05
Oct
বুধবাৰে আম আদমী পাৰ্টিৰ কৰ্মীসকলে আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত সঞ্জয় সিংক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ কাৰ্যালয়ৰ সমীপত মুম্বাই আৰু মধ্য দিল্লীত এই প্ৰতিবাদ সাব্যস্ত কৰে আপে। আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু শ্লোগান উত্থাপন কৰা প্ৰতিবাদকাৰীকো মুম্বাই আৰক্ষীয়ে আটক কৰি ৰাখিছে। ডিডিইউ মাৰ্গত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত একত্ৰিত হৈ দলটোৰ কেইবাজনো কৰ্মীয়ে কেন্দ্ৰৰ বিৰুদ্ধে শ্লোগান দি সিঙক মুক্তিৰ দাবী জনায়। সংসদত আদানী গোটৰ সৈতে জড়িত বিষয় উত্থাপন কৰাৰ বাবেই সিঙক বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। ২০২১-২২ বৰ্ষৰ দিল্লী আবকাৰী নীতি গোচৰৰ দুৰ্নীতিৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল সিঙক। বৃহস্পতিবাৰে আপে…
