শিক্ষা

ইউজিচি-নেট পৰীক্ষা বাতিল কৰিলে শিক্ষা মন্ত্ৰালয়ে

ইউজিচি-নেট পৰীক্ষা বাতিল কৰিলে শিক্ষা মন্ত্ৰালয়ে

মিডিকেল প্ৰৱেশ পৰীক্ষা নীটক লৈ তীব্ৰ বিতৰ্কৰ মাজতে শিক্ষা মন্ত্ৰালয়ে বুধবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ দ্বাৰা পৰিচালিত ইউজিচি-নেট পৰীক্ষা বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰে আৰু বিষয়টো পুংখানুপুংখ তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক হস্তান্তৰ কৰে। মন্ত্ৰালয়ে পাটনাত ৰাষ্ট্ৰীয় যোগ্যতা-প্ৰৱেশ পৰীক্ষা (নীট)-স্নাতক ২০২৪ অনুষ্ঠিত কৰাত অনিয়মৰ অভিযোগ সন্দৰ্ভত বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ গোটৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু কয় যে প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব। শিক্ষা মন্ত্ৰালয়ে কয় যে গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (আই৪চি) ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ পৰা পৰীক্ষা সন্দৰ্ভত ইউজিচিয়ে কিছুমান তথ্য লাভ কৰিছিল। এই প্ৰতিবেদনবোৰে প্ৰাথমিক ভাৱে ইংগিত দিয়ে যে…
Read More
জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/ আৰ্হি/ ধাৰণাৰ পৰিবেশ বিষয়ক প্ৰদৰ্শনী অনুষ্ঠিত হয় । ইকো ক্লাৱ সংযোজিত চৰকাৰী বিদ্যালয় সমুহৰ পৰা ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ৩০ টা প্ৰকল্প প্ৰদৰ্শিত কৰে । প্ৰদৰ্শিত বিভিন্ন আৰ্হি সমুহৰ ওপৰত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃত্ৰিদীপ বৰুৱা, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী গিতিকা মেধি মুল্যায়নৰ দায়িত্বত থাকে । সেই হিচাপে মুল্যায়নত বিচাৰকৰ তুলাচনীত ক্ৰমে গজিয়া হাইস্কুলৰ ভাৰ্গৱ দাস আৰু আজমাদুল ইছলাম প্ৰথম ,দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেমিনা পাৰবীন আৰু…
Read More
খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয় পৰিদৰ্শন

বৰপেটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড মিছন সমন্বয়ক সমীন বৈশ্যই বাৰাদি মণ্ডল সমল কেন্দ্রৰ অন্তৰ্গত ১৩৭ নং বাৰাদি বালক প্ৰাথমিক বিদ্যালয়, ৪৪৪ নং পলাশৰতল প্ৰাথমিক বিদ্যালয় আৰু ১৪৭৫ নং দক্ষিণ পশ্চিম ভেৰালদি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাৰ্য আৰু বিদ্যালয় আন্ত: গাঁথনি আদি পৰিদৰ্শন কৰে। বিদ্যালয় সমুহৰ শৈক্ষিক ব্যৱস্থা,আন্তঃ গাঁথনি ,মধ্যাহ্ন ভোজন আদি আন আন দিশবোৰ সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উপৰি সহঃ শিক্ষক-শিক্ষয়িত্ৰীসকলক গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷ বৰপেটা খন্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়ত মাতৃভাষাত পাঠদান কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ লগত বিদ্যালয়ৰ চৌহদত কথোপকথনৰ ক্ষেত্রত কাৰো স'তে আপোচ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। শৈক্ষিক দিশত এফ,এল,এন সামগ্ৰীৰ সদ…
Read More
দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিক লৈ ইউ জি চিৰ নতুন নিৰ্দেশনা

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিক লৈ ইউ জি চিৰ নতুন নিৰ্দেশনা

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰত দুবাৰকৈ শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কথা ঘোষণা কৰিছে। এই নিয়ম এই শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব, যাৰ অধীনত শিক্ষাৰ্থীসকলে বছৰত দুবাৰকৈ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি, এই নিয়ম কেৱল ২০২৪-২৫ শিক্ষাগত অধিৱেশনৰ পৰাহে প্ৰযোজ্য হ'ব। বিদেশৰ দৰে এই ব্যৱস্থাও এতিয়া আমাৰ দেশতো ৰূপায়ণ কৰা হ'ব। বিদেশত নামভৰ্তিৰ প্ৰক্ৰিয়াটো সহজ আৰু বছৰত ভাৰতৰ দৰে কেৱল এবাৰহে নামভৰ্তি নহয়। এতিয়া দেশৰ উচ্চ শিক্ষানুষ্ঠানবোৰতো বছৰত এবাৰৰ তুলনাত দুবাৰকৈ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানৰ নিয়মবোৰৰ বিষয়ে ক'লে, নামভৰ্তিৰ প্ৰক্ৰিয়া বছৰত এবাৰ আৰম্ভ হয়। ইয়াৰ অধীনত, নতুন অধিৱেশন জুলাই-আগষ্টত আৰম্ভ হয়, যি অহা বছৰৰ…
Read More
অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।জানিব পৰা মতে আব্দুল মান্নানে পশ্চিম আলোপতি (কাতুলীপাৰা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ শিক্ষকতা কৰি থকা অৱস্থাত প্ৰাথমিক বিদ্যালয় খন ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে "এমালগেমেনেশল" হয়।ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ২০২০ ইং চনত অৱসৰ গ্ৰহণ কৰে৷দীৰ্ঘ দিন ধৰি শিক্ষক আব্দুল মান্নান মধুমেয়,কিডনি আৰু হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেঁও ইহ সংসাৰত পত্নী সহ পাঁচজন পুত্ৰ,এজনী…
Read More
বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা

বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা

৯ ডিছেম্বৰত অনলাইন যোগে হোৱা সিদ্ধান্তৰ ভিত্তিত বাংগালুৰুত অসম সাহিত্য সভাৰ এখন শাখা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙণি অসম সাহিত্য সভাৰ পুঁজিত জমা দিয়া হয়। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাই অনুমোদন জনোৱাৰ অন্তত সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ প্ৰমুখ্যে এটি সঁজাতি দলে আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ সমূহ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতিৰ যোগেদি বাংগালুৰুস্থিত প্ৰৱাসী অসমীয়া সকলৰ বৰ্তমানলৈকে অন্তৰ্ভুক্তি হোৱা আজীৱন সভ্য সকলৰ মাজত বিতৰণৰ দায়িত্ব অৰ্পণ কৰে। বাংগালুৰুত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ ভৱ গোস্বামীয়ে আজীৱন সভ্যৰ প্ৰমাণপত্ৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে আৰু বাংগালুৰু সাহিত্য সভাৰ বাবে ইতিহাসত…
Read More
নীট-২০২৪ৰ ফটা অ’এমআৰ উত্তৰ শ্বীট পৰীক্ষাৰ্থীক প্ৰদান সন্দৰ্ভত স্পষ্টিকৰণ এনটিএৰ

নীট-২০২৪ৰ ফটা অ’এমআৰ উত্তৰ শ্বীট পৰীক্ষাৰ্থীক প্ৰদান সন্দৰ্ভত স্পষ্টিকৰণ এনটিএৰ

নীট-২০২৪ক লৈ বিতৰ্ক অব্যাহত আছে। নীট-২০২৪ত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থীয়ে। ইয়াক লৈ মাত মাতিব ধৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বহুজনে। ইয়াৰ মাজতে এগৰাকী পৰীক্ষাৰ্থীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে, য'ত তেওঁ অভিযোগ কৰিছে যে তেওঁক এনটিএৰ তৰফৰ পৰা ফটা অ'এমআৰ উত্তৰ শ্বীট প্ৰদান কৰা হৈছে। এগৰাকী শিক্ষাৰ্থীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত নেচনেল টেষ্টিং এজেন্সি (এনটিএ)ৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰিছে। এনটিএয়ে কয় যে ফটা অ'এমআৰ উত্তৰ শ্বীট এখনো এনটিএৰ অফিচিয়েল আইডিৰ পৰা প্ৰেৰণ কৰা হোৱা নাছিল। আয়ুশী পেটেল নামৰ এগৰাকী ছাত্ৰীয়ে দাবী কৰিছিল যে তেওঁ এখন ফটা অ'এমআৰ উত্তৰ শ্বীট লাভ কৰিছে।এই সন্দৰ্ভত এনটিএ-য়ে কয়-ভাইৰেল হৈ…
Read More
হেল্পিং চেন্টাৰ অসমৰ বৃক্ষৰোপন

হেল্পিং চেন্টাৰ অসমৰ বৃক্ষৰোপন

হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলে বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰে । অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা হেল্পিং চেন্টাৰ অসমৰ কৰ্মকৰ্তাসকলৰ উদ্যোগত আৰু দাবালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত খন্দকাৰপাৰা বাহাৰুল উলুম মাদ্ৰাছা আৰু খন্দকাৰপাৰা ছোৱালী হাইস্কুলত বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোপন কৰি কাৰ্যসূচী সফলভাবে সম্পন্ন কৰে । আজিৰ এই কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে মুখ্য অতিথিৰূপে উপস্থিত থকাৰ উপৰিও হেল্পিং চেন্টাৰ অসমৰ সভাপতি খাইৰুল ইছলাম, সম্পাদক আব্বাছ আলী, খন্দকাৰপাৰাৰ বিশিষ্ট সমাজকৰ্মী হজৰত আলী আহমেদ, খন্দকাৰপাৰা বাহাৰুল উলুম মাদ্ৰাছাৰ হেড মুদাৰ্ৰিছ মহম্মদ আলী, মৌলানা শ্বহিদুল ইছলাম, মৌলানা ইছমাইল হুছেইন, সংবাদকৰ্মী আবু নাছিৰ আলমকে আদি কৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে…
Read More
প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সাধাৰণ সভা

ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন গঠনাৰ্থে এখন সভা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী জেহেৰুল ইছলামে পৌৰোহিত্য কৰা সভাত ক্ৰমে ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল মালিক, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুল ইছলাম তালুকদাৰ, সমাজ কৰ্মী ফুলচান আলী, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য আয়ুব খান, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য তথা প্ৰাক্তন সভাপতি ইব্ৰাহিম আলী, ফখৰুদ্দিন আলি আহমেদ মেম'ৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সদস্য আব্দুৰ ৰহমান, কৃষক নেতা জয়নাল আবদিন…
Read More
বিশ্ব ধপাত-বিৰোধী দিৱস

বিশ্ব ধপাত-বিৰোধী দিৱস

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত সেৱনে শৰীৰৰ বিভিন্ন অংশত কৰ্কট ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে বাবে ধপাত সেৱন মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকৰ এটা বস্তু। চিগাৰেট, বিড়ি, চাধা, গুটখা আদি বিভিন্ন ৰূপত ধপাত সেৱন প্ৰথমে মানুহে নিজকে স্মাৰ্ট দেখুৱাবলৈ চখতে কৰিবলৈ লয় আৰু পিছলৈ ই এৰিব নোৱৰা অভ্যাসত পৰিণত হয়। উপস্থিত শিক্ষক তথা শিক্ষাৰ্থীসকলক ধপাত সেৱন নকৰা আৰু মহাবিদ্যালয়ৰ চৌহদত স্বাস্থ্যসন্মত পৰিৱেশ ৰক্ষা কৰাৰ শপত গ্ৰহণো কৰোৱায়। সপ্তম হাজৰিকাই কয় যে ধপাতেৰে প্ৰস্তুত কৰা…
Read More