ক্ৰীড়া

টেষ্ট ক্ৰিকেটত ১০ উইকেট দখল কৰা বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিলে এজাজ পেটেলে

টেষ্ট ক্ৰিকেটত ১০ উইকেট দখল কৰা বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাপে ইতিহাস ৰচিলে এজাজ পেটেলে

মুম্বাইঃ এজাজ পেটেলে টেষ্ট ক্ৰিকেটত ইতিহাসৰ পুনৰাবৃত্তি কৰি এটা ইনিংছত সম্পূৰ্ণ ১০ টা উইকেট দখল কৰিছে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত ১০ টা উইকেট লোৱা তেওঁ বিশ্বৰ তৃতীয় জন বলাৰ হৈ পৰিছে। পেটেলৰ আগতে, এই ইতিহাস অনিল কুম্বলে আৰু ইংলেণ্ডৰ জিম লেকাৰে টেষ্ট ক্ৰিকেটত ৰচিছিল। কুম্বলেয়ে ১৯৯৯ চনত দিল্লীৰ ফিৰোজশ্বাহ কোটলা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে এই ইতিহাস ৰচনা কৰিছিল। আনহাতে ইংলেণ্ডৰ জিম লেকাৰে এটা ইনিংছত ১০ টা উইকেট দখল কৰিছিল ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। উল্লেখ্য যে, ভাৰতীয় মূলৰ খেলুৱৈ গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে খেলি এই ইতিহাস ৰচনা কৰে।
Read More
আমি বেটে-বলে সাহসী নাছিলোঁ: নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ পিছত বিৰাট কোহলী

আমি বেটে-বলে সাহসী নাছিলোঁ: নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ পিছত বিৰাট কোহলী

টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ হাতত ভাৰতৰ লজ্জাজনক পৰাজয়ৰ পিছত বিশ্বকাপত ভাৰতৰ যাত্ৰা অধিক কঠিন হৈ পৰিছে। যদিও খেলিবলৈ আৰু ৩ খন গ্ৰুপ মেচ বাকী আছে, তথাপিও চেমি ফাইনেলত উপনীত হোৱাটো ভাৰতৰ বাবে এতিয়া তেনেই দুৰূহ। আনহাতে বিশ্বকাপৰ প্ৰথম দুখন খেলত ক্ৰমে পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত অতি শোচনীয় পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলটো এতিয়া সমালোচনাৰো সন্মুখীন হৈছে। লগতে বিৰাট কোহলীৰ নেতৃত্বক লৈও প্ৰশ্নৰ উত্থাপন হৈছে। কালিৰ খেলখনত পৰাজয় বৰণ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰি কয় যে ভাৰতীয় দলটো ৰণাংগণত নমাৰ সময়ত বেট, বল আৰু শাৰীৰিকভাৱে সাহসী নাছিল। তেওঁ কয়, "মই নাভাবো যে আমি বেট বা…
Read More
আজি বিশ্বকাপৰ ৰণাংগণত চিৰবৈৰী ভাৰত-পাকিস্তান…

আজি বিশ্বকাপৰ ৰণাংগণত চিৰবৈৰী ভাৰত-পাকিস্তান…

ডিজিটেল ডেস্কঃ আজি বিশ্বকাপৰ খেলপথাৰ সন্মুখ সমৰত উপনীত হব ভাৰত-পাকিস্তান। বহু কাঙ্খিত এই খেলখনক লৈ উদ্বিগ্নতাৰে অপেক্ষা কৰিছে দুয়োখন ৰাষ্ট্ৰৰ ক্ৰিকেট অনুৰাগীসকলে। উল্লেখ্য যে, পাকিস্তানে এতিয়ালৈকে বিশ্বকাপত ভাৰতক পৰাস্ত কৰা নাই যদিও বাবৰ আজমৰ নেতৃত্বত পাকিস্তানৰ এই দলটো এইবাৰ ভাৰতৰ তীব্ৰ প্ৰতিদ্বন্দী হোৱাৰ সম্ভাৱনা আছে। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্বে ইউ.এ.ই.ত একেৰাহে মুঠ ১০ খন টি-২০ খেল খেলিছে। আনহাতে, ভাৰতীয় দলটোৱে একেখন দেশতে আই পি এল সমাপ্ত কৰি বিশ্বকাপত প্ৰৱেশ কৰিছে। ফলস্বৰূপে, দুয়োটা পক্ষৰ যথেষ্ট শক্তিশালী ৰূপত ৰণাংগণত নামিব। প্ৰাক্তন পাকিস্তানী অলৰাউণ্ডাৰ মুদাছৰ নাৰাজে অনুভৱ কৰে যে বাবৰৰ পাকিস্তান বিৰাটৰ ভাৰতক পৰাস্ত কৰিব পৰাকৈ এইবাৰ শক্তিশালী। তেওঁ কয়, "পাকিস্তান…
Read More
IPL-2021: KKRক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় ধোনী বাহিনীৰ

IPL-2021: KKRক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় ধোনী বাহিনীৰ

শুকুৰবাৰে ডুবাইত অনুষ্ঠিত আই পি এল ২০২১ ৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ (কে কে আৰ) বিৰুদ্ধে ২৭ ৰাণৰ জয় লাভ কৰাৰ লগে লগে চেন্নাই চুপাৰ কিংছে (চিএছকে) তেওঁলোকৰ চতুৰ্থ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খিতাপ দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীৰ লগতে ব'ৰ্ডৰ সচিব জয় শ্বাহে চিএছকেৰ অধিনায়ক এম এছ ধোনীক বিজয়ী ট্ৰফী প্ৰদান কৰাৰ পিছতে বিজয় উৎসৱ পালন কৰে খেলুৱৈ আৰু অনুৰাগীসকলে। উল্লেখ্য যে, আইপিএলৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ট্ৰফী নিজ হাতলৈ নিবলৈ সক্ষম হয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। চিএছকে সৰ্বাধিক আইপিএল জিকাৰ তালিকাত কেৱল মুম্বাই ইণ্ডিয়ানছৰ (এমআই) পিছত দ্বিতীয় স্থানত আছে। গোটেই…
Read More
IPL-2021: আজি CSK আৰু KKRৰ মাজত ফাইনেল

IPL-2021: আজি CSK আৰু KKRৰ মাজত ফাইনেল

ভাৰতীয় ক্ৰিকেটৰ মহোৎসৱ চলিত বৰ্ষৰ আই পি এলৰ আজি ফাইনেলত অৱৰ্তীন হব চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। সন্ধিয়া ৭.৩০ বজাত ডুবাইৰ খেলপথাৰত অনুষ্ঠিত হব IPL ছিজন ১৪ৰ চূড়ান্ত খেলখন। এই খেলখনক লৈ বহু প্ৰত্যাশাৰে ৰৈ আছে ক্ৰিকেট অনুৰাগীসকল। উল্লেখ্য যে, ফাইনেলত অৱতীৰ্ণ হ'ব লগা দুয়োটা দলে পূৰ্বে আইপিএল ফাইনেল খিতাপ দখল কৰিছে। ৮ বাৰকৈ আইপিএলৰ চূড়ান্ত খেলত অৱতীৰ্ণ হৈ ৩বাৰ ফাইনেল দখল কৰিছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাইৰ দলটোৱে। ইয়াৰ বিপৰীতে দুবাৰকৈ আইপিএল ফাইনেল দখল কৰিছে কলকাতা নাইট ৰাইডাৰছে।
Read More
টি-২০ বিশ্বকাপৰ পিছত অধিনায়কৰ দায়িত্ব এৰিব কিং কোহলীয়ে

টি-২০ বিশ্বকাপৰ পিছত অধিনায়কৰ দায়িত্ব এৰিব কিং কোহলীয়ে

ডুবাইট অনুষ্ঠিত হ'ব লগা টি-২০বিশ্বকাপৰ পিছতে অধিনায়কৰ দায়িত্ব এৰিব বিৰাট কোহলীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক গৰাকীয়ে এই কথা ঘোষণা কৰিছে। কোহলীয়ে ঘোষণা কৰা মতে তেওঁ টি-২০ ফৰ্মেটৰ অধিনায়কৰ দায়িত্ব এৰিলেও আন দুটা ফৰ্মেটত দায়িত্ব পালন কৰি যাব। আনহাতে বিৰাট কোহলীৰ পিছত টি-২০ ফৰ্মেটৰ অধিনায়কৰূপে ৰোহিত শৰ্মাৰ নাম চৰ্চালৈ আহিছে।
Read More