ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, গোৰখপুৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব যোগী আদিত্যনাথে

ডিজিটেল ডেস্কঃ অযোধ্যা বা মথুৰা নহয়, গোৰখপুৰেই শেষ ভৰসা হব যোগীৰ! উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগন্তুক বিধানসভা নিৰ্বাচনত গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। শনিবাৰে কেন্দ্ৰীয় বিজেপি সমিতিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বিজেপি সমিতিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী যোগী আদিত্যনাথে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিও নিৰ্ধাৰণ কৰিছে। আনহাতে, দলটোৱে ঘোষণা কৰিছে যে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই প্ৰয়াগৰাজৰ চিৰাথু সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দিল্লীত কেন্দ্ৰীয় বিজেপি সমিতিৰ হৈ এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। মন্ত্ৰীজনে প্ৰথম পৰ্যায়ত ৫৮ টা সমষ্টিৰ ভিতৰত ৫৭…
Read More
৬৫ খন ভাৰতীয় কোম্পানীৰ চিমকাৰ্ডসহ সীমান্তত বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ

৬৫ খন ভাৰতীয় কোম্পানীৰ চিমকাৰ্ডসহ সীমান্তত বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ

বিভিন্ন টেলিকোম কোম্পানীৰ ৬৫ খন চিমকাৰ্ড আৰু ভিঅ’আইপি ব্যৱসায়িক সঁজুলিসহ ভাৰত-বাংলাদেশ সীমান্তৰ দিনাজপুৰৰ হিলীত গ্ৰেপ্তাৰ হ’ল এজন যুৱক। সন্ত্ৰাসবাদ বিৰোধী আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ গোট (চিটিটিচি)য়ে এক অভিযান চলাই ৰুবেল হুছেইন (৩৩) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, অভিযানকাৰী দলটোৱে শুকুৰবাৰে বিয়লি হিলীৰ উত্তৰ বাসুদেৱপুৰ অঞ্চলৰ জনৈক ৰেজাউল কৰিম নামৰ এজন ব্যক্তিৰ ঘৰৰ তৃতীয় মহলাত অভিযান চলাই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ৰুবেল হুছেইন চান্দপুৰ জিলাৰ ফৰিদগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চিৰকা গাঁৱৰ আৰমাদ মিজিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। হাকিমপুৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক জুৱেল ৰাণাই কয়, “পাহাৰীয়া সীমান্ত অঞ্চলত অবৈধ ভিঅ’আইপি ব্যৱসায়ৰ বিষয়ে এক গোপন খবৰৰ পিছত…
Read More
জ্যেষ্ঠ সাংবাদিক কামাল খান আৰু নাই!

জ্যেষ্ঠ সাংবাদিক কামাল খান আৰু নাই!

নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰে যোৱা তিনিটা দশক ধৰি দেশৰ সংবাদ সেৱাত ব্ৰতী হৈ থকা কামাল খান আৰু নাই! শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ হৈ কাম কৰা উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ সাংবাদিক কামাল খান হৃদৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সাংবাদিকগৰাকীক। উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদীকগৰাকীয়ে যোৱা তিনিটা দশক ধৰি সংবাদ সেৱাৰ সৈতে জড়িত হৈ আছিল। তেওঁৰ নিৰ্ভীক কণ্ঠই সহজতেই কঁপাই যাব পাৰিছিল শাসকতন্ত্ৰৰ বুকু। এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লক্ষ্ণৌৰ বাটলাৰ পেলেছৰ চৰকাৰী বাংলোত দেহাৱসান ঘটাৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে দেশৰ সংবাদ ক্ষেত্ৰখনক। জ্যেষ্ঠ সাংবাদিক আলোক…
Read More
টাৰ্জানৰ অভিনয়ৰে খ্যাতি লাভ কৰা হেমন্ত বিৰ্জেৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

টাৰ্জানৰ অভিনয়ৰে খ্যাতি লাভ কৰা হেমন্ত বিৰ্জেৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ‘বলীউডৰ টাৰ্জান’ খ্যাত অভিনেতা হেমন্ত বিৰ্জে আৰু তেওঁৰ পৰিয়াল। মঙলবাৰে নিশা প্ৰায় ৯ বজাত পুনে-মুম্বাই এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত পতিত হয় অভিনেতা হেমন্ত বিৰ্জেৰ বাহনখন। অৱশ্যে দুৰ্ঘটনাত অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নিজৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰি নিশা পুনেৰ পৰা মুম্বাই অভিমুখে গৈ আছিল অভিনেতা হেমন্ত বিৰ্জে। সেই সময়ত তেওঁৰ সৈতে পত্নী আমানা আৰু কন্যা ৰেশ্মাও আছিল। কিন্তু পুনে-মুম্বাই এক্সপ্ৰেছ হাইৱেৰে গৈ থকা মুহূৰ্তত উৰ্ছে ট’ল বুথৰ সমীপত হেমন্ত বিৰ্জেৰ বাহনত পিছফালৰ পৰা অহা এখন ট্ৰাকে খুন্দা মাৰে। যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই অভিনেতাগৰাকীয়ে পথৰ দাঁতিৰ ডিভাইডাৰত গৈ খুন্দা…
Read More
পুনৰ উইকেট খহিছে যোগী শিৱিৰত! এইবাৰ পদত্যাগ মন্ত্ৰী তথা দলিত নেতা দাৰা সিং চৌহানৰ

পুনৰ উইকেট খহিছে যোগী শিৱিৰত! এইবাৰ পদত্যাগ মন্ত্ৰী তথা দলিত নেতা দাৰা সিং চৌহানৰ

নিৰ্বাচনৰ পূৰ্বে পদত্যাগৰ জোৱাৰ উঠিছে যোগী শিৱিৰত! ৰাজ্য চৰকাৰৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ পদত্যাগৰ পিছত এইবাৰ আন এগৰাকী মন্ত্ৰীয়ে দলত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে। যোগী চৰকাৰৰ মন্ত্ৰী তথা অবিচি নেতা দাৰা সিং চৌহানে বুধবাৰে বিজেপি ত্যাগ কৰাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশত ক্ৰমাৎ বিধ্বস্ত হোৱা দেখা গৈছে শাসকীয় দলটোক। ৰাজ্যিক বিজেপিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দাৰা সিং চৌহানে লিখিছে- "মোক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মন্ত্ৰীসভাত বন পৰ্যৱেক্ষণ আৰু পশু উত্থান মন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। মই এতিয়ালৈকে মোৰ বিভাগৰ উন্নতিৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছো। কিন্তু, চৰকাৰে পিছপৰা, দলিত, কৃষক, নিবনুৱাসকলৰ বাবে একো কৰা নাই। ইয়াৰ পৰিৱৰ্তে, দলিতসকলৰ ওপৰত অন্যায় কৰা হৈছে।…
Read More
কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কোৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। তাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তি। মঙলবাৰে ভাৰতৰ নাইটিংগল খ্যাত কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছতে বুধবাৰে এইবাৰ কোৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বৰ্ষীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ বৰ্তমান স্বগৃহত কোৱাৰেণ্টাইন হৈ আছে। খবৰ অনুসৰি, কোভিডৰ সামান্য লক্ষণ ধৰা পৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কোভিড টেষ্ট কৰা হৈছিল। ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড পজিটিভ ধৰা পৰাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা আন আন লোকসকলকো কোভিড পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।
Read More
প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ময়ো মহামৃত্যুঞ্জয় জপ কৰিম: পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী

প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি ময়ো মহামৃত্যুঞ্জয় জপ কৰিম: পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত একনায়কত্ববাদৰ সূচনা কৰিব বিচাৰিছে। - যোৱা ৫ জানুৱাৰীত পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে এই অভিযোগ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে। বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি দেশৰ বিজেপি নেতা সকলে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি কৰা মহামৃত্যুঞ্জয় জপক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী চান্নীয়ে। তেওঁ কয় যে তেওঁও প্ৰধানমন্ত্ৰীৰ দীৰ্ঘজীৱনৰ বাবে ঘৰলৈ ১১ গৰাকী পণ্ডিতক আমন্ত্ৰণ কৰি মহামৃত্যঞ্জয় জপ কৰিব। তেওঁ কয়, "যদি প্ৰধানমন্ত্ৰী মোডী কাৰোবাৰ পৰা ভাবুকিৰ সন্মুখীন হয়, মই নিজেই তেওঁৰ বাবে বাগলামুখী জপ কৰোঁ যাতে তেওঁৰ স্বাস্থ্য ভাল হয় আৰু শত্ৰুৰ নাশ হয়। যদি প্রধানমন্ত্রীৰ প্রতি ভাবুকি ইমানেই…
Read More