ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড আৰু চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা ছয়জন লোক হ’ল নিলোৎপল সন্দিকৈ, যতীন দুৱৰী, দিপাঞ্জলি গোহাঁই, লীলা গগৈ, প্ৰশান্ত ভূঞা আৰু হেমেন গগৈ। ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ বিভিন্ন ধাৰাত অপৰাধমূলক ষড়যন্ত্ৰ, হত্যা, হত্যাৰ চেষ্টা আৰু ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ অভিযোগ…
Read More
ভাল খবৰ! গুৱাহাটীত মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ অফ-কেম্পাছ ফেচেলিটী

ভাল খবৰ! গুৱাহাটীত মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ অফ-কেম্পাছ ফেচেলিটী

ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ এক অফ-কেম্পাছ ফেচিলিটী মুকলি কৰা হ’ব গুৱাহাটীত। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় গেজেটত এই সন্দৰ্ভত এক জাননী প্ৰকাশ কৰে। প্লেটফৰ্ম ‘এক্স’ (পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেটা কামৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে। “গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ চৌহদ আনুষ্ঠানিকভাৱে দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় গৃহমন্ত্ৰী মহোদয়লৈ গভীৰ ধন্যবাদ। আমাৰ অঞ্চলত অপৰাধমূলক তদন্তক আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।’-তেওঁ লিখিছে। চলিত বৰ্ষৰ আৰম্ভণিতে অসম চৰকাৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুমতি দিছিল।
Read More
ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা গোচৰ! বিজেপি নেতা মৃগাংক বৰ্মনক সোধা-পোছাৰ বাবে চমন আৰক্ষীৰ

ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যা গোচৰ! বিজেপি নেতা মৃগাংক বৰ্মনক সোধা-পোছাৰ বাবে চমন আৰক্ষীৰ

বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ তদন্তত উপ-আয়ুক্ত (কেন্দ্ৰীয়) অক্ষত গাৰ্গে মৃগাংক বৰ্মনক এই গোচৰৰ সৈতে জড়িত সোধা-পোছাৰ বাবে চমন চাৰি কৰিছে। ধৃত নেতা ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰা তথ্যৰ পিছতে এই চমন জাৰি কৰা হয় বিজেপি নেতাজনলৈ। সূত্ৰৰ পৰা জানিব পৰা মতে, মৃংগাক বৰ্মনক সোমবাৰে নিশাৰ ভিতৰত চান্দমাৰী থানাত হাজিৰ হৈ নিজৰ বক্তব্য প্ৰদান কৰিবলৈ কোৱা হয়। একে সময়তে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীৰ সৈতে চান্দমাৰী আৰক্ষীৰ এটা দলে এই গোচৰৰ সৈতে জড়িত জিলাখনত অভিযান আৰম্ভ কৰিছে। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে দুটা পৃথক গোচৰ ৰুজু কৰা বুলি তদন্তত পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত মৃতকৰ স্বামীয়ে…
Read More
অসম-মেঘালয় সীমা সংঘাত! ২৬ আগষ্টত বৈঠকত মিলিত হ’ব দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি

অসম-মেঘালয় সীমা সংঘাত! ২৬ আগষ্টত বৈঠকত মিলিত হ’ব দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি

আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত লাংপিহলৈ যৌথ ভ্ৰমণৰ পূৰ্বে ২৬ আগষ্টত অসম আৰু মেঘালয়ৰ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব বুলি মেঘালয়ৰ সমাজ কল্যাণ মন্ত্ৰী পল লিংডোহে জানিবলৈ দিয়ে। লিংডোহে সংবাদ মাধ্যমৰ আগত কয় যে, ‘আমি গ্ৰাউণ্ড জিৰ’লৈ গৈ অঞ্চলটোৰ জনসাধাৰণক লগ কৰিবলৈ সাজু হোৱাৰ সময়তে এই ২৬ আগষ্টত ইয়াত দুয়োখন কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। গুৱাহাটীত অনুষ্ঠিত হোৱা অন্তিমখন বৈঠকত ৰাজ্য দুখনৰ আঞ্চলিক সমিতিসমূহে যৌথভাৱে মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ লংপিহলৈ গৈ আন্তঃৰাজ্যিক সীমান্ত চূড়ান্ত কৰাৰ পূৰ্বে অংশীদাৰ, স্থানীয় প্ৰতিনিধি আৰু বাসিন্দাসকলক সাক্ষাৎ কৰিবলৈ সন্মত হৈছিল। মেঘালয়ৰ পৰা অহা তিনিখন আঞ্চলিক সমিতিৰ ভিতৰত এখনৰ মুৰব্বী লিংডোহে। মেঘালয় আৰু অসম দুয়োখনেই লাংপিহ অঞ্চলৰ ওপৰত…
Read More
কলেজ কেম্পাছৰ ভিতৰত সুৰাপান খোদ অধ্যক্ষৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তদন্ত নিৰ্দেশ শিক্ষা বিভাগৰ

কলেজ কেম্পাছৰ ভিতৰত সুৰাপান খোদ অধ্যক্ষৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তদন্ত নিৰ্দেশ শিক্ষা বিভাগৰ

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিপক কুমাৰ নেওগে আন চাৰিজন লোকৰ সৈতে কেম্পাছত মদ্যপান কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে অসম শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিছে। জানিব পৰা মতে এই অভিযোগৰ সন্দৰ্ভত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিপক কুমাৰ নেওগক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। তদুপৰি ধেমাজিৰ জিলা উপায়ুক্ত (ডি চি)ক অসম শিক্ষা বিভাগে এই বিষয়ত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। ইয়াত উল্লেখ কৰিব পাৰি যে ধেমাজি জিলা প্ৰশাসনে ইতিমধ্যে এই বিষয়ত অতিৰিক্ত উপায়ুক্তৰ অধীনত তদন্তৰ নিৰ্দেশ দিছে। লক্ষণীয়ভাৱে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰে (১৯ আগষ্ট) তেওঁলোকৰ অধ্যক্ষ দিপক কুমাৰ নেওগে আন চাৰিজন লোকৰ সৈতে কেম্পাছত সুৰাপান কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত প্ৰতিবাদ…
Read More
নিজ বাসগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱ চিকিৎসকৰ মৃতদেহ, চাঞ্চল্য

নিজ বাসগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱ চিকিৎসকৰ মৃতদেহ, চাঞ্চল্য

সোমবাৰে পুৱা তেজপুৰৰ কছাৰী গাঁৱৰ নিজা বাসগৃহত এজন চিকিৎসক মৃত অৱস্থাত উদ্ধাৰ হয়। তেজপুৰ চহৰৰ নিজা বাসগৃহৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ হয় চিকিৎসকজন। ৰৌণক প্ৰজাপতি নামৰ মৃত চিকিৎসকজন প্ৰকৃততে ৰাজস্থানৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। যুৱ চিকিৎসক ডাঃ প্ৰজাপতি মিছামাৰী উপ-স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিলেও চিকিৎসক জনৰ মৃত্যু সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Read More