18
Aug
দেশত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। শুকুৰবাৰে পুৱা বিহাৰৰ আৰৰিয়া জিলাত এগৰাকী সাংবাদিকক তেওঁৰ বাসগৃহত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিহত সাংবাদিকগৰাকী দৈনিক জাগৰণৰ সাংবাদিক বিমল কুমাৰ যাদৱ বুলি জানিব পৰা গৈছে। গুলীচালনাৰ পিছত অঞ্চলটোত ব্যাপক হুলস্থুলৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈছে। স্থানীয় বাতৰি অনুসৰি মৃত সাংবাদিকজনক আৰিয়াৰিয়াৰ ৰাণীগঞ্জৰ প্ৰেম নগৰত থকা নিজা বাসগৃহত হত্যা কৰা হৈছে। চাৰিজন আক্ৰমণকাৰীয়ে বাইকত উঠি আহি ঘৰৰ পৰা তেওঁক বাহিৰলৈ মাতে। ইয়াৰ পিছতে গুলীচালনা কৰি পলায়ন কৰে। ইয়াৰ পিছতে গুলীৰ আঘাতত মৃত্যু হয়। বিমলে পত্নীৰ সৈতে ১৫…
