ভাৰত

২০২২-২৩ বৰ্ষত ৭২০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

২০২২-২৩ বৰ্ষত ৭২০ কোটি টকাৰ অনুদান লাভ বিজেপিৰ

ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বৰ্ষত প্ৰায় ৭২০ কোটি টকাৰ অনুদান লাভ কৰে, যি আন চাৰিটা ৰাষ্ট্ৰীয় দল - কংগ্ৰেছ, আম আদমী পাৰ্টি (আপ), কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু নেচনেল পিপলছ পাৰ্টি (এনপিপি)ৰ দ্বাৰা প্ৰাপ্ত মুঠ পৰিমাণতকৈ পাঁচ গুণ অধিক। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) এই তথ্য প্ৰদান কৰিছে। বুধবাৰে এডিআৰে সংকলিত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় দলসমূহে ২০২২-২৩ বিত্তীয় বৰ্ষত ১২,১৬৭ টা অনুদানৰ (২০,০০০ টকাৰ ওপৰত) পৰা মুঠ ৮৫০.৪৩৮ কোটি টকা লাভ কৰিছে। দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় দল বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) ঘোষণা কৰিছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত তেওঁলোকে ২০,০০০ টকাৰ ওপৰত কোনো অনুদান লাভ কৰা নাই। তেওঁলোকে যোৱা ১৭ বছৰ…
Read More
টি-২০ বিশ্বকাপলৈকে ভাৰতৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়

টি-২০ বিশ্বকাপলৈকে ভাৰতৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়

বিচিচিআইৰ সচিব জয় শ্বাহে নিশ্চিত কৰিছে যে ৰাহুল দ্ৰাবিড় এই বছৰৰ জুনত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপলৈকে ভাৰতৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব। যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পিছত দ্ৰাবিড়ৰ চুক্তি সমাপ্ত হৈছিল কিন্তু তেওঁক কোনো কাৰ্যকাল নিৰ্ধাৰণ নকৰাকৈ ডিচেম্বৰ-জানুৱাৰীত দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈকে তেওঁৰ সহায়ক কৰ্মচাৰীৰ সৈতে পদত থাকিবলৈ কোৱা হৈছিল। কিন্তু শ্বাহে কৈছে যে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপলৈকে দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে ৰখাৰ সিদ্ধান্ত লোৱাৰ আগতে তেওঁ প্ৰাক্তন অধিনায়কৰ সৈতে আলোচনা কৰিছিল। তেওঁ কয় - বিশ্বকাপৰ পিছত, ৰাহুলে লগে লগে দক্ষিণ আফ্ৰিকালৈ যাব লগা হৈছিল। ইয়াৰ মাজতে, আমি লগ পাব নোৱাৰিলোঁ, যিটো অৱশেষত এতিয়া সম্ভৱ হৈছে। ৰাহুল…
Read More
নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰি কয় যে ই সংবিধানৰ দ্বাৰা নিশ্চিত তথ্য আৰু বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ উলংঘা কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে আঁচনিখনক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহৰ ওপৰত দুটা পৃথক কিন্তু সৰ্বসন্মত ৰায় প্ৰদান কৰে। চিজেআইয়ে কয় যে ই সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতা উলংঘা কৰিছে। বিচাৰপীঠে কয় যে নাগৰিকসকলৰ গোপনীয়তাৰ মৌলিক অধিকাৰত ৰাজনৈতিক গোপনীয়তা, সম্পৰ্কৰ অধিকাৰ অন্তৰ্ভুক্ত আছে। নিৰ্বাচনী বণ্ড আঁচনিখন চৰকাৰে ২ জানুৱাৰী, ২০১৪ তাৰিখে প্ৰযোজ্য কৰিছিল। ৰাজনৈতিক পুঁজিত স্বচ্ছতা অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইয়াক ৰাজনৈতিক দলসমূহক অনুদানৰ বিকল্প হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। আঁচনিখনৰ…
Read More
কৃষকৰ আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত অঞ্চলত যান-বাহন চলাচল প্ৰভাৱিত

কৃষকৰ আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত অঞ্চলত যান-বাহন চলাচল প্ৰভাৱিত

কৃষকৰ 'দিল্লী চলো' পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে সিংগু আৰু টিক্ৰি সীমান্তত বহুস্তৰীয় বেৰিকেড স্থাপন কৰাৰ ফলত দিল্লীৰ সীমান্ত অঞ্চলত আজি যান-বাহন চলাচল প্ৰভাৱিত হয়। যদিও হাৰিয়ানাৰ দাঁতিকাষৰীয়া সিংগু আৰু টিক্ৰি সীমান্ত যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, তথাপিও গাজীপুৰ সীমান্তত নিয়ন্ত্ৰিত ভাৱে যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে। কৃষকসকলৰ দিল্লীলৈ যাত্ৰা বাধা দিবলৈ সিংগু সীমান্তৰ ওচৰৰ এখন গাঁৱত ৰাস্তাৰ এটা অংশ খন্দা হৈছে। উত্তৰ প্ৰদেশৰ সৈতে অপ্সৰা আৰু গাজীপুৰ সীমান্ত যান-বাহনৰ বাবে পথ মুকলি কিন্তু দুয়োটাতে বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
Read More
পুলৱামাত শ্বহীদ হোৱা জোৱানক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ

পুলৱামাত শ্বহীদ হোৱা জোৱানক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৯ চনত পুলৱামাত তেওঁলোকৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকৰ ত্যাগ দেশে সদায় স্মৰণীয় কৰি ৰাখিব। 'এক্স'ত এক পোষ্টত মোদীয়ে কয়, "পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।''‌ দক্ষিণ কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। এজন আত্মঘাতি বোমাৰুৱে এখন বিস্ফোৰক ভৰ্তি বাহন বাছখনত খুন্দা মৰাৰ ফলত সংঘটিত এক বিস্ফোৰণত ৪০ জন চিআৰপিএফ জোৱান শ্বহীদ হয়। বাছখন জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা এটা কনভয়ৰ অংশ আছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বায়ু সেনাই…
Read More
কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰাক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰাক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

কৃষক নেতা আৰু কেন্দ্ৰৰ মাজত আলোচনা অমীমাংসিত হোৱাৰ থকাৰ পিছত মঙলবাৰে কৃষকসকলৰ 'দিল্লী চলো' পদযাত্ৰা ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিবলৈ বহুস্তৰীয় বেৰিকেড, কংক্ৰিট বেৰিকেড আৰু কণ্টেইনাৰ বেৰৰ সৈতে দিল্লীৰ সীমাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী - সিংগু, টিক্ৰি আৰু গাজীপুৰৰ তিনিটা সীমাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক মোতায়েন কৰা হৈছে। এজন বিষয়াই কয় যে পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি কিছু ঠাইত অস্থায়ী কাৰাগাৰ স্থাপন কৰা হৈছে। সংযুক্ত কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ঘোষণা কৰিছে যে কৃষকসকলে মঙলবাৰে শস্যৰ নিম্নতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে আইন প্ৰণয়ন কৰাকে ধৰি তেওঁলোকৰ দাবীৰ ওপৰত কেন্দ্ৰক হেঁচা দিবলৈ দিল্লীলৈ যাত্ৰা…
Read More
সেনাৰ উপ-প্ৰধান হিচাপে নিযুক্তি লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

সেনাৰ উপ-প্ৰধান হিচাপে নিযুক্তি লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক সোমবাৰে সেনাৰ উপ-প্ৰধান হিচাপে নিযুক্তি দিয়া হয়। লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰে উত্তৰ কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থান ল'ব। উপেন্দ্ৰ দ্বিবেদী নেচনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ। দ্বিবেদীয়ে সেনাবাহিনীলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ১৯৮৪ চনত, লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ ১৮ তম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। উপেন্দ্ৰ দ্বিবেদীয়ে বহুতো গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে। কেৱল এয়াই নহয়, দ্বিবেদীকো বহুতো বঁটাৰে সন্মানিত কৰা হৈছে।
Read More
ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল চিৰাঙৰ চি আৰ পি এফ জোৱান

ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল চিৰাঙৰ চি আৰ পি এফ জোৱান

ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত  চিৰাঙ জিলাৰ চিআৰপিএফ জোৱান এজন শ্বহীদ হৈছে ৷ শ্বহীদ হোৱা জোৱানজন জিলাখনৰ কাকাৰাগাঁও ভাটিপাৰা নিবাসী লম্বোধৰ সিংহ ৷ ২০১১চনত চি আৰ পি এফৰ চাকৰিত যোগদান কৰিছিল লম্বোধৰ সিংহই ৷ ইপিনে শ্বহীদগৰাকীৰ গৃহত বুধবাৰে  উপস্থিত হয় চি আৰ পি এফৰ লৱাৰ আছাম ডিভিজনৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াৰ লগতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা ৷ চি আৰ পি এফৰ বিষয়াগৰাকীয়ে আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক এই দুখবৰটো অৱগত কৰে আৰু পৰিয়ালৰ লোকসকলক গভীৰ সমবেদনা জনায় ৷ ইপিনে চি আৰ পি এফৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বুধবাৰে নিশা শ্বহীদ জোৱানজনৰ মৃতদেহ গুৱাহাটী আহি পাব ৷ তাৰ পাছত তাতে শেষ শ্ৰদ্ধাঞ্জলি…
Read More
গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১,১৩২ জন আৰক্ষী জোৱান লৈ সাহসীকতা আৰু সেৱা পদকৰে সন্মানিত

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১,১৩২ জন আৰক্ষী জোৱান লৈ সাহসীকতা আৰু সেৱা পদকৰে সন্মানিত

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত বিভিন্ন শ্ৰেণীৰ সাহসীকতা আৰু সেৱা পদকৰে ১,০০০ তকৈও অধিক আৰক্ষী জোৱান সন্মানিত কৰা হৈছে। ইয়াত ২৭৭ টা সাহসীকতাৰ পদক অন্তৰ্ভুক্ত আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি শেহতীয়াকৈ পদকৰ পৰ্যালোচনা কৰাৰ পিছত আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ মুঠ ১,১৩২ জন কৰ্মীক গণৰাজ্য দিৱস, ২০২৪ উপলক্ষে সাহসীকতা আৰু সেৱা পদক প্ৰদান কৰা হৈছে। মুঠ ১৬ টা সাহসীকতা আৰু সেৱা পদক এতিয়া চাৰিটা শ্ৰেণীত একত্ৰিত কৰা হৈছে। এই পদকবোৰক এতিয়া সাহসীকতাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএমজি), সাহসীকতাৰ বাবে পদক (জিএম), বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএছএম) আৰু মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ (এমএছএম) হিচাপে…
Read More
বক্সিংৰ পৰা অৱসৰৰ ঘোষণাৰ বাতৰিক অস্বীকাৰ অলিম্পিক পদক বিজয়ী মেৰী কমৰ

বক্সিংৰ পৰা অৱসৰৰ ঘোষণাৰ বাতৰিক অস্বীকাৰ অলিম্পিক পদক বিজয়ী মেৰী কমৰ

অলিম্পিক পদক বিজয়ী মেৰী কমক বক্সিংৰ ৰিংত আৰু দেখা নাযাব আৰু তেওঁ বক্সিংৰ পৰা অৱসৰৰ ঘোষণা কৰিছে বুলি যি বাতৰি প্ৰকাশ পাইছে তাক পোনচাতে নাকচ কৰিছে মেৰী কমে। অৱসৰৰ অৱসৰৰ ঘোষণাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত এই সন্দৰ্ভত প্ৰথম মত প্ৰকাশ কৰিছে। তেওঁ তেওঁৰ অৱসৰৰ বাতৰি অস্বীকাৰ কৰিছে। তেওঁৰ পূৰ্বৰ মন্তব্যবোৰ স্পষ্ট কৰি তেওঁ কয়- 'মই এতিয়ালৈকে অৱসৰ ঘোষণা কৰা নাই, মোৰ বক্তব্যক ভুল বুজা হৈছে।' তেওঁ লগতে কয় যে যেতিয়াই মই মোৰ অৱসৰ ঘোষণা কৰিব লাগিব, মই ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিম। সংবাদ মাধ্যমত অৱসৰৰ বাতৰি সন্দৰ্ভত মেৰী কমে আৰু কয় যে ২০২৪ চনৰ ২৪ জানুৱাৰীত মই ডিব্ৰুগড়ৰ এখন…
Read More