20
Jun
মণিপুৰত বিপন্ন হৈ পৰিছে কুকী সকলৰ জীৱন। মণিপুৰত অতি শীঘ্ৰে সামৰিক শাসন জাপি দিব লাগে। এই দাবী সন্দৰ্ভত শীঘ্ৰে শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত কুকী সম্প্ৰদায়ৰ এক বৃহৎ অংশই আবেদন জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে ক্ষিপ্ৰ শুনানিৰ বাবে কৰা অনুৰোধ খাৰিজ কৰে। কুকী-মেইটেই সংঘাতৰ বাবে এমাহৰো অধিক সময় ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। সংখ্যাগৰিষ্ঠ জনজাতি ‘মেইটেই’ক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনে ক্ষুদ্ৰ ৰাজ্যখনৰ নগা-কুকি জনগোষ্ঠীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সংঘাতত এতিয়ালৈকে প্ৰায় ১২০ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা হাজাৰৰো অধিক। হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শান্তি ঘূৰাই আনিবলৈ মণিপুৰ ভ্ৰমণ কৰিছিল। অৱশ্যে…