ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

বিবাহিতা যুৱতীৰ সতে প্ৰেমৰ সম্পৰ্ক! বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই নৃশংসভাৱে হত্যা প্ৰেমিকৰ

বিবাহিতা যুৱতীৰ সতে প্ৰেমৰ সম্পৰ্ক! বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই নৃশংসভাৱে হত্যা প্ৰেমিকৰ

এগৰাকী বিবাহিতা যুৱতীৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। কেতিয়াবা যৌন সম্পৰ্কও কৰিছিল। যুৱতীগৰাকী যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁ তাইক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। যিটো যুৱকজনে একেবাৰেই ভাল নাপালে। অভিযোগ অনুসৰি, ইয়াৰ পিছত প্ৰেমিকজনে বিবাহিতা প্ৰেমিকাক শিলেৰে আঘাত কৰি হত্যা কৰে। এই ঘটনাত অভিযুক্ত প্ৰেমিক আৰু তেওঁৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যোগীৰাজৰ মীৰাট জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীগৰাকীৰ নাম ৰামবিৰি। ২০১৫ চনত বিনোদ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰামবিৰি। অৱশ্যে কেইবছৰমানৰ পাছত স্বামীৰ পৰিয়াল এৰি দেউতাকৰ ঘৰলৈ গুচি যায়। কিছুদিনৰ পাছত তেওঁ আদেশ নামৰ যুৱক এজনৰ লগত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। শেহতীয়াকৈ গৰ্ভৱতী…
Read More
আদিবাসী যুৱকৰ মুখত বিজেপিৰ প্ৰস্ৰাৱ! ভৰি ধুৱাই ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

আদিবাসী যুৱকৰ মুখত বিজেপিৰ প্ৰস্ৰাৱ! ভৰি ধুৱাই ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আদিবাসী যুৱকৰ চৰণ ধুই জনজাতীয় যুৱক-যুৱতীসকলৰ ওচৰত ক্ষমা বিচাৰে। ৰাইজক ‘ভগৱান’ বুলি অভিহিত কৰি শিৱৰাজ সিং চৌহানে দাবী কৰে যে তেওঁ জনজাতীয় যুৱক-যুৱতীসকলৰ দুখৰ অংশীদাৰ হ’ব বিচাৰে। এজন জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰা এজন ‘বিজেপি কৰ্মী’ৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মধ্যপ্ৰদেশৰ বিজেপি শিবিৰত জোকাৰণিৰ সৃষ্টি হৈছে। ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ তিনিদিন পিছতে শিৱৰাজে এক নতুন ৰূপত ক্ষমা বিচাৰে। বৃহস্পতিবাৰে পুৱা দশমন্ত ৰাৱে নামৰ এজন জনজাতীয় যুৱকক ভূপালৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ মাতি অনা হয়। তাতে মুখ্যমন্ত্রীয়ে চকী এখনত বহি যুৱকজনৰ ভৰি ধুই দিয়ে৷ শিৱৰাজে টুইট যোগে যুৱকজনে ভৰি ধুই থকা ছবিখন শ্বেয়াৰ কৰে। ক্ষমা বিচাৰি বিজেপি নেতাগৰাকীয়ে…
Read More
এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এতিয়াও বিধায়কৰ সমৰ্থন শৰদ পাৱাৰলৈ! ৯ বিধায়কৰ পদ খৰিজৰ বাবে আবেদন NCPৰ

এনচিপিয়ে বিশ্বাসঘাটক অজিত পাৱাৰক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰিবলৈ আবেদন দাখিল কৰিছে। ইতিমধ্যে শৰদ পাৱাৰৰ দলে অজিত আৰু এন চি পিৰ ৯জন বিধায়কৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত এখন আৱেদন দাখিল কৰিছে। মহাৰাষ্ট্ৰ এন চি পিৰ সভাপতি জয়ন্ত পাটিলে কয় যে একাংশ বিধায়কে পলায়ন কৰিলেও সকলো দলৰ নেতা-কৰ্মীৰ সমৰ্থন এতিয়াও শাৰদ পাৱাৰৰ প্ৰতি আছে। প্ৰসংগক্ৰমে দেওবাৰে বিয়লি বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ চৰকাৰত হঠাতে অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই ৰাজ্যৰ ৰাজনীতিত অশান্তিৰ সৃষ্টি হৈছে। দেওবাৰে নিশা জয়ন্ত পাটিলে কয়, ‘এজন বিধায়কে আমাৰ দলৰ অনুশাসন সমিতিত এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগ চোৱাচিতা কৰাৰ পাছত বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনোৱা…
Read More
শোকাবহ! সৎসঙ্গৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ জনৰ

শোকাবহ! সৎসঙ্গৰ পৰা ওভতাৰ পথতে দুৰ্ঘটনাত মৃত্যু ৩ জনৰ

দেওবাৰে পঞ্জাৱৰ বঙাৰ সমীপৰ বন্ধিয়ান গাঁৱৰ ডেৰা ৰাধা সোয়ামি সাতসং ভৱনৰ সমীপত এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মৰাৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। বঙাৰ ডিএছপি সৰৱান সিং বালে জানিবলৈ দিয়া মতে সত্সংগত অংশগ্ৰহণ কৰি ডেৰা ভৱনৰ পৰা ওলাই আহি থকা অৱস্থাত ফাগোৱাৰা ফালৰ পৰা অহা চুইফট গাড়ীখনে খুন্দা মাৰে। আৰক্ষীয়ে জনোৱা মতে, নিহত লোক কেইজনক গোছলা গাঁৱৰ বাসিন্দা অমৰ নাথ; আৰু ভূপিন্দৰ সিং আৰু সোণু বালা বুলি চিনাক্ত কৰা হৈছে। আহত দুজনক -- মৃত সোনু বালাৰ কন্যা অংকিতা (৯) আৰু দোছাঞ্জ খুৰদ গাঁৱৰ বাসিন্দা অৱতাৰ চান্দক বঙাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিৰকপুৰৰ সমীপৰ ধুধা গাঁৱৰ গাড়ী চালক…
Read More
ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৩ সদস্যসহ ২৫ জনৰ

ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৩ সদস্যসহ ২৫ জনৰ

শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ সমৃদ্ধি এক্সপ্ৰেছৱেত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হোৱা ২৫ জন লোকৰ ভিতৰত পুনেৰ আম্বেগাঁও তালুকাৰ এটা পৰিয়ালৰ তিনিজন সদস্যও আছে। অগ্নিকাণ্ড সংঘটিত হোৱা বাছখনত নাগপুৰৰ পৰা উভতি আহি আছিল অধ্যাপক কৈলাস গংগাৱনে (৪৮), তেওঁৰ পত্নী কাঞ্চন গংগাৱনে (৩৮) আৰু কন্যা ছাই গংগাৱনে (২১)। গংগাৱনে নাগপুৰলৈ গৈছিল তাত আইন অধ্যয়নৰ বাবে কলেজত ভৰ্তি হোৱা পুত্ৰক ড্ৰপ কৰিবলৈ। পেছাত এজন অধ্যাপক গংগাৱনে আম্বেগাঁৱৰ নিৰ্গুদসৰ গাঁৱৰ বাসিন্দা আছিল। এই ঘটনাত মৃত্যু হোৱা তেওঁৰ কন্যা ছাই গংগাৱনেও চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল। তেওঁলোকৰ মৃত্যুৰ খবৰ তেওঁলোকৰ গাঁৱত পোৱাৰ লগে লগে আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহবোৰ হতভম্ব হৈ পৰে। খবৰ অনুসৰি, পুৱালৈকে…
Read More
সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

অৱশেষত সঁচা হ'ল আশংকা। শৰদ পাৱাৰৰ এনচিপিত বিভেদৰ সৃষ্টি। প্ৰবীণ নেতাগৰাকীৰ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰিছে। দেওবাৰে আবেলি তেওঁ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিতৰ সৈতে এনচিপিৰ ৫৩ জন বিধায়কৰ ৩০ জন বিধায়কেও চৰকাৰক সমৰ্থন জনোৱা বুলি জানিব পৰা গৈছে। অজিতে আগতে কৈছিল যে তেওঁ সংগঠনটোৰ ক্ষমতা বিচাৰে, বিৰোধী দলৰ নেতাৰ পদ নহয়। কিন্তু শৰদে তেওঁৰ দাবী মানি নল'লে। ফলস্বৰূপে, এনচিপিত অজিতৰ ভৱিষ্যতসম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল। দেওবাৰে পুৱা, অজিত পাৱাৰে দলৰ কেইবাজনো নেতাৰ সৈতে এখন বৈঠক আহ্বান কৰে। শৰদ পাৱাৰে এই বৈঠকৰ বিষয়ে একো নাজানিছিল। দলৰ জ্যেষ্ঠ নেতা ছগন ভুজবল অজিতৰ বাসগৃহ 'দেৱগিৰি'ত উপস্থিত নেতা…
Read More
বিচনাত সজাই থোৱা টকাৰ বাণ্ডিলৰ সৈতে পত্নী-পুত্ৰৰ চেল্ফি! বিপদত এগৰাকী আৰক্ষী…

বিচনাত সজাই থোৱা টকাৰ বাণ্ডিলৰ সৈতে পত্নী-পুত্ৰৰ চেল্ফি! বিপদত এগৰাকী আৰক্ষী…

বিচনাত সজাই থোৱা ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ কাষতে বহি পৰিয়ালৰ সদস্যসকলে মুখত হাঁহি লৈ উঠা ফটো ভাইৰেল হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষীক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। ইতিমধ্যে আৰক্ষী বিষয়াজনক বদলি কৰা হৈছে। জানিব পৰা মতে আৰক্ষী জোৱানজনৰ নাম ৰমেশ চন্দ্ৰ সাহানী। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী জোৱানজনৰ পৰিয়ালৰ ফটো। দেখা যায় যে বিচনাখনত ৫০০ টকীয়া বহু বাণ্ডিল সজাই থোৱা আছে। প্ৰথমতে অনুমান কৰা মতে সেই বাণ্ডিলবোৰত প্ৰায় ১৪ লাখ টকা আছে। টকাৰ পাহাৰৰ সৈতে ৰমেশৰ পত্নী আৰু সন্তানে চেলফি তোলে। সেই ফটো নেট জগতত বিয়পি পৰে। চেলফি পোহৰলৈ অহাৰ লগে লগে তৎপৰ হৈ পৰে উত্তৰ প্ৰদেশ আৰক্ষী। লগে…
Read More
মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দ খাৱৈত বাগৰি পৰিল বাহন, ৪ জনৰ মৃত্যু

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দ খাৱৈত বাগৰি পৰিল বাহন, ৪ জনৰ মৃত্যু

বুধবাৰে হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাত সংঘটিত হয় এক যন্ত্ৰণাদায়ক পথ দুৰ্ঘটনা। শিমলাৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ ৰামপুৰৰ কালেদা-মাঝেৱতী পথৰ পৰা খাৱৈত বাগৰি পৰে এখন চাৰিচকীয়া বাহন। শিমলাৰ ৰামপুৰত এই দুৰ্ঘটনাত এগৰাকী যুৱতীসহ ৪ জন লোকৰ মৃত্যু হয়। একে সময়তে এগৰাকী যুৱতী আহত হোৱা বুলি জানিব পৰা গৈছে। আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি গাড়ীখনত থকা আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। এই সময়তে গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখনত থকা আটাইকেইজন লোক আত্মীয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত…
Read More
হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত হিজাব পিন্ধাৰ দাবী মুছলমান ছাত্ৰীৰ! অধ্যক্ষই ক’লে…

হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত হিজাব পিন্ধাৰ দাবী মুছলমান ছাত্ৰীৰ! অধ্যক্ষই ক’লে…

কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে বাকী থাকিলেও দেশৰ বিভিন্ন ৰাজ্যত এই বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কেৰালাতো একেধৰণৰ এটা গোচৰ চৰ্চালৈ আহিছে। ৰাজ্যখনৰ তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ ৭ গৰাকী মুছলমান ছাত্ৰীয়ে অপাৰেচন থিয়েটাৰত দীঘল হাতৰ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পিন্ধিবলৈ অধ্যক্ষক দাবী জনাইছে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি এই দাবীৰ বাবে ছাত্ৰীয়ে হিজাব পৰিধান কৰাটো প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। হিজাবৰ বিকল্প হিচাপে লং স্লীভ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পৰিধান কৰাৰ অনুমতি বিচাৰিছে ছাত্ৰীসকলে। এই দাবীৰ বাবে ৭ গৰাকী ছাত্ৰীয়ে মহাবিদ্যালয় প্ৰশাসনলৈ এখন চিঠি লিখিছে। চিঠিখনত তেওঁলোকে অপাৰেচন থিয়েটাৰৰ ভিতৰত হিজাব পিন্ধিব নিদিয়াক লৈ উদ্বেগ…
Read More
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰিল ট্ৰাক, কমেও ১০ জনৰ মৃত্যু

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰিল ট্ৰাক, কমেও ১০ জনৰ মৃত্যু

মধ্য প্ৰদেশৰ দাতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অনিয়ন্ত্ৰিত ট্ৰাক নদীত বাগৰি পৰাৰ ফলত ট্ৰাকখনত থকা ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আটাইকেইজন লোকে এখন ট্ৰাকত উঠি বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল। তথ্য অনুসৰি দাতিয়াৰ দুৰ্ছাদা থানা এলেকাৰ বুহাৰা গাঁৱত সংঘটিত হৈছে এই যন্ত্ৰণাদায়ক দুৰ্ঘটনা। বুহাৰা নদীত অনিয়ন্ত্ৰিতভাৱে বাগৰি পৰে ট্ৰাকখন। এই ভয়াবহ দুৰ্ঘটনাটোত দহজনৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। ট্ৰাকখনৰ আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহি থকা অৱস্থাত ট্ৰাক চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন বুহাৰা নদীত বাগৰি পৰে। নদীত ট্ৰাকখন পৰি যোৱাৰ তথ্য পোৱাৰ লগে লগে গাঁওবাসীয়ে…
Read More