উত্তৰ-পূৱ

গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ৰ আয়োজন

গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ৰ আয়োজন

প্ৰথমবাৰৰ বাবে  ১৪ আৰু ১৭ মে' ত গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ,ৰ আয়োজন কৰা হৈছে।দেওবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে 'ইত্যাদি'ৰ সাধাৰণ সম্পাদক  প্রভাত বৰদলৈয়ে। তেওঁ কয়-অসমৰ সমাজ-সংস্কৃতিৰ বণ্যাঢ্য সম্পদৰাজিৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰৰ স্বাৰ্থত লগতে নতুন কর্মসূচী আৰম্ভণিৰ বাবে বেজবৰুৱা বৃদ্ধ সেৱা সংস্থা আৰু অভিযানিক শিক্ষা কেন্দ্ৰ, অসম'ৰ সমভাবাপন্ন কৰ্মকতাসকলে এবছৰ পূৰ্বে 'ইত্যাদি' নামাকৰণেৰে এক উমৈহতীয়া জনমঞ্চৰ জন্ম দিছে। এই ইত্যাদিৰ উদ্যোগত নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰৰ যোগেদি ভাষিক আৰু সাংস্কৃতিক সম্প্রীতি বঢ়োৱা, ভাওনাৰ আদৰ্শৰ যোগে যুব উচ্ছৃংখলতা নিবাৰণ আদি উদ্দেশ্য আগত ৰাখি পোন  ভবিষ্যতে এই কাৰ্যসূচীৰ অনুষ্ঠানসমূহ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰাৰ মাজলৈ আগবঢ়াই নিয়াৰ…
Read More
বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশনৰ সামৰণি

বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশনৰ সামৰণি

দক্ষিণ কামৰূপৰ অন্যতম পথিকৃৎ সাহিত্যানুষ্ঠান "বঙৰা আঞ্চলিক সাহিত্য মঞ্চ"ৰ সপ্তম বৰ্ষীয় অধিবেশনখনি আজি দিনযোৰা কাৰ্যসূচীৰে বঙৰাস্থিত "শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়" প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আজি  পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই। ইয়াৰ পিছত চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১১ বজাত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ অন্তত আবেলি ২:৩০ বজাত অনুষ্ঠিত  মুকলি সভাত  সভাপতিত্ব কৰে মঞ্চৰ সভাপতি গৌৰীকান্ত নাথে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যুগল চন্দ্র বৈশ্য আৰু কবি তথা নাট্যকাৰ…
Read More
মহিলা টি-২০ চেলেঞ্জত অংশগ্ৰহণ কৰিব ১২ বিদেশী ক্ৰিকেটাৰে

মহিলা টি-২০ চেলেঞ্জত অংশগ্ৰহণ কৰিব ১২ বিদেশী ক্ৰিকেটাৰে

ইংলেণ্ডৰ অধিনায়ক হিথাৰ নাইট, বিশ্বৰ এক নম্বৰ বলাৰ ছফি একলেষ্টোন আৰু অষ্ট্ৰেলিয়াৰ এলেনা কিং ২৩ মে'ৰ পৰা পুনেত অনুষ্ঠিত হ'বলগীয়া মহিলা টি-২০ চেলেঞ্জত অংশগ্ৰহণ কৰা ১২ জন বিদেশী ক্ৰিকেটাৰৰ ভিতৰত আছে। এলেনা হৈছে একমাত্ৰ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ, যিয়ে অলপতে নিউজিলেণ্ডত সমাপ্ত হোৱা বিশ্বকাপত প্ৰভাৱ পেলাইছে, যি তিনিওটা দলৰ মাজত চাৰিখন খেলৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ অংশ হ'ব। নাইট আৰু এক্লিষ্টোনৰ উপৰিও, ইংলেণ্ডৰ ছফিয়া ডাঙ্কলী আৰু ডেনি ৱাটকো এই প্ৰতিযোগিতাখনত খেলি থকা দেখা যাব। তাৰকা দক্ষিণ আফ্ৰিকাৰ অপেনাৰ লৰা ৱ'লৱাৰ্ট আৰু মাৰিজন কেপ আৰু ৱেষ্ট ইণ্ডিজৰ ডেন্দ্ৰা ডটিন আৰু হেইলি মেথিউছেও প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে মহিলাৰ টি-২০ চেলেঞ্জ যোৱা বছৰ অনুষ্ঠিত হোৱা নাছিল…
Read More
জেনেভা অ’পেনত অংশ ল’ব দানিল মেদভেদেভে

জেনেভা অ’পেনত অংশ ল’ব দানিল মেদভেদেভে

ইউএছ অ'পেন চেম্পিয়ন দানিল মেদভেদেভ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ পিছত জেনেভা অ'পেনলৈ উভতি আহিব, য'ত তেওঁক ৱাইল্ড কাৰ্ড দিয়া হৈছিল। আয়োজকসকলে শুকুৰবাৰে তেওঁক এখন ৱাইল্ড কাৰ্ড দিয়ে। ৰাছিয়াৰ দ্বিতীয় স্থানৰ মেদভেদেভে ১৪ ৰ পৰা ২১ মে'লৈ ক্লে ক'ৰ্ট প্ৰতিযোগিতাক ফ্ৰেন্স অ'পেনৰ প্ৰস্তুতি হিচাপে ব্যৱহাৰ কৰিব। ৰোলাণ্ড গাৰোছ ২২ মে'ৰ পৰা আৰম্ভ হ'ব। হাৰ্নিয়া অস্ত্ৰোপচাৰৰ পিছৰে পৰা মেদভেদেভ টেনিছ কোৰ্টৰ পৰা আঁতৰি আছিল। তেওঁক শেষবাৰৰ বাবে মিয়ামীত খেলি থকা দেখা গৈছিল। ডমিনিক থিয়েম আৰু ডিফেণ্ডিং চেম্পিয়ন কাস্পাৰ ৰুডেও জেনেভা অ'পেনত অংশগ্ৰহণ কৰিব। মেডভেডাভৰ উভতি অহাটোৱে নিশ্চয় জক'ভিচৰ উত্তেজনা বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে, যেতিয়া ৰাছিয়াৰ খেলুৱৈ মেদভেদেভ আঘাতৰ বাবে ক'ৰ্টৰ বাহিৰত আছিল, উইম্বলডনৰ আয়োজকসকলে…
Read More
জুলাই-আগষ্টত ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিব ভাৰতে

জুলাই-আগষ্টত ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিব ভাৰতে

আই পি এল ২০২২ ৰ পিছত ভাৰতীয় দলৰ সময়সূচী অতি ব্যস্ত হ'বলৈ গৈ আছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে জুলাই-আগষ্টত ৱেষ্ট ইণ্ডিজ ভ্ৰমণ আৰম্ভ কৰিব, য'ত তেওঁলোকে নিকোলাছ পুৰান নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ শৃংখলা খেলিব। বিচিচিআই-য়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকা, আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ সময়সূচী নিশ্চিত কৰিছিল। ইংলেণ্ড ভ্ৰমণৰ পিছত, ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত মুঠ ৮ খন সীমিত অভাৰৰ মেচ খেলিব। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, এই ভ্ৰমণত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ এটা শৃংখলা খেলা হ'ব। পাঁচখন টি-২০ আন্তৰ্জাতিক খেলৰ এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত খেলা হ'ব। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে…
Read More
৭জনৰ অকাল মৃত্যু

৭জনৰ অকাল মৃত্যু

মধ্যপ্ৰদেশৰ ব্যৱসায়িক নগৰী ইন্দোৰৰ স্বৰ্ণবাগ কলনীত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৭গৰাকী ব্যক্তিয়ে। কলনী দুমহীয়া এটা অট্টালিকাত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড অগ্নিদগ্ধ হৈছে ৯গৰাকীকৈ ব্যক্তি। আৰক্ষীয়ে সদৰি কৰা মতে, শনিবাৰে পুৱা ৪-৫বজাৰ ভিতৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। মৃতকৰ মাজত দুগৰাকী মহিলাও আছে।
Read More
বকেয়াসহ যাৱতীয় কৰ আদায়ৰ বাবে পৰিবহণ বিভাগৰ অভিযান

বকেয়াসহ যাৱতীয় কৰ আদায়ৰ বাবে পৰিবহণ বিভাগৰ অভিযান

বিগত ২০২১-২২বিত্তীয় বৰ্ষলৈকে বকেয়াসহ যান-বাহনৰ কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে পৰিবহণ বিভাগ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ তত্বাৱধানত, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা আৰু জয়সিং ৰংফাৰৰ উপস্থিতিত বিভাগৰ বিষয়া-কৰ্মীৰ এটা দলে এই অভিযান আৰম্ভ কৰে। আজি আৰু কালি অভিযানকাৰী দল মহানগৰীৰ জি এছ ৰোড, গণেশগুৰি, হেঙেৰাবাৰী, ৰুক্মিণী গাওঁ, খানাপাৰা, বশিষ্ঠ, বেলতলা আদি অঞ্চলত ব্যক্তিগত-ব্যৱসায়িক বাহনৰ মালিক, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি অনাদায়কৃত কৰ শীঘ্ৰে পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷
Read More
পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এন চি পিৰ প্ৰাৰ্থী আৰু কৰ্মী-সমৰ্থকক সম্বৰ্ধনা

পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এন চি পিৰ প্ৰাৰ্থী আৰু কৰ্মী-সমৰ্থকক সম্বৰ্ধনা

অসম ৰাজ্যিক এন চি পিৰ এখন কৰ্মীসভা বৃহস্পতিবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সদ্যসমাপ্ত পৌৰনিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু কৰ্মী সমৰ্থকসকলৰ উপস্থিতি অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী দেৱে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই সভাখনত ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা, জেনাত মোল্লা, হৃদয়ানন্দ গগৈ, সম্পাদক দীপক দাস, মহিলা সভানেত্ৰী শেৱালি দাস প্ৰমুখে প্ৰায় ডেৰ শতাধিক লোক উপস্থিত থাকে। প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু সমৰ্থকক প্ৰমাণ পত্ৰ আৰু দলীয় গামোচাৰে উষ্ম আদৰণি জনোৱা হয়। সংসদীয় গণতন্ত্ৰত সুস্থ আৰু নিকা ভাৱমূৰ্তিৰে মূল্যবোৰ ৰাজনীতি কৰিবলৈ অসম ৰাজ্যিক এন চি পি বদ্ধ পৰিকৰ আৰু…
Read More
দীপৰ বিল সুৰক্ষা মঞ্চ গঠন

দীপৰ বিল সুৰক্ষা মঞ্চ গঠন

প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিল সম্প্ৰতি অস্তিত্বৰ সংকটত । বিশেষকৈ দীপৰ বিলৰ সমীপত পশ্চিম বৰাগাওঁৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে যোৱা আগষ্ট মাহৰ পৰা নতুনকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটীৰ দূষিত আৱৰ্জনা সমূহ পেলাই অহাৰ সমান্তৰালভাৱে পামহী কেনেলৰে অহৰহভাবে পেলাই অহা হৈছে গুৱাহাটীৰ দূষিত পানীভাগ । ফলত  ভয়াবহ প্ৰদূষণৰ কবলত পৰিছে দীপৰ বিল । ইতিমধ্যে বিলৰ জলজ উদ্ভিদ আৰু প্ৰাণী সমূহৰ বেছিভাগেই মৃত্যুৰ দিশলৈ গতি কৰিছে । আনকি দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ  বিচৰণ থলী হিচাপে বিখ্যাত দীপৰ বিললৈ এতিয়া নহা হৈছে আগৰ দৰে পৰিভ্ৰমী চৰাই । আনহাতে চকুৰ আগতে দীপৰ বিলখন তিলতিলকৈ মৃত্যুৰ দিশলৈ গতি কৰাত শংকিত হৈ পৰিছে সচেতন নাগৰিক ,…
Read More
বন বিভাগৰ  উদ্যোগত কুলসী হাইস্কুলত কেৰিয়াৰ বিষয়ক সজাগতা কাৰ্যসূচী

বন বিভাগৰ উদ্যোগত কুলসী হাইস্কুলত কেৰিয়াৰ বিষয়ক সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম - মেঘালয় সীমান্তৰ কিছু  নিলগত থকা  কুলসী হাইস্কুলত  বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ  উদ্যোগত আৰু চি আই এছ এফৰ আই অ চি ইউনিটৰ। সহযোগত ৪ মে'ত কেৰিয়াৰ বিষয়ক  এক সজাগতা মূলক  কাৰ্যসূচীৰ আয়োজন কৰা হয়  । কাৰ্যসূচীত বিদ্যালয়খনৰ  অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰী সকলে ভাগ লয় । আনহাতে  কুলসীৰ আঞ্চলিক বন বিষয়া দ্বীপন ডেকাৰ  তত্বাৱধানত অনুষ্ঠিত কাৰ্যসূচীত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাই   উপস্থিত ছাত্ৰ ছাত্ৰী সকলক এ পি এছ চি পৰীক্ষাকে  ধৰি বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ হলে কেনেদৰে এতিয়াৰে  পৰা প্ৰস্তুতি আৰম্ভ কৰিব লাগে সেই…
Read More