ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশত এইবাৰ আৰম্ভ বুলডোজাৰ ৰাজ! ধৰ্ষকৰ ঘৰত চলিল অভিযান…

মধ্যপ্ৰদেশত এইবাৰ আৰম্ভ বুলডোজাৰ ৰাজ! ধৰ্ষকৰ ঘৰত চলিল অভিযান…

মধ্য প্ৰদেশ আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন যুৱকৰ ঘৰ বুলডজাৰেৰে উচ্ছেদ কৰে। অভিযুক্তৰ নাম কৌশল কিশোৰ চৌবে। কিছুদিন পূৰ্বে তেওঁৰ বিৰুদ্ধে এগৰাকী ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে কৌশলকো আটক কৰে। শুকুৰবাৰে আৰক্ষীয়ে বুলডজাৰ লৈ কৌশলৰ ঘৰলৈ যায়। চৰকাৰী মাটি দখল কৰি কৌশলে নিৰ্মাণ কৰা বুলি দাবী কৰে। গতিকে খালী কৰাৰ অভিযান চলোৱা হ’ল। কিন্তু বহুতে এই ঘটনা আৰু ধৰ্ষণৰ সংযোগ বিচাৰি পাইছে। অৱশ্যে ধৰ্ষণ কাণ্ডৰ লগত অভিযুক্তৰ ঘৰ ভাঙি যোৱাৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে আৰক্ষীয়ে। শুকুৰবাৰে মধ্যপ্ৰদেশৰ শ্বাহদলত সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত বুলডজাৰ চলাই কৌশলৰ ঘৰলৈ আহিছিল মহিলা আৰক্ষীৰ দল…
Read More
ভয়ংকৰ! নিশা বাছৰ ভিতৰত শুই থকা সময়তে সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কণ্ডাক্টৰৰ

ভয়ংকৰ! নিশা বাছৰ ভিতৰত শুই থকা সময়তে সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কণ্ডাক্টৰৰ

নিশা বাছৰ ভিতৰতে শুই থকা সময়তে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজন কণ্ডাক্টৰৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হয় বাংগালুৰৰ লিংগাধীৰানাহল্লীত। নিশা ৰখাই থোৱা এখন বিএমটিচি বাছত সংঘটিত হয় অগ্নিকাণ্ড। যাৰ ফলত বাছখনৰ ভিতৰত শুই থকা কণ্ডাক্টৰজনৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে। নিহত কণ্ডাক্টৰজনৰ নাম মুথৈয়া স্বামী (৪৫) বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
Read More
চাঞ্চল্যকৰ! বিমানৰ শৌচাগাৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকা মূল্যৰ সোণ…

চাঞ্চল্যকৰ! বিমানৰ শৌচাগাৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকা মূল্যৰ সোণ…

বিমানৰ শৌচাগাৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকা মূল্যৰ সোণৰ দণ্ড। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানৰ ভিতৰৰ পৰা উদ্ধাৰ হয় চাৰিটা সোণৰ দণ্ড। জানিব পৰা মতে, এই বিমানখন আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা উভয় উৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শুল্ক বিভাগৰ বিষয়াসকলে বিশেষ সূত্ৰৰ জৰিয়তে লুকুৱাই ৰখা সোণৰ তথ্য লাভ কৰে। একেৰাহে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱা সম্পূৰ্ণ কৰি দিল্লী বিমানবন্দৰত উপস্থিত হয় বিমানখন। বিশেষ সূত্ৰৰ জৰিয়তে তথ্য লাভ কৰাৰ পিছত শুল্ক বিভাগৰ বিষয়াসকলে বিমানখনত তালাচী আৰম্ভ কৰে। তেতিয়াই তেওঁলোকে টয়লেটৰ বেচিনৰ তলত ধূসৰ ৰঙৰ বেগ এটা ধৰা পেলায়। শুল্ক বিভাগে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই সোণ লুকুৱাই…
Read More
অসুস্থ ছোনীয়া গান্ধী! হাস্পতালত ভৰ্তি…

অসুস্থ ছোনীয়া গান্ধী! হাস্পতালত ভৰ্তি…

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীক বৃহস্পতিবাৰে দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি। ব্ৰংকাইটিছৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। অৱশ্যে এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয়খনে এক বিবৃতিত প্ৰকাশ কৰিছে। চিকিৎসালয়খনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কালি ৭৬ বছৰীয়া ছোনীয়া গান্ধীক ভৰ্তি কৰোৱা হৈছিল আৰু এতিয়া সুস্থিৰ হৈ পৰিছে। ছাৰ গংগা ৰাম হাস্পতালৰ ট্ৰাষ্ট ছ’চাইটিৰ অধ্যক্ষ ডি এছ ৰাণাই কয় যে বুকুৰ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা অৰূপ বসু আৰু তেওঁৰ দলৰ তত্বাৱধানত ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাইৰাছজনিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ বাবে একেখন চিকিৎসালয়তে ভৰ্তি হোৱাৰ পিছত ২০২৩ চনত…
Read More
শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা, ৮ শিক্ষাৰ্থীৰ মৃ্ত্যু

শিক্ষামূলক ভ্ৰমণলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা, ৮ শিক্ষাৰ্থীৰ মৃ্ত্যু

শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছৰ ভয়ংকৰ দুৰ্ঘটনা! ঠিতাতে নিহত ৮ গৰাকীকৈ শিক্ষাৰ্থী আৰু গুৰুতৰভাবে আহত ৩৩ জন শিক্ষক শিক্ষাৰ্থী… শুকুৰবাৰে এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় হাৰিয়ানাৰ আম্বালাৰ শ্বাহজাদপুৰত। শ্বাহজাদপুৰৰ কক্কৰ মাজৰা গাঁৱৰ সমীপত ছাত্ৰ-ছাত্ৰীভৰ্তি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰেইলাৰত খুন্দা মৰাত ৮ জনৰ ঘটনাস্থলিতে মৃত্যু ঘটাৰ বিপৰীতে আন ৩৩ জন শিক্ষক আৰু শিক্ষাৰ্থী আহত হয়। জানিব পৰা অনুসৰি, দিল্লীৰ দুখন বিদ্যালয়ৰ ৪১ গৰাকী শিক্ষক আৰু শিক্ষাৰ্থীয়ে শিক্ষামূলক ভ্ৰমণৰ বাবে উত্তৰ প্ৰদেশৰ বৰেলীৰ পৰা হিমাচল প্ৰদেশৰ বাড্ডিলৈ গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে আহত সকলৰ…
Read More
ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ। ৪০ লাখ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে লোকায়ুক্তৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ কৰ্ণাটকৰ বিজেপি বিধায়ক মাদাল বিৰুপাকক্ষাৰ পুত্ৰ প্ৰশান্ত মাদল। ইয়াৰ পিছতে অভিযুক্ত প্ৰশান্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ লোকায়ুক্ত আদালতৰ। ৪০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত বৃহস্পতিবাৰে প্ৰশান্তক গ্ৰেপ্তাৰ কৰে লোকায়ুক্তৰ বিষয়াসকলে। উল্লেখযোগ্য যে বেংগালুৰুত তেওঁৰ বাসগৃহত অভিযান চলাই প্ৰায় ৬ কোটি টকা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।
Read More
নিলম্বিত IAS পূজা সিংঘাল কেলেংকাৰী! ঝাৰখণ্ডত ৩ কোটি নগদ ধন জব্দ EDৰ

নিলম্বিত IAS পূজা সিংঘাল কেলেংকাৰী! ঝাৰখণ্ডত ৩ কোটি নগদ ধন জব্দ EDৰ

নিলম্বিত আই এ এছ বিষয়া পূজা সিংঘাল বিৰুদ্ধে মানি লণ্ডাৰিঙৰ তদন্ত অব্যাহত। তদন্তৰ মাজতে শুকুৰবাৰে নিলম্বিত বিষয়াগৰাকীৰ সৈতে সম্পৰ্কিত ৩ কোটি টকা নগদ ধন জব্দ ইডিৰ। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ এটা স্থানত তালাচীৰ সময়ত ইডিয়ে ৩ কোটি টকাৰ নগদ ধন জব্দ কৰে। জানিব পৰা মতে, মহম্মদ আনছাৰী নামৰ এজন ব্যক্তিৰ চৌহদৰ পৰা ৫০০ আৰু ২০০০ টকীয়া নোটৰ এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয়।
Read More
গ্ৰীচত দুখন ৰে’লৰ ভয়ংকৰ সংঘৰ্ষত কমেও ৩৬ জন নিহত…

গ্ৰীচত দুখন ৰে’লৰ ভয়ংকৰ সংঘৰ্ষত কমেও ৩৬ জন নিহত…

এখন মালবাহী আৰু এখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষই অকাল মৃত্যু মাতি আনিলে ৩৬ জন যাত্ৰীলৈ। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গ্ৰীচৰ লাৰিছা চহৰত। ইফালে দুয়োখন ৰে’লৰ সংঘৰ্ষৰ পিছতে সংঘটিত হোৱা অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় আন বহু যাত্ৰী। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে, যাত্ৰীবাহী ৰে’লখন ৰাজধানী এথেন্সৰ পৰা উত্তৰ গ্ৰীচৰ থেছালনিক চহৰলৈ গৈ থকা সময়ত লাৰিছা চহৰৰ সমীপৰ সুংৰগ পথৰ পৰা ওলাই অহাৰ সময়তে মালবাহী ৰে’লখনৰ সৈতে সংঘৰ্ষ ঘটে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত…
Read More
কাশ্মীৰী পণ্ডিতৰ হত্যাৰ পিছতে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰী পণ্ডিতৰ হত্যাৰ পিছতে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী…

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে কাশ্মীৰী পণ্ডিত। এনে পৰিস্থিতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অধিক ক্ষীপ্ৰ অভিযান আৰম্ভ কৰিছে সেনাই। মঙলবাৰে এনে অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়। সংবাদ সংস্থা এএনআইৰ মতে, মঙলবাৰে কাশ্মীৰৰ অৱন্তিপোৰাত এটা সন্ত্ৰাসবাদী শিবিৰৰ বিষয়ে গোপন খবৰ লাভ কৰে সেনাই। ইয়াৰ পিছতে সেনা, অৰ্ধসামৰিক বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে। নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি জেহাদীসকলে গুলীচালনা আৰম্ভ কৰে। জোৱানেও উত্তৰ দিয়ে। দীৰ্ঘসময় ধৰি চলা এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা মতে যোৱা দেওবাৰে নিহত হোৱা কাশ্মীৰী পণ্ডিতজনৰ হত্যাৰ সৈতে জড়িত আছিল নিহত সন্ত্ৰাসবাদীজন। মন কৰিবলগীয়া যে যোৱা দেওবাৰে পুৱা পুলৱামাত সঞ্জয় শৰ্মা…
Read More
নিজৰ ভিতৰৰ মানুহেই হত্যা কৰিব পুটিনকঃ দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…

নিজৰ ভিতৰৰ মানুহেই হত্যা কৰিব পুটিনকঃ দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…

নিজৰ ভিতৰৰ মানুহেই এদিন হত্যা কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। এই দাবী কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিৰ মাজতে জেলেনস্কিয়ে কয়, 'চিকাৰীয়ে এদিন চিকাৰীক হত্যা কৰিব। ইহঁতে এজন হত্যাকাৰীক হত্যা কৰাৰ কাৰণ বিচাৰি পাব।" দ্য টাইমছৰ এক প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ ‘বছৰ’ শীৰ্ষক তথ্যচিত্ৰখনত এই মন্তব্য কৰে জেলেনস্কিয়ে।
Read More