ব্যৱসায়

টাটা মটৰ্ছৰ বিস্তৃত বিক্ৰীৰ-পৰৱৰ্তী সেৱাসমূহে নতুন মাত্ৰা প্ৰদান কৰিছে অসমৰ ট্ৰাক উদ্যোগক

টাটা মটৰ্ছৰ বিস্তৃত বিক্ৰীৰ-পৰৱৰ্তী সেৱাসমূহে নতুন মাত্ৰা প্ৰদান কৰিছে অসমৰ ট্ৰাক উদ্যোগক

টাটা মটৰ্ছে ভাৰতীয় ট্ৰাক উদ্যোগত নিজৰ সেৱা পৰিৱেশ তন্ত্ৰক নিৰন্তৰ শক্তিশালী কৰাৰ লগতে বাহনৰ অধিক আপটাইম নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নিজৰ ব্যৱসায়ত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যি আজিৰ ব্যস্ত সময়ত মালবাহী সামগ্ৰী ডেলিভাৰীৰ সময়সীমা পূৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উপাদানৰ কথা সূচাইছে। চালকসকলৰ কল্যাণৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ লগতে এক শক্তিশালী সেৱা নেটৱৰ্ক, মূল্য সংযোজিত সেৱাৰ পৰিসৰ, প্ৰকৃত অতিৰিক্ত অংশৰ সহজ ব্যৱহাৰৰ সুবিধা প্ৰদানত অধিক মনোনিৱেশ কৰি প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক এক উৎকৃষ্ট মালিকীস্বত্ব অভিজ্ঞতাৰ বিষয়ে নিৰন্তৰভাৱে আশ্বাস প্ৰদান কৰি আহিছে। টাটা মটৰ্ছে সমগ্ৰ দেশৰ লগতে অসমত এক ব্যাপক সেৱা নেটৱৰ্ক গঢ় তুলিছে, যাৰ ভিতৰত ৯০টা কৌশলগত স্থানত অৱস্থিত টাচ্চপইণ্ট আৰু সকলো…
Read More
চেমচাঙৰ গ্ৰাহকসকলে পৰৱৰ্তী গেলেক্সি জেড ছিৰিজৰ ফল্ডেবল স্মাৰ্টফোন কেৱল ২০০০ টকাত আগতীয়াকৈ বুকিং কৰিব পাৰিব

চেমচাঙৰ গ্ৰাহকসকলে পৰৱৰ্তী গেলেক্সি জেড ছিৰিজৰ ফল্ডেবল স্মাৰ্টফোন কেৱল ২০০০ টকাত আগতীয়াকৈ বুকিং কৰিব পাৰিব

চেমচাঙে শেহতীয়াকৈ ঘোষণা কৰিছে যে ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গ্লবেল অনুষ্ঠানত নেক্সট জেনেৰেচন গেলেক্সি জেড ছিৰিজৰ স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰা হ’ব। গেলেক্সি আনপেকড ইভেণ্ট পেৰিছত আয়োজিত হ’ব —আইকনিক সাংস্কৃতিক সম্ভাৰ আৰু ট্ৰেণ্ডৰ অভিকেন্দ্ৰ পেৰিছত আমাৰ শেহতীয়া অত্যাধুনিক উদ্ভাৱনসমূহ মুকলিৰ বাবে নিখুঁত পটভূমি ৰূপে বিবেচিত হৈছে, এক বিবৃতিত এইদৰে কয় চেমচাঙে। ইয়াৰ লগতে কোৱা হৈছে যে চেমচাঙৰ গ্ৰাহকসকলে এতিয়া নেক্সট গেলেক্সি জেড ছিৰিজৰ ফল্ডেবল স্মাৰ্টফোনসমূহ প্ৰি-ৰিজাৰ্ভ কৰি আগতীয়াকৈ ব্যৱহাৰ-গৰাকী আৰু বিশেষ অফাৰৰ সুবিধা লাভ কৰিব পাৰিব। গ্ৰাহকসকলে Samsung.com, চেমচাং এক্সক্লুছিভ ষ্ট’ৰ, Amazon.in, Flipkart.com আৰু সমগ্ৰ ভাৰতৰ আগশাৰীৰ খুচুৰা বিপণীসমূহত ২০০০ টকাৰ বিনিময়ত নেক্সট গেলেক্সি জেড ছিৰিজৰ ফোল্ডেবল স্মাৰ্টফোন প্ৰি-ৰিজাৰ্ভ কৰিব পাৰিব। নেক্সট গেলেক্সি…
Read More
নিছান মটৰ ইণ্ডিয়াই জুন’২৪ ত ২১০৭ ইউনিটৰ ঘৰুৱা পাইকাৰী পঞ্জীয়ন কৰে

নিছান মটৰ ইণ্ডিয়াই জুন’২৪ ত ২১০৭ ইউনিটৰ ঘৰুৱা পাইকাৰী পঞ্জীয়ন কৰে

নিছান মটৰ ইণ্ডিয়াই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা ১.১ মিলিয়নখন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য আৰু নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ প্ৰকৃত প্ৰতিফলন। ২০২৪ৰ ২৯ জুনত কোম্পানীটোৱে ১.১ মিলিয়নখন বাহন সফলতাৰে ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল, নিছান মেগনাইটে তামিলনাডুৰ এন্নোৰ কামৰাজাৰ বন্দৰৰ জৰিয়তে ৰপ্তানি কৰি এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হয়। ২০২৪ৰ জুন মাহত নিছান মটৰ ইণ্ডিয়াই সামগ্ৰিকভাৱে ১০,২৮৪খন পাইকাৰী বাহনৰ বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছিল, য’ত বছৰ পিছত বছৰৰ ৭৬.৩% বৃদ্ধি আৰু মাহৰ পিছত মাহ ৬৫.৭% বৃদ্ধি প্ৰকাশিত হৈছে। ২০২৪ৰ জুন মাহত ৰপ্তানি পাইকাৰী ব্যৱসায়ত…
Read More
উত্তৰ-পূবৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা এনইএছএফবিৰ

উত্তৰ-পূবৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা এনইএছএফবিৰ

নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে। এনইএছএফবিয়ে গুৱাহাটী, লখিমপুৰ, নলবাৰী, তেজপুৰ, যোৰহাট, ডিফু, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ,শ্বিলং, শিলিগুড়ি, আগৰতলা আৰু আইজল আদি শাখাত বিভিন্ন কামৰ বাবে নিৰ্দিষ্ট পদত নিযুক্তি দিব। এই নিয়োগ অভিযানৰ প্ৰথম পৰ্যায়ৰ বাবে বেংকটোৱে প্ৰধানভাৱে নিজৰ শাখাবোৰত দুটা গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰিব: জনসম্পৰ্ক বিষয়া - সম্পদ আৰু জনসম্পৰ্ক বিষয়া - দায়বদ্ধতা। বেংক খণ্ডত স্নাতক ডিগ্ৰী আৰু ০-৩ বছৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক বিশেষভাৱে আবেদন কৰিবলৈ উৎসাহিত কৰা হয়। এই প্ৰয়াস এনইএছএফবিৰ বৃহত্তৰ উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলত আৰ্থিক…
Read More
কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াই ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰাৰ উদযাপন কৰে

কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াই ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰাৰ উদযাপন কৰে

কোকাকোলা ইণ্ডিয়া আৰু নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) সহযোগিতামূলক ছুপাৰ পাৱাৰ ৰিটেইলাৰ কাৰ্যসূচীৰ জৰিয়তে সফলতাৰে সমগ্ৰ ওড়িশাৰ ১৪,০০০ৰো অধিক খুচুৰা বিক্ৰেতাক সবলীকৰণ কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা এই পদক্ষেপে যোৱা অক্টোবৰ মাহত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মুকলি কৰা এই পদক্ষেপৰ জৰিয়তে ৰাজ্যসমূহৰ খুচুৰা বিক্ৰী ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য হাতত লোৱা হৈছে। এনএছডিচিৰ চিইঅ’ বেদমণি তিৱাৰীয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ এই পৰিৱেশৰ মাজত খুচুৰা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এই পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তিৱাৰীয়ে কোকাকোলা ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰ ওপৰত নিজৰ আস্থা প্ৰকাশ কৰি খুচুৰা বিক্ৰেতাসকলক অত্যাৱশ্যকীয় দক্ষতাৰে সজ্জিত কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত অৰ্থনৈতিক…
Read More
টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বাণিজ্যিক বাহনৰ বিত্তীয় যোগানৰ বাবে সহযোগিতা কৰে

টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বাণিজ্যিক বাহনৰ বিত্তীয় যোগানৰ বাবে সহযোগিতা কৰে

টাটা মটৰ্ছে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এক ধ্বজাবাহী প্ৰতিষ্ঠান বাজাজ ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই টাটা মটৰ্ছৰ বিবিধ গ্ৰাহক আধাৰত অনুকূলিত বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে বাজাজ ফাইনেন্সৰ বিস্তৃত বিত্তীয় সেৱা নেটৱৰ্কক লাভান্বিত কৰিব।এই চুক্তিৰ অধীনত বাজাজ ফাইনেন্সে প্ৰতিযোগিতামূলক সূতৰ হাৰ, সহজ ঋণ বিকল্প আৰু সুশৃংখলিত ডিজিটেল প্ৰচেছিং প্ৰদান কৰিব আৰু বাণিজ্যিক বাহন ক্ৰেতাসকলৰ বাবে সুবিধা বৃদ্ধি কৰিব। এই অংশীদাৰিত্বই বাজাজ ফাইনেন্সৰ বাণিজ্যিক বাহন বিত্তীয় খণ্ডত প্ৰৱেশ, খণ্ডটোৰ বিকাশৰ সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে মসৃণ মালিকীস্বত্ব অভিজ্ঞতা সহজ কৰাৰ বাবে টাটা মটৰ্ছৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে। এই সহযোগিতাৰ ইতিবাচক ফলাফলৰ বাবে আশা প্ৰকাশ কৰি টাটা মটৰ্ছৰ বাণিজ্যিক বাহনৰ…
Read More
জয়ন্ত চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিলে ৩২ গৰাকী স্বাস্থ্যসেৱা পেছাদাৰীক

জয়ন্ত চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিলে ৩২ গৰাকী স্বাস্থ্যসেৱা পেছাদাৰীক

ভাৰতীয় নাৰ্ছসকলক বিশ্বব্যাপী কেৰিয়াৰৰ সুযোগ আদায়ৰ বাবে সবলীকৰণ কৰিবলৈ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় (স্বতন্ত্ৰ)ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে জাৰ্মান ভাষাৰ প্ৰশিক্ষণৰ বি ১ লেভেল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ৩২ গৰাকী স্বাস্থ্যসেৱা পেছাদাৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই প্ৰশিক্ষণৰ লক্ষ্য হৈছে জাৰ্মানীত সফল কেৰিয়াৰ আৰু জীৱিকাৰ বাবে নাৰ্ছসকলক প্ৰয়োজনীয় ভাষা দক্ষতাৰে সজ্জিত কৰি তোলা। কেন্দ্ৰীয় চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনৰ লক্ষ্য হৈছে অভিলাষী কৌশলৰ জৰিয়তে ভাৰতক দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলা। স্কিল ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিশেষ পদক্ষেপৰ অধীনত বি এছ চি নাৰ্চিং বা জেনেৰেল নাৰ্চিং এণ্ড মিডৱাইফাৰী (জি এন এম) পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সকলো প্ৰাৰ্থীকে দুমাহৰ পৰা তিনিমাহলৈ বিস্তৃত আৱাসিক প্ৰশিক্ষণ…
Read More
বিবেক চন্দ্ৰকান্ত টংগাংকাৰক অ’এনজিচিত সঞ্চালক (বিত্ত) হিচাপে নিযুক্তি  হৈছে

বিবেক চন্দ্ৰকান্ত টংগাংকাৰক অ’এনজিচিত সঞ্চালক (বিত্ত) হিচাপে নিযুক্তি হৈছে

অ’এনজিচিয়ে ২০২৪ৰ ২ জুলাইত বিবেক চন্দ্ৰকান্ত তংগাউকাৰক নতুন সঞ্চালক (বিত্ত) হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে। তংগাউকাৰ হৈছে শক্তি মূল্য-শৃংখলৰ বিভিন্ন সেৱাৰে ৩৭ বছৰতকৈও অধিক সময়ৰ পেছাদাৰী অভিজ্ঞতা থকা এজন অভিজ্ঞ ব্যক্তি। বৈদ্যুতিক অভিযান্ত্ৰিক আৰু ব্যৱসায় প্ৰশাসন বিষয়ৰ ডিগ্ৰীধাৰী তংগাউকাৰে জীৱনৰ বিচিত্ৰ অভিজ্ঞতা, বিত্তীয় আৰু পৰিচালনামূলক নেতৃত্বৰে বহুতো অনন্য অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে ভাৰতৰ এনাৰ্জী মহাৰত্নত নিজৰ মূল্যৱান সংযোজন বা উপস্থিতি প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।  ইয়াৰ পূৰ্বে ২০২৩ৰ মে’ মাহৰ পৰা ২০২৪ৰ জুনলৈকে অ’এনজিচিৰ ডাউনষ্ট্ৰিম সহযোগী প্ৰতিষ্ঠান-মাংগালোৰ ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেড(এমআৰপিএল)ত সঞ্চালক (বিত্ত) আৰু চিএফঅ’ হিচাপে কাম কৰিছিল তংগাউকাৰে। ইয়াৰ লগতে কেইবাটাও পৰিৱৰ্তনশীল বিত্তীয় কৌশল ৰূপায়ণ কৰিছিল…
Read More
‘দ্য চেণ্টেনিয়েল’ এডিছন মটৰ চাইকেল মুকলিৰে ড০ ব্ৰীজমোহন মল মুঞ্জললৈ শ্ৰদ্ধা নিবেদিছে হিৰো মট’কৰ্পে

‘দ্য চেণ্টেনিয়েল’ এডিছন মটৰ চাইকেল মুকলিৰে ড০ ব্ৰীজমোহন মল মুঞ্জললৈ শ্ৰদ্ধা নিবেদিছে হিৰো মট’কৰ্পে

হিৰো মট’কৰ্পে নিজৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ব্ৰীজমোহন লাল মুঞ্জললৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিব কালেক্টৰ্ছ সংস্কৰণৰ মটৰচাইকেল 'দ্য চেণ্টেনিয়েল'। প্ৰতিষ্ঠানটোৱে নিজৰ কৰ্মচাৰী, সহযোগী, ব্যৱসায়িক অংশীদাৰ আৰু ষ্টেক হল্ডাৰসকলক ড০ ব্ৰীজমোহন লাল মুঞ্জলৰ ১০১সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধা জনাই বিশেষ মটৰ চাইকেল নিলাম কৰিবলৈ সাজু হৈছে। এই নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰা হ'ব, যিয়ে প্ৰতিষ্ঠাপকজনক চিৰদিনলৈ সমাজৰ মাজত অমৰ হৈ ৰোৱাৰ ভাবমূৰ্তিক প্ৰতিফলিত কৰে। ভাৰতৰ হিৰো চেণ্টাৰ ফৰ ইন'ভেচন এণ্ড টেকন’লজি (চিআইটি) আৰু জাৰ্মানীৰ হিৰো টেক চেণ্টাৰ (টিচিজি)ৰ গ্লবেল বিশেষজ্ঞসকলে ‘দ্য চেণ্টেনিয়েল’ৰ ধাৰণা, ডিজাইন আৰু বিকাশ কৰিছে। এই আৰ্ষণীয় বাহনখন কোম্পানীটোৰ উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি থকা সমৰ্পণক…
Read More
আৰ্য নাৰ্চিং মহাবিদ্যালয়ে ইয়াৰ পাঠ্যক্ৰমত M.Sc কাৰ্যসূচী যোগ দিয়াৰ কথা ঘোষণা কৰিছে

আৰ্য নাৰ্চিং মহাবিদ্যালয়ে ইয়াৰ পাঠ্যক্ৰমত M.Sc কাৰ্যসূচী যোগ দিয়াৰ কথা ঘোষণা কৰিছে

উত্তৰ-পূৰ্বাঞ্চলৰ এক খ্যাতিসম্পন্ন নার্চিং শিক্ষানুস্থান হৈছে কামৰূপ জিলাৰ চাংসাৰিস্থিত আৰ্য্য নার্চিং কলেজ। B.Sc. Nursing, Post Basic B.Sc. Nursing, GNM আৰু ANM পাঠ্যক্রম সুচাৰু-ৰূপে আগবঢ়াই থকাৰ সময়তে আর্য্য নার্চিং কলেজৰ অধ্যক্ষ ড° বন্দনা দেৱীৰ তত্ত্বাবধানত যোৱা ৬ বছৰৰ পৰা কৰি অহা অশেষ চেষ্টাৰ ফলত আৰ্য্য নাচিং কলেজে ২০২৪ বৰ্ষৰপৰা M.Sc. Nursing পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অসম চৰকাৰৰ পৰা অনুমতি পত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে M.Sc. Nursing পাঠ্যক্রম অনুমতি পাবৰ বাবে পাঁচটা অনুশাসনৰ প্রয়োজন যেনে মেডিকেল চার্জিকেল নার্চিং, শিশু নার্চিং, প্রসূতি আৰু স্ত্রীৰোগ বিশেষজ্ঞ নাচিং, মনোৰোগ নাচিং আৰু কমিউনিটি হেলথ নাচিং। এই কেইটা অনুশাসনৰ লগতে ড° বন্দনা দেৱী নেতিবাচক অহৰহ প্ৰচেষ্টাৰ নেতৃত্বত M.Sc.…
Read More