25
Jan
লোকসভা নির্বাচনৰ পূর্বে পুনৰবাৰ কেন্দ্রৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা কৰিছে অন্ন দাতাই৷ ১৬ ফেব্ৰুৱাৰীত সংযুক্ত কিষাণ মৰ্চাকে ধৰি বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলে নূন্যতম সমৰ্থন মূল্য (এম এছ পি), নিবনুৱা আৰু পেঞ্চনৰ দাবী আৰু অগ্নিবীৰ আঁচনিৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনায়। য'ত আন সংগঠনকো অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। কৃষক নেতাসকলে বিভিন্ন শ্ৰমিক সংগঠন আৰু পৰিবহণ সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে। ১৬ ফেব্ৰুৱাৰীত খেতিয়কক অনশন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ব্যৱসায়ী, দোকানী, পৰিবহণ ব্যৱসায়ী আৰু শ্ৰমিকসকলকো সেইদিনা কাম নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকইটে কয়, ‘আগতে প্ৰতি অমাৱস্যাত খেতিয়কসকলে লঘোন দিছিল।…