18
Sep
এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত কৰে ভাৰতে। পাকিস্তানে ইউ এ ইক পৰাস্ত কৰি ভাৰতৰ সৈতে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ আগবাঢ়ি যায়। ছুপাৰ ৪ৰ বাকী দুটা দল এতিয়া গ্ৰুপ বি-ৰ হ’ব।এই ৰাউণ্ডত প্ৰতিটো দলে এখন এখন মেচ আনটোৰ বিৰুদ্ধে খেলিব। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন মেচ অনুষ্ঠিত হ'ব। এছিয়ান ক্ৰিকেট কাউন্সিলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পূৰ্বে ছুপাৰ ৪ পৰ্যায়ৰ সূচী চূড়ান্ত কৰিছিল। গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰা দল দুটাক এ১ আৰু এ২,…
