ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক অৰ্জন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক অৰ্জন বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

আই চি চি পুৰুষৰ বিশ্বকাপ ২০২৩ত কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰা ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীক মঙলবাৰে অৰ্জুন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক অনুষ্ঠানৰ সময়ত তেওঁক এই বঁটা প্ৰদান কৰে। ২০২৩ বৰ্ষত ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শনৰ বাবে এই সন্মানীয় বঁটা লাভ কৰা আন খেলুৱৈ কেইগৰাকী হৈছে- ওজাছ প্ৰবীণ দেওতালে- আৰ্চাৰীঅদিতি গোপীচান্দ স্বামী- আৰ্চাৰীশ্ৰীশংকৰ এম- এথলেটিকছপৰুল চৌধুৰী- এথলেটিকছহম্মদ হুছামুদ্দিন- বক্সিংআৰ বৈশালি- ডবাঅনুষ আগৰৱালা - অশ্বাৰোহীদিব্যকৃত সিং- অশ্বাৰোহীড্ৰেছেজ দীক্ষা দাগৰ- গলফকৃষ্ণ বাহাদুৰ পাঠক- হকীপোখৰম্বন সুশিলা চানু- হকীপৱন কুমাৰ- কাবাডিঋতু নেগী- কাবাডিনাছৰীন- খো খোপিংকি- লন ব’লঐশ্বৰী প্ৰতাপ সিং তোমৰ- শ্বুটিংএশা সিং- শ্বুটিংহৰিন্দৰ পাল সিং সন্ধু- স্কোয়াছআয়হিতা মুখাৰ্জী-…
Read More
অভিনেতা যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ অকাল মৃত্যু ৩ অনুৰাগী যুৱকৰ

অভিনেতা যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ অকাল মৃত্যু ৩ অনুৰাগী যুৱকৰ

দক্ষিণৰ তাৰকা যশৰ জন্মদিনৰ উদযাপনৰ কৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হ’ল তিনি অনুৰাগী যুৱকে। কৰ্ণাটকত সংঘটিত এই ঘটনাই মৰ্মাহত কৰিছে সকলোকে। সোমবাৰে ৩৯ বছৰত ভৰি দিয়ে তাৰকা অভিনেতাগৰাকীয়ে। চুপাৰহিট ছবি 'কেজিএফ’ৰ নায়ক যশৰ জন্মদিনক লৈ সমগ্ৰ কৰ্ণাটকতে অনুৰাগীসকলৰ মাজত দেখা যায় ব্যাপক উচ্ছ্বাস। কিন্তু তাৰ মাজতে ৰাজ্যখনৰ গোদাগ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। য’ত প্ৰিয় নায়কৰ জন্মদিন উদযাপনৰ প্ৰাকক্ষণত প্ৰাণ হেৰুৱাবলগীয়া হয় তিনি যুৱকে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোৰ তিনি যুৱক ক্ৰমে মুৰুলী, নবীন আৰু হনুমন্তই প্ৰিয় তাৰকা যশৰ জন্মদিন উপলক্ষ্যে নিৰ্মাণ কৰিছিল এখন বেনাৰ। সোমবাৰে পুৱা সেই বেনাৰখন আঁৰিবলৈ লোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় তিনিওজন যুৱক। যাৰ ফলত তিনিওজন অনুৰাগীৰ ঘটনাস্থলীতে…
Read More
বিলকিছ বানো গোচৰত গুজৰাট চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ে, ক’লে- এয়া ক্ষমতাৰ অপব্যৱহাৰ

বিলকিছ বানো গোচৰত গুজৰাট চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ে, ক’লে- এয়া ক্ষমতাৰ অপব্যৱহাৰ

বিলকিছ বানো গোচৰত বিজেপি শাসিত গুজৰাট চৰকাৰক লৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ে ১১ জন দোষীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত বাতিল কৰে। ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যখনৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। আদালতে গুজৰাট চৰকাৰৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ে কয় যে ম্যাদ উকলি যোৱাৰ পূৰ্বে ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ কোনো আইনী অধিকাৰ গুজৰাট চৰকাৰৰ নাই। আদালতৰ মতে, এই গোচৰত ক্ষমতা দখল আৰু অপব্যৱহাৰ হৈছে। ন্যায়াধীশসকলে লগতে কয় যে বিলকিছৰ গোচৰ আৰু শাস্তি মহাৰাষ্ট্ৰত ঘোষণা কৰা হৈছে। সেই ক্ষেত্ৰত অপৰাধীক মুকলি কৰি দিয়াৰ অধিকাৰ কেৱল মহাৰাষ্ট্ৰ চৰকাৰৰ। শুনানিৰ পিছত…
Read More
ফোন কৰি এনেকৈ কৰা হৈছিল প্ৰৱঞ্চনাৰ চেষ্টা, যুৱতীৰ বুদ্ধিমত্তাই কৰিলে বিফল…

ফোন কৰি এনেকৈ কৰা হৈছিল প্ৰৱঞ্চনাৰ চেষ্টা, যুৱতীৰ বুদ্ধিমত্তাই কৰিলে বিফল…

দেশত বাঢ়িছে অনলাইন জালিয়াতিৰ গোচৰ। এটা মাত্ৰ ভুৱা ফোন কলে নিমিষতে খালী কৰিব পাৰে গ্ৰাহকৰ বেংক একাউণ্ট। ইতিমধ্যেই অনলাইন প্ৰৱঞ্চকৰ বলি হৈ সৰ্বস্ৰান্ত হৈছে বহু লোক। কিন্তু এইবাৰ প্ৰৱঞ্চনাৰ বলি নহয়, বৰং নিজৰ বুদ্ধিমত্তাৰে প্ৰৱঞ্চকৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হ’ল মুম্বাইৰ এগৰাকী যুৱতীয়ে। তাৰ পিছতে সামাজিক মাধ্যমত নিজৰ এই ভয়ংকৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি ইউপিআই ভুৱা কলৰ পৰা আনকো সাৱধান হ’বলৈ সকিয়াই দিয়ে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীয়ে লিখিছে, "অ' মাই গড, শেহতীয়াকৈ এজনে মোক ইউপিআইৰ জৰিয়তে প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰিছিল।" তেওঁ কয় যে এজন ব্যক্তিয়ে তেওঁক ফোন কৰি কয় যে তেওঁৰ পিতৃয়ে ব্যক্তিজনক তেওঁৰ নম্বৰটো আছিল। ব্যক্তিজনে কয় যে যুৱতীগৰাকীৰ পিতৃক তেওঁ…
Read More
আকাশ মাৰ্গতে খুলি পৰিল যাত্ৰীবাহী বিমানৰ দুৱাৰ, যাত্ৰীৰ মাজত হাহাকাৰ

আকাশ মাৰ্গতে খুলি পৰিল যাত্ৰীবাহী বিমানৰ দুৱাৰ, যাত্ৰীৰ মাজত হাহাকাৰ

বিমান বন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমানৰ পিছতে বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰিল বিমানৰ এখন দুৱাৰ। ইয়াৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰে যাত্ৰীসকলৰ মাজত। আলাস্কা এয়াৰলাইন্সে নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে এই দুৰ্ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে নেটিজনসকলেও আশ্বৰ্য ব্যক্ত কৰিছে। আলাস্কা এয়াৰলাইন্সে প্ৰকাশ কৰা মতে, শনিবাৰে সন্ধিয়া পৰ্টলেণ্ডৰ পৰা কেলিফৰ্ণিয়াৰ অন্টাৰিঅ’লৈ উৰা মাৰিছিল এএছ২৮২ নম্বৰৰ বয়িং ৭৩৭-৯ মেক্স বিমানখনে। কিন্তু বিমানখনে উৰা মৰাৰ মাত্ৰ কেইমিনিটমানৰ পিছতে বিমানখনৰ এক্সিট ড’ৰখন উভালি বিমানৰ পৰা বিচ্ছিন্ন হৈ পৰে। আৰু এই ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকময় পৰিৱশৰ সৃষ্টি হয়। পিছত সুৰক্ষিতভাৱে বিমানখন পৰ্টলেণ্ড বিমান বন্দৰলৈ পুনৰ ওভতাই পঠিওৱা হয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে…
Read More
মূৰত কোটিটকীয়া স্বৰ্ণ পাদুকা লৈ ১৩০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কলিযুগৰ ‘ভৰত’ৰ

মূৰত কোটিটকীয়া স্বৰ্ণ পাদুকা লৈ ১৩০০ কিলোমিটাৰ খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কলিযুগৰ ‘ভৰত’ৰ

ৰামায়ণত বনবাসত থকা শ্ৰী ৰামচন্দ্ৰৰ পাদুকা লৈ সিংহাসনত বহিছিল ভাতৃ ভৰত। এইবাৰ কলিযুগত চৰ্চালৈ আহিছে আন এগৰাকী ভৰতৰ। অহা ২২ জানুৱাৰীত অযোধ্যাত মহা উলহ মালহেৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হব ৰাম মন্দিৰৰ। আৰু তাৰ ঠিক পূৰ্বে চৰ্চালৈ আহিছে ৰামচন্দ্ৰৰ স্বৰ্ণ পাদুকা মূৰত লৈ অযোধ্যালৈ ৰাওনা হোৱা কলিযুগৰ ভৰত শ্ৰীনিবাস শাস্ত্ৰীৰ কথা। হায়দৰাবাদৰ চৰলাৰ নিবাসী শ্ৰীনিবাস শাস্ত্ৰীয়ে কোটি টকা মূল্যৰ স্বৰ্ণ পাদুকা মূৰত লৈ ইতিমধ্যে আৰম্ভ কৰিছে যাত্ৰা। ২৮ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ বেদুৰপাকা নামৰ এখন গাঁৱৰ পৰা ২০ গৰাকী ৰামভক্তৰ সৈতে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা শাস্ত্ৰীয়ে ১৩০০ কিলোমিটাৰৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৩ জানুৱাৰীত অযোধ্যাত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছে। মূৰত…
Read More
মৃত্যুৰ পিছত পুনৰ জনমৰ আশাৰে শ্ৰীলংকাত আত্মহত্যা ধৰ্মগুৰুসহ ৭ জনৰ

মৃত্যুৰ পিছত পুনৰ জনমৰ আশাৰে শ্ৰীলংকাত আত্মহত্যা ধৰ্মগুৰুসহ ৭ জনৰ

মৃত্যুৰ পিছত পুনৰ লভিৱ পাৰি মনুষ্য জীৱন। এই অন্ধ বিশ্বাসৰে বলি হৈ শ্ৰীলংকাত এজন ধৰ্মগুৰুসহ ৭ জন লোকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃ্ত্যুৰ তদন্তৰ পিছত আৰক্ষীয়ে দাবী কৰা মতে, শীঘ্ৰে পুনৰ জনম লাভৰ মানসেৰেই আত্মহত্যা কৰে আটাইকেইজনে। নিহত সকলৰ ভিতৰত আছে তিনিটা শিশুও। প্ৰাথমিক তদন্ত অনুসৰি, ৪৭ বৰ্ষীয় বৌদ্ধ ধৰ্মগুৰু ৰুৱন প্ৰসন্ন গুণাৰত্নেয়ে প্ৰায়ে তেওঁৰ ধৰ্মসভাত পুনৰ জনমৰ কথা কৈ আহিছিল। শ্ৰীলংকাৰ বিভিন্ন প্ৰান্তত ভুলকৈ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছিল গুণাৰত্নেয়ে। তেওঁ তেওঁৰ ধৰ্মধ্বনিত দাবী কৰিছিল যে আত্মহত্যাৰ পিছত অতি সোনকালে মনুষ্য জীৱন লাভ কৰিব পাৰি। আৰক্ষীৰ দাবী অনুসৰি, গুণাৰত্নেয়ে প্ৰথমে কেমিকেল লেবত কাম কৰিছিল যদিও পিছত…
Read More
যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

আৰু মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ অভিষেক। সেইদিনা সমগ্ৰ দেশেই সাক্ষী হ’ব ৰাম মন্দিৰৰ অভিষেকৰ। উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে যে সেইদিনা ৰাজ্যৰ সকলো কাৰাগাৰতে এই মুহূৰ্তটো লাইভ প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে সকলো জেল অধীক্ষকক এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। ৰাম মন্দিৰৰ অভিষেকক লৈ তেওঁলোকৰ জেলত ‘লাইভ’ দেখুৱাবলৈ ব্যৱস্থা কৰিব লাগে বুলি জনোৱা হৈছে। যোগী ৰাজ্যৰ কাৰাগাৰ আৰু গৃহৰক্ষী ৰাজ্যিক মন্ত্ৰী ধৰমবীৰ প্ৰজাপতিয়ে কয় যে এই ঐতিহাসিক মুহূৰ্তটোৰ সাক্ষী হোৱাটো সকলো কয়দীৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে এই সিদ্ধান্ত লোৱা হৈছে। ইফালে ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলিৰ সজ্জা অযোধ্যাত পূৰ্ণগতিত চলি আছে। দূৰ-দূৰণিৰ পৰা অনুৰাগী গোট খাবলৈ আৰম্ভ কৰিছে…
Read More
২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

নিলামত ২ কোটি টকাত বিক্ৰী হ’ল কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ এটুকুৰা পৈত্তৃক ভূমি। শুকুৰবাৰে ১৫ হাজাৰ ৪৪০ টকা দামৰ পৰা আৰম্ভ হোৱা নিলামত এগৰাকী প্ৰাক্তন শিৱ সেনাৰ নেতাই ক্ৰয় কৰে ডাউদ ইব্ৰাহিমৰ পৈত্তৃক কৃষিভূমি টুকুৰা। কুখ্যাত গেংষ্টাৰজনৰ পৰিয়ালৰ ৪টা সম্পত্তিৰ শুকুৰবাৰে নিলাম কৰে স্মাগলাৰ্ছ এণ্ড ফৰেইন এক্সচেঞ্জ ম্যানিপুলেটৰ্ছ (ফৰ ফিচাৰ অব প্রপার্টি) অথৰিটিয়ে। অৱশ্যে নিলামত উঠা দুটা সম্পত্তিৰ বাবে কোনো আগবাঢ়ি নহাৰ বিপৰীতে ৰত্নাগিৰি জিলাৰ মুম্বাই গাঁৱৰ প্ৰায় ১৭০ বৰ্গমিটাৰৰ কৃষিভূমি টুকুৰা ক্ৰয় কৰে এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতাই। আনহাতে আনটুকুৰা ১,৭৩০ বৰ্গমিটাৰৰ কৃষিভূমি নিলামত বিক্ৰী হয় ৩ লাখ ২৮ হাজাৰ টকাত। শিৱ সেনাৰ প্ৰাক্তন নেতাগৰাকীয়ে ইমান বৃহৎ মূল্যত কৰা ডাউদৰ…
Read More
প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্লোগান উন্মোচন কৰে। এই সময়ছোৱাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ উপৰিও দলৰ নেতা আৰু ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ আৰু কে চি বেনুগোপাল উপস্থিত থাকে। খৰ্গেয়ে কয় যে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছে আৰু জাতিগত লোকপিয়ল চলি থকা নাই। খৰ্গেয়ে কয় যে যাত্ৰাৰ সময়ত কংগ্ৰেছ দলে এই দুয়োটা বিষয় উত্থাপন কৰিব। কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা, নাগৰিক সমাজ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। খৰ্গেয়ে কয় যে আমি যাত্ৰা পিছুৱাই দিব লগা হ’ল কাৰণ আমাৰ কোনো বাহিৰলৈ ওলাই অহাৰ পথ…
Read More