ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভাৰতক বচাব বিচৰা প্ৰতিখন ঘৰেই ৰাহুল গান্ধীৰো ঘৰঃ প্ৰকাশ ৰাজ

ভাৰতক বচাব বিচৰা প্ৰতিখন ঘৰেই ৰাহুল গান্ধীৰো ঘৰঃ প্ৰকাশ ৰাজ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিজৰ চৰকাৰী বাংলো খালী কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা প্ৰকাশ ৰাজে কয় যে এই দেশক বচাব বিচৰা প্ৰতিজন ব্যক্তিৰ ঘৰখন ৰাহুল গান্ধীৰো ঘৰ। অভিনেতাগৰাকীয়ে কয়, “প্ৰিয় ৰাহুল গান্ধী, এই অত্যাচাৰীসকলৰ পৰা আমাৰ দেশক উদ্ধাৰ কৰিব বিচৰা প্ৰতিটো ঘৰেই আপোনাৰ ঘৰ।” উল্লেখ্য যে, ২০১৯ চনত কৰা ‘মোডী উপাধি’ৰ মন্তব্যক লৈ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে সাংসদ পদ খাৰিজ কৰা হৈছিল ৰাহুল গান্ধীৰ। সমান্তৰলভাৱে কংগ্ৰেছ নেতাগৰাকীক চৰকাৰী বাংলো খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।
Read More
প্ৰধানমন্ত্ৰীৰ জন্মদিনত নামিবিয়াৰ পৰা ভাৰতলৈ অনা চিতা ‘শশা’ৰ মৃত্যু

প্ৰধানমন্ত্ৰীৰ জন্মদিনত নামিবিয়াৰ পৰা ভাৰতলৈ অনা চিতা ‘শশা’ৰ মৃত্যু

নামিবিয়াৰ পৰা ভাৰতলৈ অনা চাৰে পাঁচ বছৰীয়া চিতা বাঘ ‘শশা’ৰ সন্দেহযুক্ত কিডনী সম্পৰ্কীয় ৰোগৰ বাবে সোমবাৰে মৃত্যু হয়। নামিবিয়াৰ পৰা প্ৰথমটো গোটত অনা আৰু ভাৰত চৰকাৰৰ প্ৰজেক্ট চিতাৰ অংশ হিচাপে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰা নামিবিয়াৰ আঠটা চিতাৰ ভিতৰত অন্যতম আছিল এই মাইকী চিতা। খবৰ অনুসৰি জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত জীৱ-জন্তুৰ মাজত সাধাৰণ ৰেনাল ইনফেকচনত শশাই শেওপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসাধীন হৈ আছিল। সোমবাৰে মধ্যপ্ৰদেশৰ বন বিভাগে এক বিবৃতিত কয় যে শশা ট্ৰেন্সলকেচনৰ পূৰ্বে বৃক্কৰ ৰোগত আক্ৰান্ত আছিল। বিবৃতিটোৰ মতে, বিষয়াসকলে প্ৰথমে ২২ জানুৱাৰীত তাৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিল, যেতিয়া তাৰ দৃশ্যমানভাৱে “অলস” আছিল। বিবৃতিটোত কোৱা হৈছে যে, ‘শশাক…
Read More
পিকআপ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ ৪ জনৰ মৃত্যু

পিকআপ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ ৪ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পুনে জিলাত এখন পিকআপ আৰু দুখন মটৰ চাইকেলৰ সংঘৰ্ষত চাৰিজন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি মৃত লোকসকলৰ ভিতৰত দুটা শিশুও আছে আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুনে চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত থকা জুন্নাৰ তহচিলৰ আলেগাওঁ গাঁৱৰ সমীপত সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা এখন পিকআপ ট্ৰাকে আলেগাওঁৰ সমীপত আহমেদনগৰ দিশে যোৱা দুখন মটৰ চাইকেলত খুন্দা মাৰে। এই সংঘৰ্ষত মটৰ চাইকেল আৰোহী এগৰাকী মহিলা আৰু দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়।
Read More
বহিঃৰাজ্যত ৰে’লৰ শৌচাগৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অসমৰ বেংকাৰৰ…

বহিঃৰাজ্যত ৰে’লৰ শৌচাগৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু অসমৰ বেংকাৰৰ…

কৰ্ণাটকৰ এখন ৰে’লৰ ভিতৰত থকা তলাবন্ধ শৌচাগাৰৰ পৰা উদ্ধাৰ হৈছে অসমৰ এজন বেংকাৰৰ মৃতদেহ। কৰ্ণাটকৰ শিৱমোগ্গাত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত কাম কৰি থকা শিলচৰৰ অশোক ৰয় চৌধুৰী (৩৩) বুলি জানিব পৰা গৈছে। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে য়েশ্বন্তপুৰ-শিৱামোগা (শ্বিমোগা) ইন্টাৰচিটি এক্সপ্ৰেছ ৰে’লৰ ভিতৰত থকা তলাবন্ধ শৌচাগাৰৰ পৰা চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিয়মীয়া কৰ্তব্যৰ সময়ত চাফাই কৰ্মীসকলে জানিব পাৰিছে যে বিয়লি ৩:৩০ বজাত শ্বিমোগাৰ পৰা যাবলৈ নিৰ্ধাৰিত ৰে’লখনৰ এটা শৌচাগাৰ ভিতৰৰ পৰা বন্ধ হৈ আছে। ইয়াৰ পাছতে ৰে’লৱেৰ কৰ্মচাৰীয়ে শৌচাগাৰৰ দুৱাৰ ভাঙি খুলি দিয়ে আৰু তাতেই চৌধুৰীৰ মৃতদেহ উদ্ধাৰ হয়। খবৰ অনুসৰি, শনিবাৰে…
Read More
ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতে ‘সাৱৰকাৰ গৌৰৱ যাত্ৰা’ৰ ঘোষণা মহাৰাষ্ট্ৰ চৰকাৰৰ…

ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতে ‘সাৱৰকাৰ গৌৰৱ যাত্ৰা’ৰ ঘোষণা মহাৰাষ্ট্ৰ চৰকাৰৰ…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিতৰ্কিত বক্তব্যৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ অৱদান উদযাপনৰ বাবে ৰাজ্যজুৰি ‘সাৱৰকাৰ গৌৰৱ যাত্ৰা’ অনুষ্ঠিত কৰিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে ২৭ মাৰ্চত এই ঘোষণা কৰি গান্ধীৰ মন্তব্যক গৰিহণা দি সাৱৰকাৰক অসন্মান কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শিন্দেয়ে কয়, "বীৰ সাৱৰকাৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ বক্তব্যক মই গৰিহণা দিছো। দেশৰ স্বাধীনতা সংগ্ৰামত তেওঁ ডাঙৰ ভূমিকা পালন কৰিছিল। এনে বীৰসকলৰ অৱদানৰ বাবে ভাৰতে স্বাধীনতা লাভ কৰিছিল।" ফাডনভিছে লগতে কয় যে এই যাত্ৰা ৰাজ্যৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ’ব, আৰু ইয়াত সাৱৰকাৰৰ অৱদানৰ ওপৰত আলোচনা কৰা হ’ব। শেহতীয়াকৈ গান্ধীয়ে "মোডী উপাধি" মন্তব্যৰ…
Read More
মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নোখোজেঃ ৰাহুল গান্ধী…

মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। আৰু গান্ধীয়ে কেতিয়াও ক্ষমা নোখোজেঃ ৰাহুল গান্ধী…

লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ এদিন পিছতে শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ব্ৰিটেইন, প্ৰধানমন্ত্ৰী মোডীৰ উপাধিৰ মন্তব্য আৰু তেওঁ ক্ষমা বিচাৰিব লাগে নে নাইক লৈ এখন সংবাদমেল সম্বোধন কৰে যাৰ বাবে তেওঁ কয়, ‘মোৰ নাম সাৱৰকাৰ নহয়। মোৰ নাম গান্ধী। গান্ধীয়ে কাৰো ওচৰত ক্ষমা নিবিচাৰে”। ৱায়ানাদৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ চকুত ভয় দেখিবলৈ পায় আৰু তেওঁ আজীৱন অযোগ্য হ’ব বা কাৰাগাৰত ভৰ্তি হ’ব বুলি ভয় নকৰে। “মই মোৰ কাম কৰি যাম। মোৰ দেশৰ বাবে যুঁজি থাকিম। প্ৰধানমন্ত্ৰী মোডী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰি থাকিম। মই সত্যৰ বাবে যুঁজি যাম যিটো এতিয়া মোৰ চূড়ান্ত…
Read More
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, ৮ বছৰলৈ অৱতীৰ্ণ হ’ব নোৱাৰিব নিৰ্বাচনত…

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, ৮ বছৰলৈ অৱতীৰ্ণ হ’ব নোৱাৰিব নিৰ্বাচনত…

কংগ্ৰেছৰ বাবে এক বৃহৎ বিপৰ্যয়! ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল দলটোৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ সাংসদ পদ। লোকসভা সচিবালয়ে ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে তেওঁ প্ৰতিনিধিত্ব কৰা বায়ানাড সমষ্টিটোক খালী ঘোষণা কৰে। যাৰ বাবে নিৰ্বাচন আয়োগে এতিয়া এই আসনৰ বাবে বিশেষ নিৰ্বাচন ঘোষণা কৰিব পাৰিব। ইফালে ৰাহুল গান্ধীয়ে আগন্তুক ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও ঘোষণা কৰা হৈছে। ষ্টক কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পুঁজিপতি গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰা ৰাহুল গান্ধীয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাটো এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীৰ সাংসদ…
Read More
নিশা তিনি মহলীয়া অট্টালিকা খহি মৃত্যু কণমানি ভাতৃ-ভগ্নীসহ ৩ জনৰ…

নিশা তিনি মহলীয়া অট্টালিকা খহি মৃত্যু কণমানি ভাতৃ-ভগ্নীসহ ৩ জনৰ…

শুই থকা সময়তে মাজনিশা হঠাৎ এটা তিনি মহলীয়া অট্টালিকা খহি পৰাত দুই শিশুসহ ৩ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৬ জন লোক। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ ৰামাজোগীপেটাত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা প্ৰায় ২ বজাত হঠাৎ খহি পৰে তিনি মহলীয়া অট্টালিকাটো। এই ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৬ জন আহতক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত নিহত তিনিজনক সাকেতি অঞ্জলি (১৪), সাকেতি দুৰ্গাপ্ৰসাদ (১৬) আৰু চথুৰ (৩৫) বুলি চিনাক্ত কৰা হৈছে। নিহত অঞ্জলি আৰু দুৰ্গাপ্ৰসাদ ভাতৃ-ভগ্নী হোৱাৰ বিপৰীতে বিহাৰৰ নিৱাসী চথুৰ অট্টালিকাটোৰ তলৰ মহলাত থকা এখন ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল।…
Read More
নিশা ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু

নিশা ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু

মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যই। বুধবাৰে মাজনিশা পুনে-আহমেদনগৰ ঘাইপথত সংঘটিত হোৱা লোমহৰ্ষক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ৭ জন লোক। জানিব পৰা মতে, পুনে জিলাৰ শ্বিৰুৰ আমদাবাদ গাঁৱৰ নিৱাসী পৰিয়ালটোৱে বুধবাৰে দেৱগড় আৰু শনি শ্বিংনাপুৰ ভ্ৰমণলৈ গৈছিল। মন্দিৰ দৰ্শন কৰি নিশা পৰিয়ালটোৱে উভতি অহাৰ পথতে পুনে-আহমেদনগৰ ঘাইপথত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত ৭ জনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। নিহত সকলক ৰাজেন্দ্ৰ বিষ্ণু ছালভে (৩৩), বিজয়…
Read More
ED, CBIৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ১৪টাকৈ বিৰোধী দল…

ED, CBIৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ ১৪টাকৈ বিৰোধী দল…

ইডি আৰু চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিৰোধী। ১৪টা বিৰোধী দলে তদন্তকাৰী সংস্থাৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱহাৰৰ অভিযোগ তুলি কাষ চাপে সৰ্বোচ্ছ ন্যায়ালয়ৰ। বিৰোধী দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, শিৱসেনা, আপ, ডি এম কে, আৰ জে ডি, টি এম চি, এন চি পি, জে ডি ইউ), চি পি আই (এম) আৰু সমাজবাদী পাৰ্টি আদি। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে আদালতত কয় যে চি বি আই আৰু ই ডিৰ দৰে কেন্দ্ৰীয় সংস্থাই দাখিল কৰা গোচৰৰ ৯৫% বিৰোধী নেতাৰ বিৰুদ্ধে।
Read More