ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জ্বলি ভষ্মীভূত ৩৫ খন মাছমৰীয়াৰ নাও

ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জ্বলি ভষ্মীভূত ৩৫ খন মাছমৰীয়াৰ নাও

সোমবাৰে পুৱা বিশাখাপট্টনমৰ এটা জেটি এলেকাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত জ্বলি ভষ্মীভূত হয় কমেও ৩৫খন মাছ ধৰা নাও। জিৰ’ জেটি এলেকাত এখন নাওৰ পৰা বিয়পি পৰা জুইয়ে কিছু সময়ৰ ভিতৰতে আন কেইবাখনো নাও ভষ্মীভূত কৰে। বিশাখাপট্টনম কণ্টেইনাৰ টাৰ্মিনেলৰ সমীপৱৰ্তী অঞ্চল আৰু ভাৰতীয় তৈল নিগমৰ মাছ ধৰা নাও ৰখাই থোৱা অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হয়। বিশাখাপট্টনম জিলা অগ্নিনিৰ্বাপক বিষয়া এছ ৰেনুকায়াই পিটিআইক জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। বিষয়াগৰাকীয়ে কয় যে এই পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ৰেনুকায়াই জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে আধা ঘণ্টাৰ ভিতৰতে ওচৰৰ আন নাওলৈ জুই বিয়পি পৰাৰ…
Read More
ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেলৰ খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেলৰ খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেওবাৰে সন্ধিয়া আহমেদাবাদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী। আহমেদাবাদ ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ ফাইনেল খেল উপভোগ কৰিব। এই সময়ছোৱাত দুই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব। দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ গুজৰাট ভ্ৰমণৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰা হৈছে। আচলতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ অন্তিমখন খেল আহমেদাবাদত অৱস্থিত ‘নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব। ১.৩ লাখতকৈ অধিক দৰ্শকৰ ক্ষমতা থকা এই ষ্টেডিয়ামখন বিশ্বৰ অন্যতম বৃহৎ ষ্টেডিয়াম। প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও বিচিচিআইৰ বহু গুৰুত্বপূৰ্ণ বিষয়া তথা বৰ্তমানলৈকে বিশ্বকাপ জয় কৰা অধিনায়কসকলো ষ্টেডিয়ামত উপস্থিত থাকিব। ভাৰতীয় ক্ৰিকেট দলৰ ৰূপলৈ…
Read More
তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

তেওঁ অত্যাধিক কথা কৈছে, তেওঁৰ কথা কোনেও ভাল পোৱা নাইঃ অসমৰ মুখ্যমন্ত্ৰীক তুলাধূনা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী অশোক গেহলটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিলে পৰামৰ্শ। অসমৰ মুখ্যমন্ত্ৰীৰ এক বক্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গেহলটে কয়, ‘তেওঁ অত্যাধিক কথা কৈছে, তেওঁক কোনেও ভাল পোৱা নাই, তেওঁ গোটেই জীৱন কংগ্ৰেছত আছিল।’ অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত গেহলটে কয় যে এতিয়া এনেধৰণৰ বক্তব্য দি তেওঁ বিজেপিৰ হাইকমাণ্ডৰ চৰ্ত পূৰণ কৰিছে। তেওঁ বিজেপি হাইকমাণ্ডৰ প্ৰতি নিজৰ আনুগত্য পূৰণ কৰিছে। এই কথা কৈ তেওঁলোকে দেখুৱাব বিচাৰিছে যে আমি বিজেপি কেডাৰতকৈ কম দেখা নাপাওঁ। নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কাম-কাজৰ ওপৰত ভোট বিচাৰিব লাগে। যোৱা ৫ বছৰত আমি কৰা কামবোৰক লৈ চৰ্চা হ'ব লাগে। ৰাজস্থানত বিজেপিক লৈ ৰাইজে হাঁহিছে। বিজেপিৰ বাহিৰৰ…
Read More
দুঃখবৰ! RBIৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকটাৰমণনৰ দেহাৱসান

দুঃখবৰ! RBIৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকটাৰমণনৰ দেহাৱসান

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকটাৰমননৰ দেহাৱসান। শনিবাৰে পুৱা ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আৰবিআইৰ প্ৰাক্তন গৱৰ্ণৰ গৰাকীয়ে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল ভেংকটাৰমণনে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অষ্টাদশ গৱৰ্ণৰ আছিল। বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। এইগৰাকী দক্ষিণ ভাৰতীয় অৰ্থনৈতিক বিশেষজ্ঞই ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ দুবছৰ আৰ বি আইৰ গৱৰ্ণৰৰ দায়িত্ব পালন কৰিছিল। কোৱা বাহুল্য যে ভাৰতীয় অৰ্থনীতিৰ বাবে অন্যতম প্ৰত্যাহ্বানমূলক সময় আছিল সেয়া। ঠিক তেতিয়াৰ বিত্তমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিছিল। ইটোৰ পিছত সিটোকৈ বিদেশী কোম্পানীয়ে দেশত প্ৰৱেশ…
Read More
ভাৰতৰ বিশ্বকাপ জয়ত কেৱল অধিনায়ক ৰোহিতেই নহয়, ভাষণ দিবলৈ ৰৈ আছে আন এজনোঃ প্ৰধানমন্ত্ৰীক কটাক্ষ মহুৱা মৈত্ৰাৰ

ভাৰতৰ বিশ্বকাপ জয়ত কেৱল অধিনায়ক ৰোহিতেই নহয়, ভাষণ দিবলৈ ৰৈ আছে আন এজনোঃ প্ৰধানমন্ত্ৰীক কটাক্ষ মহুৱা মৈত্ৰাৰ

দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ মেগা ফাইনেল। সমগ্ৰ ক্ৰিকেট অনুগামী ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুঁজখন চাবলৈ অধীৰ হৈ পৰিছে। এনে পৰিস্থিতিত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে যদি সঁচাকৈয়ে টিম ইণ্ডিয়াই বিশ্বকাপত জয়লাভ কৰে, তেন্তে কেৱল অধিনায়ক ৰোহিত শৰ্মায়েই নহয়, বিশ্ব জয় কৰাৰ পিছত আন এজনেও ভাষণ প্ৰদান কৰিব। তেওঁৰ ইংগিতৰ পৰা স্পষ্ট যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰিয়েই এই কথা কয়। অৱশ্যে এই পোষ্টটো মহুৱা মৈত্ৰাই নিজে লিখা নাই। তেওঁ এটা টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে। তাত লিখা আছে, ‘ভাৰতৰ ক’ৰবাত এজন মানুহে বিশ্বকাপ জয় কৰাৰ পাছত নিজৰ ভাষণৰ অনুশীলন কৰি আছে৷ তেওঁৰ নাম ৰোহিত শৰ্মা নহয়।' মোডীক…
Read More
ভূস্বৰ্গ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণহীন হৈ ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল বাছ, কমেও ৩৫ জনৰ মৃত্যু

ভূস্বৰ্গ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণহীন হৈ ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল বাছ, কমেও ৩৫ জনৰ মৃত্যু

জম্মু-কাশ্মীৰত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় কমেও ৩৫ জন যাত্ৰীয়ে। জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি বুধবাৰে পুৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়। এতিয়াও চলি আছে উদ্ধাৰৰ কাম। উদ্ধাৰ অভিযান অগ্ৰগতিৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া খবৰ অনুসৰি ৩৫ জন যাত্ৰীৰ মৃত্যু হৈছে। একাংশ লোকৰ শাৰীৰিক অৱস্থা সংকটজনক। জম্মু-কাশ্মীৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি সেই বাছখনত ৪০ জনতকৈ অধিক যাত্ৰী আছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বাছখন পাৰ হৈ আছিল। বাছখন এটা খাৱৈৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত বাছখনৰ চকাটো হঠাতে পিচলি পৰি যাত্ৰীসহ বাছখন প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি…
Read More
দীপাৱলীৰ পিছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু! বৰষুণেও হ্ৰাস কৰিব পৰা নাই প্ৰদূষণ

দীপাৱলীৰ পিছত পুনৰ বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু! বৰষুণেও হ্ৰাস কৰিব পৰা নাই প্ৰদূষণ

দীপাৱলীৰ পিছত পুনৰ ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিসংখ্যা অনুসৰি দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ (বায়ুৰ গুণাগুণ সূচকাংক বা একিউআই) প্ৰায় ৪০০। দীপাৱলীৰ কেইবাদিনো আগেয়ে বায়ুৰ গুণাগুণ বৃদ্ধি পাইছিল। কিন্তু দীপাৱলীৰ পাছত দিল্লীৰ বেছিভাগ ঠাইতে পুনৰ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। বুধবাৰে পুৱা ৬ বজালৈকে দিল্লীৰ আৰ কে পুৰম অঞ্চলত বায়ুৰ গুণাগুণ ৪১৭, আনন্দ বিহাৰ আৰু নাৰেলা অঞ্চলত একিউআই স্তৰ ৪৩০, ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এলেকাত ৪০৩, পাঞ্জাবী বাগ অঞ্চলত ৪২৩। যোৱা বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে দিল্লীত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল। পৰিৱেশবিদসকলে অনুমান কৰিছিল যে বৰষুণ দিলেহে ৰাজধানীৰ বায়ুৰ গুণাগুণ উন্নত হ’ব পাৰে।…
Read More
কুকুৰৰ কামোৰৰ বলি হোৱা ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব এইখন ৰাজ্যই, গুৰুত্বপূৰ্ণ নিৰ্দেশ আদালতৰ

কুকুৰৰ কামোৰৰ বলি হোৱা ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব এইখন ৰাজ্যই, গুৰুত্বপূৰ্ণ নিৰ্দেশ আদালতৰ

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কুকুৰে কামোৰৰ বলি হোৱা লোকৰ সপক্ষে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। আদালতে কয় যে বাটৰ কুকুৰ আৰু অন্যান্য মালিকানাধীন জীৱ-জন্তুৱে কামোৰাৰ ক্ষেত্ৰত “প্ৰাথমিক দায়বদ্ধতা” ‘ৰাষ্ট্ৰ’ৰ ওপৰত। ইয়াৰ বাহিৰেও আদালতে কয় যে কামোৰাৰ ঘা হ’লে প্ৰতিটো দাঁতৰ দাগত ১০ হাজাৰ টকা আৰু ০.২ চে.মি.ৰ ঘাঁৰ বাবে নূন্যতম ২০ হাজাৰ টকা ক্ষতিপূৰণ দিব লাগে। শেহতীয়াকৈ এই সন্দৰ্ভত ১৯৩ খন আৱেদন দাখিল কৰা হৈছে। পোহনীয়া কুকুৰ হওক, বা ৰাজপথৰ মালিকহীন কুকুৰ হওক, বাটৰ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত পোৱাৰ ঘটনা নতুন নহয়। কুকুৰৰ আক্ৰমণত মৃত্যুৰ ঘটনাও সংঘটিত হৈছে। অক্টোবৰ মাহত কুকুৰে খেদি খেদি বাগ বাকৰি চাহ গ্ৰুপৰ কাৰ্যবাহী বিষয়া…
Read More
গুজৰাটত চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ শ্ৰমিকৰ…

গুজৰাটত চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ শ্ৰমিকৰ…

উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ হাজাৰ নিৰ্দেশনাৰ পিছতো দেশত অব্যাহত আছে চাফাই কৰ্মীৰ মৃত্যু। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত ৪ জন চাফাই কৰ্মীৰ মৃত্যু ঘটে। চুৰাটৰ পালছানা-কাটোদ্ৰা পথৰ সমীপত থকা এটা কাৰখানাৰ লেতেৰা টেংকি চাফা কৰি থকা অৱস্থাত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় কৰ্মী কেইজনৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে সন্ধিয়া কাৰখানাটোৰ চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। অগোছালি পৰিষ্কাৰ কৰা প্ৰথম দুজন শ্ৰমিকে বিষাক্ত গেছৰ পৰা চেতনা হেৰুৱাই পেলায়। তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰু দুজন শ্ৰমিক নামি যায়। ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁলোকো অসুস্থ হৈ পৰে। ইয়াৰ পিছত উপস্থিত থকা লোকসকলে…
Read More
মৰ্মান্তিক! ট্ৰেইলাৰ-চাৰিচকীয়াৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ মৃত্যু ৫ জনৰ

মৰ্মান্তিক! ট্ৰেইলাৰ-চাৰিচকীয়াৰ ভয়ংকৰ সংঘৰ্ষত শিশুসহ মৃত্যু ৫ জনৰ

ৰাজস্থানত শোকাবহ পথ দুৰ্ঘটনা। মন্দিৰলৈ যোৱাৰ সময়তে ট্ৰেইলাৰ ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষত মৃত্যু ৫ জনকৈ লোকৰ। ৰাজস্থানৰ বাৰমেৰ-জয়ছালমেৰৰ ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই লোমহৰ্ষক দুৰ্ঘটনা। জানিব পৰা মতে, এটা পৰিয়ালে যা্ত্ৰা কৰা বাহনখনে বাৰমেৰ জিলা ধোৰিমানা এলেকাত এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ ঘটাত ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে এজন আহত হয়। নিহত সকলক ধনৰাজ (৪৫), স্বৰাঞ্জলি (৫), প্ৰশান্ত (৫), ভাগ্যলক্ষ্মী (১) আৰু গায়ত্ৰী (২৬) বুলি চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজন মহাৰাষ্ট্ৰৰ ভালগাঁৱৰ বাসিন্দা আৰু জয়ছলমেৰ অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
Read More