10
Feb
তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি ২১ হাজাৰলৈ। তুৰস্কত ১৯৯৯ চনত সংঘটিত হোৱা এক ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰিছে এই ভূমিকম্পত নিহতৰ সংখ্যাই। ছিৰিয়াত কৰ্তৃপক্ষই ৩,৩৭৭ জন লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। ভূমিকম্পৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্ৰোহীৰ অধীনস্থ উত্তৰ-পশ্চিম ছিৰিয়াত প্ৰৱেশ কৰে ৰাষ্ট্ৰসংঘৰ সাহায্যৰ কনভয়। কিন্তু বহুতৰে বাবে সহায় অপৰ্যাপ্ত আৰু বহু দেৰিকৈ আহিছে। ভূমিকম্পৰ চতুৰ্থ দিনা জীৱিত লোকৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাসকলৰ আত্মীয়ই সাহায্যৰ বাবে অপেক্ষা কৰি আছে যদিও উদ্ধাৰ অভিযান পলম হোৱাৰ লগে লগে অধিক লোকৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে…