ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

অৰণ্যত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বনৰক্ষীৰ…

অৰণ্যত সংঘটিত অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বনৰক্ষীৰ…

অৰণ্যত সংঘটিত হোৱা বনজুইত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু এগৰাকী বনৰক্ষীৰ। ইফালে সেই ভয়াবহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ বৰ্তমানো হাস্পতালত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আন এগৰাকী ডিএফআৰঅ’ই। জানিব পৰা মতে, বৃহস্পতিবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ হাছান জিলাৰ সাক্লেশপুৰ তালুকৰ কাদুমনে বাগিচাৰ সমীপৰ অনিবীডু বনাঞ্চলত সংঘটিত হৈছিল বনজুই। সেই বনজুই নিৰ্বাপনৰ সময়ত দেহৰ ৬৫ শতাংশ অগ্নিদগ্ধ হৈছিল বনৰক্ষী সুন্দৰেশ আৰু উপ বন ৰেঞ্জ বিষয়া মঞ্জুনাথ। দুয়োকে লগে লগে বাংগালুৰৰ ছেইণ্ট জন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যু ঘটে বনৰক্ষী সুন্দৰেশৰ। শিৱমোগ্গাৰ থিৰথাহল্লী তালুকৰ নিৱাসী সুন্দৰেশৰ মৃত্যুৰ পিছতে এতিয়া শোকত ভাগি পৰিছে তেওঁৰ পত্নী আৰু পৰিয়াল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ…
Read More
২ হাজাৰ কোটি টকাৰ উৎকোচৰ বিনিময়ত শিণ্ডে গোটক গতাই দিয়া হৈছে শিৱসেনাৰ প্ৰতীক আৰু নামঃ বিস্ফোৰক অভিযোগ সঞ্জয় ৰাউতৰ

২ হাজাৰ কোটি টকাৰ উৎকোচৰ বিনিময়ত শিণ্ডে গোটক গতাই দিয়া হৈছে শিৱসেনাৰ প্ৰতীক আৰু নামঃ বিস্ফোৰক অভিযোগ সঞ্জয় ৰাউতৰ

একনাথ শিণ্ডে গোটক শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীক গতাই দিবলৈ টকাৰ খেলা চলিছিল। ইয়াৰ বাবে দিয়া হৈছে ২ হাজাৰ কোটি টকাৰ উৎকোচ। এই বিস্ফোৰক অভিযোগ সাংসদ তথা উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতৰ। ৰাউতৰ এই অভিযোগৰ পিছতে মহাৰাষ্ট্ৰত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক অস্থিৰতা। এই বিষয়ত দেওবাৰে সঞ্জয় ৰাউটে টুইট কৰে। তাত তেওঁ লিখিছে, “শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীকটো শিণ্ডে গোটক গতাই দিয়াটো ডাঙৰ কথা আছিল। ধনৰাশি আছিল ২০০০ কোটি টকাতকৈও অধিক। প্ৰথম অৱস্থাত আমি এই তথ্য জানিবলৈ পালোঁ। কিন্তু এই তথ্য ১০০ শতাংশ শুদ্ধ।” উদ্ধৱৰ ঘনিষ্ঠ ৰাউতে এই ঘটনাক অভূতপূৰ্ব বুলি অভিহিত কৰে। “দেশৰ ইতিহাসত এনেকুৱা এটা পৰিঘটনা আগতে কেতিয়াও…
Read More
পথৰ দাঁতিত থিয় হৈ থকা যুৱতীক নিশা যৌন নিৰ্যাতন অটো চালকৰ! গ্ৰেপ্তাৰ…

পথৰ দাঁতিত থিয় হৈ থকা যুৱতীক নিশা যৌন নিৰ্যাতন অটো চালকৰ! গ্ৰেপ্তাৰ…

এগৰাকী অটো চালকৰ বিৰুদ্ধে এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ। মহাৰাষ্ট্ৰৰ জুহু অঞ্চলৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা। জুহু অঞ্চলৰ ১০ নং পথত চিগনেলৰ কাষত থিয় হৈ আছিল যুৱতীগৰাকী। সেই সময়ত অটোৰিক্সাখন তেওঁৰ সন্মুখত ৰৈ গ’ল। এইবাৰ অজয় ​​ৱাঘেলা নামৰ অটো চালক এজনে নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে। এই ঘটনাত মহিলাগৰাকীয়ে চিঞৰি উঠাত অটো চালকজনে বেগেৰে গুচি যায়। এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে অভিযুক্ত অজয়ৰ বিৰুদ্ধে জুহু থানাত লিখিত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে অভিযুক্ত অটো চালকজনক গ্ৰেপ্তাৰ…
Read More
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্ৰুততম ক্ৰিকেটাৰৰ অভিলেখ বিৰাট কোহলীৰ…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্ৰুততম ক্ৰিকেটাৰৰ অভিলেখ বিৰাট কোহলীৰ…

ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হয়। নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰক্ৰিয়াত কোহলীয়ে ৫৭৭খন মেচত এই লেণ্ডমাৰ্কত উপনীত হোৱা মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰকো অতিক্ৰম কৰে। আনহাতে বিৰাটে ৫৪৯খন মেচত এই অভিলেখ স্পৰ্শ কৰে। বিৰাট আৰু শচীনৰ পিছতে আছে ৰিকি পণ্টিং (৫৮৮), জেক কালিছ (৫৯৪), কুমাৰ ছাংগাকাৰা (৬০৮) আৰু মহেলা জয়ৱৰ্ধনে (৭০১)।
Read More
তুৰস্কৰ ভূমিকম্পত মৃত্যু ঘানাৰ ফুটবলাৰ ক্ৰিষ্টিয়ান আটছুৰ, ধ্বংসস্তূপৰ মাজত উদ্ধাৰ মৃতদেহ…

তুৰস্কৰ ভূমিকম্পত মৃত্যু ঘানাৰ ফুটবলাৰ ক্ৰিষ্টিয়ান আটছুৰ, ধ্বংসস্তূপৰ মাজত উদ্ধাৰ মৃতদেহ…

তুৰস্কত থকা ঘৰৰ ধ্বংসাৱশেষৰ তলত ঘানাৰ ৰাষ্ট্ৰীয় ফুটবলাৰ তথা নিউকেষ্টলৰ প্ৰাক্তন মিডফিল্ডাৰ ক্ৰিষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি শনিবাৰে স্থানীয় সংবাদ মাধ্যমে তেওঁৰ পৰিচালনাৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। আটছুৰ তুৰ্কীৰ মেনেজাৰ মুৰাট উজুনমেহমেটে শনিবাৰে ডি এইচ এ সংবাদ সংস্থাক জনাইছে যে তেওঁৰ মৃতদেহ তুৰ্কীৰ দক্ষিণ অঞ্চল হাটাইত ধ্বংসাৱশেষৰ তলত উদ্ধাৰ হৈছে। তুৰস্কৰ হাজাৰ হাজাৰ অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হৈছিল, য’ত আছিল বহুমহলীয়া এপাৰ্টমেণ্ট বিল্ডিং, য’ত আছিল বাসিন্দাৰে ভৰা। ঘানাৰ এগৰাকী ফুটবলাৰৰ এজেণ্ট নানা চেচেৰেই টুইট কৰি কয় যে, “গধুৰ হৃদয়েৰে মই সকলো শুভাকাংক্ষীক জনাই দিব লাগিব যে আজি পুৱা ক্রিষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ…
Read More
আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে গঠন হ’বলগীয়া তদন্ত সমিতিত নাম অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে গঠন হ’বলগীয়া তদন্ত সমিতিত নাম অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা কেন্দ্ৰীয় চৰকাৰৰ। আদানী গ্ৰুপ-হিণ্ডেনবাৰ্গ বিষয়টো পৰীক্ষা কৰিবলৈ গঠন হ’বলগীয়া সমিতিখনত অন্তৰ্ভূক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি বিশেষজ্ঞৰ নাম খাৰিজ সৰ্বোচ্ছ ন্যায়ালয়ৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰই পৰামৰ্শ দিয়াৰ দৰে বিশেষজ্ঞৰ নামৰ ওপৰত ‘বন্ধ খাম’ৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। উচ্চতম ন্যায়ালয়ে বিশেষজ্ঞসকলক নিজেই নিৰ্বাচন কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখিব বুলি উল্লেখ কৰে।
Read More
গৰু সৰবৰাহৰ অভিযোগত জীৱন্তে জ্বলাই হত্যা দুই যুৱকক! বজৰংগ দলৰ ৬ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

গৰু সৰবৰাহৰ অভিযোগত জীৱন্তে জ্বলাই হত্যা দুই যুৱকক! বজৰংগ দলৰ ৬ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

হিন্দুত্ববাদী সংগঠন বজৰং দলৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। গৰু সৰবৰাহকাৰীৰ সন্দেহত ২ জন লোকক জ্বলাই হত্যা কৰাৰ অভিযোগ সংগঠনটোৰ বিৰুদ্ধে। হাৰিয়ানাৰ পথৰ কাষত এখন জ্বলি থকা গাড়ীত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিৱানীত জ্বলি থকা গাড়ীখনৰ পৰা নাছিৰ (২৫) আৰু জুনাইদ (৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। জ্বলি যোৱা বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ ৰাজস্থানৰ। জুনাইদ আৰু নাছিৰ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, ব্যক্তি দুজনৰ সন্ধানত পৰিয়ালটোৱে এজাহাৰও দাখিল কৰে। ৰাজস্থানৰ ভাৰতপুৰৰ আই জি গৌৰৱ শ্ৰীবাস্তৱে কয় যে বুধবাৰে পুৱা গাড়ীখন দোকানলৈ নিয়াৰ পিছত নাছিৰ আৰু জুনাইদে ঘৰলৈ উভতি নাহিল।…
Read More
চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই অনুৰাগীৰ আক্ৰমণ ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ বন্ধুৰ গাড়ীত…

চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই অনুৰাগীৰ আক্ৰমণ ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ বন্ধুৰ গাড়ীত…

চেলফি তুলিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুৰ গাড়ীত আক্ৰমণ অনুৰাগীৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ সৈতে। অভিযোগ অনুসৰি, ক্ৰিকেটাৰ গৰাকীৰ দুজন অনুৰাগীয়ে তেওঁৰ সৈতে ফটো তুলিব বিচাৰিছিল। কিন্তু সেই সময়ত ক্ৰিকেটাৰগৰাকী অন্য কামত ব্যস্ত থকাত ফটো তুলিবলৈ অস্বীকাৰ কৰে। তাৰ পিছতে কেইবাজনো যুৱকে পৃথ্বী শ্ব’ৰ এজন বন্ধুৰ গাড়ীৰ পিছে পিছে গৈ গাড়ীত আক্ৰমণ সংঘটিত কৰে। ইতিমধ্যে মুম্বাইৰ আশিৱাৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৮ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Read More
পাকিস্তানত ৰে’লৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ, কমেও দুজনৰ মৃত্যু

পাকিস্তানত ৰে’লৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ, কমেও দুজনৰ মৃত্যু

পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে কোৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণটোত কমেও দুজন যাত্ৰী নিহত হয় আৰু আন চাৰিজন আহত হৈছে। কোৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছ চিচাৱাটনি ৰেল ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। জাফৰ এক্সপ্ৰেছ পেছাৱাৰৰ পৰা আহি আছিল। জাফৰ এক্সপ্ৰেছৰ ইকনমি ক্লাছৰ ৬ নং ডবাত বিস্ফোৰণটো সংঘটিত হৈছে । ফলস্বৰূপে, দুজন লোকৰ মৃত্যু হয় আৰু কমেও চাৰিজন লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সূত্ৰঅনুসৰি, বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা নাই। বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছিল আৰু কোনে কৰিছিল তাকে লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More
দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থকক বিচাৰি তিনি ৰাজ্যৰ ৬০টাৰো অধিক স্থানত অভিযান NIAৰ

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থকক বিচাৰি তিনি ৰাজ্যৰ ৬০টাৰো অধিক স্থানত অভিযান NIAৰ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে এন আই এৰ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দক্ষিণৰ তিনিখন ৰাজ্য – তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ ৬০টাতকৈও অধিক স্থানত তালাচী চলাইছে। এই অনুসন্ধানৰ উদ্দেশ্য হৈছে আইছিছ উগ্ৰপন্থী সংগঠনটোৰ সমৰ্থকক বিচাৰি উলিওৱা। যোৱা বছৰ কইম্বটুৰ আৰু মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ আঁৰত আইছিছৰ সন্দেহ কৰা হৈছে। আৰু সেই ভিত্তিতে NIA এ নতুন অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখ্য যে, আইছিছে বিভিন্ন ভিডিঅ’ বিয়পাই ঘৃণা আৰু বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছে। যাৰ বাবে অনুসন্ধানকাৰী সংস্থাটোৱে সমগ্ৰ বিষয়টো চোৱাচিতা কৰি বিষয়টোৰ মূললৈ যাবলৈ চেষ্টা কৰিছে। আৰু সেইবাবেই বুধবাৰে পুৱাৰে পৰা তামিলনাডুত অনুসন্ধান আৰম্ভ হয়। পৰৱৰ্তী সময়ত কেৰেলা আৰু কৰ্ণাটকৰ কেইবাটাও স্থানত অনুসন্ধান…
Read More