অসম

শিশু শ্ৰমিকক নিয়োগ কৰাৰ অভিযোগত ৰিজাৰ্ভ ক্লজ পলাশবাৰী থানাৰ OCক…

শিশু শ্ৰমিকক নিয়োগ কৰাৰ অভিযোগত ৰিজাৰ্ভ ক্লজ পলাশবাৰী থানাৰ OCক…

থানাত শিশু শ্রমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰিজাৰ্ভ ক্লজ কৰা হৈছে কামৰূপ জিলাৰ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নাথক। শিশু সুৰক্ষাৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে বিষয়াগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা হয়। অভিযোগ অনুসৰি ৰাজীৱ নাথে এটি কনমানিক জোৰ কৰি কামত খটুৱাই থানাৰ কোৱাৰ্টাৰত থাকিবলৈ বাধ্য কৰাইছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
Read More
নৈতিক অপৰাধ সংঘটিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই: গৌৰৱ গগৈ

নৈতিক অপৰাধ সংঘটিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই: গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাজত অব্যাহত আছে টুইট যুদ্ধ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি তেওঁ নৈতিক অপৰাধ সংঘটিত কৰা বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত গৌৰৱ গগৈয়ে লিখিছে, "জনমতৰ আদালতত মুখ্যমন্ত্ৰীৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানৰ বাবে ১০ কোটি টকাৰ চৰকাৰী অনুদানৰ অনুমোদন লাভ কৰাটো এটা নৈতিক অপৰাধ।" দুয়োপক্ষৰ পৰা ‘ধন্যবাদ’ৰ সৈতে তীব্ৰ এক্স যুদ্ধৰ অন্ত পৰাৰ কেইঘণ্টামান পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ ওপৰত এই নতুন আক্ৰমণ সংঘটিত হয়। ১৪ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মাজত শৰ্মাৰ পত্নী ৰিনিকী ভূঞা…
Read More
ডিমা হাছাওত আৰক্ষীৰ গুলীত DNLAৰ উগ্ৰপন্থীৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দণ্ডাধীশৰ

ডিমা হাছাওত আৰক্ষীৰ গুলীত DNLAৰ উগ্ৰপন্থীৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দণ্ডাধীশৰ

ডিমা হাছাওত আৰক্ষীৰ গুলীচালনাত ডিএনএলএ উগ্ৰপন্থী নিহত হোৱাৰ পিছতে জিলা দণ্ডাধীশে নিৰ্দেশ দিছে এই ঘটনাৰ তদন্তৰ। ডিমা হাছাও জিলা দণ্ডাধীশে ১৫ ছেপ্টেম্বৰত বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। মন কৰিবলগীয়া যে যোৱা নিশা অৰ্থাৎ ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে পুৱা প্ৰায় ১.৩০ বজাত ডিমা হাছাও জিলাৰ মাইবাঙৰ ডিমাছা নেচনেল লিবাৰেশ্যন আৰ্মিৰ নিৰ্দিষ্ট শিবিৰ খাছমাইপুৰত সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি আৰক্ষী আৰু ডিএনএলএৰ কেডাৰৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, তাৰ পিছত অভিজিত হাপিলা ওৰফে আলী ডিমাছা নামৰ এজন ডিএনএলএ কেডাৰ ক্ৰছ ফায়াৰিঙত মৃত্যু হোৱাৰ বিপৰীতে আন দুজন ব্যক্তি ক্ৰমে থমাছ নুনিছা ওৰফে ৰেম্বো ডিমছা আৰু ডিবাৰন জোহৰিল ওৰফে থিনঝোন ডিমাছা আহত হয়।
Read More
পুনৰ বাল্যবিবাহ বিৰোধী অভিযান! হাইলাকান্দিত আৰক্ষীৰ জালত ১৭ জন ভুৱা কাজী

পুনৰ বাল্যবিবাহ বিৰোধী অভিযান! হাইলাকান্দিত আৰক্ষীৰ জালত ১৭ জন ভুৱা কাজী

বাল্যবিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে হাইলাকান্দি জিলাত বুধবাৰে আৰক্ষীয়ে অভিযান চলাই কমেও ১৭ জন ভুৱা কাজীক আটক কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি বাল্য বিবাহৰ লগত জড়িত থকাৰ সন্দেহত জিলাখনৰ বিভিন্ন স্থানৰ পৰা আটাইকেইজন অভিযুক্তক আটক কৰা হয়। আটকাধীন কাজী কেইজন হৈছে আজিৰুদ্দিন লস্কৰ, মুফতি আবুল হুছেইন, আছাদুল্লাহ লস্কৰ, কাইছুৰ আহমেদ, আব্দুল জালাল লস্কৰ, ছাৰিফুদ্দিন বৰভূঞা, ফৰিজুদ্দিন লস্কৰ, ছাইদুল হক, নুৰুল হক লস্কৰ, আৰু আব্দুল চালাম বৰভূঞা। জানিব পৰা মতে, আৰক্ষীয়ে তেওঁলোকৰ পৰা দহটা ‘কবুল নাম’ জব্দ কৰিছে। সম্প্ৰতি তেওঁলোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে…
Read More
প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ, গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পত্নীৰ, গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ জাগীৰোডত নিজ স্বামীক নৃংশসভাৱে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ কথিত প্ৰেমিকক। তথ্য অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ কথিত প্ৰেমিকে মহিলাগৰাকীৰ স্বামী আছাদুৰ ৰহমানক প্ৰথমে নিচাজাতীয় সামগ্ৰী খুৱাই অচেতন কৰি তাৰ পিছত নৃশংসভাৱে হত্যা কৰে। পিছত দুয়োজনে মৃতদেহটো যোৰাবাটৰ শিলভাঙাত এখন গাড়ীৰ ভিতৰত থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলাই ফিৰোজা খাতুন আৰু তেওঁৰ কথিত প্ৰেমিক ছফিকুল ইছলামে মৃতদেহটো ঘাইপথৰ কাষত গাড়ীৰ ভিতৰত ৰাখিছিল। সূত্ৰই জনোৱা মতে, পৰিত্যক্ত বাহনখনৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উদ্ধাৰ…
Read More
মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিষয়ক লৈ সদনত আলোচনাৰ বাবে অস্বীকাৰ অধ্যক্ষৰ, প্ৰতিবাদ কৰি সদন ত্যাগ বিৰোধীৰ

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি বিষয়ক লৈ সদনত আলোচনাৰ বাবে অস্বীকাৰ অধ্যক্ষৰ, প্ৰতিবাদ কৰি সদন ত্যাগ বিৰোধীৰ

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি অধিগ্ৰহণৰ বিষয় আলোচনা কৰিবলৈ অধ্যক্ষই অনুমতি প্ৰদান নকৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলে ৱাক আউট কৰে। ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে শ্লোগান দি সদনৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে। ইফালে, এই বিষয়ক লৈ বিৰোধীয়ে প্ৰতিবাদ কৰি সদনৰ পৰা ৱাক আউট কৰাৰ সিদ্ধান্ত লোৱাত অধ্যক্ষই ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাঁৱৰ কলিয়াবৰত অবৈধভাৱে প্ৰায় এশ বিঘা মাটি ক্ৰয় কৰাৰ লগতে ফুড প্ৰচেছিং ইউনিট স্থাপনৰ বাবে চৰকাৰৰ পৰা ১০ কোটি টকা ৰাজসাহায্য লাভৰ তথ্য দ্য ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহিছিল। পূৰ্বেও ভূমি…
Read More
পাঁচজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব APSC নিযুক্তি কেলেংকাৰীৰ..

পাঁচজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব APSC নিযুক্তি কেলেংকাৰীৰ..

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত বিৰোধী পক্ষৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগ (  APSC) নিযুক্তি কেলেংকাৰীৰ এতিয়াও চূড়ান্ত প্ৰতিবেদন দাখিল কৰা নাই। চৰকাৰৰ সঁহাৰিত উল্লেখ কৰা হৈছে যে দুয়োটা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে সকলো অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। সৰভোগ সমষ্টিৰ বিধায়ক তথা চি পি আই (এম) নেতা মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা অসম চৰকাৰৰ গৃহ বিভাগক বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছতে এই কথা প্ৰকাশ কৰিছে। প্ৰশ্নটো এপিএছচি চিচিই ২০১৩ চক্ৰত অন্যায় উপায়েৰে নিযুক্তি লাভ কৰা ৩৪ জন অভিযুক্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ…
Read More
মহানগৰীত নিচা মুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি মৃত্যু যুৱকৰ…

মহানগৰীত নিচা মুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি মৃত্যু যুৱকৰ…

মঙলাবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ এটা নিচামুক্তি কেন্দ্ৰৰ চাদৰ পৰা পৰি এজন যুৱকৰ মৃত্যু ঘটাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত অৱস্থিত নিচামুক্তি কেন্দ্ৰ উইলিং ৱে ৱেলনেছ ছ’চাইটিত সংঘটিত হয় এই শোকাবহ ঘটনা নিহত যুৱকজনক নাম ভাস্কৰ মুচাহাৰী বুলি জানিব পৰা গৈছে। যুৱকজন কিদৰে চাদৰ পৰা তললৈ বাগৰি পৰে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
আমিনগাঁৱত ১৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৬ জনক আটক

আমিনগাঁৱত ১৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৬ জনক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে সোমবাৰে আমিনগাঁৱত চলোৱা বিশেষ ড্ৰাগছ বিৰোধী অভিযানত চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা ১৮ কোটি টকাৰ ২.২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব প্ৰদান কৰে ডিআইজি ডাঃ পাৰ্থসাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে। সূত্ৰ অনুসৰি জব্দকৰণৰ সৈতে জড়িত মুঠ ৬ জন লোকক আটক কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ হাত দাঙিলে মঙ্গলদৈ জিলা কৃষি বিষয়াই…

ঘোচ লৈ গ্ৰেপ্তাৰ হাত দাঙিলে মঙ্গলদৈ জিলা কৃষি বিষয়াই…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী বিষয়া। মঙলাবাৰে দৰং জিলাত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোতে গ্ৰেপ্তাৰ হয় জিলা কৃষি বিষয়া। ধৃত কৃষি বিষয়া গৰাকীক বিদ্যুত কুমাৰ তালুকদাৰ বুলি জানিব পৰা গৈছে। মঙ্গলদৈ জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ। সূত্ৰ অনুসৰি অভিযোগকাৰীৰ নাম প্ৰশিক্ষণৰ বাবে মনোনীত কৰাৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ সময়তে তালুকদাৰ ধৰা পৰে।
Read More