02
Jan
ৰাজপথৰ পৰা উদ্ধাৰ হ’ল এগৰাকী অৰ্জুন বঁটাপ্ৰাপক আৰক্ষী বিষয়াৰ ক্ষত বিক্ষত মৃতদেহ। পঞ্জাৱ আৰক্ষীত কৰ্মৰত প্ৰাক্তন ভাৰত্তোলক দলবীৰ সিঙৰ ৰহস্যজনক পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি বছৰৰ অন্তিম দিনটোত বন্ধু-বান্ধৱীক লগ কৰিছিল দলবীৰ সিঙে। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত আৰক্ষী বিষয়াগৰাকীক হত্যা কৰা হৈছে বুলি অনুমান কৰা হৈছে। বৰ্তমান পঞ্জাৱ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ২০০০ চনত ভাৰোত্তোলক দলবীৰ সিঙক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছতে তেওঁ পঞ্জাৱ সশস্ত্ৰ আৰক্ষীত ডি এছ পি হিচাপে যোগদান কৰে। ৩১ ডিচেম্বৰত তেওঁ বন্ধু-বান্ধৱীক লগ কৰিছিল। কিন্তু ইয়াৰ…