08
Jan
গুৱাহাটী-চান্দমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা বাকৰিত কালি সন্ধিয়া বিশিষ্টা কবি-লেখিকা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন "ভাৱ-উৎসৱ আৰু অন্য গদ্য" উন্মোচন কৰে বয়োজ্যেষ্ঠ লেখিকা অলকানন্দ দত্তই। আজি ৰাতিৰ ভিতৰতে চমক সৃষ্টিকাৰী লেখক-লেখিকাৰ সংখ্যা বাঢ়িছে। কোনোজনে আজীৱন সাহিত্য সাধনা কৰিও একোকে স্বীকৃতি নাপায়। কোনোবাই ২-১ গ্ৰন্থ লিখিও নিশাৰ ভিতৰত জনপ্রিয় হৈ উঠে। আজিকালি কোনো কোনো লেখকে মাথোঁ ২০ কপিকৈ কিতাপ চপাই ন-ন পুৰস্কাৰ পাই। জনপ্রিয়তাকৈ সফলতা অৰ্জন কৰা টান। সভাত অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে বক্তব্য দাঙি ধৰি মনোগ্রাহী সাহিত্য সৃষ্টিৰ বাবে লেখক-লেখিকা সকলে অধ্যয়ন কৰাৰ লগতে ভ্ৰমণ কৰিব লাগে বুলি কয়। বিশিষ্ট লেখক…
