উত্তৰ-পূৱ

প্ৰধান শিক্ষয়িত্ৰীৰ দৌৰাত্ম্যত শৈক্ষিক পৰিৱেশ

প্ৰধান শিক্ষয়িত্ৰীৰ দৌৰাত্ম্যত শৈক্ষিক পৰিৱেশ

ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাস বহনকাৰী বিদ্যালয় হিচাবে পৰিগণিত নলতলী বলাহী প্ৰাথমিক বিদ্যালয় । ১৯৭৭ চনতে  প্ৰতিষ্ঠা লাভ কৰা বৰদলনী  শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন প্ৰাথমিক  বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্বিচাৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ  হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক ৰাইজ। অঞ্চলটোৰ একমাত্ৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানখনত প্ৰধান শিক্ষয়িত্ৰী ৰুনুমাই চুতীয়াই দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক নিয়মীয়া পাঠদানৰ পৰা বঞ্চিত কৰাৰ উপৰিও মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছে । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবন্তিত পুঁজিৰ অপ ব্যৱহাৰ কৰা, শিক্ষাৰ্থীক সমসাজ বিতৰণ নকৰা আদি সীমাহীন মইমতালিৰে  শৈক্ষিক পৰিৱেশ কলুষিত কৰি আহিছে বুলি মংগলবাৰে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে একাংশ ক্ষুব্ধ অভিভাৱকে । সংবাদ মাধ্যমৰ আগত ৰাইজৰ অভিযোগ,…
Read More
ঢকুৱাখনাত মহিলা সংগঠনৰ নাৰী দিৱস পালন

ঢকুৱাখনাত মহিলা সংগঠনৰ নাৰী দিৱস পালন

“বহনক্ষম ভৱিষ্যতৰ বাবে বৰ্তমানৰ লিংগ সমতা” শীৰ্ষক বাণীৰে মঙলবাৰে ঢকুৱাখনা মহকুমাত বিভিন্ন নাৰী বাদী সংগঠনৰ উদ্যোগত  আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ।  সাম্প্ৰতিক সমাজ সভ্যতাৰ পৰা লিংগ বৈষম্য আৰু লিংগ প্ৰভেদ  আঁতৰ কৰি এখন পুৰুষ মহিলাৰ প্ৰভেদবিহীন, শ্ৰেণীহীন  সমাজ গঢ়াৰ মূলমন্ত্ৰৰে মঙ্গলবাৰে ঢকুৱাখনা জিলা মিচিং মহিলা সমিতিৰ উদ্যোগত আৰু সন্মিলিত নাৰী শক্তি অসমৰ ঢকুৱাখনা ব্লক সমিতিৰ  সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটো মাতমৰাত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । জনাকীৰ্ণ সভাত  জাতীয় নেতা ক্ৰমে সুনীল কুমাৰ পেগু, ইন্দ্ৰ কুমাৰ চুংক্ৰাং, ইন্দিৰা চিন্তে কুম্বাং, প্ৰবীন দলে,  যতিন পেগু,খনিদ্ৰ মেদক আদিয়ে বক্তব্য ৰাখি  লিংগ বৈষম্য হীন এখন সমাজেহে  দেশ জাতিৰ সৰ্বাংগীন  সৱলীকৰণ আৰু…
Read More
মাতৃ-কন্যাক বলৎকাৰ কৰি হত্যা, ৪ বছৰ পাছত ন্যায়

মাতৃ-কন্যাক বলৎকাৰ কৰি হত্যা, ৪ বছৰ পাছত ন্যায়

গুজৰাটৰ সুৰত আদালতে ধৰ্ষণ আৰু হত্যা কাণ্ড সন্দৰ্ভত ৭ মাৰ্চত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। আদালতে পাণ্ডেশৰা চহৰত মাতৃ-কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত হৰ্ষ চাহাই ৰামৰাজ গুৰ্জৰ আৰু তেওঁৰ সহযোগী হৰিওম গুৰ্জাৰক দোষী সাব্যস্ত কৰে। আদালতে হৰ্ষক ফাঁচী আৰু অন্য জনক আজীৱন কাৰাদণ্ড বিহে। ২০১৮ চনৰ এপ্ৰিল মাহত মহিলা আৰু তেওঁৰ কন্যা সন্তানক ধৰ্ষণ আৰু হত্যা কৰি পেলাই দিছিল জংঘলৰ মাজত। আৰক্ষীয়ে এক চিচিটিভি ফুটেজৰ জৰিয়তে তদন্তত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা অভিযুক্তই আৰক্ষীক জনাইছিল যে ৰাজস্থানৰ পৰা দুয়ো গৰাকী মাতৃ, কন্যাক কাম দিয়াৰ চলেৰে লৈ আহিছিল।
Read More
৪ চহৰত যুদ্ধ বিৰতিৰ পিছত আৰম্ভ তৃতীয়খন বৈঠক

৪ চহৰত যুদ্ধ বিৰতিৰ পিছত আৰম্ভ তৃতীয়খন বৈঠক

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি স্থাপনৰ বাবে আৰম্ভ হৈছে তৃতীয় খন বৈঠক। পূৰ্বে দুখনকৈ বৈঠক ব্যৰ্থ হোৱাৰ পিছত সোমবাৰে বেলাৰুছত পুনৰ আৰম্ভ হৈছে তৃতীয়খন বৈঠক। ইতিমধ্যে ৰাছিয়াই বিভিন্ন দেশৰ হেঁচাত ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি মুঠ চাৰিখন চহৰত যুদ্ধ বিৰতি ঘোষণা কৰিছে। ইয়াৰ পিছতে আৰম্ভ হোৱা এই তৃতীয়খন বৈঠক সেয়ে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই বৃহস্পতিবাৰে তুৰস্কৰ এণ্টালিয়াত সাক্ষাৎ কৰিব। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ দ্বাৰা এই বিষয়ে অৱশ্যে কোনো নিশ্চিত তথ্য ৰাজহুৱা কৰা নাই।
Read More
চাৰিখন দেশৰ মাজত অনুষ্ঠিত হ’ব খেল

চাৰিখন দেশৰ মাজত অনুষ্ঠিত হ’ব খেল

সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ অসমে প্ৰতি বছৰে জিলা ভিত্তিক খেল অনুষ্ঠিত কৰিব । অতি শীঘ্ৰেই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত, ভূটান, নেপাল, বাংলাদেশ আদি দেশৰ মাজত অনুষ্ঠিত হ’ব আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল। সোমবাৰে বাক্সা জিলাৰ মুছলপুৰ ওচৰৰ বাথৌফুৰিত থকা স্পৰ্টচ কমপ্লেক্সত খেলুৱৈ বাচনিৰ বাবে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাগ লৈ সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ অসমৰ ৰাজ্যিক খেল প্ৰমুখ কুলেন নাথে এইদৰে কয়। তেখেতে কয় যে ন টা ইভেন্টত দুদিনীয়াকৈ চলিব লগাীয় এই বাচনি খেলত মুঠ চাৰিশ জন খেলুৱৈৱে অংশগ্ৰহণ কৰিব। এই বাচনিৰ জড়িয়তে অহা ২৫ ৰ পৰা২৭ মাৰ্চলৈ গুৱাহাটীৰ সৰুসজাইত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱত ভাগ ল’ব পাৰিব বুলি জানিবলৈ দিয়ে।
Read More
জম্মু-কাশ্মীৰত গ্ৰেণেড আক্ৰমণ

জম্মু-কাশ্মীৰত গ্ৰেণেড আক্ৰমণ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰস্থিত লাল চৌকত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই। এই আক্ৰমণৰ ফলত ১০ জনকৈ লোক আহত হয়। সন্দেহজনক সন্ত্ৰাসবাদীয়ে সেনা জোৱানক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে এই আক্ৰমণ সেনা আৰু আৰক্ষীৰ ওপৰত হয়।
Read More
বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন। অধিবেশনত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে যাৰ লগত থাকিলে কাম কৰিব পাৰিম , তাৰ লগত হে বিপিএফে মিত্ৰতা কৰিব । নাগৰিক সভাত মাটি কিনা বেচাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা , গাঁও কৰ্তন ,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত দেখা দিয়া সমস্যা সন্দৰ্ভত আলোচনা কৰা হ’ব ।
Read More
ঢকুৱাখনাত  সম্পন্ন  হয়  ভোটদান  নিৰ্বাচন

ঢকুৱাখনাত সম্পন্ন হয় ভোটদান নিৰ্বাচন

প্ৰথমবাৰৰ বাবে ঢকুৱাখনাত মুঠ ১০টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচন দেওবাৰে  সুকলমে আৰু শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় ।  এলেকাৰ মুঠ ১০ হাজাৰ ১০৪ গৰাকী ভোটাৰ বিশিষ্ট ১০টা ৱাৰ্ডত বিয়লি  ৪ বজা পৰ্যন্ত  ৭ হাজাৰ ৯৫২ গৰাকী ভোটাৰে ভোটাধিকাৰ  সাব্যস্ত কৰে ।  ভোটদানৰ হাৰ ৭৮.৭০ শতাংশ । ঢকুৱাখনা  পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ  ভাগ্য ই ভি এমত বন্দী হৈ আছে।  অহা ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়ত  স্থাপিত ভোট গণনা কেন্দ্ৰত ভোটগননা কৰা হ’ব ।
Read More
মাজনিশা ৰেল ষ্টেচনত উপস্থিত প্ৰধানমন্ত্ৰী

মাজনিশা ৰেল ষ্টেচনত উপস্থিত প্ৰধানমন্ত্ৰী

উত্তৰ প্ৰদেশ বিধানসভাৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে বাৰনাসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শুকুৰবাৰে দিনযোৰা কাৰ্যক্ৰমৰ পাছত মোডীয়ে কঠোৰ সুৰক্ষাৰ মাজত মাজ নিশা উপস্থিত হয় বাৰনাসী ৰেলৱে ষ্টেচনত। মোডীয়ে বাৰনাসীৰ কৈন্ট ৰেলৱে ষ্টেচন নিৰীক্ষণ কৰে আৰু ষ্টেচনত উপস্থিত থকা কৰ্মচাৰী তথা বিভিন্ন লোকৰ লগত কথা পাতে। তাৰপাছত মোডীয়ে বাৰনাসীৰ খিড়কীয়া ঘাটলৈ যায় আৰু বহু সময় তাত থাকি সৌন্দৰ্য উপভোগ কৰে। উল্লেখ্য যে, এই ঘাটত বহু সময়ত পৰ্যটকে ভিৰ কৰে। ৭ মাৰ্চত উত্তৰ প্ৰদেশত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ৫৪ খন আসনৰ বাবে হ’ব নিৰ্বাচন। সেয়ে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দল উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে।
Read More
নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ দৰং প্ৰশাসন

নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ দৰং প্ৰশাসন

ৰাজ্যৰ মুঠ ৮০খন পৌৰ এলেকাৰ লগতে দৰং জিলাতো তিনিটা পৌৰ এলেকাৰ বাবে দেওবাৰে অৰ্থাৎ ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দৰং জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । মঙলদৈ আৰু খাৰুপেটীয়াই বহু বছৰৰ আগেয়ে পৌৰ এলেকাৰ স্বীকৃতি পোৱাৰ লগতে কেইবাটাও নিৰ্বাচন প্ৰত্যক্ষ কৰিছে যদিও ইয়াৰ বিপৰীতে নতুনকৈ পৌৰ এলেকাৰ মৰ্যাদা পোৱা ছিপাঝাৰ পৌৰসভাৰ বাবে প্ৰথম বাৰলৈ নিৰ্বাচন অনুস্থিত হ’ব । মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ভোটদানৰ বাবে ক্ৰমে ২১ আৰু ১৩ টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । এইবাৰৰ মঙলদৈ পৌৰ সভাৰ ১০ টা…
Read More