ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

শুকুৰবাৰে পুৱা পুনৰ আৰম্ভ উত্তৰকাশীৰ আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান, কেতিয়া ৪১ শ্ৰমিকৰ সম্ভৱ হ’ব উদ্ধাৰ?

শুকুৰবাৰে পুৱা পুনৰ আৰম্ভ উত্তৰকাশীৰ আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান, কেতিয়া ৪১ শ্ৰমিকৰ সম্ভৱ হ’ব উদ্ধাৰ?

উত্তৰ কাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলে এতিয়াও দেখা নাই সূৰ্য্যৰ পোহৰ। বৃহস্পতিবাৰে নিশা কিছু সময়ৰ বাবে উদ্ধাৰ কাম বন্ধ কৰি দিয়া হয়। মাটি খন্দা মেচিন হঠাৎ বিকল হৈ পৰাৰ বাবেই বন্ধ হৈ পৰে উদ্ধাৰ অভিযান। লগতে মেচিনটো ৰখা ফ্ল’ৰখনো খহিবলৈ আৰম্ভ কৰে। অৱশ্যে শুকুৰবাৰে পুৱা পুনৰ উদ্ধাৰৰ কাম আৰম্ভ হয়। কিন্তু কেতিয়া শ্ৰমিকক উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই। উদ্ধাৰকাৰীৰ মতে, খৰখেদাকৈ কৰা প্ৰচেষ্টাই বিপদ বৃদ্ধিহে কৰিব পাৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেয়েবৃহস্পতিবাৰে নিশা উদ্ধাৰকাৰীয়ে দুটা কাম কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে। যি মজিয়াত মেছিন ৰখা হ’ব সেই মজিয়াখন মেৰামতি কৰা হৈছে। ইয়াৰ উপৰিও…
Read More
কোনো ৰাজ্যপালে আৱদ্ধ কৰি ৰাখিব নোৱাৰে কোনো বিধেয়ক! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

কোনো ৰাজ্যপালে আৱদ্ধ কৰি ৰাখিব নোৱাৰে কোনো বিধেয়ক! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ কোনো বিধেয়ক আৱদ্ধ কৰি ৰাখিব নোৱাৰে। যদিহে বিধেয়কখন অনুমোদন কৰা নহয়, তেন্তে পুনৰ বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। কিন্তু আৱদ্ধ কৰিব নোৱাৰে। এক শুনানিৰ জৰিয়তে এইদৰে স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ সংমণ্ডল বিচাৰপীঠে প্ৰদান কৰে ৰায়দান। পঞ্জাৱ চৰকাৰে দিয়া গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এই ৰায় দিয়া হৈছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হয় ৰায়দানৰ প্ৰতিলিপি। পঞ্জাৱৰ ৰাজ্যপালক সমালোচনা কৰি আদালতে কয় যে ৰাজ্যপালৰ বিধেয়কখনৰ সৈতে মতানৈক্য থাকিব পাৰে, কিন্তু তেওঁ মতানৈক্য প্ৰকাশ কৰি বা সন্মতি আৰোপ কৰি বিধেয়কখন আৱদ্ধ কৰিব নোৱাৰে। লগে লগে বিধেয়কখন ঘূৰাই…
Read More
প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

প্ৰধানমন্ত্ৰীক ‘পনৌতি’ আখ্যা! ৰাহুল গান্ধীলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ

সদ্য সমাপ্ত বিশ্বকাপ ক্ৰিকেট (আই চি চি বিশ্বকাপ ২০২৩)ৰ ফাইনেলত ভাৰতীয় দলৰ পৰাজয়ৰ ঘাঁ সমগ্ৰ দেশৰ বাবে সতেজ। কেৱল ২২ গজৰ ক্ষেত্ৰতে নহয়, এই বিষয়টোৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছে। আৰু ৰাষ্ট্ৰীয় ৰাজনীতি বাকযুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অষ্ট্ৰেলিয়াৰ হাতত টিম ইণ্ডিয়াৰ পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে নৰেন্দ্ৰ মোডীক ‘পনৌতি’ বুলি অভিহিত কৰাৰ পিছতে সূচনা হয় বিতৰ্কৰ। বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে তেওঁক প্ৰেৰণ কৰে জাননী। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত তেওঁক প্ৰেৰণ কৰা হৈছে জাননী। শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে। ১৯ তাৰিখে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল মেচত ৰোহিত আৰু বিৰাটক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই…
Read More
উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান

উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিভিৰ দেহাৱসান। বৃহস্পতিবাৰে কেৰালাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণৰ অন্যতম পথ প্ৰদৰ্শক আছিল ফাতিমা বিভি। সংখ্যালঘু মহিলাক আদালতলৈ অনাৰ ক্ষেত্ৰতো পৰ্দাৰ আঁৰত ডাঙৰ ভূমিকা পালন কৰিছিল তেওঁ। কেৰালাৰ পৰা আইন বিষয়ত স্নাতক হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। এৰ্নাকুলামৰ আইন মহাবিদ্যালয়ৰ পৰা আইন উত্তীৰ্ণ হোৱাৰ পিছত ফাতিমাই ৫০ বছৰ বয়সত ন্যায়পালিকাৰ কেৰিয়াৰ আৰম্ভ কৰে। প্ৰথম অৱস্থাত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও পিছলৈ আইন দণ্ডাধীশ পদলৈ পদোন্নতি লাভ কৰিছিল। কেৰালাৰ দণ্ডাধীশ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মুছলমান মহিলা আছিল…
Read More
লজ্জাজনক! খোদ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ১৪২ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, গ্ৰেপ্তাৰ

লজ্জাজনক! খোদ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ১৪২ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ, গ্ৰেপ্তাৰ

হাৰিয়ানাৰ এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এক চাঞ্চল্যকৰ অভিযোগ। বিদ্যালয়ৰ ১৪২ গৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ খোদ অধ্যক্ষৰ বিৰুদ্ধে। প্ৰথম অৱস্থাত ৬০ গৰাকী ছাত্ৰীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল যদিও পিছত সেই সংখ্যা ১৪২ লৈ বৃদ্ধি পায়। অভিযুক্তৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে চৰকাৰী বিদ্যালয়খনৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ‘যৌন নিৰ্যাতন সমিতি’ৰ তদন্ত অনুসৰি ৫৫ বছৰীয়া অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি আহিছিল শিক্ষাৰ্থীয়ে। শেষত হাৰিয়ানা মহিলা আয়োগৰ উদ্যোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। ১৪ ছেপ্টেম্বৰত হাৰিয়ানা মহিলা আয়োগৰ মুৰব্বী ৰেণু ভাটিয়াই ১৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক যৌন…
Read More
জি-২০ ডিজিটেল সন্মিলত ইজৰাইল-হামাছৰ সংঘাতক লৈ আলোচনা, যুদ্ধ বিৰতিৰ প্ৰস্তাৱ

জি-২০ ডিজিটেল সন্মিলত ইজৰাইল-হামাছৰ সংঘাতক লৈ আলোচনা, যুদ্ধ বিৰতিৰ প্ৰস্তাৱ

জি-২০ ডিজিটেল সন্মিলনত বহু নেতাই ইজৰাইল-হামাছ সংঘাতৰ ওপৰত কথা কোৱাৰ লগতে হিংসা বিয়পিবলৈ নিদিয়াকৈ আৰু পেলেষ্টাইন সমস্যাৰ দীৰ্ঘম্যাদী সমাধান বিচাৰি সময়মতে মানৱীয় সাহায্য প্ৰদানৰ আহ্বান জনায় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ডিজিটেলভাৱে আয়োজিত জি-২০ বৈঠকৰ বিষয়ে সাংবাদিকসকলক তথ্য দি জয়শংকৰে কয় যে আফ্ৰিকান ইউনিয়ন, ৯খন অতিথি দেশ আৰু ১১টা আন্তঃৰাষ্ট্ৰীয় সংস্থাকে ধৰি ২১ সদস্যৰ আটাইকেইখনে ইয়াত অংশগ্ৰহণ কৰে। তেওঁ কয় যে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে বৈঠকত পশ্চিম এছিয়া, গাজাৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় আৰু কিছু পৰিমাণে ইউক্ৰেইন…
Read More
পঞ্জাৱৰ গুৰুদ্বাৰাত নিৰ্বিচাৰ গুলীবৰ্ষণ! এগৰাকী কনিষ্টবল নিহত, আহত ৫ জন

পঞ্জাৱৰ গুৰুদ্বাৰাত নিৰ্বিচাৰ গুলীবৰ্ষণ! এগৰাকী কনিষ্টবল নিহত, আহত ৫ জন

পুৱাই পঞ্জাৱৰ গুৰুদ্বাৰত সংঘটিত নিৰ্বিচাৰ গুলীবৰ্ষণৰ ঘটনা। বৃহস্পতিবাৰে পঞ্জাৱৰ কাপুৰথালাত সংঘটিত এই ঘটনাত নিহত হ. এজন কনিষ্টবল। ইফালে এই গুলীবৰ্ষণত ৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০জন লোকক। এই আক্ৰমণৰ আঁৰত কোনো খালিস্তান সমৰ্থক উগ্ৰপন্থী সংগঠনৰ ‘ভুমিকা’ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে কাপুৰথালা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, গুৰদ্বাৰা দখলক লৈ দুটা গোটৰ মাজত হোৱা বিবাদৰ বাবেই এই গুলীচালনা সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা মতে, নিহাংগা জনগোষ্ঠীৰ অন্তৰ্গত শিখ গোটটোৱে গুলীচালনা কৰে। কাপুৰথালাৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) তেজবীৰ সিং হুণ্ডালে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, গুৰদ্বাৰাখন দখল কৰাৰ…
Read More
আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

আবকাৰী নীতি গোচৰত কাৰাবন্দী আপ নেতা মণীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১১ ডিচেম্বৰলৈ বৃদ্ধি…

দিল্লী আবকাৰী নীতিৰ গোচৰত ৰাউজ এভিনিউ আদালতৰ পৰা সকাহ পোৱা নাই আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। আদালতে তেওঁৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। আদালতে এই গোচৰৰ বিতং শুনানি গ্ৰহণ কৰি কয় যে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়াও বহু নথি-পত্ৰ ইডিয়ে দাখিল কৰিবলৈ বাকী আছে। ইফালে আদালতে অধিবক্তাসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ২০৭ চি আৰ পি চিৰ মানি চলাৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয় যাতে শুনানি আৰম্ভ হ’ব পাৰে। ইয়াৰ উপৰিও আদালতে ইডিক জাননী জাৰি কৰি বিনয় বাবুৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত যুক্তিৰ বাবে ২৪ নৱেম্বৰ নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে মনীষ চিছ’দিয়াই উচ্চতম ন্যায়ালয়ৰো কাষ…
Read More
জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

জাতি গণনা হৈছে দেশৰ এক্স-ৰে! আমি ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে জাতিগত গণনা কৰিমঃ ৰাহুল গান্ধী

২৫ নৱেম্বৰত ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে পূৰ্ণ গতিত চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। একে ক্ৰমতে উদয়পুৰৰ বল্লভনগৰত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিৰোধী ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষ এখন প্ৰেম, ভাতৃত্ববোধ আৰু সন্মানৰ দেশ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, ‘প্ৰথমে জাতি জনগণনা হ’ব লাগে। সকলোৰে সংখ্যা গম পোৱা যাব। মই লোকসভাত জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰা দিনটোৰ পাছত নৰেন্দ্ৰ মোডীৰ কণ্ঠ সম্পূর্ণৰূপে সলনি হ’ল৷ প্ৰশ্ন হয় বিজেপিয়ে কিয় দেশত ঘৃণা বিয়পাই দিয়ে। কিয় বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ কথা নকয়?’ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাতি লোকপিয়লৰ বিষয়টো…
Read More
চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

চিনেমাৰ কায়দাত আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ বাহন চুৰি কৰি পলায়ন অভিযুক্তৰ, ৩ ঘণ্টীয়া অভিযানৰ অন্তত হ’ল আটক

কোৱা হয় যে চিনেমা সমাজৰ দাপোন, ছবিত বাস্তৱত যি দেখুওৱা হয় সেয়াহে দেখুওৱা হয়, কিন্তু বহু সময়ত মানুহে কেৱল ছবিৰ জৰিয়তেহে নতুন তথ্য লাভ কৰে। তেনে এটা গোচৰ পোহৰলৈ আহিছে কৰ্ণাটকৰ পৰা, য’ত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আৰক্ষীৰ বাহন লৈ ফিল্মী ষ্টাইলত পলায়ন কৰে। কিন্তু বহু সংগ্ৰামৰ অন্তত আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এই ঘটনা সংঘটিত হৈছে টুমাকুৰু জিলাৰ গুব্বি তালুকৰ নৰনহল্লী গাঁৱত। আচলতে সোমবাৰে (২০ নৱেম্বৰ) নিশা মুনিয়া আনুআটাৰ জ্যেষ্ঠ ভাতৃৰ সৈতে কোনো এটা বিষয়ক লৈ তীব্ৰ কাজিয়া হৈছিল। ক্ৰমান্বয়ে বিষয়টো তীব্ৰতৰ হৈ পৰিল। ইফালে মুনিয়াৰ ভাতৃয়ে ফোন কৰি আৰক্ষীক এই বিষয়ে অৱগত কৰে। তথ্য পোৱাৰ লগে লগে…
Read More