ব্যৱসায়

প্ৰাক-ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা: পুষ্টি আৰু জীৱনশৈলীৰ ওপৰত বিশেষজ্ঞৰ পৰামৰ্শ

প্ৰাক-ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা: পুষ্টি আৰু জীৱনশৈলীৰ ওপৰত বিশেষজ্ঞৰ পৰামৰ্শ

ভাৰতত প্ৰাক-ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, আজিৰ তাৰিখত আনুমানিক ১৩৬ মিলিয়ন লোক প্ৰাক-ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে স্বাস্থ্যসেৱা বিশেষজ্ঞসকলে খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এমবিবিএছ আৰু পুষ্টিবিদ ডাঃ ৰোহিনী পাটিলে প্ৰি-ডায়েবেটিছ পৰিচালনা আৰু সম্ভাৱ্য ৰূপত ইয়াক নোহোৱা কৰাৰ বাবে পৰিষ্কাৰ আৰু সুষম খাদ্য গ্ৰহণক এক মূল কৌশল হিচাপে উল্লেখ কৰি আহিছে। ডাঃ পাটিলে পুষ্টিসমৃদ্ধ খাদ্য যেনে বাদাম, সেউজীয়া শাক-পাচলি, গ্ৰীক দৈ, কম প্ৰ'টিন আৰু সকলো ধৰণৰ শস্য দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। বিশেষকৈ বাদামে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাসত উদগণি যোগায, শেহতীয়া অধ্যয়নবোৰতো নিয়মীয়াকৈ এনে খাদ্য গ্ৰহণ কৰিলে প্ৰাক-ডায়েবেটিচ হোৱাৰ…
Read More
জাৱা ষ্ট্ৰাইকিং ৪২ এফ জে মুকলি কৰিছে: নৱ-ক্লাছিক মটৰচাইকেলৰ এটা নতুন অধ্যায়

জাৱা ষ্ট্ৰাইকিং ৪২ এফ জে মুকলি কৰিছে: নৱ-ক্লাছিক মটৰচাইকেলৰ এটা নতুন অধ্যায়

জাৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় ‘৪২ লাইফ’ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে, যাৰ মূল্য হৈছে ১,৯৯,১৪২ টকা (এক্স-শ্ব’ৰুম দিল্লী)। প্ৰতিষ্ঠাপক ফ্ৰাণ্টিচেক জেনেচেকৰ পৰা অনুপ্ৰাণিত এই নতুন মডেলটোৱে নিজৰ অত্যাধুনিক ডিজাইন আৰু শক্তিশালী প্ৰদৰ্শনেৰে নব্য-ক্লাছিক মটৰ চাইকেল ছেগমেণ্টত নতুন মানদণ্ড স্থাপনৰ লক্ষ্য ৰাখিছে। নতুন ৩৫০ আলফা২ ইঞ্জিনেৰে সজ্জিত ৪২ এফজে বাইকত প্ৰদান কৰা হৈছে ২৯.২ পিএছ আৰু ২৯.৬ এনএম টৰ্ক, ইয়াত আছে ছয় স্পীড গিয়েৰবক্স, যিয়ে উন্নত প্ৰদৰ্শন কৰাত সহায় কৰে। বাইকখনৰ প্ৰধান বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ছেগমেণ্টৰ ভিতৰতে প্ৰথম ব্ৰাছড এলুমিনিয়াম টেংক পেনেল, এটা আপছুৱেপট এক্সহাষ্ট, সম্পূৰ্ণ এলইডি লাইট আৰু এটা সম্পূৰ্ণ ডিজিটেল…
Read More
ষ্টাৰ হেল্থ ইঞ্চিউৰেন্সে ভাৰতৰ প্ৰথম ব্ৰেইল বীমা আঁচনি ঘোষণা কৰিছে

ষ্টাৰ হেল্থ ইঞ্চিউৰেন্সে ভাৰতৰ প্ৰথম ব্ৰেইল বীমা আঁচনি ঘোষণা কৰিছে

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ভাৰতৰ অগ্ৰণী বীমা পলিচীসমূহ ব্ৰেইলিত আৰম্ভ কৰিছে, যিয়ে দৃষ্টিহীন লোকসকলৰ বাবে বীমা খণ্ডত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। নতুন "স্পেচিয়েল কেয়াৰ গল্ড" নীতি বিশেষকৈ শাৰীৰিকভাৱে ৪০% বা তাতকৈ অধিক অক্ষম ব্যক্তিৰ বাবে প্ৰস্তুত কৰা হৈছে, যিয়ে ব্যাপক স্বাস্থ্য কভাৰেজ আৰু সহায়ক সেৱা প্ৰদান কৰে। এই অভিনৱ পলিচীৰ লক্ষ্য হৈছে দৃষ্টিহীন ব্যক্তিসকলক স্বতন্ত্ৰভাৱে গুৰুত্বপূৰ্ণ স্বাস্থ্য আৰু বিত্তীয় তথ্য লাভ কৰিব পৰাটো নিশ্চিত কৰি শক্তিশালী কৰি তোলা। এই যুগান্তকাৰী নীতিৰ লগতে, ষ্টাৰ হেল্থে দীৰ্ঘম্যাদী অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যময় পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপে ভাৰতৰ ৩৪ মিলিয়ন দৃষ্টিহীন ব্যক্তিক অৰ্থনৈতিকভাৱে সবলীকৰণৰ পথ প্ৰশস্ত কৰা হৈছে,…
Read More
ভাৰতে ফ্ৰান্সৰ লিয়’নত ৱৰ্ল্ডস্কিলচ ২০২৪ লৈ এতিয়ালৈকে সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে

ভাৰতে ফ্ৰান্সৰ লিয়’নত ৱৰ্ল্ডস্কিলচ ২০২৪ লৈ এতিয়ালৈকে সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে

ফ্ৰান্সৰ ঐতিহাসিক চহৰ লিয়নত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ৬০ জন যুৱ প্ৰতিভাই ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে, এই শুভ ক্ষণত মেগা প্ৰতিযোগিতাখনৰ জৰিয়তে ভাৰতে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সাজু হৈছে। "অলিম্পিক গেমছ অৱ স্কিলছ" বুলি গণ্য কৰা এই অনুষ্ঠান ১০-১৫ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব, ইয়াত ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীয়ে ৫২টা দক্ষতা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে টীম ইণ্ডিয়াৰ বাবে এক বিশাল শুভকামনা অনুষ্ঠানৰ আয়োজন কৰিছে, এইবাৰৰ দলটো এই মেগা প্ৰতিযোগিতাখনলৈ যোৱা সৰ্ববৃহৎ দলবোৰৰ ভিতৰত অন্য়তম, যাৰ বাবেও বৃদ্ধি পাইছে উচাহ। টয়োটা কিৰ্লোস্কাৰ আৰু এলএণ্ডটিৰ দৰে উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ কঠোৰ প্ৰশিক্ষণৰ দ্বাৰা সমৰ্থিত এই দক্ষ…
Read More
স্কোডা অটো ইণ্ডিয়াই ৩০,০০০ টকাৰ একচেটিয়া গ্ৰাহক ৰ সুবিধাৰ সৈতে স্লাভিয়া মণ্টি কাৰ্লো মুকলি কৰে

স্কোডা অটো ইণ্ডিয়াই ৩০,০০০ টকাৰ একচেটিয়া গ্ৰাহক ৰ সুবিধাৰ সৈতে স্লাভিয়া মণ্টি কাৰ্লো মুকলি কৰে

স্কোডা অটো ইণ্ডিয়াই ভাৰতীয় বাহন সূচীত নতুন মানদণ্ড স্থাপন কৰি সম্পূৰ্ণ নতুন শ্লাভিয়া মণ্টে কাৰ্লো সংস্কৰণ গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। এই শুভাৰম্ভণি উদযাপন কৰিবলৈ প্ৰতিষ্ঠানটোৱে শ্লাভিয়া মণ্টে কাৰ্লো আৰু কুশ্বাক আৰু শ্লাভিয়াৰ নতুন স্প’ৰ্টলাইন ভেৰিয়েণ্টত প্ৰথম ৫,০০০গৰাকীক বুকিঙৰ সময়ত ৩০,০০০ টকাকৈ অফাৰ আগবঢ়াইছে। এই সীমিত সময়ৰ অফাৰ ২০২৪ চনৰ ৬ ছেপ্টেম্বৰলৈকেহে উপলব্ধ। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জেনেবাই মণ্টে কাৰ্লো এডিছনৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “মণ্টে কাৰ্লো বেজে আমাৰ ১১২ বছৰীয়া সমৃদ্ধ উত্তৰাধিকাৰ উদযাপন কৰি ক্ৰীড়া আৰু জয়ৰ ইংগিত প্ৰদৰ্শন কৰিছে। আমি এই বিশেষ সংস্কৰণ আৰু স্প’ৰ্টলাইন ট্ৰিমৰ জৰিয়তে ভাৰতত স্কোডা ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধি কৰাৰ…
Read More
জাহ্নৱী কাপুৰে বজাৰৰ উপস্থিতি বৃদ্ধি কৰিবলৈ ভিটেৰো টাইলছত ব্ৰেণ্ড এম্বেচেডৰ হিচাপে যোগদান কৰে

জাহ্নৱী কাপুৰে বজাৰৰ উপস্থিতি বৃদ্ধি কৰিবলৈ ভিটেৰো টাইলছত ব্ৰেণ্ড এম্বেচেডৰ হিচাপে যোগদান কৰে

অপৰ্ণা এণ্টাৰপ্ৰাইজ লিমিটেডৰ অধীনৰ ভাৰতীয় টাইলছ উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান ভিটেৰ’ টাইলেছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰক ব্ৰেণ্ড এম্বেছাদৰ ৰূপে চুক্তিবদ্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই চুক্তিয়ে ভিটেৰ' টাইলছৰ দৃশ্যমানতা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক টাইলছ বজাৰত নিজকে আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ বৰ্ধিত দৃষ্টিভংগীৰ অন্যতম অংশ। অপৰ্ণা এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ পৰিচালন সঞ্চালক অশ্বিন ৰেড্ডীয়ে জাহ্নৱী কাপুৰৰ সৈতে নতুন যাত্ৰাৰ কথা উৎসাহেৰে কয় যে, "আমি জাহ্নৱী কাপুৰক ভিটেৰ' পৰিয়াললৈ স্বাগতম জনাবলৈ পাই অতিশয় উৎসাহিত হৈছোঁ। জাহ্নৱী কাপুৰৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু ষ্টাইলক লৈ অনন্য দৃষ্টি হৈছে সমসাময়িক আৰু উচ্চ মানদণ্ডৰ টাইলছৰ সৈতে আভ্যন্তৰীণ অংশক পুনৰ সংজ্ঞায়িত কৰাৰ ব্ৰেণ্ডৰ দৃষ্টিভংগীৰ সম্পূৰ্ণ পৰিপূৰক।" দক্ষিণ…
Read More
হেইনকেন কোম্পানীয়ে ইয়াৰ ফ্লেগশ্বিপ কিংফিছাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে

হেইনকেন কোম্পানীয়ে ইয়াৰ ফ্লেগশ্বিপ কিংফিছাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে

ভাৰতৰ সৰ্ববৃহৎ বিয়েৰ প্ৰস্তুতকর্তা প্ৰতিষ্ঠান তথা হেইনেকেন কোম্পানীৰ অংশ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডে অসমৰ ধ্বজাবাহী কিংফিচাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে।  ইউনাইটেড ব্ৰুৱেৰিজ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিবেক গুপ্তাই এই বিষয়ে কয় যে, ‘অসম আমাৰ বাবে এক অন্যতম গুৰুত্বপূৰ্ণ বজাৰ আৰু শেহতীয়াকৈ অসম চৰকাৰে সুৰাৰ দাম হ্ৰাস কৰাৰ ইতিবাচক পদক্ষেপে গ্ৰাহকক উপকৃত কৰিব। অসমত স্থানীয়ভাৱে কিংফিচাৰ ষ্ট্ৰং প্ৰস্তুত কৰি আমি নিশ্চিত কৰোঁ যাতে আমাৰ গ্ৰাহকসকলে সতেজ আৰু সঠিক মানৰ বিয়েৰৰ সুবিধা লাভ কৰে, একে সময়তে মধ্যমীয়া আৰু দায়িত্বশীল সেৱনকো উৎসাহিত কৰোঁ।” কিংফিচাৰ ষ্ট্ৰঙক নিজৰ সুষম সোৱাদ আৰু মধ্যমীয়া এলকহলৰ বাবে উদযাপনো…
Read More
আগষ্ট মাহত অভিলেখ সৃষ্টিকাৰী পৰিসংখ্যাৰে ১.৫ লাখ বিক্ৰীৰ মাইলৰ খুঁটিত উপনীত নিছান মেগনাইট

আগষ্ট মাহত অভিলেখ সৃষ্টিকাৰী পৰিসংখ্যাৰে ১.৫ লাখ বিক্ৰীৰ মাইলৰ খুঁটিত উপনীত নিছান মেগনাইট

নিছান মটৰ ইণ্ডিয়াই ২০২০ৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ দিনটোৰ পৰা ২০২৪ৰ আগষ্ট মাহলৈকে নিছান মেগনাইটৰ মুঠ বিক্ৰী ১.৫ লাখৰ ঘৰ অতিক্ৰম কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৪ বিত্তীয় বৰ্ষৰ ভিতৰত চলিত মাহত ১০,৬২৪খন পাইকাৰী বিক্ৰীৰ বিপৰীতে ৰপ্তানিৰ পৰিমাণ হৈছেগৈ ৮,৩৬১ ইউনিট—এই পৰিসংখ্যাই ৫ বছৰৰ ভিতৰত অভিলেখ সৃষ্টি কৰিছে। ঘৰুৱা বিক্ৰীয়েও শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে, ২,২৬৩খন বাহন বিক্ৰী হৈছে, যিয়ে মাহৰ পিছত মাহ হিচাপত ১২.৫% বৃদ্ধিৰ প্ৰতিফলন দেখা গৈছে। নিছানৰ সফলতাই বছৰৰ পিছত বছৰ ধৰি ৩৩৬% আৰু মাহৰ পিছত মাহ হিচাপত উল্লেখযোগ্যভাৱে ৯১% ৰপ্তানি বৃদ্ধি দেখা গৈছে, যি নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ সৈতে সংগতি…
Read More
শেষ প্ৰস্তুতিৰে ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বাবে সাজু হৈছে ভাৰতৰ দক্ষতা প্ৰতিযোগীসকল

শেষ প্ৰস্তুতিৰে ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বাবে সাজু হৈছে ভাৰতৰ দক্ষতা প্ৰতিযোগীসকল

ফ্ৰান্সৰ লিয়নত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শনৰ কৰিবলৈ সাজু হৈছে, এই মেগা প্ৰতিযোগিতাখনত ৬০ গৰাকী ভাৰতীয় অংশগ্ৰহণকাৰীয়ে ৭০খন দেশৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৬১টা দক্ষতা শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। "দক্ষতাৰ অলিম্পিক" ৰূপে গণ্য কৰি অহা এই বিশ্বজোৰা অনুষ্ঠানত ভাৰতীয় প্ৰতিযোগীসকলে নিৰ্মাণ, উৎপাদন, তথ্যপ্ৰযুক্তি আৰু সৃষ্টিশীল কলাকে ধৰি বিভিন্ন খণ্ডত নিজৰ দক্ষতা-অভিজ্ঞতা প্ৰদৰ্শন কৰিব। ৫২গৰাকী ৱৰ্ল্ডস্কিলছ বিশেষজ্ঞৰ নিৰ্দেশনাত আৰু ১০০ৰো অধিক উদ্যোগ আৰু শৈক্ষিক অংশীদাৰৰ সহায়ত কঠোৰ প্ৰশিক্ষণ লাভ কৰা নিৰ্বাচিত দলটো ১ ছেপ্টেম্বৰত নতুন দিল্লীত হয়গৈ। এইসকল প্ৰতিযোগীৰ চূড়ান্ত প্ৰস্তুতি ৰূপে যোগাসন, মানসিক মূল্যায়ন আৰু পুষ্টিৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হ’ব যাতে সকলো প্ৰতিযোগীৰে অৱস্থা সঠিক আৰু সৰ্বোত্তম…
Read More
চিয়েট আইএছআৰএল-এ চিজন ২-ৰ বাবে পঞ্জীয়নত ২০% বৃদ্ধি দেখিছে, ৰোমাঞ্চকৰ নতুন প্ৰতিভাৰ প্ৰতিশ্ৰুতি দিছে

চিয়েট আইএছআৰএল-এ চিজন ২-ৰ বাবে পঞ্জীয়নত ২০% বৃদ্ধি দেখিছে, ৰোমাঞ্চকৰ নতুন প্ৰতিভাৰ প্ৰতিশ্ৰুতি দিছে

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে দ্বিতীয় ছিজনৰ বাবে ৰাইডাৰৰ পঞ্জীয়নত ২০% উত্থানৰ সাক্ষীৰে চমক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। দ্বিতীয় ছিজনত ১৪৫গৰাকী গ্ল’বেল ৰাইডাৰে চুক্তিবদ্ধ হোৱাৰ লগে লগে লীগে এক উল্লাসজনক ছিজন প্ৰদানৰ পথত আগবাঢ়িছে। ৰাইডাৰৰ পঞ্জীয়নৰ এই উত্থানে লীগৰ ক্ৰমবৰ্ধমান আবেদন-গ্ৰহণযোগ্যতা পুনৰবাৰ প্ৰমাণ কৰিলে, যাৰ বাবে আমেৰিকা, স্পেইন, ফ্ৰান্স আৰু অষ্ট্ৰেলিয়াকে ধৰি বিভিন্ন দেশৰ শীৰ্ষ প্ৰতিভাধৰসকলে অংশগ্ৰহণ কৰিছে। ছিজন ২ত কেইবাগৰাকী প্ৰাৰম্ভিক ছিজনৰ তাৰকা আৰু নতুন ৰাইডাৰৰ সংমিশ্ৰণ দেখা যাব, যেনে ৯বাৰৰ অষ্ট্ৰেলিয়ান চেম্পিয়ন মেট মছ আৰু এএমএ প্ৰ’ মট’ক্ৰছ চেম্পিয়ন মাইক আলেছি অন্যতম। ৩বাৰৰ ভাৰতীয় ছুপাৰক্ৰছ চেম্পিয়ন ৰুগভেদ বাৰগুজেকে ধৰি ভাৰতীয় ৰাইডাৰসকলেও এই বিশ্বদৰবাৰত নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে সাজু…
Read More